নিৰুপমা বৰগোহাঞি-আৰম্ভণি বাক্য
সেই নদী নিৰবধি ১
পগলাদিয়া নৈৰ পানীত ৰাতিপুৱাৰ ৰ'দ পৰি ঢৌবোৰ জিল্মিলাইছে। নৈখনৰ ঠিক সোঁমাজতে উভালি পৰি থকা বাঁহজোপাত পানীৰ সোঁতে বাধা পোৱাত কূল্-কূল শব্দ এটা উঠিছে।খুব কম বহল নৈখন। সিপাৰে কিছুদূৰলৈ বালি, ইপাৰে থিয় সিপাৰৰ বালি আহি কেতিয়াবা পানীত মিলিছেহি, কেতিয়াবা আকৌ সামান্য ওখ গৰাৰ সৃষ্টি কৰিছে বালিৰ গৰা। পানীয়ে দাঁতিবোৰ ছুই জুঁই গৰাৰ বালি চপৰা চপৰে খহাইছে। বাঁহজোপাত সোঁতে ঠেকা খাই কলকলোৱা শব্দটোৰ বাহিৰেও বালিৰ গৰা খহি পৰা শব্দও উঠিছে।
অন্তঃস্রোতা ১২৩
মাকে যেতিয়া আহি ৰেণুক অনিতাহঁতৰ ঘৰলৈ কইনা চাবলৈ লগ ধৰিলেহি, ৰেণুৰ দুখন ভৰিৰ এখন যেন কৌতূহলত দৌৰ মাৰিব খুজিলে আৰু আনখন বেদনাৰ ভৰত স্থবিৰ হৈ ৰ'ল। তথাপি তাই মাকক নাযাওঁ নুবুলি সাজ-সজ্জা কৰিবলৈ গ'ল। সাধাৰণতে খুব বেছি স্টাইল নকৰে ৰেণুৱে। অকল ৰেণুৱে নহয়, সিহঁতৰ কোনো এজনী বাই-ভনীয়ে বেছি সাজোন-কাচোন নকৰে। এই বিষয়ত সিহঁতৰ ছোৱালীবোৰ ব্যতিক্রম বুলি মানুহে কোৱা কুই কৰে- ঠিক কোৱা কুই কৰাই নহয়, মানুহে প্রশংসাই কৰে যে আজিকালিৰ দিনত ৰেণুহঁতৰ দৰে ছোৱালী দেখিলে চকু জুৰ পৰি যায়। হৰেক ৰকমৰ ৰঙীন শাড়ী নিপিন্ধি সিহঁতে বেছিভাগ সময় তাঁতত বোৱা মেখেলা-চাদৰেই পিন্ধে সেই কাপোৰ সিহঁতে নিজেই তাঁতত বৈ লয়। ৰেণুৰ মাক অতি পাকৈত মহিলা। তেওঁ নজনা কাম প্রায় নায়েই, জীয়েকহঁতকো তেওঁ প্রায় সকলো কামতে পকা কৰি তুলিছে।
দিনৰ পিছত দিন ১৬৭
বিয়াৰ দুটা বছৰৰ পিছত অণুৱে ভনীয়েক মাখনীৰপৰা এনে এখন চিঠি পালে, যিখন চিঠিৰ লগত মাখনীয়ে এই দুই বছৰে লিখা এখন চিঠিৰো মিল নাই।মাখনীয়ে লিখিছিল: "মৰমৰ বাইদেউ, মোৰ মৰম ল'বি। বহুত দিন তোলৈ কোনো চিঠি-পত্র লেখিব পৰা নাই, আশাকৰোঁ তহঁত সকলোবোৰ ভালে আছ। অকণমানি টুকুমণিও নিশ্চয় ভালে আছে-তাক মোৰ মৰমৰ চুমা দিবি।বাইদেউ, আজি এটা বৰ ডাঙৰ কথাৰ বাবে তোলৈ এই চিঠিখন লেখিব ওলালোঁ। কেবাদিনৰপৰাই মনৰ ভিতৰত এটা দ্বন্দ্ব চলি আছিল- তোলৈ লেখোঁ নে নেলেখোঁ লেখি কিবা লাভ হ'ব নে নহয়। পিছে বহুত ভাবি-চিন্তি অৱশেষত লেখাটোকেই ঠিক কৰিলো।
✓ এজন বুঢ়া মানুহ ২১৯
বহুত দিন ধৰি জীৱনত এটা মাত্র নিচাতে ধৰি আহিছে বিজয় ভঁৰালীয়ে। কিতাপ পঢ়া, কাগজ পঢ়া। তাৰ বাহিৰে আন কোনো ধৰণৰ নিচা তেওঁৰ নাই। নাই কোনো কাম-কাজত, নাই কোনো খোৱা-লোৱাত। তেনেকৈ ক'তো ফুৰিব-চাকিব নেযায়, আন বহুতো পেন্সনধাৰী প্রৌঢ় মানুহৰ দৰে বাগানৰ কামতো তেওঁৰ কোনো ৰাপ নাই। বন্ধু-বান্ধবো কোনো নাই। অৱশ্যে তেওঁ এতিয়া য'ত আছে তাত তেওঁৰ বয়সীয়া মানুহ খুব কমেই থাকে। থাকিলেও তেওঁৰ লগত সিবিলাকৰ বন্ধুত্ব কিমান জমি উঠিলহেঁতেন তাক কোৱা টান। নিজে তেওঁ খুব কম কথা কয়, আনে কথা ক'লে তেওঁ কেৱল হুঁ-হাঁ কৰি শুনি যায়। কিন্তু সেই শুনাত যে তেওঁ কিবা আনন্দ পাইছে বা বক্তাৰ কথাবোৰ আগ্ৰহেৰে শুনিছে, তাৰ চিন তেওঁৰ মুখত সমূলি ফুটি নুঠে। গতিকে এনে ধৈর্যশীল শ্রোতা পায়ো বক্তাৰ অৱশেষত কথা কোৱাৰ আগ্রহ হেৰাই যায় আৰু ফলত তেওঁৰ লগত কাৰো বন্ধুত্ব জমি নুঠে।
পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস ৩৬১(লগত লিখিছিল হোমেন বৰগোহাঞি)
শেষত তাইৰ নামটো অপর্ণা ৰখাই ঠিক হ'ল।অতি ক'লা গাৰ বৰণ লৈ জন্ম হোৱাত মাকৰ মুখ কোঁচ খালেও নামতো এটা ৰাখিবই লাগিব। দেউতাকে সস্নেহে প্রস্তাৱ কৰিছিল- 'মোৰ আইজনীৰ নামটো মই গৌৰীকে ৰখা ঠিক কৰিলোঁ। ডাঙৰ হ'লে মই তাইৰ কাৰণে শিৱৰ দৰে দৰা এটা বিচাৰি আনিম।'
ক'লী ছোৱালীজনীৰ বগী মাকজনীয়ে মুখখন বিকটাই পেলাইছিল- 'ইস্-ক'লীজনীলৈ নামটো বিচাৰি পালে চোৱা! একেবাৰে গৌৰী। কণা ল'ৰাৰ নাম পদ্মলোচন দিয়াৰ দৰে হ'ল। নমৰি বাচি থাকি যদি কেতিয়াবা ডাঙৰ হৈ উঠে, নামটোৰ কাৰণেই তাই কাৰো আগত মুখ উলিয়াব নোৱাৰিব। আগত নহ'লেও পিছত সকলোরে বিদ্রূপ কৰি হাঁহিব- এই ধুম ক'লা ছোৱালীজনীৰ নাম ৰাখিবলৈ আৰু একো নাম বিচাৰি নেপালে নে?' মোৰ মনেৰে তাইৰ নামটো কৃষ্ণা ৰখাই ভাল, চেহেৰাৰ লগত একেবাৰে মিলি যাব আৰু নামটোও শুনিবলৈ ভাল।'
হৃদয় এটা নির্জন দ্বীপ ২৭৫
"এই বুবু, চুপ কৰি শুই থাকা, নহ'লে ভূত আহিব"- বুবুৰ আয়াই ক'লে। বুবু নামৰ দুৰন্ত ল'ৰাটোক শাসন কৰি কৰি ভাগৰি গ'লে শেষত আয়াই এইপাট অমোঘ অস্ত্র প্রয়োগ কৰে। লগে লগে বুবু শান্ত হৈ চকু মুদি শুই পৰে আৰু শোৱা অৱস্থাতে অকণি অকণি দুখন হাতেৰে আয়াৰ বলিষ্ঠ হাত এখন আঁকোৰ ধৰি নিশ্চল হৈ পৰি থাকে আৰু অলপ পিছতে টোপনিৰ কোলাত ঢলি পৰে।ভূত!বেবীৰ ভূতলৈ বৰ ভয়, কিন্তু বুবুৰ ভূত আৰু তাইৰ ভূত একে নহয়। বুবুৱে ভয় কৰে কোনো এটা নেদেখা ভূতলৈ আৰু তাই ভয় কৰে এটা দেখা ভূতলৈ।ৰাতি আঠমান বজাৰ পিছৰে পৰা বেবীয়ে বিনিদ্র নয়নেৰে অপেক্ষা কৰি থাকে সেই দেখা ভূতটোলৈ, যিটো সদায় আহে সিহঁতৰ ঘৰলৈ আৰু সদায় আহিও থাকিব।
সামান্য-অসামান্য ৩০৯
সোণালীৰ তৃতীয় চিঠিখনো পালে ৰাজীৱে। একে আগ্রহ, শংকা, আবেগ আৰু একধৰণৰ নাৰ্ভাচ ভাব লৈ এই তৃতীয় চিঠিখনো পঢ়ি গ'ল ৰাজীৱে:
ৰাজীৱদা,আপোনাৰ ওচৰত মই কি অপৰাধ লগালো বুজি পোৱা নাই সঁচায়ে। ইমান মাতি মাতিও কিয় এবাৰো আপোনাক আনিব পৰা নাই? মোৰ আগৰ চিঠি দুখন আপুনি পোৱা নাই নেকি বাৰু? কিন্তু সেইটো জানো সম্ভৱ? দুয়োখন চিঠিয়ে মই ডাকত দিছিলো, এবাৰ নহয়, দুবাৰকৈ ডাকৰ বেমেজালি ঘটিবনে? নে আপুনি মোৰ চিঠি পাইয়ো ইচ্ছা কৰিয়ে অহা নাই ৰাজীৱদা। যদি সেইটো হয় মই কি কৰিম ক'ব পৰা নাই। আগৰ চিঠিত আপোনালৈ লেখিছোঁ মাহঁতে সৌমিত্র কটকী নামৰ এজন আই, এ. এছৰ লগত মোৰ বিয়াৰ যো-জা কৰিছে। কিন্তু মই কৈ দিছোঁ- এম. এ. পাছ নকৰালৈকে মই বিয়া নকৰাওঁ। মোৰ কথাত ঘৰখন উগ্রমূর্তি ধৰি আছে- মোৰ বুৰ্বকামি, মোৰ জেদৰ ফলত এনেহেন বতু পায়ো যে মই ঠেলি দিব ওলাইছোঁ মোৰ এনে স্পর্চ্চা কোনেও ক্ষমা নকৰে আৰু মানিও নলয়। আনবোৰ অলপ নৰম হ'লেও দেউতাই টিকিছি-বিকিছি আছে- এনে এজন ভাল ল'ৰাই মোক বাটত দেখিয়ে পছন্দ কৰি বিয়া কৰাবলৈ আগবাঢ়িছে ই জানো কম ভাগ্যৰ কথা? ভাগ্য নে দুর্ভাগ্য মইহে জানো। মোৰ ভাবিলে অতি আচৰিত লাগে যে মানুহ এজনে ৰাস্তাত ছোৱালী এজনীক দেখিয়ে বিয়াৰ প্ৰস্তাৱ দিব পাৰে, সেই ছোৱালীৰ বিষয়ে ভাল-বেয়া জনাৰ একো আৱশ্যকতাই বোধ নকৰেনে? (এইখিনি পঢ়ি ৰাজীৱৰ মুখত এটা মৃদু হাঁহিৰ ঢউ খেলি যায়)
✓ কেকটাচৰ ফুল ৪১৯
স্কুলৰ ওপৰ শ্ৰেণীত উঠাৰ পিছত মানসী বৰাই মনতে এটা সপোন পুহি ৰাখিছিল- মেট্রিকটো ভালকৈ পাছ কৰিব পাৰিলে তাই বিজ্ঞান লৈ কলেজত পঢ়িব। দেখাত এই সাধাৰণ কথাটো মানসীৰ কাৰণে সপোন হ'ব লগা হোৱাৰ কাৰণ হ'ল- সিহঁতৰ আধা চহৰ আধা গাওঁ যেন ঠাইখনত কলেজ আছে হয়, কিন্তু তাত এতিয়ালৈকে বিজ্ঞান শাখা খোলা হোৱা নাই, অকল সেয়ে নহয়- দুই এবছৰতে যে খোলা হ'ব তাৰো আশা নাই। গতিকে বিজ্ঞান পঢ়িবলৈ হ'লে মেট্রিক পাছ কৰাৰ পিছত মানসীয়ে আন এখন ঠাইলৈ গৈ হোষ্টেলত থাকিহে তাৰ কলেজত পঢ়িব লাগিব। ছোৱালী মানুহৰ কাৰণে এনেকৈ নিজৰ ঠাই, নিজৰ ঘৰ-দুৱাৰ এৰি আন ঠাইত গৈ থাকি পঢ়া-শুনা কৰা কথাটো বৰ সহজ কথা নহয়, কিছু সহজ হয় যদিহে দেউতাকৰ যথেষ্ট টকা-পইচাৰ জোৰ থাকে বা ছোৱালীৰ মগজ চোকা হয়। মানসীৰ অৱশ্যে দুয়োটাই আছিল- তথাপি শেষ পর্যন্ত বা পৰীক্ষাৰ ফলাফল কি হয়? হেজাৰ হওক পৰীক্ষাৰ ক্ষেত্ৰত্যে আন বহুত কিবাকিবিৰ দৰেই বহুতখিনি ভাগ্য লাগে- সেই ভাগ্য বা তাইৰ কাৰণে কি হয়?
নামি আহে এই সন্ধিয়া ৪৮৭
লছ এঞ্জেলছৰ পৰা লতিকাই লিখিছিল, "বুঢ়ী হ'লি, গিৰিয়েৰে পেঞ্চন পালে। খবৰটো পাই মই কিন্তু ইয়াত স্ফূৰ্তিৰ হাঁহি মাৰিছো। আগে যেতিয়া ইমান দিনৰ মূৰত গুৱাহাটীলৈ যাওঁ, তোক লগ পাবলৈ হয় তই থকা ঠাইবোৰলৈ মই যাব লাগে, নহয় তই মোৰ তালৈ আহিব লাগে। তেনেকৈ লগ ধৰিবলৈ যোৱা আৰু অহাৰ কষ্ট আছেই, তাৰোপৰি সময়ৰ অনর্থক খৰচ, ইফালে লগেই বা পাওঁ কিমান দিন? এটা বা দুটা দিন। তাৰে কোনোদিনেই তোৰ মোৰ মন নভৰিছিল। এতিয়া গুৱাহাটীতে নিগাজী হ'লি যেতিয়া আৰু কোনে পায়। আৰু দুমাহ পিছত মোৰ যোৱাৰ কথা আছে। চৌধুৰী চাহাবক ক'বি- তেখেতে পেঞ্চন পাই ঘৰতে বহি থাকিব যেতিয়া ঘৈণীয়েকৰ ক'লী বন্ধুজনীক দেখি দেখি চকু বিষাব। গতিকে সময়মতে সাৱধান কৰি দিলো, তেখেত যেন প্রস্তুত হৈ থাকে।
ভৱিষ্যতৰ ৰঙা সূৰ্য ৫৩৯
খানাপাৰাৰ পৰা গুৱাহাটীলৈ ওভতা চিটিবাছখনত উঠিবলৈ যাওঁতে মানুহৰ জুমটো দেখি নৰেন কৌতূহলত সেইফালে আগবাঢ়ি গ'ল- চিটিবাছত আৰু উঠা নহ'ল। দৰাচলতে চিটিবাছৰ ভ্ৰাইভাৰ কণ্ডাক্টৰো বাছ এৰি সেই জুমটোলৈ গৈছিল। গুৱাহাটী চহৰৰ জনপূৰ্ণ অঞ্চল নহয় সেইটো, ভেটেৰিনাৰী কলেজৰ ছাত্র- প্ৰফেছৰক লৈয়ে তাৰ জন-সমৃদ্ধি আৰু এতিয়া মানুহৰ যিটো জুম বান্ধিছে তাৰো প্ৰায় সকলোবোৰেইযে ছাত্র এবাৰ দেখাৰ লগে লগেই নৰেনে বুজি পালে। কেৱল সেয়ে নহয়, সেই ছাত্ৰসকলৰ মাজত এজনক নৰেনে চিনিও পালে। ত্রিদিব, চাৰুৰ ৰুমমেট, চাৰুৰ ওচৰলৈ মাজে মাজে যোৱাৰ ফলত ত্রিদিবৰ লগতো চিনাকি হৈছিল নৰেনৰ। আজি পিছে চাৰুৰ ওচৰলৈ যোৱাত সি ত্রিদিবক দেখা নাছিল, চাৰুক সোধাত সি উত্তৰ দিছিল কেন্টিনলৈ চাহ খাবলৈ যোৱা বুলি। চাৰুৰ ওচৰত নৰেন বেছিপৰ বহা হ'লে হয়তো চাহ খাই ঘূৰি যোৱা ত্রিদিবক সি লগ পালেহেঁতেন, কিন্তু আজি নৰেনৰ হাতত বেছি সময় নাই, গধূলি এটা জৰুৰী কাম কিন্তু গৰমৰ বন্ধ বুলি কাইলৈ চাৰু গাঁৱলৈ যাবগৈ, মাকৰ বাবে দৰৱ আৰু পইচা অলপ আজিয়ে চাৰুৰ হাতত নিদিলে নহয় বাবেহে সি আগত কামটো ৰাখি এনেকৈ আহিছে। তাৰ একে গাঁৱৰ ল'ৰা চাৰুৰ আগে-পিছেও সি এনেকৈ টকা বা বস্তু-বাহানি পঠিয়াইছে বা চাৰুৰেও তাক সি গাঁৱলৈ গ'লে একেদৰেই দূত কৰিছে। চাৰুৱে আজি দুবছৰ হ'ল ইয়াত ভেটেৰিনাৰী পঢ়ি আছে আৰু নৰেনে নিজে আজি চাৰি বছৰৰো ওপৰকাল চৰকাৰী প্ৰকাশন পৰিষদ এটাত লিটাৰেৰী এছিছটেন্ট হৈ কাম কৰি আছে।
অভিযাত্রী ৫৭৯
চন্দ্রপ্রিয়াই যথাসম্ভৱ ওপৰলৈ মেখেলাখন দাঙি শৰীৰৰ নিম্নাংগত জোখাৰ সন্ধান কৰিবলৈ ধৰিলে। উস্, এনেকৈ বোকাপানী ভাঙি আৰু কঠালমূৰী স্কুললৈ যাব নোৱাৰি। জোকে খাই শৰীৰৰ তেজৰ আধ্যাই পেলাব এতিয়া।'বাই, হাতীজোকটো চাচোন, মোৰ সোঁ ভৰিৰ ডিমাতে কামুৰি আছিল- ৰামেশ্বৰীয়ে তেজ পি ঢোল হোৱা জোক এটা জোৰেৰে ভৰিৰ কলা-ফুলৰ পৰা এৰুৱাই আনি ক'লে।চন্দ্রপ্রিয়াই অলপ পিছ পৰা ভনীয়েকলৈ ঘূৰি চালে, ভনীয়েকতকৈ ভনীয়েক থিয় হৈ জোক আজুৰি অনা ঠাইৰ পানীখিনিলৈহে তেওঁৰ প্ৰথমতে চকু গ'ল- ঘোলাপানীত তেজ মিহলি হৈ এটা অদ্ভুত বৰণ ধৰিছে। চন্দ্রপ্রিয়াৰ গাটো অলপ শিয়ৰি উঠিল, সেই তেজ যে তেওঁৰ অকণমানি ভনীয়েকজনীৰ তেজ। কিন্তু এয়েইতো প্রথম নহয়, ইয়াৰ আগতেও আৰু কতবাৰ এইখিনি বোকাপানীৰ ৰাস্তা অতিক্রম কৰিব ল'গা হওঁতে ফুকলীয়া ভনীয়েকে-তেওঁৰ কথাতো বাদেই জোকক কতনো তেজ দিবলগীয়া নহৈছে পঢ়াশুনা কৰাৰ বাবে, ই যেন তেজৰ খাজনাহে। চন্দ্রপ্রিয়াৰ চুলি ছিঙি নিজকে আকুহি-বাকুহি বখলিয়াবৰ মন যায়, পঢ়াশুনাৰ এই চখটোনো ভগৱানে তেওঁক কিয় এনেকৈ দিলে, গাঁৱৰ আন ছোৱালীবোৰ ঘৰৰ কাম-কাজ লৈয়ে সন্তুষ্ট, কাৰো গৰজ নাই এনেকৈ বোকাপানী গছকি বাটকুৰি বাই ল'ৰাৰ এম ভি স্কুল এখনত পঢ়ি 'পণ্ডিতনী' হ'বলৈ অহাৰ। ইতিমধ্যে লগৰ ছোৱালীবোৰৰ মাজতো তেওঁ 'পণ্ডিতনী' নাম পাইছেই। অন্যান্য নামো পাইছে যেনে গছত উঠেতী, স্বাধীন বস্তু মতাতুংগী ইত্যাদি।
ব্ৰহ্মাৰ অস্ত্ৰ ৮১৩
নীলমণিপুৰ গাঁৱৰ মনোজ মহান্তিয়ে সকলো ছোৱালীকে বেছ ধুনীয়া দেখে। হয়তো সৰুৰে পৰা মাক আৰু ভনীয়েকক দেখি থকাৰ পিছত তুলনাত সকলো ছোৱালীকে এনেকৈ ধুনীয়া দেখে, দেখিবলৈ বাধ্য হয়। মনোজৰ বহুতো সৰু-সুৰা দুৰ্ভাগ্যবোৰৰ ভিতৰত ইয়ো এটা দুর্ভাগ্য যে ভনীয়েক ৰেণুকা দেখিবলৈ বেছ বেয়া- মাক অতি কুৰূপা, কিন্তু মাক দেখিবলৈ বেয়া হোৱাটো তাৰ সৌভাগ্য-দুর্ভাগ্য একোৱে নহয়, এনেদৰে ভাৱিবলৈ গৈয়ো মনোজে থমকি ৰৈ পুনৰ অন্য ধৰণে ভাবিবলৈ বাধ্য হৈছিল- নাই, নাই মাকৰ ৰূপৰ এই অত্যন্ত ঘাটিটিও তাৰ অন্যতম দুর্ভাগ্য বা ৰেণুকা দেখিবলৈ বেয়া হোৱাৰ মূল উৎস। মাক ইমান বেয়া বাবেইতো এনে এজনী কুৎসিৎ জীয়েকৰ জন্ম দিব পাৰিছে। মনোজৰ মাকৰ ওপৰতে অযুক্তিকৰ জাগি উঠিব খোজে, আৰু পিছলৈ খংটো গৈ দেউতাকৰ ওপৰত কূপ খায়গৈ। বহুত খং, বহুত ধৰণৰ খং- যৌতুকৰ বাবে নিজে দেখিবলৈ বেয়া নহৈও এদিন যে এজনী দেখিবলৈ বেয়া ছোৱালীক বিয়া কৰাইছিল তাৰ খং, তাক জন্ম দিয়াৰ বাবে খং, তাৰপিছত নটাকৈ ল'ৰা-ছোৱালীক জন্ম দিয়াৰ খং, সেই নটাৰ ভিতৰত এজনী মাত্র ছোৱালী জন্ম দিয়াৰ দৰে খং শাম কটাৰ কাম এটা কৰিলেও যে চতুর্থ সন্তান আৰু এজনী কুৎসিৎ ছোৱালী হিচাপে জন্ম দিলে সেইবোৰ পুনৰ জাগি উঠা খং। এনেবোৰ খঙৰে মালা এডালৰ শেষৰটো খং আছিল তাক কটকৰ ৰেভেনশ' কলেজত পঢ়িবলৈ পঠিওৱাৰ খং। মেট্রিক পাছ কৰাৰ পাছতে যদি সি পঢ়া বন্ধ কৰিব পাৰিলেহেঁতেন তেন্তে গাঁৱৰে সহপাঠী বন্ধু ৰত্নাকৰৰ দৰে খেতি-বাতিত লাগি গ'লহেঁতেন, নহ'লেবা অইন এজন বন্ধু মণিকান্তৰ দৰে চাবোন-আলতাৰ ব্যৱসায়ত নামিলহেঁতেন, নহ'লেবা ক্লাছৰ আটাইতকৈ গাধা সহপাঠী বলৰামৰ দৰে পুলিচ হৈ চাকৰিৰ দুবছৰতে পেটটো আকাশত উৰা বেলুন এটাৰ দৰে ঢোল কৰি পেলালেহেঁতেন- ইচ্ বলৰামৰ পেটটো কি ফুলিছে!
Comments
Post a Comment