Posts

Showing posts from December, 2024

সপোনে আমাৰ ডেউকা মেলি বিশাল আকাশ চুব♥️

Image
🍁আনন্দ আৰু কৃতজ্ঞতাত বিগলিত হোৱাৰ সময় এইখিনি।নতুন,পুৰণি বুলি কথা নাই,প্ৰতিটো পল সানন্দৰে জিয়াম বুলি ভবা দিন ধৰি জীৱন উৎসৱময় কৰি তোলাৰ অবিৰাম প্ৰচেষ্টা চলিছে।মনৰ মাজত আঁকি থোৱা এখন অনিন্দ্য সুন্দৰ পৃথিৱীৰ ছবি এতিয়া নিজৰ কামেৰে, চিন্তাৰে অঁকাৰ সময় আহি পৰিছে। 🍁২০২৪ বৰ্ষত যেন মানুহৰ পৰা অকণমান বেছিকৈ মৰম পালোঁ।এখিনি নতুন মানুহ পালোঁ,যিয়ে পাৰভঙা মৰমেৰে উপচাই তুলিছে মোৰ মনৰ আঁচল।এই আন্তৰিকতা,ভালপোৱা আৰু বন্ধুত্বক আমি শ্ৰদ্ধাৰে সুৱঁৰিম। 🍁জীৱনক জীৱনৰ দৰে ৰাখিবলৈ সৃজনশীল মন এটা লাগে।ক'ৰবাত ঈশ্বৰে অকণমান হ'লেও সেই মনৰ গৰাকী কৰিছে।এই মুহূৰ্তত হাতত যি ঐশ্বয্য আছে,তাৰেই চৌপাশ পোহৰাই তোলাৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। 🍁এই বৰ্ষতেই, বছৰ বছৰ ধৰি ভাবি ৰখা কেইটিমান দীৰ্ঘম্যাদী প্ৰকল্পই নিজাকৈ এটা বাট বিচাৰি পাইছে।অন্তৰেৰে ভাবোঁ, নিজে বিচৰা পৃথিৱীখন নিজেই সাজি উলিয়াব লাগিব।কৈ থাকিলে, কথাবোৰৰ বৰ বিশেষ ওজন নাথাকেগৈ। 🍁নিজক পাৰ হৈ সপোন দেখিবলৈ আৰম্ভ কৰাৰ দিনাৰপৰা সময়বোৰ মোহলগা গানৰ সুৰৰ দৰে হৈ পৰিছে।ব্যক্তিগত সাফল্যসমূহক বাদ দি,যিবোৰ কামে মোৰ মন ভৰাই ৰাখে,সেই কথাসমূহেই লিপিবদ্ধ কৰি থৈ যাব বিচাৰোঁ।...

মৰে অসম জীয়ে কোন-সংলাপ

মৰে অসম জীয়ে কোন,ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখনি উপন্যাস।ঐতিহাসিক অসম আন্দলনৰ কাহিনীক মূল আলম হিচাপে লৈ ঔপন্যাসিক গৰাকীয়ে এই গ্ৰন্থখনি লিখি উলিয়াইছে।গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল,২০২১ চনৰ জানুৱাৰী মাহত।প্ৰকাশক আছিল জ্যোতি প্ৰকাশন। চৌধুৰী, ৰীতা,ড°(জানুৱাৰী,২০২১)।মৰে অসম জীয়ে কোন।জ্যোতি প্ৰকাশন 1.নতুন কথা শিকিছিলোঁ। দেখিছিলোঁ। চৌপাশৰ বাস্তৱলৈ নতুন দৃষ্টিৰে চাবলৈ লৈছিলোঁ। তাৰুণ্যৰ সেই দিনবোৰৰ পৰাই আৰম্ভ হৈছিল মোৰ সৃষ্টিশীল জীৱনৰো আনুষ্ঠানিক পৰিক্ৰমা। আত্মগোপনৰ আৰু বন্দীত্বৰ কালত লাভ কৰা অভিজ্ঞতায়ো মোৰ জীৱনদৃষ্টিলৈ প্রভূত পৰিবৰ্তন আনিছিল। মই থিয় হৈ আছিলোঁ এটা পথসন্ধিৰ মুহূৰ্তত।পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, সমাজৰ প্ৰতি দায়বদ্ধতাৰে নতুন দায়িত্ব মূৰ পাতি লোৱাৰ সময়ত জন্ম হ'ব ধৰিছিল প্রশ্নবোৰৰো। 2.নিজৰ জীৱন খান্দি নিজক তুলি অনাটো জানো ইমান সহজ? 3.ইতিহাসৰ গতিপথ নির্মাণত ভূমিকা লোৱা- কিন্তু ইতিহাসেও মনত নৰখা সৰু সৰু কিছু কথা- কিছু অনন্য অভিজ্ঞতা- যিবোৰ নিজৰ লগত লৈ যাবলৈ সত নাযায়- ভাব হয় কৈ যাওঁ- সেইবোৰৰ পৰাই অলপমান- মাত্র কিছু কথা ক'ব খুজিছোঁ। সকলো কথা কোৱাটো সম্ভৱ নহয়। হাজাৰ অভিজ্ঞতাৰ পৰা যিখিনি...

নীল প্রজাপতি:সংলাপ

দুখন ঘৰৰ দুটা মানুহ, হঠাতে এডজাষ্ট নহ’বও পাৰে‌। নহ’লেও মই বিবাহিত জীৱনৰ হতাশাত নোভোগো। বিবাহতকৈ জীৱন বহুত ডাঙৰ। আকাশৰ দৰে জীৱনটোক, বিবাহিত জীৱনৰ ক্ষুদ্ৰতাৰে মই নাচাওঁ। কাৰোবাৰ প্ৰেম নাপালেও মোৰ জীৱন স্তব্ধ হৈ নাযায়, এই পৃথিৱীলৈ আহিছো, পৃথিৱীৰ সুন্দৰ সকলো বস্তুৰে ভাগ মোৰো পোৱাৰ অধিকাৰ আছে। মানুহ কিমান অবোধ আৰু মূৰ্খ, যি অমৃতপান কৰিও সন্তুষ্ট হ’ব নোখোজে! জোনৰ পোহৰ আৱৰ্জনাতো পৰে, নিৰ্মল পানীতো পৰে। মনৰ মাজত ৰৈ যোৱা ধূলি-মাকতিবোৰ জমা হোৱাৰ আগেয়েই মোক ক’ব লাগিছিল। মই তেতিয়া উপায় বিচাৰিবলৈ সুযোগ পালোহেঁতেন। সংসাৰ এখন যেতিয়া কাৰোবাৰ বাবে বন্দিত্ব হৈ পৰে, তেওঁক বন্দী কৰি ৰখাৰ অধিকাৰ কাৰো নাই। বিবাহ এক মানসিক নিৰাপত্তা, বুজাবুজিৰ চুক্তি। ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ’দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে। তাৰতম্য ঘটে। জীৱনে আমাক চলায়, জীৱনক চলোৱা মানুহ বৰ কম। স্বাচ্ছন্দ্য-আৰামবোৰ এৰিব নোৱৰা অভ্যাস নকৰিবলৈহে কৈছোঁ। শৰীৰতকৈ মনৰ অসুখ বেছি। আমি অতি সহজে কিস্তিত ধন দি যিকোনো আৰাম, স্বাচ্ছন্দ্যৰ জীৱন কটাব পৰা হৈছো, কিন্তু সুখ পাইছোনে নাই নাজান...

মায়াবৃত্ত:সংলাপ

১.মানুহ সদায় নাৰিকলৰ দৰে হ'ব লাগে। নাৰিকলৰ ভিতৰৰ পানীখিনিক কাকো চুবলৈ দিব নালাগে। চুবলৈ দিলে নাৰিকলটো ফালি পেলাব লাগিব। ফালি পেলালে সেই নাৰিকলৰ পৰা আৰু কেতিয়াও গছ নগজে। সেই নাৰিকলক আৰু ঘটত থৈ কোনেও পূজা নকৰে। ২.তেজীমলাক মাকে ঢেঁকীত খুন্দি মাৰিলে, তেজীমলা লাউগছ হৈ গজিল। লাউগছ কাটি পেলালে জৰাগছ হৈ গজিল। জৰাগছ কাটি পেলালে পদুম হৈ গজিল, তাৰ পিছত পদুমৰ পৰা আকৌ তেজীমলা হ'ল। তেজীমলাক মাৰিব নোৱাৰিলে- কাৰণ তেজীমলাই জীয়াই থাকিব খুজিছিল। জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কোনেও মাৰিব নোৱাৰে। ৩.ডাঙৰ কথা ভাবিবি। ডাঙৰ কাম কৰিবি। ডাঙৰকৈ জীয়াই থাকিবি। পোক-পৰুৱাৰ দৰে জন্ম হৈ পোক-পৰুৱাৰ দৰে কোটি কোটি মানুহ মৰি যায়। আমি চবেই মৰিম। কিন্তু ভালকৈ জীয়াই থাকি মৰিব লাগে। ৪.উপেক্ষাৰ সমান শক্তি নাই। ৫.প্ৰতিজন ব্যক্তিৰ নিজা একোখন পৃথিৱী আছে। সেই পৃথিৱীৰ পৰা তেওঁ বাহিৰৰ পৃথিৱীলৈ চায়। সকলো কথা তেওঁ সেই পৃথিৱীৰ উচ্চতা আৰু দৃষ্টি অনুসাৰে দেখে। সেই পৃথিৱী অনুসাৰে বুজে। মই পৃথিৱীলৈ আকাশৰ সমান ওখৰ পৰা চাম। মই জীৱনক সাগৰৰ দৰে গভীৰকৈ বুজিম। ৰহস্যময় জীৱনক উদ্ঘাটন কৰি, চেষ্টা কৰিম অৰ্থপূৰ্ণ জীৱনৰ গৰাকী হ'ব...

মাটিৰ চাকিৰ শিতান:আঘোণ

Image
আঘোণ প্ৰাণৰ মাটিত আমি ৰুম পোহৰ দিয়া গছ 🌱মানুহৰ প্ৰতিভাক মোৰ খুব আঘোণৰ সৈতে ৰিজাবলৈ মন যায়।আঘোণৰ দৰেই আমাৰ প্ৰতিভাবোৰে,কৰি ভালপোৱা কামবোৰে আমাক ভৰুণ কৰি ৰাখে।প্ৰতিভাবোৰেই আমাৰ বাবে সোণ।সেইবাবেই এই শিতানৰ নাম থ'লোঁ:আঘোণ(Aaghun) 🌱সপোন আৰু সৃজনীশীলতাই মানুহক জীৱনমুখী কৰে।জীৱন অৰ্থবহ কৰি তোলে।কৰি ভালপোৱা কামবোৰ দৰাচলতে জীৱনৰ মূলবিন্দুত উপনীত হ'বৰ বাবে আগবঢ়োৱা একো একোটা বিমুক্ত খোজ।এই কৰি ভালপোৱা কামবোৰেই মানুহক প্ৰশান্তি দিয়ে,জীৱন বাটত খোজ দিবলৈ দুগুণে সাহস দিয়ে।প্ৰদান কৰে অমল সুখ।এই সুখৰ তুলনা নাই,এই সুখৰ অনাবিল আনন্দত মানুহে পাহৰি যাব পাৰে নিজৰ সমস্ত যন্ত্ৰণা।সৃজনীশীলতাত এক অনির্বচনীয় শক্তি আছে।ই মানুহৰ আত্মাক সমৃদ্ধ কৰে। 🌱Aaghun, the harbinger of harvest, reminds us that our talents, like the crops, hold hidden potential waiting to be nurtured. As the season awakens dormant seeds, Aaghun inspires us to cultivate our passions, providing them with care and attention to flourish. Just as the harvest season yields a bountiful crop, our talents, when developed and utilized, can bri...

মাটিৰ চাকিৰ বিভিন্ন শিতানসমূহ:(০১)-মনৰ বাতৰি

Image
মনৰ বাতৰি:বিদ্যাৰ্থীসকলৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ এখন মুকলি মঞ্চৰ নাম।মনৰ কথা প্ৰকাশ কৰাটোৱেই আজিৰ সময়ত বৰ ডাঙৰ প্ৰত্যাহ্বানৰ কথা।নিৰ্বাক শিলৰ মূৰ্তিৰ দৰে হৈ থকাজনৰো অলেখ ক'বলগীয়া থাকে,জীৱন কাহিনী থাকে।এইক্ষেত্ৰত,এগৰাকী বিশ্বাসযোগ্য,ভাল শ্ৰোতা হোৱাটো আৰু পোৱাটো,দুয়োটাই সৌভাগ্যৰ কথা।বহুজনে পায় হয়তো আন বহুজনে নাপায়।এই মঞ্চৰ আলমত আমি অনেকৰ পৰাই বিভিন্ন সময়ত বিভিন্ন চিঠি লাভ কৰি আহিছো।আন দহজনে উৎসাহ পাবপৰাকৈ মাত্ৰ কেইটামান  বাচকবনীয়া শাৰী তেওঁলোকৰ অনুমতি সাপেক্ষে নিৰ্বাচন কৰি সাঁচি ৰখাৰ ব্যৱস্থা কৰিছোঁ।তেওঁলোকৰ কথাবোৰ পঢ়ি আমি সমৃদ্ধ হওঁ,আহ্লাদিত হওঁ,অনুপ্ৰাণিত হওঁ।আমাৰ বিশ্বাস,এই সামান্য প্ৰয়াসে ছাত্ৰ সমাজৰ মানসিক জগতখনৰ ওপৰত কিঞ্চিৎ হ'লেও ধনাত্মক প্ৰভাৱ পেলাব। Welcome to 'মনৰ বাতৰি' (Monor Batori), a captivating series where we delve into the fascinating world of our students' thoughts, talents, and passions. Through heartfelt conversations and inspiring stories, we aim to uncover the hidden gems within our young minds, celebrating their individuality and creativity. Join u...

মাটিৰ চাকি কি

মাটিৰ চাকি কি: এই পৃথিৱীত আমি এটা মাত্ৰ ক্ষুদ্ৰ বিন্দু(.)।ঠিক ইমানখিনিয়েই আমাৰ অস্তিত্ব,হয়্তুবা ইয়াতকৈও কম।ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা শাৰীয়ে মোক সদায় বিস্ময় বিমুগ্ধ কৰি ৰাখিছিল-"মই মোক ক'ত থৈ যাম!"হঠাৎ যদি নোহোৱা হৈ যাওঁ, মই মোক ক'ত থৈ যাম? এনে কি কাম কৰিব পাৰিছোঁ,যিসমূহে মই নোহোৱাৰ পাছতো ভৱিষ্যতেও মোৰ কথা কৈ থাকিব।এই প্ৰশ্নৰ উত্তৰ বিচাৰি বিভিন্ন পৰিকল্পনা কৰা যায়।'মাটিৰ চাকি' এদিন ভৱাৰ দৰে হৈ উঠিব।বাকী,মানুহৰ সৎ উদ্দেশ্যে অথলে নাযায়। মাটিৰ চাকি, আমাৰ বাবে নিজক পাৰ হৈ সপোন দেখা এটা বিমুক্ত খোজৰ নাম।নিজাকৈ উলিয়াই লোৱা এটা বাটৰ নাম।এই বাট আত্মবিশ্বাসৰ,অদমনীয় কিছু হেঁপাহৰ।যাৰ সৈতে আমাৰ হাজাৰটা ঈশ্বৰবৰণীয়া হেঁপাহ জড়িত হৈ আছে। জীৱনে য'তেই ৰোপণ কৰিব ,তাতেই ফুলি উঠিম ভৱা দিন ধৰি এক সুন্দৰ পৃথিৱীৰ ছবি নিজৰ মাজতে অংকিত হৈছিল।মাটিৰ চাকি তাৰেই এটি সৰু আদৰৰ প্ৰচেষ্টা।আমাৰ অগাধ বিশ্বাস,এই বিমুক্ত খোজটিয়ে এদিন নিজাকৈ এটা নাম পাব।অপেক্ষা মাথোঁ সময়ৰ। মাটিৰ চাকি,সম্পূৰ্ণ ভাৱে শিক্ষণ-শিকণৰ সৈতে জড়িত। এইয়া আমাৰ এক পৰীক্ষণমূলক যাত্ৰা।ক'ৰবাত আমি সকলোৱে বিচাৰি থকাবোৰ...

পীৰা

অসমীয়া সমাজব্যৱস্থাত অতীজৰে পৰাই পীৰাৰ বহুল ব্যৱহাৰ দেখিবলৈ পোৱা যায়।এচলা গোটা কাঠৰ পৰাই কাটি-চাঁচি,চাৰিটা খুৰা লগাই পীৰা সজোৱা হয়।পীৰা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে।সেইয়া যথাক্ৰমে-তামুলী পীৰা,ডুখৰি পীৰা,চাকলি পীৰা,চাল পীৰা ইত্যাদি।প্ৰতিবিধ পীৰাৰ আকৃতি সুকীয়া সুকীয়া।সাধাৰণতে বৰপীৰা, তামুলী-পীৰা আৰু ডুখৰি পীৰাবোৰ আয়তাকাৰ, বৰ্গক্ষেত্ৰাকাৰ নতুবা ছয়কোণীয়া হোৱা পৰিলক্ষিত হয়।চাকলি পীৰাবোৰ ঘূৰণীয়া আৰু চালপীৰাবোৰ খুৰা লগোৱা আহল-বহল শুব পৰা ধৰণেৰে নিৰ্মাণ কৰা হয়।অসমীয়া সমাজৰ পৰিয়ালসমূহত দৈনন্দিন ভোজন পৰ্বত ঘৰৰ মুৰব্বীয়ে বৰপীৰাত আৰু ঘৰৰ অন্যান্য সদস্যসকলে চাপৰ পীৰাত বহি ভাত খোৱাৰ নিয়ম দেখা যায়। দৈনন্দিন জীৱনৰ বিভিন্ন কামৰ আহিলা হিচাপে 'পীৰা' ব্যৱহিত হৈ আহিছে।উদাহৰণস্বৰূপে:মাছ-শাক বাছোঁতে,যঁতৰত মহুৰা ফুৰাওঁতে,টাকুৰীৰে সূতা কাটোতে,জুহালত ৰন্ধা-বঢ়া কৰোঁতে, কেঁচুৱাক কোলাত লৈ পিয়াহ খুৱাওঁতে,  মূৰৰ ওকণি চাওঁতে পীৰাত বহি লোৱা পৰিলক্ষিত হয়। আগৰ দিনত ঘৰলৈ আলহী অতিথি অহাৰ লগে-লগেই পীৰা এখন পাৰি বহুৱাই তামোলৰ বঁটা আগবঢ়াই দিয়াৰ ছবি দৃশ্যমান হয়।সেই পীৰাৰে আধুনিক সংস্কৰণ হৈছে- টুল (stool)। কাৰুকলা,...

ভঁৰাল

https://as.m.wikipedia.org/wiki/%E0%A6%AD%E0%A6%81%E0%A7%B0%E0%A6%BE%E0%A6%B2 অসমৰ বৰ্ণাঢ্য সমাজব্যৱস্থাত ভঁৰালক এক পৱিত্ৰতাৰ প্রতীক হিচাপে মান্যতা প্ৰদান কৰা হয়।ভঁৰালৰ নিৰ্মাণশৈলী অঞ্চলভেদে আৰু ভিন্ন জনজাতীয় সমাজব্যৱস্থা অনুসৰি সুকীয়া সুকীয়া হয়।মূলতঃ ধান সঞ্চয় কৰি ৰাখিবৰ বাবেই বিভিন্ন জনজাতীয় সমাজব্যৱস্থাত ভঁৰালক বিশেষভাৱে ব্যৱহাৰ কৰা হয়।ভঁৰাল সম্পৰ্কে বিভিন্ন জনবিশ্বাস,পৰম্পৰা অতীজৰে পৰাই প্ৰচলিত হৈ অহা দেখা যায়। নিৰ্মাণ প্ৰণালী: অসমৰ ভৈয়াম অঞ্চলত যিসমূহ ভঁৰাল নিৰ্মাণ কৰা হয়,সেইসমূহ আচলতে চাৰি-পাঁচ তৰপীয়া থকা দেখা যায়।প্ৰাৰম্ভিক অৱস্থাত এফুটমান ভেঁটি নিৰ্মাণ কৰি,সেই নিৰ্দিষ্ট ভেঁটিৰ ওপৰত কাঠৰ গড় স্থাপন কৰা হয়।সেই গড়ৰ ওপৰতেই ধৰণী আৰু ধৰণীৰ ওপৰত গোটা বাঁহ আৰু অঞ্চলভেদে  তক্তাৰে গাধৈ সজা হয়।যদি গাধৈখন বাঁহেৰে নিৰ্মিত হয় তেতিয়া,সেই গাধৈৰ ওপৰত গোবৰ মাটিৰ লেপন দি আটোমটোকাৰীকৈ মচি লোৱা হয়।গাধৈৰ ওপৰত চাৰিওফালে বাঁহ বা তক্তাৰে বেৰ দিয়া হয়।বেৰৰ বাহিৰৰ ফালে ২-৩ ফুট ব্যৱধানত ফলীয়া বাঁহেৰে মজবুতকৈ বান্ধি দিয়া হয়।সাধাৰণতে গাধৈখনৰ উচ্চতা প্রায় ৩-৪ ফুট হয়।উজনি অসমত বিশেষকৈ গছী ধানৰ ভঁৰালৰ প্ৰচলন...

পাহৰিব নোৱাৰিলোঁ যি

লেখক:মিনাক্ষী বৰা "মোৰ সোঁৱৰণি গুমৰি উঠে।নিৰন্ন সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে।" ~হীৰেন ভট্টাচাৰ্য এৰি অহা সময়ৰ সপোন-সোঁৱৰণিবোৰত আজিও ক'ৰবাত নহয় ক'ৰবাত জীৱন্ত হৈ আছে এটি নাম-M.sc ছাৰ।১৯৩১ চনত জন্ম লাভ কৰা,দেৰগাঁও আফুঁৱা গাওঁৰ নিবাসী স্বৰ্গীয় ঠগিৰাম হাজৰিকা আৰু স্বৰ্গীয়া বৰআইটি হাজৰিকাৰ সাতোটি সন্তানৰ ভিতৰত ৰামচৰণ হাজৰিকা অৰ্থাৎ সম্পৰ্কত মোৰ খুড়া আছিল সঁচাই ব্যতিক্ৰম।তেখেতৰ প্ৰতিটো কাৰ্যৰ পৰাই তেওঁৰ মাজৰ সৃজনশীল মনটোৰ উমান পোৱা যায়।সৰুৰেপৰাই তেখেত আছিল এজন মেধা সম্পন্ন,সৎ আৰু উদাৰ মনৰ।সৰুতে দেখা পাইছিলোঁ,খুড়াই আর্থিকভাৱে কিছু স্বচ্ছল নোহোৱালোকক কিতাপ পত্ৰ দি সহায় কৰি ভাল পাইছিল।তেখেত আছিল অত্যন্ত পৰিপাটি, নিয়মানুবর্ত্তি, দায়িত্বশীল, কর্মমুখী।তেখেতে পঢ়াৰ-শুনাৰ উপৰিও ঘৰুৱা কাম-কাজ কৰিও ভাল পাইছিল। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত দেৰগাওঁ  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰচুৰ মেধাসম্পন্ন খুড়াই ৰসায়ন বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ দেৰগাওঁলৈ গৌৰৱ কঢ়িয়াই আনিছিল।যদিও তেওঁৰ নাম আছিল,ৰামচৰণ হাজৰিকা কিন্তু সকলোৱে তেখেতক M....