গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ
গ্ৰন্থ:বিভ্ৰান্ত বাস্তৱ(০১) ৰীতা চৌধুৰী। #বিভ্ৰান্ত বাস্তৱ উপন্যাসখনৰ চমু বিৱৰণ: অপ্ৰতিম বাখৰ খটোৱা সাহিত্যিক কৰ্মৰাজীৰে পাঠকৰ হৃদয়ৰ প্ৰতিটো কোঠা হিল্লোলিত কৰি ৰখা অসমীয়া সাহিত্য জগতৰ এটি শুভ্ৰম আৰু চিনাকি নাম-ডঃ ৰীতা চৌধুৰী।একোখন ভাল উপন্যাসে পাঠকৰ মনৰ গহন কোণত ভাৱৰ উদ্দীপনী শিখা প্ৰজ্বলিত কৰে।মই লিখিবলৈ লোৱা,মোৰ বুকুৰ বৰঘৰ মুখৰ কৰি ৰখা এখন জনপ্ৰিয় উপন্যাস হৈছে ডঃ ৰীতা চৌধুৰী বাইদেউৰ 'বিভ্ৰান্ত বাস্তৱ'। ●"সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি কেতিয়াও কাকো দেখুওৱা নাযায়, কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰত নিশ্চুপ হৈ থাকি মৃত্যুৰ আন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।" উপন্যাসখন পঢ়ি উঠাৰ পিছত উপন্যাসখনৰ প্ৰতিটো শব্দই মোক চহকী কৰিছিল আৰু গায়ত্ৰী নামৰ সেই বিশেষ সৰলমনা আৰু নম্ৰ গুণৰ জেউতিসমৃদ্ধ চৰিত্ৰটিয়ে বাৰে-বাৰে চকুৰ আগত অগা-দেৱা কৰিছিল।যৌৱনে কৃষ্ণচূড়াৰ ফুলৰ দৰে সপোন,কল্পনা আৰু ৰঙৰ পোহাৰ মেলি দিয়াৰ সময়তেই গায়ত্ৰীয়ে দেখা পাইছিল অন্য এক বাস্তৱ,বাস্তৱৰ আঁৰৰ বাস্তৱ আৰু মুখৰ পিছত থকা মুখ।প্ৰেমক প্ৰধান হাতিয়াৰ হিচাপে লৈ কিদৰে ...
Comments
Post a Comment