মাটিৰ চাকিৰ বিভিন্ন শিতানসমূহ:(০১)-মনৰ বাতৰি
মনৰ বাতৰি:বিদ্যাৰ্থীসকলৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ এখন মুকলি মঞ্চৰ নাম।মনৰ কথা প্ৰকাশ কৰাটোৱেই আজিৰ সময়ত বৰ ডাঙৰ প্ৰত্যাহ্বানৰ কথা।নিৰ্বাক শিলৰ মূৰ্তিৰ দৰে হৈ থকাজনৰো অলেখ ক'বলগীয়া থাকে,জীৱন কাহিনী থাকে।এইক্ষেত্ৰত,এগৰাকী বিশ্বাসযোগ্য,ভাল শ্ৰোতা হোৱাটো আৰু পোৱাটো,দুয়োটাই সৌভাগ্যৰ কথা।বহুজনে পায় হয়তো আন বহুজনে নাপায়।এই মঞ্চৰ আলমত আমি অনেকৰ পৰাই বিভিন্ন সময়ত বিভিন্ন চিঠি লাভ কৰি আহিছো।আন দহজনে উৎসাহ পাবপৰাকৈ মাত্ৰ কেইটামান বাচকবনীয়া শাৰী তেওঁলোকৰ অনুমতি সাপেক্ষে নিৰ্বাচন কৰি সাঁচি ৰখাৰ ব্যৱস্থা কৰিছোঁ।তেওঁলোকৰ কথাবোৰ পঢ়ি আমি সমৃদ্ধ হওঁ,আহ্লাদিত হওঁ,অনুপ্ৰাণিত হওঁ।আমাৰ বিশ্বাস,এই সামান্য প্ৰয়াসে ছাত্ৰ সমাজৰ মানসিক জগতখনৰ ওপৰত কিঞ্চিৎ হ'লেও ধনাত্মক প্ৰভাৱ পেলাব।
Welcome to 'মনৰ বাতৰি' (Monor Batori), a captivating series where we delve into the fascinating world of our students' thoughts, talents, and passions. Through heartfelt conversations and inspiring stories, we aim to uncover the hidden gems within our young minds, celebrating their individuality and creativity. Join us on this enlightening journey as we empower our students to share their voices, showcase their skills, and unleash their full potential❣️
Comments
Post a Comment