ভঁৰাল
https://as.m.wikipedia.org/wiki/%E0%A6%AD%E0%A6%81%E0%A7%B0%E0%A6%BE%E0%A6%B2
অসমৰ বৰ্ণাঢ্য সমাজব্যৱস্থাত ভঁৰালক এক পৱিত্ৰতাৰ প্রতীক হিচাপে মান্যতা প্ৰদান কৰা হয়।ভঁৰালৰ নিৰ্মাণশৈলী অঞ্চলভেদে আৰু ভিন্ন জনজাতীয় সমাজব্যৱস্থা অনুসৰি সুকীয়া সুকীয়া হয়।মূলতঃ ধান সঞ্চয় কৰি ৰাখিবৰ বাবেই বিভিন্ন জনজাতীয় সমাজব্যৱস্থাত ভঁৰালক বিশেষভাৱে ব্যৱহাৰ কৰা হয়।ভঁৰাল সম্পৰ্কে বিভিন্ন জনবিশ্বাস,পৰম্পৰা অতীজৰে পৰাই প্ৰচলিত হৈ অহা দেখা যায়।
নিৰ্মাণ প্ৰণালী:
অসমৰ ভৈয়াম অঞ্চলত যিসমূহ ভঁৰাল নিৰ্মাণ কৰা হয়,সেইসমূহ আচলতে চাৰি-পাঁচ তৰপীয়া থকা দেখা যায়।প্ৰাৰম্ভিক অৱস্থাত এফুটমান ভেঁটি নিৰ্মাণ কৰি,সেই নিৰ্দিষ্ট ভেঁটিৰ ওপৰত কাঠৰ গড় স্থাপন কৰা হয়।সেই গড়ৰ ওপৰতেই ধৰণী আৰু ধৰণীৰ ওপৰত গোটা বাঁহ আৰু অঞ্চলভেদে তক্তাৰে গাধৈ সজা হয়।যদি গাধৈখন বাঁহেৰে নিৰ্মিত হয় তেতিয়া,সেই গাধৈৰ ওপৰত গোবৰ মাটিৰ লেপন দি আটোমটোকাৰীকৈ মচি লোৱা হয়।গাধৈৰ ওপৰত চাৰিওফালে বাঁহ বা তক্তাৰে বেৰ দিয়া হয়।বেৰৰ বাহিৰৰ ফালে ২-৩ ফুট ব্যৱধানত ফলীয়া বাঁহেৰে মজবুতকৈ বান্ধি দিয়া হয়।সাধাৰণতে গাধৈখনৰ উচ্চতা প্রায় ৩-৪ ফুট হয়।উজনি অসমত বিশেষকৈ গছী ধানৰ ভঁৰালৰ প্ৰচলন আছে। ভঁৰালৰ সন্মুখত এখিনি অংশ খালীকৈ ৰখা হয় যাতে ভঁৰালৰ পৰা ধান উলিওয়া আৰু সুমুওৱাৰ সময়ত চাকি,বন্তি,ধূপ-ধূনা জ্বলাই নৈবদ্য প্ৰদান কৰিব পাৰে।
ভঁৰালত ধান ৰখাৰ প্ৰক্ৰিয়া:
পথাৰৰপৰা কঢ়িয়াই অনা ডাঙৰিবোৰ ঘৰৰ চোতালত ৰখাৰ পিছত ডাঙৰিসমূহ ছটা ছটা মুঠিৰে, এজাপ এজাপকৈ ছয়-সাত জাপেৰে জাপি তঙালেৰে বান্ধি লোৱা হয়।গৰু বা ম'হেৰে অথবা বৰ্তমান সময়ত ট্ৰেক্টৰে মৰণা মৰাৰ পিছত মাঘ মাহত খাবৰ বাবে কিছু ধান সাঁচি থৈ বাকীখিনি ভঁৰালত সুমুৱাই ৰখা হয়।
ভঁৰাল সম্পৰ্কে থকা পৰম্পৰা আৰু লোকবিশ্বাস:
ধান উলিওৱাৰ সময়ত এমুঠি ধান ভঁৰালত থৈ অহাৰ পৰম্পৰা দেখিবলৈ পোৱা যায়।তদুপৰি গধূলি গৰু-গাই গোহালিত বন্ধাৰ পাছত কোনো মানুহক ধান-চাউল দিব নালাগে বুলি কিছু ৰীতি অতীজৰে পৰা চলি আহিছে।পিতৃ-মাতৃৰ মৃত্যু তিথিসমূহতো আন মানুহক ধান-চাউল দিয়াত বাধা থকা দেখা যায়।বাহী গা অথবা জোতা পিন্ধি ভঁৰালত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হয়।ভঁৰালত উঠোতে বা নামোতে যিকোনো প্ৰকাৰৰ অপৰাধ হৈছে বুলি সেৱা কৰাৰ পৰম্পৰা আজিও প্ৰচলিত হৈ আছে।
আঘোণ মাহত ধান পকাৰ সময়ত ভঁৰাল খালী কৰি পৰিষ্কাৰ কৰা হয় আৰু এটা ভাল দিন বাৰ চাই নতুন ধানৰ আগ অনাৰ ব্যৱস্থা কৰে।তিনি গোছা পকা ধান দাই, থুৰিওৱা তামোলসহ আগলি কলপাতত মেৰিয়াই আৰু ফুলাম গামোচাৰে ঢাকি মূৰত তুলি লখিমীক আদৰি অনাৰ পৰম্পৰা আছিল।আগৰ দিনত গায়ন-বায়নে, ঢোলে-ডগৰে লখিমীক আদৰি আনি কোনোৱে ভঁৰালৰ আগত, কোনোৱে ভঁৰালৰ আগৰ গছৰ ডালত আৰু কোনোৱে ঘৰৰ বেৰত স্থাপন কৰি,পৰৱৰ্তী সময়ত বিভিন্ন ৰীতি-নীতিৰ মাজেৰে ভঁৰালৰ ভিতৰত সুমুওৱা হয়।
তাই- আহোমসকলে আহুধানৰ লখিমীক তামোল-পাণ, পিঠাগুৰি, কল, কুকুৰা চৰাই বা হাঁহ তথা সাজেৰে আৰু শালি ধানৰ লখিমীক ভঁৰালৰ ভিতৰত সুমুওৱাতে কুকুৰা চৰাই, ঠাইভেদে হাঁহৰ মাংসৰে নৈবেদ্য আগ কৰি, পূজা দিয়াৰ প্ৰথা আছিল।কাতি বিহুৰ, দীপান্বিতা, লক্ষ্মী পূজা, বহাগ বিহু, মাঘ বিহুত ভঁৰালৰ আগত চাকি জ্বলোৱাৰ ৰীতি আছে। ঠাইভেদে ভঁৰালত সাপ থাকিলে, সাপক লখিমী আই বুলি জ্ঞান কৰি বধ কৰাৰ পৰা বিৰত থকা দেখা যায়।
অঁকা সকলৰ ভঁৰাল:
অঁকাসকলে খাদ্য বস্তু সংৰক্ষণ কৰিবলৈ ভঁৰাল নিৰ্মাণ কৰে।সাধাৰণতে অঁকা সকলৰ ভঁৰাল চাংঘৰৰ আৰ্হিত বাঁহ,বেত আৰু কাঠেৰে
সাজি উলিওৱা হয়।খেৰ আৰু এফলীয়া বাঁহৰ সহায়ত ঘৰৰ ছাউনী দিয়া হয়।
গাৰো সকলৰ ভঁৰাল:
গাৰোসকলৰ ভঁৰাল ছজপীয়া হয়। ভঁৰালৰ তলৰ অংশ সাৰি- পুচি পৰিষ্কাৰ কৰি ৰখা হয়।ভঁৰালৰ গাধৈত স্পৰ্শ কৰাত বাধা প্ৰদান কৰা হয়।গাৰোসকলে শনি আৰু মঙ্গলবাৰে ভঁৰাল স্পৰ্শ কৰাত নিষেধাজ্ঞা আছে।ভঁৰালত গোৰ মাৰিলে লখিমীয়ে এৰা দিয়ে বুলি বিশ্বাস কৰে।
ডিমাচাসকলৰ ভঁৰাল:
ডিমাচাসকলৰ লোকবিশ্বাস অনুসৰি ভঁৰালত লখিমী আয়ে বসতি স্থাপন কৰে।ঘৰৰ মূৰব্বীয়ে স্নান কৰি পৱিত্ৰ মনে ভঁৰালত প্ৰৱেশ কৰিব পাৰে।ভঁৰালৰ তলত বিভিন্ন কৃষি সঁজুলি যেনে:নাঙল, যুৱলি,মৈ আদি ৰাখিব পৰাকৈ ব্যৱস্থা কৰা হয়। কিবা কাৰণত ভঁৰাল অপৱিত্ৰ হ'লে, তুলসীৰ পৱিত্র জল ছটিয়াই পৱিত্ৰ কৰি লোৱাৰ ৰীতি প্ৰচলিত হৈ আছে।
বড়ো সকলৰ ভঁৰাল:
বড়োসকলৰ ভঁৰালসমূহো চাৰি-পাঁচ তৰপীয়াকৈ চাংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হয়। সৰণ বা উলুখেৰৰ সহায়ত চালবোৰ ছাউনী দিয়া হয়। ভঁৰালৰ ভিতৰচ'ৰা খুব নিয়াৰিকৈ মচি থোৱা হয়।বড়োসকলৰ ভঁৰালত লখিমী আইয়ে বসবাস কৰে বুলি দৃঢ়তাৰে বিশ্বাস কৰে,সেইবাবেই বছৰৰ প্রথমে ধান দাবলৈ আৰম্ভ কৰাৰ আগতে এমুঠি ধান তেওঁলোকৰ ৰীতি অনুসৰি ভঁৰালত সুমুৱাই লয়।
নেৱাৰ সকলৰ ভঁৰাল:
অসমত বসবাস কৰা নেৱাৰসকলে ব্রহ্মপুত্র উপত্যকাৰ দৰে ভঁৰাল নিৰ্মাণ কৰে।নেৱাৰ সকলৰ ভঁৰালত যি কোনো ব্যক্তি প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হয়।তেওঁলোকে ভঁৰালৰ তলত, গৰু বা গাহৰি বন্ধাৰ পৰিৱৰ্তে আন হাঁহ, কুকুৰা চৰাই আদিক আশ্ৰয় দিয়া দেখা যায়।ভঁৰালৰ তলত নেৱাৰ সকলে খৰি আদিও সংৰক্ষণ কৰি ৰাখে।নেৱাৰ সকলে কাচিৰে ধান তিনিকোছা দাই, তিনিমুঠি কৰি নৰাৰে আলফুলকৈ বান্ধি পাচি এটাত কলপাত পাৰি, মুঠি ৩ টা স্থাপন কৰে আৰু সেই মুঠিসমূহ কান্ধত বা মূৰত তুলি পাচিটো ঘৰলৈ কঢ়িয়াই আনে। মুঠি ৩ টাৰ এটা গোহালিত, এটা ইষ্ট দেৱতা পূজা কৰা বেদীত আৰু এটি ভঁৰালত স্থাপন কৰাৰ নিয়ম আজিও প্ৰচলিত হৈ আছে।
Comments
Post a Comment