অমলপ্রভা দাস

১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্রকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্রথম প্রকাশ: ২০২২ চন,পৃষ্ঠা-৫৩৯,৫৪০,ISBN: 978-93-94240-46-9


অমলপ্রভা দাসৰ জন্ম হৈছিল ১৯২১ চনৰ ১২ নৱেম্বৰত ডিব্ৰুগড়ৰ নতুন আমোলাপট্টিত। সেই সময়ত ডিব্ৰুগড়ৰ বেৰি হোৱাইট মেডিকেল স্কুলৰ অস্ত্রোপচাৰৰ অধ্যাপক ডাঃ হৰিকৃষ্ণ দাস আৰু অসমৰ প্ৰথম স্ত্ৰী শিক্ষাৰ পথ প্রদর্শক হেমপ্রভা দাসৰ দ্বিতীয় সন্তান আছিল অমলপ্রভা দাস।অসমৰ প্ৰথম এম এছ চি পাছ কৰা মহিলা আছিল অমলপ্রভা দাস।



অমলপ্রভা আদৰ্শৰ এক মূর্ত প্রতীক। সেই হিচাপে তেওঁ চিৰকাল পোহৰ বিকিৰণ কৰি থাকিব।


-বিজয় চন্দ্ৰ ভাগৱতী


বহুতৰে চকুৰ আঁৰত লুকাই থকা হীৰা এটুকুৰাক আচার্য্য বিনোবাজীয়ে তুলি ধৰি জগতক জনালে।


পুষ্পলতা দাস


ব্রহ্মসংগীত বাইদেউৰ প্ৰাণস্বৰূপ আছিল। বাইদেৱে নিজেও কৈছিল, "গানেই মোৰ প্ৰাণ।” মৃত্যুৰ কিছুদিন আগলৈকে স্মৃতিৰ পৰা সহজভাৱে ওলোৱা ব্ৰহ্মসংগীতবিলাক এটি এটিকে গাই গৈছিল। বাইদেৱে পিছলৈ স্মৃতিশক্তি হেৰুৱাইছিল যদিও অজস্র ব্রহ্মসংগীত কণ্ঠস্থ আছিল আৰু এই সংগীতৰ ভাবনাৰ লগত যে একাকাৰ হৈ গৈছিল।


-শকুন্তলা চৌধুৰী


অতুলনীয় মাতৃত্বৰ প্ৰতিমূর্তি বাইদেউৰ নামটোৱেই কেৱল অমল নহয়, প্রকৃতার্থত 'অমল'। অসমৰ মানুহে তেওঁক হয়তো ভালদৰে চিনি পোৱা নাই কিন্তু অসমৰ বাহিৰৰ সৰ্বভাৰতীয় নেতা আৰু কর্মীয়ে তেওঁক যিদৰে শ্ৰদ্ধা আৰু মাৰ্গদর্শন বিচাৰে সঁচাকৈয়ে অসমৰ বাবে এয়া অতি গৌৰৱৰ কথা।


- সমীৰণ দাস


বাইদেউ যেন এখন অমূল্য গ্রন্থহে, পঢ়িব পৰা হ'লে কতনা বস্তু আয়ত্ত কৰিব পাৰিলোঁহেঁতেন। ব্যৱহাৰিক জীৱনৰ দ্বাৰাই আমাক প্রতিটো কথা শিকাই আছিল।


-স্বর্ণ দেৱী


ত্যাগৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতীয় সংস্কৃতিৰ মূৰ্ত প্ৰতীক, অসীম ত্যাগ আৰু বিনয়ৰ প্ৰতিমূৰ্তি পৰম শ্রদ্ধেয়া অমলপ্রভা বাইদেউ বিশ্বৰ নাৰী সমাজৰ কেৱল উজ্জ্বল আদর্শই নহয়, এটি মহান অনুষ্ঠান।


কমলকুমাৰী বৰুৱা

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)