সপোনে আমাৰ ডেউকা মেলি বিশাল আকাশ চুব♥️


🍁আনন্দ আৰু কৃতজ্ঞতাত বিগলিত হোৱাৰ সময় এইখিনি।নতুন,পুৰণি বুলি কথা নাই,প্ৰতিটো পল সানন্দৰে জিয়াম বুলি ভবা দিন ধৰি জীৱন উৎসৱময় কৰি তোলাৰ অবিৰাম প্ৰচেষ্টা চলিছে।মনৰ মাজত আঁকি থোৱা এখন অনিন্দ্য সুন্দৰ পৃথিৱীৰ ছবি এতিয়া নিজৰ কামেৰে, চিন্তাৰে অঁকাৰ সময় আহি পৰিছে।

🍁২০২৪ বৰ্ষত যেন মানুহৰ পৰা অকণমান বেছিকৈ মৰম পালোঁ।এখিনি নতুন মানুহ পালোঁ,যিয়ে পাৰভঙা মৰমেৰে উপচাই তুলিছে মোৰ মনৰ আঁচল।এই আন্তৰিকতা,ভালপোৱা আৰু বন্ধুত্বক আমি শ্ৰদ্ধাৰে সুৱঁৰিম।

🍁জীৱনক জীৱনৰ দৰে ৰাখিবলৈ সৃজনশীল মন এটা লাগে।ক'ৰবাত ঈশ্বৰে অকণমান হ'লেও সেই মনৰ গৰাকী কৰিছে।এই মুহূৰ্তত হাতত যি ঐশ্বয্য আছে,তাৰেই চৌপাশ পোহৰাই তোলাৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে।

🍁এই বৰ্ষতেই, বছৰ বছৰ ধৰি ভাবি ৰখা কেইটিমান দীৰ্ঘম্যাদী প্ৰকল্পই নিজাকৈ এটা বাট বিচাৰি পাইছে।অন্তৰেৰে ভাবোঁ, নিজে বিচৰা পৃথিৱীখন নিজেই সাজি উলিয়াব লাগিব।কৈ থাকিলে, কথাবোৰৰ বৰ বিশেষ ওজন নাথাকেগৈ।

🍁নিজক পাৰ হৈ সপোন দেখিবলৈ আৰম্ভ কৰাৰ দিনাৰপৰা সময়বোৰ মোহলগা গানৰ সুৰৰ দৰে হৈ পৰিছে।ব্যক্তিগত সাফল্যসমূহক বাদ দি,যিবোৰ কামে মোৰ মন ভৰাই ৰাখে,সেই কথাসমূহেই লিপিবদ্ধ কৰি থৈ যাব বিচাৰোঁ।

🍁জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈ বিভিন্ন কিতাপৰ মাজত নিজকে সামৰি ৰাখিলোঁ।নতুন শব্দৰ সন্ধান কৰাটো বৰ প্ৰিয় কাম।এই কিতাপসমূহেই নতুন শব্দৰ সন্ধান কৰাত সহায় কৰিলে,সমৃদ্ধ কৰিলে।

🍁আগষ্ট মাহৰ পৰা কৰিব বিচৰা আন কিছুমান কামৰ সফল আৰম্ভণি হ'ল।২০২১ বৰ্ষৰ পৰা জড়িত হ'ব বিচৰা অসমীয়া ৱিকিমিডিয়া সমাজৰ সৈতে  ওতঃপ্ৰোতভাৱে জড়িত হ'লো। ব্যক্তিগতভাৱে,ছেপ্টেম্বৰ মাহৰ ৱিকিমিডিয়ান বঁটা লাভ কৰিলোঁ,অক্টোবৰ  মাহত ফটোগ্ৰাফাৰৰ পদক লাভ কৰিলোঁ।নিজক নিচুকাই লৈ যাবলৈ এইবোৰ একো একোটা পৰম শক্তি।তিনিটা মাহত মুঠ সম্পাদনাৰ সংখ্যাই 4000 ৰ ঘৰ অতিক্ৰম কৰিলে।নিজৰ ভাষাটোৰ বাবে অনাগত দিনত এই প্ৰচেষ্টা অব্যাহত থাকিব।


🍁২০২৫ ৰ ৱিকিপত্ৰিকাত নিজৰ অনুভৱ সামৰি লিখিছিলোঁ:

"২০২১ বৰ্ষত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে কিছুপৰিমাণে জানিব পাৰি এটা একাউণ্ট খুলিছিলোঁ।কিন্তু সেই সময়ত ,কিদৰে এই ক্ষেত্ৰত আগবাঢ়িব পাৰি,সেই বিষয়ে কোনো ধাৰণা নথকাৰ বাবে সেই যাত্ৰা সিমানতে ৰৈ গৈছিল।কিন্তু সম্পূৰ্ণ তিনিবছৰৰ পিছত ২০২৪ বৰ্ষৰ,ছেপ্টেম্বৰ মাহত এই প্ৰকল্পৰ সৈতে পুনৰ জড়িত হোৱাৰ আমাৰ সৌভাগ্য হ'ল।মেণ্টৰ হিচাপে লাভ কৰা জলি ৰুমী বৰা বাইদেউৰ আন্তৰিকতা,সহযোগিতা আৰু সহৃদয়তাই বিমুগ্ধ কৰিলে।লগতে প্ৰতিগৰাকী অভিজ্ঞ ৱিকিমিডিয়ানৰ পৰা লাভ কৰা প্ৰত্যয়ভৰা সঁহাৰিও আদৰণীয় আছিল।বিভিন্ন গ্ৰন্থ, উপন্যাস, চিনেমাৰ প্রিয় সংলাপসমূহ সংগ্ৰহ কৰি সাঁচি ৰখাটো আমাৰ এটা অন্যতম প্রিয় কাম।পূৰ্বতে জনা নাছিলো যে 'ৱিকি উদ্ধৃতি' শীর্ষক কোনো প্ৰকল্প আছে।প্ৰথম এই প্ৰকল্পৰ বিষয়ে জানিব পাৰি অত্যন্ত আহ্লাদিত হৈছিলোঁ।মোৰ বাবে সপোন সপোন লগা এটা প্ৰকল্প আছিল-'ৱিকি উদ্ধৃতি'।এই প্ৰকল্পত কাম কৰি খুবেই ভাল লাগিল।ৱিকি উৎসত বৰ বিশেষ কাম আৰম্ভ কৰিব পৰা নাই,তথাপি অনাগত সময়ত ৱিকিৰ প্ৰতিটো প্ৰকল্পতে নিজৰ যৎপৰোনাস্তি অৱদান আগবঢ়াবলৈ চেষ্টা কৰিম।এই প্ৰকল্পৰ সৈতে জড়িত হৈ যেন  নিজৰ ভাষাটোক আৰু অকণমান বেছিকৈ ভাল পাবলৈ ল'লো,দায়বদ্ধতা অনুভৱ কৰিলোঁ।আশা ৰাখিছোঁ,এই দায়বদ্ধতাই আগন্তুক সময়তো আমাক উদ্বুদ্ধ কৰি ৰাখিব,সংকুচিত জীৱনৰ পৰিধিৰ পৰিৱর্তে বিশাল পোহৰৰ বাটৰ সন্ধান দিব।

শেষত,এটা বিশুদ্ধ, মহৎ উদ্দেশ্যৰ কাৰণে নিজৰ জীৱনৰ পৰা এখিনি সোণ সৰা সময় আগবঢ়াই দিয়া অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰতিগৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ।"

🍁এই বৰ্ষৰ অক্টোবৰ মাহত আমাৰ সপোনৰ দীৰ্ঘম্যাদী প্ৰকল্প 'মাটিৰ চাকি' আৰম্ভ কৰিলোঁ।আৰম্ভ কৰিলে,কামবোৰে নিজে নিজেই খোজ লয়,সেই কথা বাৰুকৈয়ে অনুভৱ কৰিলোঁ।মোৰ 'ইচ্ছাৰ জীৱন' টোত এইখিনি কথাইহে বেছি অগ্ৰাধিকাৰ পায়।গতানুগতিকতাৰ পৰিৱৰ্তে অগতানুগতিকতাক আদৰি লোৱাটো আমাৰ নিজা পচন্দ।

নতুন বৰ্ষতেই 'মাটিৰ চাকি'ৰ অন্যান্য কামসমূহৰ লগতে এটা বিশেষ কাৰ্যসূচী হাতত লোৱাৰ পৰিকল্পনা কৰা হৈছে।আশাকৰোঁ,সফল হ'ব।

🍁সকলোৰে সময়বোৰ ধুনীয়া হওঁক, সপোনবোৰে নিজাকৈ একোখন ডেউকা পাওঁক।মহাজীৱনৰ যাত্ৰা আৰম্ভ হওঁক।





Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)