মনৰ বাতৰি-০৮-জ্ঞানোত্তম পাঠক
জীৱনটো হৈছে এখন সুন্দৰ নাটক।আৰু এই জীৱনটোত আমি আমাৰ সাৱলীল অভিনয়েৰে আগবাঢ়িছোঁ।কেতিয়াবা দুখটো সুখী হোৱাৰ আৰু চকুপানীটো হাঁহি থকাৰ অভিনয় কৰিছোঁ।যিহেতু নিজেও অভিনয়ৰ লগতে জড়িত সৰুৰেপৰাই,সেইগতিকে মোৰ বাবে সুবিধা হয় নিজৰ বাস্তৱ জীৱনৰ কথাবোৰ নাটকৰ মাজেৰে প্ৰকাশ কৰাত।আশা এটাই, নিজকে এখন ডাঙৰ মঞ্চত দেখা,সেইয়া ভ্ৰাম্যমাণৰ মঞ্চ।সপোন আছে,আশা আছে,পিছে সময়ে বা কি কয়?সময়ে যি ফালেই লৈ গৈছে, সেইফালেই গৈ আছোঁ।দিনৰ পোহৰত দেখিছোঁ সপোনবোৰ,আশা আছে সেইবাবে পূৰ্ণতা পোৱাৰ।
~জ্ঞানোত্তম পাঠক
Comments
Post a Comment