সাৰথি-সত্যনাথ বৰা
১.সংসাৰত যেতিয়া থাকিবই লাগিব সুখ কৰি থকাই ভাল। এতেকে ঈশ্বৰে দিয়া জ্ঞান বুদ্ধি চালনা কৰি, সংসাৰৰ বিভূতি বৈভৱ গোটাই লৈ, নিজৰ আৰু আনৰ সুখ সম্পদ বঢ়াবলৈ, আৰু সৰ্ব্বসাধাৰণ জগতবাসীক বৰ্ত্তমান অৱস্থাৰ পৰা উচ্চ অৱস্থাত তুলিবলৈ চেষ্টা কৰি জীৱন কটোৱা উচিত।(৪)
২.সংসাৰত উদ্গতি কৰাই মানুহৰ জীৱনৰ সঙ্কল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদ্গতিৰ ওৰ, আৰু জ্ঞান বুদ্ধিৰ শেষ কৰ্ম্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙ্গা পায়, তেতিয়ালৈকে উদ্গতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সঙ্গতি লাগি উঠাৰ পাচত সিহঁতৰ জীৱন পশুজীৱনৰ নিচিনা কেৱল শয়ন ভোজনৰ আবৰ্ত্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱা হেঁতেন, আমি বৰ্ত্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁ হেঁতেন।
৩.বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত কৰ্ম্ম কৰিবলৈ সুচল নহয়। এতেকে উদ্গতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।(০৫)
৪.সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোতা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।(০৬)
৫.উদ্গতি পথৰ প্ৰত্যেক যাত্ৰীয়েই তাৰ মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লোৱা উচিত। ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে ,আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায়। যি ডাঙৰ আৰ্হি দেখা নাই, সি সামান্য পদকে ডাঙৰ বুলি ভাবে। সাগৰ নেদেখা মানুহে বিলকে ডাঙৰ জলাহ যেন বিবেচনা কৰে।(০৯)
৬.চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ সমস্যা পোহৰ হয়, টান কাম উজু হয়। চিন্তাৰ অতুল প্ৰভাৱ। আগৰ কালত যোগীবিলাকে ধ্যান কৰি ভূত ভৱিষ্যৎ সকলো জানিছিল, আৰু কৈবল্য লাভ কৰিছিল। ধ্যান চিন্তাৰেই এটা ৰকম মাথোন। চিন্তা উগ্ৰ আৰু দীৰ্ঘকাল স্থায়ী হ'লেই ধ্যান নাম পায়।(১৯)
৭.উদ্গতিৰ আন এটা আহিলা চৰিত্ৰ। সৎ চৰিত্ৰ উদ্গতি পথৰ প্ৰৱল সহায়। যি মানুহে সৎ চৰিত্ৰক সাৰথি কৰি উদ্গতি পথত যাত্ৰা কৰে, তাক কোনো অপায়ে পশিব নোৱাৰে।(২০)
৮.দয়া এটা মনৰ গুণ, সি মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া উপজে। কিন্তু মনত উপজি মাৰ গ'লে সেই দয়াৰ পৰা কোনো ফলোদয় নহয়। যি দয়াৰ পৰা কৰ্ম্মৰ অভিলাষ জন্মে, সেয়ে আচল কাৰ্য্যকৰী দয়া।(২২)
৯.দয়া গুণৰ উদ্গতি সাধিব লাগিলে ক্ষমা গুণ কৰ্ষণ কৰিব লাগে; ক্ষমা কৰিবলৈ শিকিলে দয়া কৰিবলৈ শিকা হয়। কোনোবাই তোমাৰ অহিত কৰিলে ঘূৰাই তাৰ অহিত কৰিবলৈ মন যায়, তেতিয়া মনক সামৰি ৰাখিলেই ক্ষমা কৰা হয়। আনে কৰা অপকাৰৰ প্ৰতিশোধ ল'বলৈ ইচ্ছা কৰা গৰ্হিত কাম। প্ৰতিশোধ হিংসাৰ আন এটা নাম মাথোন।(২৩)
১০.ন্যায়ৱন্ত মানুহ শিলৰ খুটাৰ নিচিনা, তাক আনৰ কাৰ্য্যাকাৰ্য্যই বা নিজৰ ইচ্ছা বাঞ্চাই অলপো লৰাব নোৱাৰে।(২৪)
১১.মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। স্বভাৱত বহুত দোষ থাকিলে মিঠা মাতৰ গুণত সৰৱৰহী হ'ব পাৰি।(৩৭)
১২.মিঠা মাত ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা। গঢ়ত প্ৰতিমা বিতোপন হ'লেও, ৰহণ নলগালে শুৱনি নহয়। সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ নিদিলে সি মানুহৰ মনত সন্তোষ লগাব নোৱাৰে। মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰব ৰুগীয়াক দিয়ে।(৩৭)
১৩.কোনো কামত লৰালৰি কৰা উচিত নহয়, লৰালৰি কৰিলে কামত জোঁট লাগে আৰু দুদণ্ডৰ কামত চাৰি দণ্ড খৰচ হয়। যিমান লৰালৰি সিমান গহৰি, এই সাৰুৱা বচন সকলো দেশত চলিত আছে।(৪৫)
১৪.নিজৰাৰ সোঁতৰ নিচিনা মানুহৰ শ্ৰম সদায় চলি থাকিব লাগে। কেতিয়াবা এলাহত বহি থকা,আৰু কেতিয়াবা দেহ প্ৰাণ উছৰ্গি কাম কৰা উচিত নহয়। ছেগা-চোৰোকা শ্ৰমতকৈ ৰাহ লগোৱা শ্ৰমৰ গুণ সৰহ।(৪৫)
১৫.উগ্ৰ শ্ৰম উৎকট ব্যাধিৰ নিচিনা, সংসাৰ যাত্ৰীয়ে তাক সততে পৰিহাৰ কৰা উচিত। উগ্ৰ শ্ৰমৰ পৰা শৰীৰ ঘুণীয়া হয়, আৰু ভৱিষ্যতলৈ শ্ৰম কৰিব নোৱাৰা হয়।(৪৬)
১৬.দণ্ডিত বান্দৰ নাচে, এই কথা সঁচা, কিন্তু নাচন দেখিবলৈ ভাল নহয়। উৎসাহত নাচিলে হাতীৰ নাচনতো লয় ওলায়। সেইদৰে উৎসাহেৰে কৰিলেহে কাম সুসিদ্ধ হয়, চেলেংপেটোকৈ কৰা কাম বান্দৰী নাচনৰ নিচিনা আভঁজা। উৎসাহে টান কাম উজু কৰে, আৰু মানুহৰ বুদ্ধিৰ দুৱাৰ মেলি দিয়ে। উৎসাহ হেঁপাহৰ পৰা ওপজে হেঁপাহৰ দণ্ডিত মানুহে দুৰ্ঘোৰ সঙ্কটক ইতিকিং কৰি সহস্ৰ বিপদ হেলাৰঙ্গে তৰিব পাৰে।(৪৭)
১৭.'সোণৰ দ্ৰাৱক সুৱগা, কামৰ দ্ৰাৱক অভ্যাস।' সুৱগাৰ গুণত টান সোণ উতলে, অভ্যাসৰ গুণত টান কাম সিজে। হাতীৰ মূৰত খৰ মৰা আৰু ডোলৰ ওপৰত নাচন মৰা অভ্যাসত উজু হয়। 'অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।'(৪৯)
Comments
Post a Comment