অন্তৰতম❤️
উপন্যাস: অন্তৰতম
প্ৰিয় সংলাপ
🌼"আশাবোৰ ইমান ধুনীয়া। ইমান কোমল।পখিলাৰ দৰে।ফুলৰ দৰে।ৰঙা-জিঞা অথবা শিমলু তুলাৰ দৰে।"
🌼"কিছুমান সপোন, কিছুমান সোঁৱৰণি পাহৰিব পাৰিলে জীৱনটো সহজ হয়। কিন্তু, যিবোৰ স্বপ্ন-স্মৃতিক জোৰ কৰি পাহৰিব খোজা যায় সেইবোৰেই বুকুত নিকপকপীয়াকৈ বাহ বান্ধি লয়।"
🌼"জীৱন আমৃত্যু এক সংগ্ৰামৰে নাম। যাৰ শক্তি থাকে তেওঁকেই অদৃষ্টই নিৰন্তৰ যুঁজিবলৈ আৰু জয়ী হবলৈ দিয়ে।"
🌼"কাৰোবাক ক্ষমা কৰাত, ক্ষমা কৰিব পৰাত আশ্চৰ্য এক প্ৰশান্তি থাকে।সেই প্ৰশান্তিৰ অনুভৱ তেওঁৰহে হয়-যি চৰ্তহীন ভাৱে ক্ষমা কৰে।"
🌼কেৱল আশাই মানুহক কিমান শক্তিশালী কৰিব পাৰে! কেৱল আশাই মানুহৰ মুখৰ ক্লান্তি আৰু হতাশা মচি কিমান উজ্জ্বল কৰি তুলিব পাৰে!"
🌼"কেতিয়াবা কিছুমান কথা বিষ লগা কাঁড়ৰ দৰে চেতনাত সোমাই যায়। কাঁড়পাট টানি উলিয়াই অনাৰ পাছতো বিষখিনি সোঁৱৰণিত লাগি ৰ'ল।"
🌼"বিশ্বাস বৰ ঠুনুকা।বৰ আলসুৱা।এবাৰ প্ৰতাৰিত হলে, দুবাৰ প্ৰতাৰিত হলে কিছুমান মানুহৰ ক্ষেত্ৰত অবিশ্বাস এক ধৰণৰ অভ্যাস হৈ উঠে আৰু এই অভ্যাসে আন একো সলনি নকৰিলেও নিজক লৈ, নিজৰ একান্ত আপোনজনক লৈ মানুহক প্ৰটেকটিভ কৰি তোলে।"
🌼"কথা নহয়।এপাট এপাট শেল। প্ৰিয়াৰ বুকুত ৰক্তক্ষৰণ হৈছিল।"
🌼কেতিয়াবা মানুহ এনে কিছুমান কামৰ প্ৰতি আগ্ৰহী হৈ উঠে যিবোৰে মানুহৰ উচ্চাকাংক্ষা পূৰণ নকৰে, প্ৰতিযোগিতাৰ দৌৰত কামত নাহে অথচ মানুহৰ আত্মাক উত্তৰিত কৰি তোলে- মানুহক শান্তি দিয়ে, তৃপ্তি দিয়ে আৰু দিয়ে স্বাৰ্থহীনভাৱে মানুহৰ বাবে কিবা কৰাৰ অমল সুখ।"
🌼"সকলো শিশু ভগৱানৰ সন্তান।বিশেষ ভাৱে সক্ষম শিশুবিলাক ভগৱানৰ বিশেষভাবে মৰমৰ সন্তান। ভগৱানে সিহঁতক সেইবোৰ মানুহৰ ওচৰলৈহে পঠায় যি সিহঁতক অতি বেছি মৰম কৰিব পাৰে, যত্ন লব পাৰে।যি সাহসী আৰু শক্তিশালী হয়।"
🌼" ক্ষমাত এক আচৰিত শক্তি থাকে।ই তোমাৰ ভিতৰখন পৰিষ্কাৰ কৰি ৰাখিব। তোমাক শক্তি দিব।তোমাক পোহৰ দিব, যি পোহৰেৰে তুমি আনকো পোহৰাব পাৰিবা। "
🌼 "কেতিয়াবা কেতিয়াবা এনে একোটা দিন আহে জীৱনলৈ যি আন দিনবোৰতকৈ বেলেগ-কেতিয়াবা এই দিনবোৰে হীৰাৰ দৰে চিকমিকাই উঠি মানুহৰ আত্মাক উদ্বেলিত কৰে আৰু কেতিয়াবা এনে এটি দিন হৈ পৰে আলকতৰাৰ দৰে ক'লা ৰং চেতনাত ঢালি দিয়া।"
Comments
Post a Comment