প্রিয় সংলাপ উপন্যাস:নাহৰৰ নিৰিবিলি ছাঁ

প্রিয় সংলাপ

উপন্যাস:নাহৰৰ নিৰিবিলি ছাঁ



🌼স্মৃতি এনে এক প্ৰেম, যি বিচ্ছেদৰ পিছতো লগ এৰা নিদিয়ে।

🌼সুখ- আনন্দৰ সমভাগিতকৈ, দুখ যন্ত্ৰণাৰ সংগীবোৰ অন্তৰৰ গভীৰত প্ৰৱেশ কৰে। এই সংগৰ স্থায়িত্ব থাকে।Happiness consists in the attainment of our right-desires. সুখী হবলৈ সঠিক ইচ্ছা জাগিব লাগে।

🌼শিক্ষিত তিনি প্ৰকাৰেৰে হ'ব পাৰি (১) এবিধে চমৎকাৰ ফলাফল কৰি ভাল কেৰিয়াৰ গঢ়াৰ বাবে পঢ়ে, (২) এবিধে জ্ঞান অৰ্জনৰ বাবে পঢ়ে, (৩) আনবিধে প্ৰজ্ঞাৰ সাধনা কৰে। ইয়াৰে সবাতোকৈ কষ্টকৰ প্রজ্ঞাৰ সাধনা। প্ৰজ্ঞাৰ অধিকাৰী হ'বলৈ যি মনৰ বিশালতাৰ প্ৰয়োজন, জ্ঞানৰ উপলব্ধিৰ দৰকাৰ, তাৰ বাবে জীৱনৰ চাকনৈয়া, সংঘাতৰো দৰকাৰ। অভিজ্ঞতাৰো দৰকাৰ।


🌼জীৱনৰ বৃহৎ বাকচৰ মাজত থকা, অসংখ্য বহু বাকচৰ মাত্ৰ এটা বাকচ হৈছে স্কুল- কলেজ- বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমবোৰে জীৱন নামৰ বৃহৎ পেৰাটোৰ ভিতৰৰ অসংখ্য তলাবন্ধ বাকচবোৰ খোলাৰ উপায় দেখুৱাত কিঞ্চিৎ সহায় কৰে।কিন্তু পূৰ্ণ সহায় পাব পাৰি প্ৰজ্ঞাৰ দ্বাৰাহে।


🌼মানুহে মানুহক ভাল পোৱাত স্বাৰ্থ আছে। যিদৰে প্ৰেমিক প্ৰেমিকাক আপোন কৰি লোৱা, ঘৰ- সংসাৰ কৰাৰ স্বাৰ্থ থাকে। স্বামী- স্ত্ৰীৰ ভাল পোৱাও এক অভ্যাসবশত: গঢ় লোৱা স্বাৰ্থ। পিতৃ- মাতৃ, ভাতৃ- ভগ্নী এই সম্পৰ্কবোৰতো থাকে স্বাৰ্থ। নিৰাপত্তাৰ স্বাৰ্থ, সামজিক স্বাৰ্থ , কিন্তু এই জীৱ- জন্তুৰ সৈতে হোৱা আত্মীয়তা কেৱল ভালপোৱাৰ নিঃস্বাৰ্থ বন্ধন।


🌼প্ৰত্যেক মানুহৰ জীৱনলৈ কিছু বিশেষ সময় আহে, যিখিনি জীৱনৰ আন এটা সময়ত থিয় হৈহে ' গুৰুত্বপূৰ্ণ' বুলি উপলব্ধি কৰিব পাৰি।


🌼ৰুঢ় বাস্তৱ সদায় যেনেকৈ ভাল নালাগে, অলীক কল্পনাও সদায় ভাল নালাগে। ভাল লাগে ইয়াৰ সংমিশ্ৰণ।


🌼Remember that , what you believe will depend very much upon what you are- ভাস্বতিয়ে ভাৱে, নাহৰৰ পাতৰ প্ৰতি থকা তাইৰ বিশ্বাসে কাৰো অন্যায় নকৰে। যি বিশ্বাসে আত্মবিশ্বাস বঢ়াই, সেই বিশ্বাস সদায় ধনাত্মক।


🌼কিছুমান মানুহ অবিশ্বাসৰ দাস, বিশ্বাস তেঁওলোকৰ বাবে সৌ আকাশৰ জোনতোৰ দৰে ধুনীয়া , চাব পাৰি কিন্তু চুব নোৱাৰি


🌼দৰিদ্ৰতা বৰ ভয়ানক বস্তু। ই নিগনিৰ দৰে, কেতিয়া সংগোপনে বাহলৈ তোমাৰ মূল্যবান সকলো কুটি চাৰ- খাৰ কৰি নিঃস্ব কৰিব গমেই নাপাবা।

🌼কেয়াৰলেছ আৰু বিবেচনাশূন্য ভাৱে মানুহক বিশ্বাস কৰাটো উচিত নহয়।

🌼Death is a shadow of life, ঠিকেই , জীৱনৰ ছাঁ মৃত্যু। জীৱনৰ সকলো সময়তে মৃত্যুৰ ছাঁ সহচৰ যিকোনো সময়ত এই ছাঁয়ে আলিংগন কৰে জীৱন- তাৰ পাছত সকলো ছাঁ কেৱল ছাঁ। আকাশেই মৃত্যুৰ পিছত আত্মাৰ আশ্ৰয়।


🌼নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে কিন্তু নি:সংতাই হতাশা আনে,মই নিৰ্জনতা ভাল পাওঁ, নি: সংগতাক ভয় কৰোঁ।


🌼Better are the blows of a friend than the fake kisses of an enemy, শত্ৰুৰ চুমা মোক নালাগে, বন্ধুৰ ভুকু এটাহে বিচাৰোঁ।


🌼মানুহৰ ইচ্ছা আৰু স্পৃহাৰ পিয়াহ সহজে মৰিলে মনৰ অসন্তুষ্টিৰ তৃষ্ণা বাঢ়ি যায়।


🌼আনন্দ প্ৰকাশ কৰিবলৈ ক্ষণ গণিব নালাগে, কিন্তু যন্ত্ৰণা প্ৰকাশৰ ক্ষন সদায় মন্থৰ। ই নিজস্ব সময়ত, নিজস্ব ৰীতিত আত্মপ্ৰকাশ কৰে। আনন্দৰ দুৱাৰত তলা নাথাকে, যন্ত্ৰণাৰ দুৱাৰত তলা থাকে আৰু চাবি হেৰাই যায়। চাবি বিচাৰি পালেহে কেতিয়াবা এই দুৱাৰ খুলিব পাৰি।


🌼নাৰীৰ কোনোধৰ্ম নাই, জাত নাই, একমাত্ৰ এটাই সংজ্ঞা,দাসী। বিবাহপাশত পুৰুষ কেতিয়াও বন্দী নহয়, বন্দী হয় নাৰী।


 🌼'ইউনিভাৰ্ছটিয়ে' কি শিক্ষা দিলে সেইয়া ডাঙৰ কথা নহয়, আমি এদিন সকলো একেটা নামৰ তলত একেলগে জীৱনৰ সপোন ৰচিছিলোঁ, বন্ধুত্ব গঢ়িছিলোঁ, এখন সমাজ পাতিছিলোঁ - এইয়াহে ডাঙৰ কথা।


🌼প্ৰত্যেক সংযোগ আৰু বিয়োগৰ নিদিষ্ট ক্ষণ থাকে। কেতিয়াবা ইচ্ছা কৰিলেও একো নহয়, কেতিয়াবা ইচ্ছা নকৰাকৈ সকলো হয়।


🌼কৃত্ৰিমতা থাকিলেই সম্পৰ্ক নকল হৈ যায়।


🌼যি সম্পৰ্কত হেৰুৱাৰ  ভয় নাই, বিচ্ছেদৰ ভয় নাই, সন্দেহৰ স্থান নাই সেয়াইতো প্ৰেম।

🌼নিজক ভাল পোৱা মানুহেহে আৰ্চী চাই, কথা পাতে'।

🌼তেজ- মঙহৰ সম্পৰ্ক আপোন নহ'বও পাৰে। তোমাৰ বাবে যাৰ অন্তৰৰ পৰা আপোনা- আপুনি আৱেগৰ সোঁত চকুৰে বৈ আহে- তেওঁতকৈ পৃথিৱীত কোনো আপোন নাই।


🌼ভাল পোৱাৰ বাবে শব্দ নালাগে, আলাপ নালাগে। কিছুমান মূহুৰ্তই সকীয়াই থৈ যায় ভালপোৱাৰ কথা। নিঃশব্দে , নীৰৱে কিছুমান ক্ষণে স্বাক্ষৰ কৰে ভালপোৱাৰ অনুভৱ।


🌼নিজৰ জীৱনৰ অভিজ্ঞাৰে আনৰ জীৱন বিশ্লেষণ কৰা যুগুতনে? জীৱনটো এডাল এফুটিয়া স্কেল জানো - সৰলৰেখা কেৱল আঁকি যাব পাৰি! আপোনাৰ জীৱন দৰ্শন, অভিজ্ঞতাৰ জোখ- মাপবোৰ মোৰ জীৱনৰ সৈতে নিমিলিবও পাৰে।


🌼ভৱিষ্যত বস্তুটোৱেই এখন ৰঙীন চিলা। উৰুৱাই দি ভাল লাগে । কোনো চিলা উৰুৱাওঁতাই আশা নকৰে চিলা খন যিকোনো মূহুৰ্তত য'তে- ত'তে লাগি ফাটি -  চিটিও যাব পাৰে বুলি।


🌼এজোপা আমলখি গছেও মানুহৰ জীৱন দান দিব পাৰে! সন্ধান দিব পাৰে অমৃতময় প্ৰভাতৰ!সঁচাকৈয়ে, জীৱনৰ জাগতিক সত্য উপলব্ধি কৰাৰ ক্ষমতা আহৰণ কৰাটো জৰুৰী।


🌼বিশ্বাস কৰাজনক ফাকি দিলে বিবেক নামৰ দেহৰ ভিতৰত অদৃশ্য , শুই থকা শিশুটোৱে চিৎকাৰ কৰি উঠে।


                          

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)