মাটিৰ চাকিৰ শিতান:আঘোণ



আঘোণ

প্ৰাণৰ মাটিত আমি ৰুম পোহৰ দিয়া গছ

🌱মানুহৰ প্ৰতিভাক মোৰ খুব আঘোণৰ সৈতে ৰিজাবলৈ মন যায়।আঘোণৰ দৰেই আমাৰ প্ৰতিভাবোৰে,কৰি ভালপোৱা কামবোৰে আমাক ভৰুণ কৰি ৰাখে।প্ৰতিভাবোৰেই আমাৰ বাবে সোণ।সেইবাবেই এই শিতানৰ নাম থ'লোঁ:আঘোণ(Aaghun)

🌱সপোন আৰু সৃজনীশীলতাই মানুহক জীৱনমুখী কৰে।জীৱন অৰ্থবহ কৰি তোলে।কৰি ভালপোৱা কামবোৰ দৰাচলতে জীৱনৰ মূলবিন্দুত উপনীত হ'বৰ বাবে আগবঢ়োৱা একো একোটা বিমুক্ত খোজ।এই কৰি ভালপোৱা কামবোৰেই মানুহক প্ৰশান্তি দিয়ে,জীৱন বাটত খোজ দিবলৈ দুগুণে সাহস দিয়ে।প্ৰদান কৰে অমল সুখ।এই সুখৰ তুলনা নাই,এই সুখৰ অনাবিল আনন্দত মানুহে পাহৰি যাব পাৰে নিজৰ সমস্ত যন্ত্ৰণা।সৃজনীশীলতাত এক অনির্বচনীয় শক্তি আছে।ই মানুহৰ আত্মাক সমৃদ্ধ কৰে।

🌱Aaghun, the harbinger of harvest, reminds us that our talents, like the crops, hold hidden potential waiting to be nurtured. As the season awakens dormant seeds, Aaghun inspires us to cultivate our passions, providing them with care and attention to flourish. Just as the harvest season yields a bountiful crop, our talents, when developed and utilized, can bring abundance and prosperity into our lives. Embracing the cycle of growth, decay, and renewal, we honor the process of nurturing our talents, recognizing that they, like the crops, require resilience, perseverance, and dedication to thrive.

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)