মাটিৰ চাকি কি

মাটিৰ চাকি কি:

এই পৃথিৱীত আমি এটা মাত্ৰ ক্ষুদ্ৰ বিন্দু(.)।ঠিক ইমানখিনিয়েই আমাৰ অস্তিত্ব,হয়্তুবা ইয়াতকৈও কম।ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা শাৰীয়ে মোক সদায় বিস্ময় বিমুগ্ধ কৰি ৰাখিছিল-"মই মোক ক'ত থৈ যাম!"হঠাৎ যদি নোহোৱা হৈ যাওঁ, মই মোক ক'ত থৈ যাম? এনে কি কাম কৰিব পাৰিছোঁ,যিসমূহে মই নোহোৱাৰ পাছতো ভৱিষ্যতেও মোৰ কথা কৈ থাকিব।এই প্ৰশ্নৰ উত্তৰ বিচাৰি বিভিন্ন পৰিকল্পনা কৰা যায়।'মাটিৰ চাকি' এদিন ভৱাৰ দৰে হৈ উঠিব।বাকী,মানুহৰ সৎ উদ্দেশ্যে অথলে নাযায়।

মাটিৰ চাকি,আমাৰ বাবে নিজক পাৰ হৈ সপোন দেখা এটা বিমুক্ত খোজৰ নাম।নিজাকৈ উলিয়াই লোৱা এটা বাটৰ নাম।এই বাট আত্মবিশ্বাসৰ,অদমনীয় কিছু হেঁপাহৰ।যাৰ সৈতে আমাৰ হাজাৰটা ঈশ্বৰবৰণীয়া হেঁপাহ জড়িত হৈ আছে।

জীৱনে য'তেই ৰোপণ কৰিব ,তাতেই ফুলি উঠিম ভৱা দিন ধৰি এক সুন্দৰ পৃথিৱীৰ ছবি নিজৰ মাজতে অংকিত হৈছিল।মাটিৰ চাকি তাৰেই এটি সৰু আদৰৰ প্ৰচেষ্টা।আমাৰ অগাধ বিশ্বাস,এই বিমুক্ত খোজটিয়ে এদিন নিজাকৈ এটা নাম পাব।অপেক্ষা মাথোঁ সময়ৰ।

মাটিৰ চাকি,সম্পূৰ্ণ ভাৱে শিক্ষণ-শিকণৰ সৈতে জড়িত।এইয়া আমাৰ এক পৰীক্ষণমূলক যাত্ৰা।ক'ৰবাত আমি সকলোৱে বিচাৰি থকাবোৰ প্ৰায় একেই।ইয়াত আমি মূলতঃ আমাৰ ছাত্ৰসমাজকেই কেন্দ্ৰবিন্দু হিচাপে গ্ৰহণ কৰি কিছু অগতানুগতিক ভাৱে সৰু সৰু কামবোৰ কৰি থকাৰ প্ৰয়াস কৰিম।

জীৱনেহে আমাক শিকাই,আমি জীৱনক একো শিকাব নোৱাৰোঁ।সৰু কথাই ডাঙৰ কথা শিকায়।বিভিন্ন সময়ত বিভিন্ন ঠাইত লগ পোৱা ছাত্র-বন্ধুসকলৰ ব্যৱহাৰ, আন্তৰিকতা, সৰলতা,বদান্যতা এই গুণসমূহে মন জুৰাই যায়।যান্ত্রিকতাৰ দিনত এই কথাবোৰ বহুজনৰ বাবে তেনেই সাধাৰণ কথা যেন লাগিলেও এই সাধাৰণ যেন লগা কথাবোৰেই মানুহৰ বুকুত ঘৰ সাজে।এই প্ৰচেষ্টাৰ মাধ্যমেৰে আমি প্ৰতিজন ছাত্ৰৰ প্ৰতিভা,সফলতা,বিভিন্ন মানৱীয় প্ৰমূল্যবোধসমূহক উদযাপন কৰিম।

ব্যক্তিগতভাৱে অনুভৱ কৰোঁ কেৱল নম্বৰৰ তালিকাত শীৰ্ষস্থানত থকাজনকেই শুভকামনাৰে উপচাই নেপেলাই আমি যদি জীৱনৰ বাবে পৰম প্ৰয়োজনীয় গুণবোৰৰ বাবেও কাৰোবাক আদৰ কৰোঁ,হয়তো কথাবোৰ কিছু বেলেগ হ'ব,ভাৱি থোৱা সাঁচতীয়া ইচ্ছাটোৰ এক সৰল আৰম্ভণি হ'ব।

এই মঞ্চতেই আমি সকলো স্মৃতি সংৰক্ষণ কৰি যাম।যি স্মৃতিয়ে আমাক বাট দেখাব, নিজক মূল্যায়ন কৰি চোৱাৰ সুযোগ দিব।

●We're trying to celebrate students' unique strengths, beyond grades, we reward kindness, creativity, behavior and determination. Every student deserves recognition for who they are and what they bring to our community. Let's empower our students to be their best selves.

🌱We celebrate the art of noticing, recognizing every student's unique spark.Where every student's smallest triumphs are seen and celebrated.

●Let's reimagine education together. We believe that every student deserves a learning experience that's tailored to their unique needs and interests. By embracing innovation and creativity, we can create a brighter, bolder, and more transformative future for all.

🌱At Matir Saaki, we're dedicated to nurturing young minds and fostering a culture of excellence. Our platform showcases the incredible talents and achievements of our students, highlighting their unique strengths and successes.

●We also share our own  innovative teaching initiatives and best practices, inspiring educators and empowering them to create a transformative learning experience. By celebrating student excellence and promoting collaborative learning, we aim to shape a brighter future for our next generation.

🌱With courage and curiosity, we're reimagining the educational landscape. Our pioneering efforts may not have a guaranteed outcome, but we're committed to shaping a brighter future for our students.


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)