অলকানন্দা
নলিনীবালা দেৱী ৰচনা সম্ভাৰ,পৃষ্ঠা-০২,০৩,০৫,০৯,১১,১৩,১৪,১৭,২০,২২,৩০,৩১,৫৬,৬১,৭৯
১.মোৰ নিৰস প্ৰাণত ঢৌ তুলি যোৱা কোন তুমি ৰূপস্বপ্না? দুটি চকু মোৰ সজলে আৱৰা বিস্মৃতা মই আনমনা।
২.সুৰে কান্দে হাঁয়, নাই নাই নাই মালতী মৰহে কৰণী শুকায় পুৰতী তৰাৰ চকুলো নিজৰে পুৱালে মাধবী ৰাতি।
৩.সুৰৰ পৃথিৱী সুন্দৰ শোভাময় উচ্ছল সুৰ সৃষ্টি সপোন অপৰূপ ৰূপময়।
৪.পুৱতী নিশাত কোনেনো বজালে মোহনীয়া বাঁহী সুৰ,নিশাৰ তন্দ্ৰা বিভোৰ ভাঙিলে ঘুমটি ঘোৰ।
৫.মন উপবন সপোন মগন তুমি চিৰ অনুপম ৰূপ মালঞ্চ বনভূমি শোভা শুৰভিত মনোৰম।
৬.পুৱতী তৰাই মুখ লুকুৱালে আকাশ পলাশে বোলালে অৰুণ কোঁৱৰে হেজাৰ পোহৰে নিশাৰ চকুলো মচিলে।
৭.কোন সৰগৰ তৰা তুমি কোন সাগৰৰ মণি; অযুত তৰাৰ দেশত তুমিযে শাৰদী পূর্ণিমা জোন। তুমি কোন কোৱাঁ, কোৱাঁ তুমি কোন?
৮.মোৰ গীত শুনি তৰা ফুলবোৰে মিচিকি মিচিকি হাঁহিব নীলা, তোমাৰ জোনাক দেশত গীতৰ লহৰী তুলিব।
৯.সমীৰে ক'লে মধু জোছনাক এটুপি জোনাক দিয়া জোনোৱালী হৈ যাওঁ, জোনাকে ক'লে জোনাক লুকাল ডাৱৰে ঢাকিলে মুখ জোনাক বিচাৰি যাওঁ।
১০.ধূলিৰ মাজত ধূলিৰ কণিকাত এটি গীত লিখা ৰ'ব। সুৰবোৰে মোৰ ধূলিৰ মাজত জীৱনৰ কথা ক'ব।
১১.জোনাক তোমাক সাৱটি লৈ যাঁও জোনোৱালী হৈ মৰমী জোনাই মাতি নিয়া তোমাৰ কাষলৈ সপোন পুৰীলৈ।
১২.ফুলনিত মোৰ হেজাৰ কুসুম ফুলালি মৰমে তোৰ তোৰ সুৰভিয়ে হিয়াত জগালে অযুত সপোনবোৰ।
১৩.জোনাকীৰ এধানি পোহৰে এন্ধাৰত বাট দেখুৱায়,বিবেকৰ শলিতা গছিয়ে জীৱনৰ বাট পোহৰায়।মানুহৰ মনৰ গুহাত এখনি গুপুত জগতত, এজনা গোপন কাৰিকৰে ৰং সানে মনৰ মাজত।
লুকোৱা গোপন শিল্পীজনে বিয়াকুল বিচাৰি প্ৰকাশ উৎসুক সন্ধানী দৃষ্টি অন্তৰত দিব্য অনুৰাগ।
১৪.সৃষ্টিৰ প্ৰেৰণা জাগে মাতৃ অসমৰ মোহন তুলিকা লৈ আহাঁ খনিকৰ।আহা সুৰ গীত বাদ্যকাৰ ছন্দে সুৰে ওপচাই শুদ্ধ পূজাৰী আহাঁ, আহাঁ পূজাৰিণী জ্ঞান-বিজ্ঞানৰ-কলা মণি মুকুতাৰে সজোৱা অখণ্ড মাতৃৰূপ। ইখনি সোণৰ দেশ যুগমীয়া তুমি আমাৰ ওপজা ঠাই এইখনি মর্ত্য স্বর্গভূমি।
১৫.মৰমে ৰাঙলী কৰা চিৰ সেউজীয়া বিহু এই অসমৰ পৃথিবী মাজত ক'তো পাবলৈ নাই ফুলে ফুলে মনোহৰ অসমীৰ ৰভাতল বনে উপবনে পতা ফুলৰ শৰাই।
Comments
Post a Comment