অৰ্থপূৰ্ণ জীৱনৰ সাধনা "জীৱন মানে এক অন্তহীন সন্ধান, এক বিশৃংখল শব্দৰ অভিধানৰ পৰা, তুমি কেৱল বিচাৰিয়ে আছা তোমাৰ ইপ্সিত শব্দটো, তাৰ নামেই জীৱন।" ~অনুৰাধা শৰ্মা পূজাৰী। জীয়াই থকাৰ নামেই জীৱন নহয়।আমি আমাৰ জীৱনৰ অৰ্থক লৈ প্ৰায়েই বিব্ৰত হওঁ।এটা সময়ত মানুহৰ জীৱনক জনাৰ ইচ্ছা, নিজক ওচৰৰ পৰা জনাৰ ইচ্ছা প্ৰৱল হয়।এককথাত, প্ৰায় প্ৰতিজন লোকেই আমাৰ জীৱনৰ অৰ্থনো কি?এই প্ৰশ্নৰ মুখামুখি নিজৰ ওচৰতেই হয়।এইয়া জীৱনে প্ৰদান কৰা মহার্ঘ অভিজ্ঞতা।প্ৰাৰম্ভিক অৱস্থাত ভাল চাকৰি,অট্টালিকা, দামী গাড়ী,উচ্চপদস্থ পদবী এইসমূহৰ মাজতেই আমি জীৱনৰ অৰ্থ বিচাৰি চলাথ কৰোঁ।সময়ৰ গতিশীলতাত জীৱনে কিছু পৰিপক্কতা পোৱাৰ পিছত এই উপলব্ধি হয় যে এটাৰ পিছত আনটো প্ৰয়োজন পূৰণ কৰাৰ পিছতো যেন কোনো এটা প্ৰয়োজনেই আত্মিক সুখ খিনি আমাক দিব পৰা নাই।লাহে লাহে বস্তুবাদী,ভোগ বিলাসৰ পৃথিৱীৰ পৰা নিজকে উলিয়াই আনি মানুহে নতুনকৈ জীৱনৰ অৰ্থৰ অনুসন্ধান কৰে।স্থায়িত্ব নথকা কথাবোৰৰ পৰা নিজক নিলগাই নকৈ জীৱনৰ অৰ্থৰ সন্ধান কৰে।লাহে লাহে উপলব্ধি হয়,এই পৃথিৱীত কেৱল কামবোৰ স্থায়ী হয়।বাকী সকলো মোহ মায়া,এই আছে,এই নাই।ইন্দ্রিয় সুখানুভূতি, ধন-সম্পত্তি আ...