পাহৰিব নোৱাৰিলোঁ যি

লেখক:মিনাক্ষী বৰা

"মোৰ সোঁৱৰণি গুমৰি উঠে।নিৰন্ন সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে।"
~হীৰেন ভট্টাচাৰ্য

এৰি অহা সময়ৰ সপোন-সোঁৱৰণিবোৰত আজিও ক'ৰবাত নহয় ক'ৰবাত জীৱন্ত হৈ আছে এটি নাম-M.sc ছাৰ।১৯৩১ চনত জন্ম লাভ কৰা,দেৰগাঁও আফুঁৱা গাওঁৰ নিবাসী স্বৰ্গীয় ঠগিৰাম হাজৰিকা আৰু স্বৰ্গীয়া বৰআইটি হাজৰিকাৰ সাতোটি সন্তানৰ ভিতৰত ৰামচৰণ হাজৰিকা অৰ্থাৎ সম্পৰ্কত মোৰ খুড়া আছিল সঁচাই ব্যতিক্ৰম।তেখেতৰ প্ৰতিটো কাৰ্যৰ পৰাই তেওঁৰ মাজৰ সৃজনশীল মনটোৰ উমান পোৱা যায়।সৰুৰেপৰাই তেখেত আছিল এজন মেধা সম্পন্ন,সৎ আৰু উদাৰ মনৰ।সৰুতে দেখা পাইছিলোঁ,খুড়াই আর্থিকভাৱে কিছু স্বচ্ছল নোহোৱালোকক কিতাপ পত্ৰ দি সহায় কৰি ভাল পাইছিল।তেখেত আছিল অত্যন্ত পৰিপাটি, নিয়মানুবর্ত্তি, দায়িত্বশীল, কর্মমুখী।তেখেতে পঢ়াৰ-শুনাৰ উপৰিও ঘৰুৱা কাম-কাজ কৰিও ভাল পাইছিল।

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত দেৰগাওঁ  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰচুৰ মেধাসম্পন্ন খুড়াই ৰসায়ন বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ দেৰগাওঁলৈ গৌৰৱ কঢ়িয়াই আনিছিল।যদিও তেওঁৰ নাম আছিল,ৰামচৰণ হাজৰিকা
কিন্তু সকলোৱে তেখেতক M.sc ছাৰ বুলিয়েই সম্বোধন কৰিবলৈ ভাল পাইছিল।মানুহজনৰ প্ৰতি ছাত্ৰ সমাজৰ সহৃদয়তা,আন্তৰিকতা আৰু সমীহ উভয়েই প্ৰকাশিত হৈছিল।
তেখেতে দেৰগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  শিক্ষকতা কৰি পিছলৈ অধ্যক্ষ হয় আৰু অৱসৰ গ্ৰহণ কৰে।শিক্ষকতাক কেৱল বৃত্তি হিচাপে ন'লৈ জীৱনৰ উপাসনা হিচাপে গ্ৰহণ কৰা খুড়াই শিক্ষকতা কৰাৰ সময়ত নিয়মানুবৰ্তিতা পালন কৰিছিল।
ক্লাচ কৰোঁতে কোনো কিতাপৰ সহায় নোলোৱাকৈ তেওঁ মনৰ পৰাই ছাত্র ছাত্ৰীক পঢ়ুৱাব পাৰিছিল।কেৱল ৰসায়ন বিদ্যা বুলিয়েই নহয় সকলোবোৰ বিষয়তেই খুড়াৰ দক্ষতা স্পষ্টভাৱে পৰিস্ফুট হৈছিল।

সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগৰ ফলতেই তেখেতৰ কলমেৰে ৰচিত হৈছিল বহুকেইখন সোণসৰা উপন্যাস।সাৰল্যতাৰে ভৰা চহা জীৱনৰ অনেক ৰসাল কাহিনীক আধাৰ হিচাপে লৈ লিখি গৈছিল এখনৰ পিছত আন এখন উপন্যাস।অসুৰ, ঘাটক,অনপেক্ষিতা,স্নেহ,সৰমা,জোনাকীৰ বিয়া ইত্যাদি আছিল তাৰ ভিতৰত অন্যতম।শেষত এটি কবিতাৰে তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ।কবিতাৰ শিৰোনাম:ক'লা কেৰ'চিন।

ক'লা কেৰ'চিন চাকিৰ পোহৰত
অস্তাচলৰ শেষত নামি অহা আন্ধাৰত
নগেন তৰণীৰ খেৰি প্ৰজাত
আগফালৰ টিনৰ চালিৰ বাৰান্দাত
সিপাৰৰ পৰা খগেনে কিতাপ-ফলি লৈ পঢ়েহি তাত।

ক'লা কেৰ'চিন চাকিৰ ধোঁৱাময় পোহৰ
ইজনে সিজনৰ মুখ দেখা নাপায়
কিতাপৰ পাত লুটিয়াই আওঁৰাই যায়
পিন্ধনত মাথোঁ এখন গামোছা।
ধ্যান মাত্ৰ পঢ়া,নাজানে কিয় সেই পঢ়া
ঢাৰিত কিতাপখন মেলিলৈ
মুখস্থ মাতি যায়,ধোঁৱাময় পোহৰক সাক্ষীলৈ।

সেই পঢ়া আছিল বোধগম্য ভক্তিৰ শলিতাৰে ভৰা
নিৰক্ষৰ পিতৃ-মাতৃৰ মনোবাঞ্চা পূৰ্ণ কৰা।
শিক্ষাৰ অগ্রগামী মনোনিবেশ পিতৃ-মাতৃৰ অৱদান আছিল,
শিক্ষা সঙ্গী ভক্তিৰ এনাজৰী উত্তৰাধিকাৰী হৈ ৰৈছিল।
সেইচাম প্রজন্ম পঞ্চাচ ষাঠি দশকৰ আছিল
আজিৰ শিক্ষাৰ ধৰণী সকল তেতিয়াই সৃষ্টি হৈছিল।

আজিৰ যি চামে কেৱল নম্বৰ লাভত ব্যস্ত
শিৱই যাক যেনেকৈ যি লাগে দিয়ে তথাস্তু।
সমাজ ভাগি থান-বান হ'ল
গাইগোটা পেতে ভঁৰাল যৌথ পৰিয়াল হেৰাই গ'ল।
এটি বা দুটিতে পৰিয়াল সীমিত হ'ল
পঢ়াশুনা চাকৰি বাকৰি খেতি ব্যৱসায় দেধাৰ হ'ল পানীয় নিচিনা অসমীয়া সমাজত উভৈনদী হ'ল।
ক্রমে পুৰণি খাদ্যভ্যাস কেনিবা গ'ল
খাদ্য ভেজালৰ কথা নকলোৱেইবা কি যে হ'ল
নিজৰ বুলিবলৈ প্রাণ বায়ুকণ ভাঁহি ৰ'ল।
প্রাণ খুলি হাঁহিব নোৱাৰা
মনত শংকা ক'ৰ'ণাৰে ভৰা
মবাইল বিনে এক পলও কটাব নোৱাৰা হ'ল।
তলে তলে সর্বগ্রাসী ড্রাগছৰ শিপাডালও দীঘলীয়া হ'ল।
তাহানিৰ দশকতে খুড়াৰ ছাত্ৰই পাইছিল আই.এ এছ এইখনি গাঁৱতে।
গৰু চৰাওঁতে গছৰ ছাঁত পঢ়িছিল সৰুতে।
ক'তা আজিচোন আফুঁৱা গাঁৱত উচ্চপদবী গণিবলৈ নোহোৱা হ'ল,
কি কোৱা ভাই বন্ধু সকল ভাবি চাবৰ সময়যে উকলি গ'ল।


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)