পপীয়া তৰাৰ সাধু-উদ্ধৃতি
পপীয়া তৰাৰ সাধু হৈছে ৰীতা চৌধুৰীয়ে ৰচনা কৰা এখন অসমীয়া উপন্যাস। উপন্যাসখনৰ প্ৰথম প্ৰকাশ পাইছিল,২০০৭ চনৰ ডিচেম্বৰ মাহত।উপন্যাসখনৰ প্ৰকাশক আছিল জ্যোতি প্ৰকাশন।জেউতি নামৰ চৰিত্ৰটিক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ পপীয়া তৰাৰ সাধু শীৰ্ষক উপন্যাসখনি লিখি উলিওৱা হৈছে।
আমাৰ সম্পাদনা
১.ব্যর্থ।
ব্যর্থ বুলিয়েই ক'ব লাগিব।
উজ্জ্বল জীৱনৰ সম্ভাৱনা লৈ ওলাই অহা এজনী প্রাণচঞ্চল ছোৱালীৰ এই পৰিসমাপ্তিক ব্যর্থতা বুলি নকৈ কি কোৱা যায়। তাইতো-থাওক সেই সমাপ্তিৰ কথা।সেই সমাপ্তিতো সকলোরে দেখিছে।
সকলোৱে দেখিছে গ্লানিত গা ধোৱা বিধ্বস্ত জেউতিক। সেই জেউতিক আগত ৰাখিতো একে আষাৰতে সিদ্ধান্তৰ ইতিৰেখা টানি দিব পাৰি। কৈ দিব পাৰি সহজ উশাহত- এনেতো হ'বই। জেউতিৰ কাৰণে এয়াই অৱধাৰিত। তাইৰ ব্যৰ্থতা তাইৰ স্বোপার্জিত।(০৩)
২.অপর্ণা বাইদেৱে মোক দেখুৱাই থৈ গ'ল সৰল তৰুণীৰ পৰা জীৱন অভিজ্ঞ মানুহলৈ কেনেকৈ একণা একণালৈ ৰূপান্তৰিত হৈছিল জেউতি। আমি গম নোপোৱাকৈ। আমাৰ চকুৰ আগতে। ৰূপান্তৰৰ অগ্নিয়ে দগ্ধ কৰা জেউতিক আমি দেখা নাছিলোঁ।(০৪)
৩.আজি মোৰ দৃষ্টিৰ সম্মুখত স্পষ্ট হৈ উঠিছে এখন নতুন মুখ। চিনাকি জেউতিৰ অচিনাকি মুখ। এজনী উজ্জ্বল প্রাণচঞ্চল ছোৱালীৰ মুখ, যাৰ চকুৱে-মুখে তিৰ্বিৰাই থাকিছিল প্রবল আশা অথবা প্রবল হেঁপাহ। অথচ য'ত তাইৰ জন্ম হৈছিল, সেই সৰু ঠাইখনত বিশাল কোনো সপোন অথবা আশাৰে উজ্জীৱিত হোৱাৰ কোনো পৰিৱেশেই নাছিল। আবেলিৰ আগতে বাতৰিকাকত গৈ নোপোৱা সেই দূৰণিবটীয়া চহৰখনত অথবা চহৰ হৈ উঠিব খুজিও ৰৈ যোৱা গাঁওখনত ডাঙৰ-দীঘল হোৱা ছোৱালীজনীয়ে ডাঙৰ লেখিকা হোৱাৰ সপোন দেখিছিল।(০৪)
৪.নিজৰ ঠাইতো সকলো উৎসব-অনুষ্ঠানতে তাই আছিল আগৰণুৱা। তাইক সকলোরে মৰম কৰিছিল। প্ৰশ্রয় দিছিল। সেই আনন্দ আৰু স্নেহময় পৰিৱেশৰ মাজত ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ মনৰ মাজত ধীৰে ধীৰে বিকশিত হৈ উঠিছিল এটা বেহিচাপী সপোন। খ্যাতি আৰু গ্লেমাৰৰ কুহকিনী দেশ এখনে তাইক শয়নে-সপোনে হাত বাউলি মাতিছিল। তেনেকুৱা এটা ভৱিষ্যতৰ ইঙ্গিত বহন কৰিয়েই হয়তো প্রখ্যাত লিখক, এখন দৈনিক কাকতৰ সম্পাদক সুবিমল ফুকন জেউতিহঁতৰ ঠাইলৈ কিবা এটা অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ গৈছিল। অন্ততঃ তেনেকৈয়ে ভাবিছিল জেউতিয়ে। তাই ভাবিছিল সুবিমল ফুকনৰ দৰে প্ৰখ্যাত লিখক আৰু সাংবাদিক এজনক জেউতিহঁতৰ চহৰলৈ জেউতিৰ ভাগ্যইহে কিজানি টানি লৈ গৈছিল। সাফল্য আৰু যোগ্যতাৰ, প্রতিষ্ঠা আৰু যশস্যাৰ উচ্চাসনত বহি থকা মানুহৰ সন্মুখত থিয় হোৱা, সাধাৰণ আৰু তুচ্ছ মানুহৰ স্বাভাৱিক ভীতি আৰু কুণ্ঠাৰে তাই তেওঁক লগ ধৰিছিল। মঞ্চত বহি থকা সুবিমল ফুকনৰ ওচৰত থিয় হৈ আনন্দ, আৱেগ, উত্তেজনাত উদ্বেলিত হৈ উঠিছিল জেউতি। যাৰ লেখা তাই বিচাৰি বিচাৰি পঢ়ে, যাৰ নামত মানুহে মূৰ দোঁৱায়, আনকি তায়ো, তেনে এজন মানুহৰ সন্মুখত থিয় হৈ তাই অনুভৱ কৰিছিল, যেন তাই সপোন দেখিছে। সপোনতে আকাশৰ পৰা নামি আহিছে এক উজ্জ্বল নক্ষত্ৰ, যাৰ পোহৰে তাইক টৌৱাই নিছে। যাৰ পোহৰৰ দহন সহিব নোৱাৰি তাই চট্ফটাই উঠিছে।(০৫)
৫.সেইদিনা ৰাতি তাইৰ টোপনি অহা নাছিল। সকলো কথা জনাই গোটেই ৰাতি তাই অপর্ণা বাইদেউলৈ চিঠি লিখিছিল। সুদীর্ঘ চিঠিখনত বহুত কথাই লিখিছিল জেউতিয়ে।
আশাৰ কথা।
কল্পনাৰ কথা।
বিশ্বাসৰ কথা।(০৭)
৬.'সকলোৱেইতো মই নহয়।'
মইতো জীৱনৰ শেষ সিদ্ধান্তও নহয়।
জেউতি যদি ওলাই আহে- ক্ষতি কি। তাইতো পোহৰৰ ফালেও যাব পাৰে। সকলো বাটেইতো আন্ধাৰলৈ নাযায়। তেনেকৈয়ে নিজক বুজাইছিল অপর্ণা বাইদেৱে। হয়তো ক'ৰবাত অলপ লোভো আছিল সৰল-সহজ কল্পনাপ্রৱণ ছোৱালী এজনীৰ, তেওঁৰ প্ৰতি থকা অবিমিশ্র আস্থা আৰু বিশ্বাসব লোভ। মুগ্ধতাৰ লোভ।(০৮)
৮.মই লিখিব লাগিছিল সত্যেন, মই তাইক ক'ব লাগিছিল, নিজৰ ঠাইত সীমাবদ্ধ জীৱনতেই থাকা জেউতি, অন্ততঃ তাত নিশ্চিন্ত স্নেহৰ নিৰাপদ আশ্ৰয় আছে-আকাশ চুব পৰা উচ্চতা নাথাকিব পাৰে। তেতিয়া হয়তো তাই ঘূৰ্ণি বতাহৰ আৱৰ্তত নপৰিলহেঁতেন।তাৰ পিছতোতো তাইক কতবাৰ লগ পাইছো তেতিয়াও যদি ক'লোঁহেঁতেন পোনপটীয়াকৈ। যদি ক'লোঁহেঁতেন, এই চাকচিক্যৰ আঁৰত ৰৈ আছে সীমাহীন অন্ধকাৰ, সেই অন্ধকাৰ আৰু চাকচিক্যৰ এক চিহ্নহীন সীমা আছে, সেই সীমাক স্পর্শ নকৰিবা।(০৮)
৯.কিছুমান সত্যক সত্য বুলি জানিও স্বীকাৰ কৰি ল'বলৈ বৰ টান হয় শুভ্র। পিছৰছোৱা বাট কেনেকৈ যে যাম।'যাবতো লাগিবই অপর্ণা। পলাবতো নোৱাৰা। পাৰিলেও পলাবাইবা কিয়- যন্ত্রণাব
লগত যুঁজি জয়ী হোৱা মানুহ তুমি।
'কিছুমান যন্ত্ৰণাৰ লগত যুঁজিব নোৱাৰি শুভ্র- তাৰ লগত উটি যাব পাৰি, অথবা পলাই যাব পাৰি। বুকুৰ মাজত একুৰা জুই জ্বলাই থৈ গ'ল সি। কিয় যে আহিছিল সি আমাৰ জীৱনলৈ, মই তাকেই ভাবোঁ, নাহিলেই ভাল আছিল। সঁচাই বৰ কষ্ট শুভ্র- বৰ কষ্ট।' অপর্ণা ৰৈ গ'ল। আঁচলেৰে মুখখন মচিলে।(১২)
১০.প্রচণ্ড গতিত, প্রচণ্ড শব্দেৰে, প্রচণ্ড উচ্চতাত গৈ আছে প্রকাণ্ড এয়াৰবাছখন। সীমাহীন আকাশৰ কাৰণে সি হয়তো একোৱেই নহয়, উৰণীয়া বগলীৰ ডেউকাৰ পৰা খহি পৰা শুকুলা পাখি এটাতকৈও ক্ষুদ্র, কিন্তু আকাশৰ চকুত তুচ্ছ বিমান এখনে নিজৰ ভিতৰত কঢ়িয়াই লৈ গৈছে এখন জীৱন্ত মানুহৰ বিশ্ব। অপর্ণাও আছে তাত। মেঘৰ ওপৰত,ধাতুৰ খোলাৰ ভিতৰত বহি, তেওঁ চিন্তাৰ প্রৱাহত উটি গৈছে। তেওঁৰ হাতত এখন খোলা চিঠি।(১৭)
১১.তোমাক লগ পোৱাৰ পিছত, অতবোৰ বছৰত কোনোদিন নিজক প্রকাশ কৰিবলৈ গৈ ক'তো উজুটি খোৱা নাছিলো। উজুটি খামেইবা ক'ত নিজক প্ৰকাশ কৰাৰ কোনো প্ৰয়োজনেইতো হোৱা নাছিল। প্রেম আৰু বিশ্বাসব সহজ সাকোৰে আমি সংযোজিত হৈ আছিলোঁ। সেই সাকোঁডাল ভাগি গ'ল অপর্ণা। কোন বাটেৰে মই তোমাৰ ওচৰলৈ যাওঁ। কোন বাটেৰে।(১৮)
১২.'মোকো অনুপ্রাণিত কৰা অপর্ণা। মোকো জীয়াই থাকিবলৈ উৎসাহিত কৰা। মই অকলশৰীয়া। খুব অকলশৰীয়া। আজি বহুদিন ধৰি মই তিলতিলকৈ হেৰাই গৈছোঁ তোমাৰ ভিতৰত। মোক তুমি আশ্রয় দিয়া। মোৰ সৃষ্টি স্তব্ধ হৈ গৈছে। কলম স্তব্ধ হৈ গৈছে। তুমি মোক সহায় কৰা, সৃষ্টিহীনতাৰ এই যন্ত্ৰণাৰ পৰা মোক মুক্ত কৰা। মই জানো অপর্ণা, এইখিনি দয়া তুমি মোক কৰিবাই। আজিলৈকে তোমাৰ পৰা মই একো বিনিময় বিচৰা নাই। মোক বিনিময়ত একো নালাগেও। মোক মাত্র তোমাৰ দয়া লাগে। তোমাৰ প্ৰেম লাগে। তোমাৰ কৰুণা লাগে। জীৱনত মই বহুতৰ ভালপোৱা পাইছোঁ; কিন্তু মোক, মোৰ হৃদয়ক জগাই তুলিব পৰা কাকোৱেই মই লগ পোৱা নাই।(২১)
১৩.যি নাৰীক আজীৱন মই বিচাৰি ফুৰিছোঁ, যি নাৰীৰ ছবি মই কঢ়িয়াই লৈ ফুৰিছোঁ অতদিনে, সেই নাৰী তুমি অপর্ণা, তুমি? এইবোৰ কথা মই তোমাক ক'ব খোজা নাছিলোঁ। এই অনুভৱক জয় কৰিবলৈ ইমান দিনে মই নিজৰ লগত যুদ্ধ কৰি আছিলোঁ। এই যুদ্ধত মই পৰাজিত হৈছোঁ। সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ। মোক তুমি বিমুখ নকৰিবা অপর্ণা, বিমুখ নকৰিবা।' আবেগত ব্যাকুল হৈ গৈছিল মানুহজন।(২১)
১৪.'কিছুমান কথাত জীৱনক লৈ মই কোনো পৰীক্ষা কৰিব নোখোজো।''তুমি নিয়মৰ দৰে সহজ নহয় নেকি অপর্ণা?''নহয় মই 'নিয়ম'ব দৰে সহজ নহয়।'
'হয় নেকি? ঠিক আছে'(২২)
১৫.কিছুমান যন্ত্রণা থাকে অপর্ণা, যাক বহন কৰিও জীয়াই থাকিব পাৰি যদিও সি শূন্য কৰি পেলায় ভিতৰখন। যন্ত্রণাবিহীন জীৱনতো কাৰো নহয়। তথাপি মানুহ জীয়াই থাকে জীৱনৰ নিজস্ব উদ্যমত। মনৰ শক্তিত। সৌৰভে দিয়া যন্ত্রণাক মই বহন কৰিছোঁ অথবা কৰিবৰ চেষ্টা কৰিছোঁ। জীয়াইতো আছো অপর্ণা। তুমিও জীয়াই আছা। যদিও আমি জানো, ইয়াক জীয়াই থকা নোবোলে।(২৩)
১৬.যি কথা তোমাক নোকোৱাকৈ মই লগত লৈ আহিলোঁ, তাক মই বহন কৰিব পৰা নাই। সি মোৰ আত্মাক বিক্ষত কৰিছে, মোক টানি নিব খুজিছে মৃত্যুলৈ।মৃত্যুতকৈও ভয়ংকৰ এই যন্ত্রণা। মৃত্যুতকৈও ভয়ংকৰ নিজৰ এই ক্লেদাক্ত নগ্নতা।(২৩)
১৭.'যিখন দুৱাৰেৰে আপুনি এই জগতত প্রৱেশ কৰিছে সেই দুৱাৰখনে এনে পৰিণতিলৈকে মানুহক টানি নিয়ে। আপুনি যদি ভাবিছে, এই জগতখন এনেকুৱাই, সেইটো নহয়। নিজৰ সন্মান ৰাখি চলিবলৈ আপুনি সন্মান ৰাখিব পৰা মানুহৰ লগত কাম কৰিব লাগিব আৰু অসন্মানক প্ৰতিৰোধ কৰিব পৰাকৈ সাহসী হ'ব লাগিব।(২৯)
১৮.কমলৰ কথাতো আপুনি জানেই। সি মোক স্নেহ নিৰাপদ জীৱন এটা দিব খুজিছিল, মই
নল'লোঁ। মই তেতিয়া ওলাই যাব খুজিছিলোঁ দিক্দর্শী নক্ষত্রব সন্ধানত। ভাবিছিলোঁ ডোবাৰ পৰা নদীলৈ, নদীৰ পৰা সাগৰলৈ যাম। ভাবিছিলোঁ মোৰ প্রতিভাৰে বিশ্ববাসীক চমকিত কৰিম। সুতীব্র আবেগ আৰু অপৰিমেয় বিশ্বাসেৰে মই সকলো শিখৰৰ মানুহলৈ মূৰ তুলি চাইছিলোঁ।মূৰ তুলি চাইছিলো পৰম মুগ্ধতাৰে,আকাশৰ প্রতিটো নক্ষত্রলৈ।(৩৪)
১৯.আপোনাক নেদেখা হ'লে মই কেতিয়াও নাজানিলোঁহেঁতেন, এই কূপমণ্ডুক চহৰখনৰ বাহিৰতো এখন পৃথিৱী আছে। জন্ম, পঢ়া-শুনা, বিয়া, সন্তান, মৃত্যুৰ এই সহজ জীৱনচক্ৰৰ বাহিৰতো অন্য জীৱন আছে, যি জীৱন, জীৱন হিচাপেই সার্থক।(৩৫)
২০.বাহিৰৰ পৃথিৱীৰ গতিশীলতাই, পৰিৱৰ্তনৰ বতাহে এই চহৰৰ স্থবিৰতাক কোনো কালেই বিশেষভাৱে স্পর্শ কৰা নাই। ইয়াৰ মানুহবোৰৰ সহজ সৰল, একসুৰী আৰু মৌলিকতাহীন জীৱন দেখি দেখি আচৰিত এক উদ্যমহীনতাৰ মাজত মই ডাঙৰ হৈছিলোঁ। যেতিয়া ডাঙৰ হ'লোঁ, বুজিলোঁ, কিয় আপুনি এই গণ্ডীভূত পৃথিৱীখনৰ সীমা চেৰাই বাহিৰৰ জগতক স্পর্শ কৰিবৰ কাৰণে গুচি গৈছিল। যেতিয়া ডাঙৰ হ'লোঁ, বুজিলোঁ, মোৰ ভিতৰতো আছে সেই হেঁপাহ। নতুন কিবা কৰাৰ হেঁপাহ। বাহিৰৰ পৃথিৱীলৈ ওলাই যোৱাৰ হেঁপাহ। সেই হেঁপাহক মই মোৰ ভিতৰত লালন কৰিছিলোঁ। মই সপোন দেখিছিলোঁ এক অন্য জীৱনৰ।(৩৬)
২১.শৰীৰ হ'ল এট নির্মম বস্তু। মনটো কষ্টত ভাগি পৰিবৰ সময়তো তাৰ ভোক লাগে, পিয়াহ লাগে।মনটো মৰি যাবৰ সময়তো সি ঠন ধৰি উঠে। মনৰ বিৰুদ্ধে সি এটা অপমাজনক সত্য।(৩৭)
২২.ভাগ্যক আজিকালি মোৰ খুব বিশ্বাস কৰিবৰ মন যায়। ভাগ্য নামৰ কিবা এটা আছে। যি অৱশ্যাম্ভাৱী। মোৰো ভাগ্যই হয়তো মোক এই আলোকিত নগৰৰ অন্তৰালৰ অন্ধকাৰলৈ টানি আনিছিল। নহ'লেনো এই সৰু চহৰখনৰ অতবোৰ ছোৱালীৰ মাজত মইনো কেনেকৈ সেই জগতৰ প্ৰেমত বলিয়া হ'লোঁ।কিছুদিন আগলৈকে মই কিন্তু তেনেকৈ নাভাবিছিলোঁ। ভাবিছিলোঁ, ইচ্ছাশক্তিয়েই সকলো।আজি দেখিছোঁ, সেই কথা সত্য নহয়। সংযোগৰো এক বিশেষ ভূমিকা আছে। সংযোগেও একোজন মানুহৰ জীৱনৰ উত্থান-পতনৰ মুহূৰ্তবোৰ নিয়ন্ত্রিত কৰে। মোৰো কৰিছিল।(৩৮)
২৩.এই কথাবোৰ কাকো নোকোৱাকৈতো গুচি যাব নোৱাৰোঁ। গুচি গ'লে, - ক'ৰবাৰ গাঁৱত অথবা চহৰত মোৰ দৰে সপোন দেখি থকা ছোৱালীবোৰৰ ওচৰত মই অপৰাধী হৈ থাকিম, মই যি শিকিলোঁ, সেই কথা শিকাই নোযোৱাৰ অপৰাধত।(৩৮)
২৪.মোক আৰু মোৰ দৰে অনেক নক্ষত্র মুগ্ধ, আশাত বন্দী ছোৱালীক গুৱাহাটীত সাহিত্য, সংবাদ জগতৰ পপীয়া তৰাবোৰে কৰা অন্যায় আৰু অবিচাৰৰ কোনো প্রতিবাদ নকৰাকৈ, পৰাজিত হৈ মই উভতি আহিছিলো। অপূৰ্বহঁতৰ দৰে অনেক সৎ আৰু সাহসী সাংবাদিকৰ, অনেক শক্তিশালী মানুহৰ সহায় পায়ো সেই অন্যায়কাৰী মানুহবোৰৰ বিৰুদ্ধে প্ৰতিবাদৰ এটাও শব্দ উচ্চাৰণ নকৰাকৈ, ভীৰু, দুর্বল স্খলিত মানুহৰ অপযশ শিৰত লৈ মই উভতি আহিছিলোঁ। মই কিয় উভতি আহিছিলোঁ কোনো যুঁজ নকৰাকৈ, মই কিয় হৰুৱাই দিছিলোঁ অপূর্বহঁতক, সেই কথা কোনেও নাজানে, আপুনি আৰু নবাৰণ ভিনদেউৰ বাহিৰে।(৩৮)
২৫.সেই কাৰণে কোনোবাখিনিত নিজকে মোৰ কেতিয়াবা সম্পূর্ণ ব্যর্থ যেন নালাগে। মোৰ এনে লাগে। মোৰ জীৱনটোত কাৰোবাৰ মই অলপ হ'লেও উপকাৰত আহিলোঁ। কিন্তু সেইখিনি আনন্দ লৈয়ে জানো জীৱনলৈ উভতি আহিব পাৰি। সেই আনন্দ আহৰণ কৰিবলৈ যাওঁতে মই যে আন বহুতক কষ্টৰ মাজলৈ ঠেলি দিলোঁ। হয়তো কোনোবাখিনিত ক্ষমাৰো অযোগ্য। নিজক বিচাৰ কৰাৰ শক্তি মোৰ নাই। সেয়ে মই অনুভৱ কৰিছোঁ এই পৃথিৱী এৰি গুচি যোৱাৰ আগতে মোৰ ৰূপান্তৰৰ সেই ঘৃণনীয় আৰু অন্ধকাৰ দিনবোৰৰ কথা মই কাৰোবাক কৈ যোৱা উচিত। মই এনে এজন মানুহক সেইবোৰ কথা কোৱা উচিত, যাৰ সততা সাহস আছে, হৃদয় আছে। যাৰ বিচাৰ কৰাৰ যোগ্যতা আছে। অন্যায়ব বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তিও আছে। সেই কাৰণে মই আপোনালৈ লিখিবলৈ লৈছোঁ। আপোনাক সকলো কথা কৈ যাব খুজিছোঁ।(৩৮)
২৬.তোমাৰ দৰে মই যশপ্রার্থী নহওঁ। বিশাল পৃথিৱীৰ সপোনো নেদেখোঁ। মই নিজক চিনি পাওঁ। তোমাৰ ভাষাত-গুৱাহাটীৰ বিশালতা, সাহিত্য সংবাদ জগতৰ উজ্জ্বলতা, নগৰৰ গতিময় জীৱন, এই লোভ লগা সপোনবোৰতকৈ মোৰ এই সৰু ঠাইৰ শান্তিয়েই কাম্য। বিখ্যাত সাহিত্যিক হোৱাৰ বাসনা মোৰ নাই।(৪৬)
২৭.'লাজ পাইছা নেকি? আনন্দহে পাব লাগে। সৌন্দর্য সাধনাও এটা কলা। ইয়াক সকলোৱে আয়ত্ত কৰিব নোৱাৰে। তোমাক লগ পোৱাৰ দিনৰ পৰাই মন কৰিছোঁ, খুব সাধাৰণ আয়োজনেৰে তুমি খুব সুন্দৰকৈ থাকিব জানা। তোমাক ভাল লগাৰ ইয়ো এটা কাৰণ। সম্পাদকৰ কঠিন খোলাত আবদ্ধ হৈ আছোঁ যদিও মোৰ ভিতৰতো এজন সৌন্দর্য-পিপাসু মানুহ জীয়াই আছে। মই যেতিয়া নিতান্তই সৰু ল'ৰা আছিলোঁ, তেতিয়া কিতাপ পঢ়ি মই যিমান আনন্দ পাইছিলোঁ সিমানেই আনন্দ পাইছিলোঁ প্রাকৃতিক দৃশ্য চাই। আজিও নিয়ৰত তিতি থকা তগৰ ফুল এপাহ অথবা যিকোনো সুন্দৰ বস্তু দেখিলে মোৰ মনত এক অনির্বচনীয় সুখানুভূতি হয়, হয়তো সেই কাৰণেই মই আজিও সঁচা অৰ্থত জীয়াই আছোঁ।(৮৬)
২৮.'কিছুমান তুচ্ছ ভয়, তুচ্ছ মূল্যবোধৰ জালৰ পৰা নিজক মুক্ত কৰা জেউতি। মুক্ত মানুহ হোৱা। মই মানুহ বুলি কৈছোঁ। তুমিতো এজনী সাধাৰণ ছোৱালী নহয়, গভীৰ জীৱনবোধ আৰু ব্যতিক্ৰম মানসিকতাৰ তুমি এজনী সফল সাহিত্যিক আৰু সাংবাদিক। অন্য সাধাৰণ মানুহৰ দৰে, সাধাৰণ জীৱন-দৃষ্টি গ্রহণ কৰিলে তোমাৰ কেনেকৈ চলিব? মই তোমাক এনেয়ে কোৱা নাই।(৯৩)
২৯.'মই তথাপি জীয়াই থাকিলোঁ। প্রেমহীন, প্রাণহীন এটা জীৱন। অর্থহীন এটা জীৱনযাত্রা। তোমাক লগ নোপোৱালৈকে মই তেনেকৈয়ে পাৰ হৈ আহিলোঁ সুদীর্ঘ জীৱন। তোমাক লগ পোৱাৰ পিছত মই অনুভৱ কৰিলোঁ মানুহক জীয়াই থাকিবলৈ জীয়াই থকাৰ এটা অৰ্থ লাগে। তুমি গম নোপোৱাকৈ মোক দান কৰিছা সেই অর্থ।'(১১৫)
৩০.জেউতিৰ হাত এখন তুলি ল'লে ফুকনে। গুণগুণালে-'বুকুৱে য'ত উম দিবলৈ এবে, তাতো
মই থাকোঁ প্রথম ৰ'দৰ দৰে।আস্। ইমান সুন্দৰ কবিতা লিখিবলৈ তুমি ক'ত শিকিলা জেউতি? কোনে দিলে তোমাক সেই জীৱন দৃষ্টি?তোমাৰ এই কবিতা শাৰী মই দিনটোত কতবাৰ যে আউৰাও। ই মোক কন্দুৱায়। মোৰ বুকুতো যে উম নাই জেউতি, কোনো হৃদয়ৰ আশ্রয় নাই। মোক কোনে ৰ'দ আনি দিব? প্ৰথম ৰ'দ? প্ৰথম ৰ'দৰ দৰে কোমল উষ্ণতা? মই এজন যশস্বী মানুহ? প্রতাপী মানুহ। সকলো আছে মোৰ। মাথোঁ প্রেম নাই। প্রেম। মই, মই তোমাৰ প্ৰেম ভিক্ষা কৰোঁ জেউতি। মোৰ ভিতৰত অগাধ
শূন্যতা। অগাধ যন্ত্রণা। এই যন্ত্ৰণাৰ পৰা, শূন্যতাৰ পৰা মোক মুক্ত কৰা জেউতি।'(১১৫)
৩১.এজন কঠিন আৰু অন্তমুখী মানুহ কিমান আৱেগেৰে মথিত হ'লে ইমান অস্থিৰ আৰু প্রগলভ হৈ উঠিব পাৰে? কিয় আলোড়িত হৈছে ফুকন? নিজৰ সকলো মৰ্যাদা আৰু গাম্ভীর্য বিসর্জন দি, কিয় আঁঠু লৈছে মোৰ ওচৰত? নিজৰ নিঃসংগতাক উদঙাই দি কিয় এনেকৈ কান্দিছে? প্রেম, প্রেম ইমান শক্তিশালী? ইমান দুৰ্বাৰ? কত ছোৱালী লগ পায় তেওঁ, মোতকৈও ধুনীয়া, মেধাৱী, গুণী। তথাপি মোৰ প্ৰতি ফুকনে কিয় অনুভৱ কৰিলে ইমান আকর্ষণ? কি আছে মোৰ মাজত? মইতো এজনী সামান্য লেখিকা মাত্র।(১২০)
৩২.'নিজক আৱিষ্কাৰ কৰাৰ সমান আনন্দ নাই, কষ্টও নাই জেউতি। যেতিয়া নিজৰ প্রেম, নিজৰ বিহ্বলতা, নিজৰ যন্ত্রণা, একাকীত্বক আৱিষ্কাৰ কৰা যায়, সেই আৱিষ্কাৰে মানুহক গভীৰলৈ জোকাৰি পেলায়। জীয়াই থাকিবলৈ মানুহে তেতিয়া আশ্রয় বিচাৰে; কোনোবাই প্রেমত, কোনোবাই নিচাত, কোনোবাই শৰীৰত, কোনোবাই কিতাপত,
হঠাতে ফুকনে গুণগুণাবলৈ আৰম্ভ কৰিলে,-
'চনকা হিয়াত ভৰি নথ 'বি অ' ককাই...।(১৩৭)
৩৩.জন্মদিন,
মই যিদিনা জন্ম হৈছিলোঁ-
হয়তো আকাশৰ ক'ৰবাত এটা নক্ষত্ৰৰ মৃত্যু হৈছিল।
তাৰ আত্মা আহি থিতাপি লৈছিল মোৰ শৰীৰত, অথবা হৃদয়ত, শোণিতত অথবা নয়নত।
সেই কাৰণেই হয়তো মই ইমানকৈ ভালপাওঁ আকাশক।সেই কাৰণেই হয়তো মই ইমানকৈ ভালপাওঁ নক্ষত্রক।মাটিৰ পৃথিৱীয়ে মোক কয়,- তুমি তৃণ হোৱা অথবা গছ।মই তোমাক ধৰি থাকিম দুহাতেৰে, সাঁচি ৰাখিম হেঁপাহেবে। মাটিৰ পৃথিৱীয়ে মোক আগবঢ়াই দিয়ে নিয়ম সম্ভৱ স্নেহৰ অনুদাৰ হাত।সেই হাত মই কেনেকৈ স্পর্শ কৰোঁ?মই জানো তাতো উম আছে। আশ্রয় আছে। মই জানো, তাতো হৃদয় আছে। আছে আশা। প্রেম।আকাশৰ ওচৰত যি তুচ্ছ হৈ যায়, ম্লান হৈ যায় সহজতে।মোৰ যে নক্ষত্ৰৰ আত্মা।পৃথিৱীৰ আৱদ্ধ মাটিয়ে কেনেকৈ চুব পাৰে মোৰ গভীৰক?যিদিনা মোৰ জন্ম হৈছিল।
হয়তো আকাশৰ ক'ৰবাত এটা নক্ষত্ৰৰ মৃত্যু হৈছিল।
যিদিনা মোৰ জন্ম হৈছিল-হয়তো সিদিনাই মোৰ হৃদয় মাটিত ৰোপিত হৈছিল ঘৰহীন পথিকৰ সৰু এটা বীজ।মই কি কৰিম যদি মোক কোৱা যে মই নিয়মৰ দৰে সহজ নহয়। মোৰ যে নক্ষত্ৰৰ আত্মা- মোৰ যে আকাশৰ হৃদয়-মোৰ যে মাটিহীন কক্ষপথ।(১৬০)
৩৪.কিমান অন্ধ হৈ গৈছিল জেউতি, নক্ষত্র বুলি ভুল কৰা মনোৰমা বৰুৱা, সুবিমল ফুকনহঁতৰ দৰে মানুহৰ উজ্জ্বলতাত; জ্যোতিত, স্নেহত; ভক্তিত; বিশ্বাসত। সেই বিশ্বাস, সেই আস্থা, সেই শ্ৰদ্ধাৰ স্বৰ্গৰ পৰা খহি পৰিছে জেউতি। অপ্রত্যাশিতভাবে।(২২৪)
৩৫.ঠিকেইতো কৈছে প্রীতমে, সকলো ধুমুহা পাৰ হৈ যি জীয়াই থাকিব পাৰে সিহে আচল ৰণুৱা। জেউতিওতো ৰণুৱা। তাইতো যুদ্ধ কৰিয়েই ঘৰৰ পৰা ওলাই আহিছিল, ব্যতিক্রমী জীৱন এটা পাবৰ কাৰণে। ইমান সহজতে মনোবল হেৰুৱাই পেলালে তাই লক্ষ্যত উপনীত হ'ব নোৱাৰিব। তাই সাহসী হ'ব লাগিব। শক্তিশালী হ'ব লাগিব। কষ্ট কৰিব লাগিব।
তাকেই কৰিব তাই। তাকেই কৰিব।(২৩৭)
৩৬.নিজৰ যন্ত্ৰণাক জয় কৰি মূৰ তুলি আকৌ থিয় হ'ব তাই। নিজলৈ তাই সন্মান আৰু যশস্যাৰ ঠাই উলিয়াই ল'ব। সাফল্যৰ শিখৰলৈ উঠি যাওঁতে বাটত পোৱা সকলো দুখ- কষ্ট, সকলো কাঁইটৰ আঁচোৰ তুচ্ছ ঘটনা বুলি উপেক্ষা কৰিব। পৰাজিত হৈ তাই উভতি নাযায়। কেতিয়াও উভতি নাযায়। তাইতো অকলশৰীয়া নহয়।(২৩৭)
৩৭.'তোমাক মোৰ মাজে মাজে চন্দন গছৰ লগত তুলনা কৰিবৰ মন যায় জানা। তোমাৰ সুগন্ধ সকলো সাধাৰণ গছৰ শিপালৈ বিয়পাই দি অসাধাৰণ কৰি তুলিব পাৰা।মোকো তুমি অসাধাৰণ কৰি তুলিছা জেউতি,- তোমাৰ হৃদয়ৰ বিমল ঐশ্বৰ্যৰে।(২৫২)
৩৮.গোটেই ৰাতি দুৱাৰখন খোল খাই থাকিল।উৎপল বৰবৰা ওলাই যোৱা, বাহিৰৰ দুৱাৰখন বন্ধ কৰিবলৈ উঠি নগ'ল জেউতি। বন্ধ কৰাৰ প্ৰয়োজনেই বা কি আছিল। খোলা দুৱাৰেদি আৰু কিনো বিপদ সোমাই আহিব পাৰে, মৃত্যুৰ বাহিৰে? প্রয়োজন নাই। দুৱাৰ বন্ধ কৰাৰ আৰু কোনো প্রয়োজন নাই। নিজ হাতে দুৱাৰ খুলি মাতি অনা বলিয়া ধুমুহাজাকে তচনচ্ কৰি থৈ যোৱাৰ পিছত দুৱাৰ বন্ধ কৰাৰ সকলো প্রয়োজন শেষ হৈ গৈছে জেউতিৰ কাৰণে।নির্বাক, নিস্তব্ধ হৈ বিধ্বস্ত বিছনাখনত বহি আছে বিধ্বস্ত জেউতি। তাইৰ চকুৰ পানী নিগৰি নিগৰি এসময়ত শুকাই গৈছে। বুকু ভাঙি ওলাই অহা উচুপনিৰ ঢৌবোৰ মাৰ গৈ গৈ এসময়ত নিস্তেজ হৈ গৈছে। জেউতিৰ ৰুমটো যেন শেষ হোৱা এখন যুদ্ধৰ বীভৎস ক্ষেত্র। স্তব্ধ আৰু শব্দহীন। বোবা শোক বুকুত লৈ সমাধিস্থ।(২৬২)
৩৯.নিজান বাটটোৰে অকলে অকলে আহি আছে জেউতি। বিশৃংখল খোজেৰে। শ্রান্ত, বিধ্বস্ত, নিঃশেষিত জেউতি। তাই একো দেখা নাই- একো শুনা নাই। তাই যেন টোপনিতে খোজ কাঢ়ি আহি আছে। তাইৰ চকুত কোনো ভাবৰ ব্যঞ্জনা নাই। খোজত জীৱনৰ কোনো ইংগিত নাই। অনুভূতিহীন যন্ত্ৰৰ দৰে তাই মাত্র আহি আছে, ক'লৈ যাব নজনাকৈ।(২৭১)
৪০.পথশূন্য অন্ধকাৰে সহস্র বাহুৰে যেন সাবটি ধৰিছে জেউতিক। নক্ষত্ৰৰ আকাশৰ পৰা টানি নিছে মৃত্যুপুৰীৰ, ভয়ংকৰ নিস্তব্ধতালৈ। তাত গান নাই, হাঁহি নাই, আশা নাই, বিশ্বাস নাই, বন্ধুত্ব নাই, জীৱন নাই।কিবা যদি আছে সেয়া মৃত্যুদূতৰ ভয়াৱহ অট্টহাঁহি,বিষাক্ত, ভয়াৱহ, শীতল নিশ্বাসৰ শব্দ।(২৭১)
৪১.এইখন কোন দেশলৈ আহিল জেউতি?কি দেশ এইখন?এই দেশৰ ঠিকনাতো তাই বিচৰা নাছিল সুবিমল ফুকনৰ ওচৰত। এই দেশ বিচাৰিতো তাই অহা নাছিল। এই দেশলৈ আহিবলৈ তাইতো পৰিত্যাগ কৰা নাছিল তাইৰ নিজৰ, আজন্ম চিনাকি, সহজ সুন্দৰ গাঁওখন। পৰিত্যাগ কৰা নাছিল আত্মীয় বন্ধুক। নিৰাপদ স্নেহৰ সেই সহজ আশ্রয় এৰি এইখন কোন দেশলৈ আহিল তাই? কিয় আহিল? কি বিচাৰি তাই ইয়ালৈ আহিছিল? কি যাদুকৰী শক্তিয়ে তাইক ইয়ালৈ টানি লৈ আহিছিল? কেনেকৈ অন্ধ হৈ আছিল জেউতি? অতদিনে?(২৭১)
৪২.কিয় দেখিও দেখা নাছিল? বুজিও বুজা নাছিল? শুনিও শুনা নাছিল? কেনেকৈ চিন হেৰুৱাই পেলাইছিল শুভাকাঙ্ক্ষী মানুহবোৰৰ? তাইক পদে পদে সোঁৱৰাই দিয়া, সাৱধান কৰি দিয়া আত্মীয়বোৰক? তাই কিয় উপেক্ষা কৰিছিল সকলোকে? কিয় নির্মম বাক্যৰে আহত কৰি প্রত্যাখ্যান কৰিছিল অপূর্ব, সত্যেন, ৰূপালী, সুৰঞ্জনাহঁতৰ বন্ধুত্বক? কমলৰ অন্তহীন স্নেহক?(২৭১)
৪৩.সুবিমল ফুকনৰ কথাবোৰে, প্ৰীতমৰ কথাবোৰে, অতীতৰ অনেক দৃশ্যই ধুমুহাৰ সাগৰৰ সৃষ্টি কৰিছে তাইৰ ভিতৰত। আকাশ প্রমাণ ঢৌৱে বোকোছাত তুলি আনি তাইক আচাৰি আচাৰি পেলাইছে কঠিন শিলৰ সৈকতত। শত খণ্ড হৈ চিটিকি চিটিকি পৰিছে জেউতি। তাইৰ সন্মুখত পোহৰ নাই- আশা নাই- পথ নাই- একো নাই। মাত্র ভয়াৱহ শূন্যতা। ভয়াৱহ অন্ধকাৰ। পপীয়া তৰাৰ দেশলৈ আহি পপীয়া তৰা হৈ খহি পৰিছে জেউতি, - নৰকলৈ।(২৭৪)
৪৪.'মানুহৰ জীৱনলৈ এনেকুৱা কষ্টৰ মুহূৰ্ত আহেই। চিন্তা নকৰিবা। মই আছোঁ। মই কি বিশ্বাস কৰোঁ জানা, বন্ধু হ'ল ঈশ্বৰৰ দৰে, যাক সকলো কষ্ট সমর্পণ কৰি সহজ হৈ উঠিব পাৰি। মোৰ সকলো সমস্যাৰ মুহূৰ্তত সেয়ে মই তোমালোকলৈ মনতা পেলাওঁ, তোমালোকৰ ওচৰলৈ যাওঁ, তুমি যেনেকৈ আহিছা।'(২৮৩)
৪৫.'কি কৰিব, আমাৰ হাতততো একো নাই, ঈশ্বৰে কাৰ কাৰণে ক'ত যে কি কষ্ট সাঁচি থৈছে কোনে ক'ব পাৰে। আপুনি জনা-বুজা মানুহ, আপোনাকনো কি বুজাম। মই আপোনাতকৈ বয়সত বহুত ডাঙৰ, জীৱন অভিজ্ঞও। মই দেখিছোঁ যে প্রার্থনাতকৈ ডাঙৰ প্রশান্তিৰ উপায় আৰু একো নাই, শুদ্ধ কর্মতকৈ শুদ্ধ জীৱন যাপন কৰাৰ আন কোনো পথ নাই।(২৮৪)
৪৬.প্রার্থনাৰ শক্তি প্রার্থনা কৰিলেহে অনুভৱ কৰিব পৰা যায়। ঈশ্বৰেই বোলক বা যিয়েই, পৰম শক্তি এটা আছে যাৰ ওচৰত মূৰ দোঁৱাই নিজৰ সকলো সমস্যা সমর্পণ কৰি, সকলোৰে মংগল কামনা কৰিব পাৰিলে, নিজৰ সাধ্যানুসাবে পৰিচিত-অপৰিচিত সকলোৰে কাৰণে মংগলময় কাম কৰিব পাৰিলে, জীৱনৰ কোনো কষ্টই কাকো পীড়িত কৰিব নোৱাৰে। সকলো কষ্টৰ ঘটনা পাহৰি যাওক বুলি ক'ব নোৱাৰোঁ, সেইটো হয়তো সম্ভৱো নহয় তথাপি নিজক নিজৰ যন্ত্ৰণাৰ উৰ্দ্ধলৈ লৈ যাব পৰা কোনো শুদ্ধ কৰ্মত মনোনিৱেশ কৰিবৰ চেষ্টা কৰক।(২৮৪)
৪৭.অতুল যোৱাৰ পিছত বাহিৰৰ ৰুমৰ চকী এখনত চিন্তিতভাবে বহিল অপর্ণা। অলপ সময় অন্যমনস্কভাৱে বহি থাকি পেপাৰখন তুলি ল'লে। জেউতিৰ হাঁহি থকা মুখৰ ছবিখনলৈ কিছু সময় এক দৃষ্টিৰে চাই থাকিল তেওঁ। তেওঁৰ মনটো বিষাদেবে ভৰি গ'ল। বাতৰিকাকতৰ পাতত নিজৰ নামটো দেখাৰ কিমান হেঁপাহ আছিল জেউতিৰ। তাই কিমান সপোন দেখিছিল। এদিন তাইৰ কোনোবা এখন কিতাপ পুৰস্কৃত হ'ব। আলোক-উজ্জ্বল মঞ্চত প্রেক্ষাগৃহ ভৰা দৰ্শকৰ জাউৰি জাউৰি হাত চাপৰিৰ মাজত তাই পুৰস্কাৰ গ্ৰহণ কৰিব। তাইৰ চাৰিওফালে জ্বলি উঠিব কেমেৰাৰ অসংখ্য ফ্লেছ লাইট। তাই এদিন হৈ পৰিব সাহিত্য আৰু সংবাদ জগতৰ এক উজ্জ্বল নক্ষত্র।সেই সপোনৰ অলেখ ছবি সিঁচৰতি হৈ আছে জেউতিৰ ডায়েৰীৰ পাতে পাতে। অথচ কি হৈ গ'ল। বাতৰিৰ শিৰোনামা তাই দখল কৰিলে ঠিকেই, কিন্তু কি ভয়ংকৰভাৱে।জেউতিৰ সপোন সফল নহ'ল।(২৮৮)
৪৮.ব্যর্থ!
ব্যর্থ বুলিয়েই ক'ব লাগিব।
উজ্জ্বল জীৱনৰ সম্ভাৱনা লৈ ওলাই অহা এজনী প্রাণচঞ্চল ছোৱালীৰ এই পৰিসমাপ্তিক ব্যর্থতা বুলি নকৈ কি কোৱা যায়।সকলোৱে তেনেকৈয়ে কৈছে। জেউতিৰ এই ব্যর্থ, অনাকাঙ্ক্ষিত অথচ অৱশ্যম্ভারী পৰিণতি দেখি পুতৌ কৰিছে। ঘিণ কৰিছে।ময়ো কৰিমনে?কৰিব পাৰিমনে?মই যে দেখিছোঁ জেউতিৰ সেই কোনেও নেদেখা অংশটো। যি অংশত পুৱতি তৰা হৈ জিলিকি আছে আপাত দৃষ্টিত কক্ষচ্যুত আৰু স্খলিত জেউতি।(৩০৫)
৪৯.মোৰ দুহাতত ধৰি সি মাত্র কৈছিল-
জীৱনক লৈ অনেক পৰীক্ষা-নিৰীক্ষা কৰিলা জেউতি আৰু নকৰিবা। ইয়াত তুমি য'ত যেনেকৈ যি থৈ গৈছিলা সকলো তেনেকৈয়ে আছে। তুমি একো হেৰুওৱা নাই। সোণ বুলি ভাবি লেতেবা বস্তু চুই পেলোৱা হাতখনক কোনোবাই জানো ঘিণ কৰি আঁতৰাই থয়। ধুই নলয়? মোৰ কাৰণে তুমি হাতখনৰ দৰেই সত্য। অবিচ্ছিন্ন। আত্মীয়।। নিজক আকৌ সহজ কৰি তোলা জেউতি। মোৰ ঘৰলৈ আহা। তোমাৰ লগত মই একেলগে ভাত খাম, একেলগে শুম, ফুৰিম, কাজিয়া কৰিম- হাঁহিম, কান্দিম, ল'ৰা-ছোৱালী ওমলাম, দোকানত বহিম, ভাওনা-সবাহত ভাগ ল'ম, নাতি- নাতিনীৰ অন্নপ্রাশনত ছাগলী মাৰি ভোজ-ভাত খুৱাম- সোলা মুখেৰে পকতিয়াই পকতিয়াই বুটমাহ খাই- নামঘৰত পৰচৰ্চা কৰিম।(৩১৩)
৫০.হাঁহি হাঁহি কথা কৈ প্ৰথমবাৰৰ কাৰণে- মোক কন্দুৱাই পেলাইছিল কমলে। সুদীর্ঘ স্তব্ধতাৰ অন্তত সেইদিনা মই প্রথম কান্দিছিলোঁ, প্রাণখুলি ঈশ্বৰৰ ওচৰত।সেই দান গ্রহণ কৰাৰ মনঃশক্তি মোৰ নাই। পৰমেশ্বৰ ৰাজখোৱা নামৰ মই কাহানিও নেদেখা মানুহজনৰ কষ্টৰ ভাৰ বহন কৰাৰ শক্তিও মোৰ নাই- মা-দেউতাব নিঃশব্দ হুমুনিয়াহব ভাব বহন কৰাৰ শক্তিও নাই।(৩১৩)
৫১.নক্ষত্র বিচাৰি ওলাই আহি পপীয়া তৰাৰ চাক্চিক্যত মুগ্ধ হৈ মই নিজক পাহৰি গৈছিলোঁ। অন্ধ হৈ গৈছিলোঁ মই। সেই কাৰণে মই সকলোতে হাৰিছিলোঁ। কেৱল হাৰিছিলোঁ। সকলোৱে মোক হৰুৱাই দিছিল। সকলোৱে মোক ঠগিছিল। সহজ-সৰল জীৱনৰ পৰা গৈ বিশাল এক মহানগৰীৰ স্নেহ আৰু বন্ধুত্বৰ সোণপাতেৰে ঢকা নৰকৰ খটখটিবোৰক মই আকাশৰ পথ বুলি ভুল কৰিছিলোঁ। মই পাহৰি গৈছিলোঁ সকলো শুভ নির্দেশনা। মই জানো- ইয়াৰ পিছত মই জীয়াই থাকিব লাগিব বিক্ষত বুকুৰে সকলোৰে কৰণাৰ পাত্ৰ হৈ।(৩১৩)
Comments
Post a Comment