প্রিয় সংলাপ🌻
নতুন পথ (উপন্যাস)
লেখকৰ নাম : হিতেশ ডেকা
প্রিয় সংলাপ :
🌼“মায়া-মোহৰ বাবেই মানুহে এই শূন্য সংসাৰখনকে মোৰ মোৰ বুলি আকোৱালি লৈ থাকে ৷ মায়াৰ বন্ধন আছে বুলিয়েইতো সংসাৰ চলি আছে ৷ মায়া অবিহনে সংসাৰ মিছা, জীৱন ৰসহীন ৷"
🌼 “মানুহে ট্ৰেজেডী পঢ়ি ভাল পায়, কিন্তু জীৱনটো ট্ৰেজেডী হোৱা ইচ্ছা নকৰে। সাহিত্যত যি আদৰণীয়, জীৱনত সেয়ে হয় বৰ্জনীয় ৷জীৱনটো এটা কল্পনা নহয়, নিষ্ঠুৰ কৰ্তব্যৰে ভৰা,নিতান্ত বাস্তৱ” ৷
🌼“এজনে এটা কাম কৰে এটা কাৰণত আৰু আনজনে ভাবে অন্য উদ্দেশ্যত ।এই বুজাৰ ভুলৰ বাবেই মানুহৰ মাজত আহি পৰে বিশৃংখলতা ৷
হায়! মানুহৰ ভাব! কি ৰূপতেই প্ৰকাশ হয় তাক কোনেও ক’ব নোৱাৰে” ৷
🌼“মানুহে নিজৰ চিন্তাত ব্যস্ত থাকোতে অইনে তেওঁৰ বিৰুদ্ধে হুল পুতে। দেখা শত্ৰুতকৈ নেদেখা শত্ৰু আৰু বেছি ভয়ংকৰ ৷ কিমান নিৰ্দোষী প্ৰাণীয়ে এনেকৈ সংসাৰত গুপ্ত ষড়যন্ত্ৰৰ বাবে বিপদৰ সন্মুখীন হ’ব লগা হয় তাৰ লেখ জোখ নাই ৷তুমি অন্যায় নকৰিলেও তোমাৰ অন্যায় কৰাতো জগতত অনেক আছে” ৷
◆◆◆◆◆◆
কিতাপ : ভাড়াঘৰ (উপন্যাস)
লেখকৰ নাম : হিতেশ ডেকা
প্রিয় সংলাপ:
🌼"ব্যৰ্থতাৰ বুকুত বহি মন মাৰি নিজক ধবংস কৰাতকৈ পৰৰ বাবে জীৱন উচ্ছৰ্গা কৰাত তৃপ্তি আছে জীৱনৰ নতুন সোৱাদ আছে।"
🌼"অভিজ্ঞতা যিমানেই পূৰঠ হ’ব কল্পনা হ’ব তিমানেই প্ৰাণস্পৰ্শী ৷"
🌼"মানসিক সুখ -স্বাচ্ছন্দ্য যাৰ থাকে, শাৰীৰিক সুখ - স্বাচ্ছন্দ্য তাৰ আপুনি আহে ৷ সেই দেখি মানসিক বিলাস যাৰ থাকে, শাৰীৰিক বিলাস তাৰ বাবে নিষ্প্ৰয়োজন ৷শিল্প সাহিত্যৰ দৰে বিলাসৰ বস্তু যাৰ থাকে তাৰ বাবে অইন বিলাসৰ কি প্ৰয়োজন? অলসতাত সাহিত্য অৰ্জন,বিলাসিতাত তাৰ বৰ্ধন ।"
🌼"ক্ষুধাৰ জ্বালা প্ৰশমিত কৰা যায় অন্নৰে, পিপাসাৰ জ্বালা উপশমিত কৰা যায় সুশীতল জলেৰে, কিন্তু বিৰহৰ জ্বালাৰ নাই একোতে উপশম, নাই একোতে ব্যতিক্ৰম ৷ তাতে হয় মন বিক্ষিপ্ত,হৃদয় উৎক্ষিপ্ত ৷ তাৰ জ্বালা নিবাৰণাৰ্থে যোগীয়ে আশ্ৰয় লয় সাধনাৰ, সাধুৱে লয় ধৰ্মৰ , শিল্পীয়ে শিল্পৰ,ভাৱপ্ৰৱণে সাহিত্যৰ,আৱেগপ্ৰৱণে সঙ্গীতৰ,কৰ্মবীৰে লয় জন-সেৱাৰ আৰু নিতান্ত মূঢ়জনে আশ্ৰয় লয় জুইৰ, পানীৰ,জৰীৰ।"
Comments
Post a Comment