ছবি আৰু শব্দৰ কথকতা❤️
এই বৰ্ষতেই আমালৈ অহা কেইটামান খুব ধুনীয়া মন্তব্য আপোনালোকৰ সৈতে ভগাই লোৱাৰ হেঁপাহ জাগিল।মন্তব্যসমূহ কোনে দিছিল ইয়াত উল্লেখ কৰা নাই।হয়তো পঢ়ি চালে,দিয়া সকলে নিজেই গম পাব।এই মন্তব্যসমূহ আমাৰ বাবে অফুৰন্ত প্ৰেৰণাৰ স্ৰোত,অন্তহীন আশীৰ্বাদ❤️এইবোৰৰ মাজতেই খেপিয়াই বিচাৰি ফুৰোঁ জীৱনৰ এটা ধুনীয়া অৰ্থ💛
ধন্যবাদ আৰু কৃতজ্ঞতাৰে...
উজ্জ্বয়িনী🌻
১.বৰ্তমানৰ ফেচবুকৰ বিতৰ্কৰ পৃথিৱীখনত এই পেজটো যেন প্ৰখৰ ৰ'দত এজোপা গছৰ শীতল ছাঁ। বাটৰুৱাও যেন ক্ষন্তেক ৰৈ যাবলৈ বাধ্য। প্ৰথমৰ পৰাই লগত আছো আৰু ভৱিষ্যতলৈও থাকিম।
২.ফেচবুক খুচৰি থাকোঁতে হঠাৎ চকু পৰা এখন পেজ, এটি আকৰ্ষণ আৰু এইয়াই আৰম্ভণি। কি যে ভাল লগা কথা আৰু ছবিৰে সমৃদ্ধ প্ৰতিটো পোষ্ট। আমাৰ দৰে শব্দ ভালপোৱা মানুহবোৰে এনেকুৱা কিবা এটা দেখিলেই ৰৈ যাওঁ। এই পেজখনো তাৰ ব্যতিক্রম নাছিল। পেজৰ স্ৰষ্টাক ধন্যবাদ আৰু অভিনন্দন।
৩.তোমাৰ প্ৰফাইলটো ভালকৈ চালোঁ , বৰ ভাল পালোঁ ছবি, বাক্য বোৰ পঢ়ি। প্রশান্তি দি গ'ল, আগুৱাই যোৱা।
৪.আপোনাৰ page টো মোৰ খুব আপোন ।সাধাৰণ নহয়, বৰ্তমানৰ সস্তীয়া জনপ্রিয়তা লাভৰ দৌৰৰ পৰা দূৰৈত ৰৈ আপোনাৰ এই প্ৰচেষ্টা অসাধাৰণ, অনন্য। আগুৱাই যাওঁক, অলেখ শুভাষা।
৫.নমস্কাৰ মই আপোনালোকৰ পেজৰ সকলোবোৰ ছবি আৰু লেখনিসমূহ পঢ়ো। মইও মোৰ ফোনত তুলি ৰখা কিছুমান ফটো দিব বিচাৰিছো। পাৰিম নে??
৬.ছবি আৰু শব্দৰ কথকতা-পেজটি আচলতে কোনে চলাই আছে?ইমান ধুনীয়া Post বোৰৰ আঁৰৰ ব্যক্তি গৰাকী কোন জানিবৰ মন যায়।
৭.আপোনাৰ এই অনন্য প্ৰয়াসে এদিন আকাশ চুমিব।শুভেচ্ছা।
৮.এই পেজটি দীৰ্ঘায়ু হওঁক।তাৰে কামনা কৰিছোঁ।
৯.ছবি আৰু শব্দৰ কথকতা-Sobi Aru Xabdar Kothokota আপুনি দিয়া প্রতিটো post প্রিয়। বৰ আগ্ৰহেৰে ৰৈ থাকোঁ নতুন post বোৰৰ বাবে।
১০.প্ৰতিটো post ভালদৰে চাওঁ।এটা এটা যেন ব্যতিক্ৰম।
১১.আপুনি কোন নাজানো.. কিন্তু মনত আবেগে হেঁচা মাৰি ধৰিলেই এই পেইজটো খুচৰি চাওঁ.. শব্দ আৰু ছবিবোৰৰ মাজতে নিজক বিচাৰি পোৱা দৰে লাগে। বহুত বহুত ধন্যবাদ আপোনাক।
১২.আপোনালোকৰ এই পেজটো মোৰ বহুত ভাল লাগে.. ফটোবোৰে মনত এক প্রশান্তি দি যিয়ে..মোৰো এনেধৰণৰ ফটো তোলাত বৰ চখ.. চেগ পালে মইয়ো সেই অতীতৰ স্মৃতিবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰো.. ইয়ালৈ মই ফটো পঠাব পাৰিবনে?
১৩.সুপ্রভাত তোমাৰ পৰা বহুত সাহস আৰু প্ৰেৰণা পাইছোঁ। তোমাৰ প্ৰতিটো শব্দ জীৱন জীয়াৰ মন্ত্ৰ। আমাৰ ছাত্র-ছাত্রী সকলক তোমাৰ প'ষ্টবোৰৰ কথা কওঁ। তেওঁলোকেও তোমাক অনুকৰণ কৰিছে। ভালে থাকা।
১৪.ইমান সৃষ্টিশীল ব্যক্তিত্বৰ আঁৰৰ মানুহজনক জনাৰ ইচ্ছা আছে।
১৫.এই পেজটো এতিয়া আন্ধাৰ বাটৰ জোনাকী পৰুৱা.. আঁৰৰ ব্যক্তিগৰাকীক জানিবলৈ সঁচা মন যায়..
১৬.সঁচাই বহুত ধুনীয়া পেজটো ক'ৰবাত হেৰাই যোৱা দিনবোৰ যেন ইয়াত বিচাৰি পাওঁ।
১৭.আপোনাৰ page টো মোৰ খুব আপোন।
১৮.How do you know my inner feelings?I'm asking the question cuz in almost every post I feel that you are just narrating my feelings that I have kept in deepest corner of my heart. You know I love the old things, as I think these things have some aestheticity that I can't find in moder architecture or any modern things. I love poems. Every time you post something the words are very poetic.I could write an essay but I think it will be enough to appreciate you.I really appreciate your works and wishing you best wishes to keep your work growing... Lots of love
১৯.খুব সম্ভৱ এবছৰ আগতে চিনাকি বাইদেউ এগৰাকীয়ে শ্বেয়াৰ কৰা হীৰুদাৰ কবিতাৰ পংক্তিৰ আঁত ধৰি পেজটো খুলি চাইছিলো। তাৰ পিছত এটা এটা প্রতিটো পোেষ্ট চাই আচৰিত হৈছিলো, ইমান ভাল লগা পেজটো জনচক্ষুৰ পৰা কেনেকৈ ইমান আঁতৰত ! নিজৰ ভাল লগাত এনেকুৱা বিষয়ত আগ্রহী মোৰ লগৰীয়া বিলাকৰ লগতো ভগাইছিলো। তাৰ পিছত আজি চাওঁতে চাওঁতে ইমান মানুহে আদৰি লৈছে। আচলতে ভাল কামবোৰৰ প্ৰচাৰ দেৰিকৈ হ'লেও হ'বই।এই শুভক্ষণত অলেখ শুভাষা, অনাগত দিনৰ খোজবোৰ আৰু দৃঢ় হওঁক, ভাল কামবোৰৰ প্ৰসাৰ হওঁক। ছবি আৰু শব্দৰ কথকতা উজ্জীৱিত হওঁক। তাৰেই কামনাৰে অভিনন্দন।
-পম্পী ভট্ট
২০.আমি কিন্তু পেজৰ স্ৰষ্টাৰ পৰিচয় জানিব খুজিছোঁ দেই.... পেজৰ স্ৰষ্টাকো এদিন দেখা পাম বুলি আশা ৰাখিছোঁ। বাকী অভিনন্দন জনালোঁ।
-সৃষ্টিপৰ্ণা ৰাজখোৱা
২১.বহুত বহুত শুভাষা,, ছবি আৰু শব্দৰ কথকতা দিগন্তলৈ প্ৰসাৰিত হওক,, প্রিয় স্ৰষ্টাৰ ভাবৰ জোলোঙাটি আৰু গধুৰ হওক,, জোলোঙাৰে পাহ পাহকৈ সৰি পৰক শব্দৰ এটি এটি মায়ালগা গোেন্ধ,, বোধহয় স্ৰষ্টাগৰাকী বৰ মাটিৰ মানুহ,, সেয়েহে হ'বলা প্রতিটো কথায়েই ক'ৰবাত কেঁচা কেঁচা গোন্ধ এটা থৈ যায়, লৈ যায়, ৰৈ যায়, বৈ যায়। মাটিগোঁসানী হৈ থাকক আজীৱন।
-স্বাগতা বৰা
২২.ইমান সৃষ্টিশীল ব্যক্তিত্বৰ আঁৰৰ মানুহজনক জনাৰ ইচ্ছা আছে।
-অংকিতা বৃত্তিয়াল
Comments
Post a Comment