ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱ: প্ৰত্যাশা,প্ৰাসংগিকতা আৰু অনুভৱৰ আলাপ.......




অনুভৱবোৰ ছপা আখৰত...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱ: প্ৰত্যাশা,প্ৰাসংগিকতা আৰু অনুভৱৰ আলাপ.......

"অনুভৱবোৰ সাঁচি ৰাখিবা
ইযে বৰষুণৰ চেঁচা টোপালবোৰৰ দৰেই
শীতল,স্বচ্ছ আৰু আত্মাৰ দৰেই পৱিত্ৰ।"

সুদীৰ্ঘ  প্ৰায় ছশ বছৰীয়া আহোম ৰাজত্বৰ সোণোৱালী ৰূপোৱালী সহস্ৰ ৰং-বৰং স্মৃতি আৰু ইতিহাস বিজড়িত ঐতিহাসিক স্থান গড়গাঁওত অৱস্থিত গড়গাঁও মহাবিদ্যালয়ত যোৱা ১১,১২,১৩ আৰু১৪ ফেব্ৰুৱাৰীত ২০১৯-২০ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হৈ যায়।১০ ফেব্ৰুৱাৰীৰ দিনাই গড়গাঁও মহাবিদ্যালয়ৰ বাকৰিত সোণোৱালী সপোনৰ পম খেদি উপস্থিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় ৭০ খন মহাবিদ্যালয়ৰ স্বপ্নসন্ধানী,সপোন পিয়াসী হাজাৰৰো অধিক লৰিয়লি চৰাই।মহাবিদ্যালয়ৰ দশোদিশে গুঞ্জৰিত হ'ল ৰঙীন পখিলাৰ প্ৰতিভাৰ ঝংকাৰ।নিজ নিজ মহাবিদ্যালয় খনক প্ৰতিনিধিত্ব কৰি অহা প্ৰতিটো ২৫-৩০ জনীয়া গোটৰ মাজত জীৱন্ত হৈ উঠিছিল দৃঢ়তা,সংহতি আৰু যুৱশক্তিৰ পয়োভৰ।মহাবিদ্যালয়সমূহৰ নিজা LOGO সংযোজিত টি-চাৰ্ট সমূহ পৰিধান কৰি আপোন মহাবিদ্যালয়খনিক প্ৰতিনিধিত্ব কৰাৰ আপাহতে সকলো স্ব গৌৰৱেৰে উথলি উঠিছিল।অসংখ্যজন তেজাল ৰনুৱা ঘোঁৰাৰ দপদপনিৰে, মুক্ত বিসংগৰ কলধ্বনিৰে মুখৰিত যুৱ মহোৎসৱত নিৰলস সাধনাত ব্ৰতী হৈ উঠা প্ৰতিজন প্ৰতিযোগীয়েই ১০০% উজাৰি দিছিল শ্ৰেষ্ঠত্বৰ মুকুট পৰিধান কৰিবৰ বাবে।কোনো শ্ৰেষ্ঠত্বৰ তালিকাত বীৰদৰ্প এ নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছিল আৰু আন কোনোজন বাদ পৰি ৰৈছিল সেই তালিকাৰ পৰা,কিন্তু কোনো এজনো হাৰি অহা নাছিল,বৰঞ্চ নতুন উদ্যমেৰে  পুনৰুজ্জীৱিত হৈছিল প্ৰতিজন।১১ ফেব্ৰুৱাৰীৰ পুৱা  গড়গাঁও মহাবিদ্যালয়ৰ চৌহদত অংশগ্ৰহণকাৰী প্ৰতিখন মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰা হৈছিল। ঠিক তাহানিৰ গ্ৰীক ৰাজকোঁৱৰ নাৰছীচাচে নিজৰাৰ স্বচ্ছ পানীত নিজৰ ছাঁয়া দেখি আত্মহাৰা হোৱাৰ দৰেই মুক্ত নীলাকাশ ৰ তলত প্ৰায় ৭০ খন মহাবিদ্যালয়ৰ পতাকাৰ মাজত,প্ৰতিনিধিত্ব কৰি যোৱা আপোন মহাবিদ্যালয় খনৰ(দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়) পতাকাখন দেখি আত্মহাৰা হৈছিলোঁ।ক্ৰমান্বয়ে মুঠ ৬ টা আটক ধুনীয়া মঞ্চত আৰম্ভ হৈছিল প্ৰতিযোগী সমূহৰ মাজত বৌদ্ধিক মহাৰণ।কোনোবা এটা মঞ্চৰ পৰা যদি ভাঁহি আহিছিল জ্যোতি সংগীত ,ৰাভা সংগীত,ভূপেন্দ্ৰ সংগীত অথবা জয়ন্ত সংগীতৰ আশাভৰা হৃদয়ৰ মুক্ত প্ৰকাশ সম্বলিত কোমল অনুভূতিৰে সিক্ত গীতসমূহৰ মধুৰ গুঞ্জন, আন এটা মঞ্চৰ পৰা আকৌ ভাঁহি আহিছিল বৰগীত,লোকগীত,গগনা,ঢোলবাদন,বাঁহী বাদনৰ মনপ্ৰাণ আলোড়িত কৰা অমিয়া সুৰ।এফালে যদি এজাক নৃত্যঙ্গনাই নৃত্যৰে দৰ্শকক বিমোহিত কৰি ৰাখিছিল আনফালে আকৌ আন এটা মঞ্চত বিভিন্ন মহাবিদ্যালয়ৰ সৰ্বমুঠ ৯৬জন তাৰ্কিকৰ মাজত যুক্তিৰ কতাকটি হৈছিল।প্ৰায় ৩৬ ৰো অধিক নাটক উপভোগ কৰি এনে লাগিছিল-কিমান সাধনা থাকিলে নিজৰ সাৱলীল অভিনয়ৰে দৰ্শকৰ অন্তৰত ঠাই লব পাৰে।যেনিয়েই চাওঁ সকলোফালে কেৱল প্ৰতিভা আৰু প্ৰতিভা।মুকাভিনয়,মিমিক্ৰি আদিৰ সাৱলীল আৰু সৃজনশীল উপস্থাপন আৰু সমাজমুখী বার্তাই সকলোকে মুগ্ধ কৰিছিল।যুৱমহোৎসবৰ আন এক লেখতলবলগীয়া কার্যসূচী আছিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।প্ৰতিখন মহাবিদ্যালয়ৰ বার্তামুখী বিষয়বস্তু ৰ বলিষ্ঠ উপস্থাপনে সকলোকে আমোদ যোগাবলৈ সক্ষম হৈছিল।গড়গাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি অধ্যাপক -অধ্যাপিকা,প্ৰতিগৰাকী বিষয়ববীয়া,ছাত্ৰ-ছাত্ৰী সকলৰ একনিষ্ঠতা,অতিথিপৰায়্ণতা, শৃঙ্খলাবদ্ধতা,নিয়মানুৱৰ্তীতাই মনোকাশত আপোনা আপুনি শ্ৰদ্ধাৰ কাৰেং সাজিলে।১৪ তাৰিখ তো আছিল সকলোৰে বাবে বহু প্ৰত্যাশিত দিন।সাংস্কৃতিক শুভাযাত্ৰাৰ সামৰণি পৰাৰ লগে লগেই আৰম্ভ হল বঁটা বিতৰণি অনুষ্ঠানৰ মূল কাৰ্যসূচী।মঞ্চত উপবিষ্ট বিশিষ্ট অতিথি সকলৰ মূল বক্তব্য প্ৰদানৰ ওৰ পৰাৰ পিছত ঘোষণা কৰা হল সকলো প্ৰতিযোগিতা ৰ ফলাফল সমূহ।প্ৰাপ্তিৰ হাঁহিবোৰ চাৰিওফালে বিয়পি পৰিল,কোনোৱে শ্ৰেষ্ঠতাৰ হাঁহি মাৰিলে,আন কোনোজনে নিজৰ পৰাজয়কো হাঁহি মুখে স্বীকাৰ কৰিলে।কুইজ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা নিজ মহাবিদ্যালয় খনৰ দুগৰাকী সহপাঠীৰ মুখত বিজয়ৰ হাঁহি দেখি কব নোৱাৰাকৈয়ে দুটোপাল আনন্দাশ্ৰু বৈ আহিল।প্ৰতিখন মহাবিদ্যালয়ৰ ইমান খিনি প্ৰতিভাধৰক একেলগে একেখন মঞ্চতে লগ পাই আকাশ চোৱাৰ হেঁপাহকণ আৰু অলপ তীব্রতৰ হল।চাৰিদিন চাৰি ৰাতি এজাক আলফুলিয়া অনুভৱেৰে ঠাহ খাই থকা এটি ভৰুণ মন লৈ আমিবোৰে ১৪ ফেব্ৰুৱাৰীৰ নিশা ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলো।এটা বিশাল ষ্টেডিয়াম ত বহুসংখ্যক ছাত্ৰী একেলগে  থকাৰ মাদকতা,শেষ হৈও শেষ হব নোখোজা অনৰগল কথাবোৰে সজাই তোলা মায়াবী সময়বোৰ হৃদয়ৰ কোনোবা এটা কোণত চিৰপ্ৰবাহমান হৈ থাকিব।এনেধৰণৰ অনুস্থান সমূহে যুৱশক্তিক নতুনত্বৰ দিশে ধাৱমান কৰাত,বৌদ্ধিক কৰ্ষণ বৃদ্ধি কৰাত অনন্য মাত্ৰা প্ৰদান কৰিব।প্ৰজ্ঞা, প্ৰতিভা,মেধা আৰু সাধনাৰ কৰ্ষণভূমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।

পাপৰি বৰা

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)