বন্দৰ,কামিজ,বেলুন
বন্দৰ,কামিজ,বেলুন-চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত এখনি সৰু উপন্যাস।উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৯১ চনত।প্ৰকাশক আছিল উমা বৰঠাকুৰ।তিনিখন সৰু উপন্যাস একেলগে-তিনিওখনৰে নামকেইটা ওচৰ চপাই কিতাপখনৰ নামকৰণ কৰা হৈছে-বন্দৰ, কামিজ, বেলুন। এটা প্রাচীন কাহিনী, বাইবেল আৰু কোৰানৰ এটা আখ্যান, আন দুটা আজিৰ যুগৰ আখ্যানক লৈ উপন্যাসখন লিখি উলিওৱা হৈছে।
উদ্ধৃতি
১.এটা ডেকা ল'ৰাৰ, এটা বেহেলা বজোৱা ল'ৰাৰ চকু ইমান তীব্রভাবে কৰুণ হয় কিয়? কি ক'বলৈ বিচাৰে সেই অজলা চকুহালে?মোক একো নালাগে, মই একো নিবিচাৰো। মই তোমাক চাই থাকিবলৈ বিচাৰো। তোমালৈ চাই চাই মই নিজক পাহৰি থাকিবলৈ বিচাৰো। তুমি মোৰ বেহেলাৰ তাঁৰত বজা এটা সুৰৰ মূৰ্চ্ছনা। তুমি মোৰ সুৰে ৰচনা কৰা এটা ধুনীয়া সপোন-যি সপোনৰ কোনো অর্থ নাই,কোনো বাস্তৱ নাই।・・・(২২)
২.সঁচা জীৱনত ধুনীয়া হ'লেও, ধুনীয়া হোৱাৰ কোনো সার্থকতা নাই। ছবিৰ কাৰণে মই যি আগবঢ়াও, সি মোৰ দৈহিক সৌন্দর্য নহয়, সেইটো গৌণ, মই আগবঢ়াও মোৰ অকৃত্রিম অভিনয়, মোৰ শিল্পী হিচাপে থকা দক্ষতা আৰু পাৰদৰ্শিতা।(২৩)
৩.তুমি তুমি কিজানি নেজানা, বিয়া কৰোৱাৰ আগলৈকে ল'ৰাবোৰে কিছুদূৰ নিজে নিজে চলিব পাৰে, বিয়াৰ পিছতহে বুজা যায় মতা মানুহবোৰ কিমান অসহায়, নিজ ভাৰ্য্যাৰ ওপৰত কিমান নির্ভৰশীল।”"সচাকৈয়েনে বাৰু?"বিয়াৰ পিছত তুমি নিজেই বুজিব পাৰিবা। বিয়াৰ পিছত ভদ্র- লোকে পৰিবাৰ গৰাকীৰ নিজৰ কাপোৰকানি, টকাপইচা, জোতা- মোজাৰে নহয়, নিজ সুখ-দুঃখ, নিজৰ ৰুচি-বিৰুচি সকলোৰে কাষ্টডিয়ান কৰি, নিজৰ মুৰ কামোৰনিটোও পত্নীক সমর্পন কৰি, এটা সৰু ল'ৰাৰ নিচিনাকৈ থাকি যাবলৈ বিচাৰে।"(৩৭)
৪.মই গোটেই পৃথিৱীখনকে ভাল পাব নেজানো। মোৰ দুয়ো হাত -মেলি যাকে বুকুৰ মাজলৈ চপাই ল'ব পাৰো, তাকে মোৰ নিজৰ বুলি ভাল পাম।(৪১)
৫.লাৱন্যই হাত দি পৰাশৰ ফুকনৰ মুখখন জপাই ধৰিলে। আৰু সৰু সৰুকৈ ক'লে, "সাগৰখনৰ ৰংটো কেনেকুৱা হৈছে চাওকচোন। হৃদয়ৰ ৰং, মানুহৰ মৰমৰ ৰঙো বাৰু ৰাতিৰ সাগৰৰ ৰঙৰ নিচিনাই নেকি ?দুয়ো ক্রমে গভীৰ ৰহস্যৰ ধূসৰতাৰ বুকুত সোমাই পৰা সাগৰখনৰ ফালে নিৰবে চাই থাকিল। আকাশ আৰু সাগৰৰ সীমাৰেখাডাল নোহোৱা হৈ গৈছে। বিয়পি পৰিছে এটা কজলা ৰং।সেই ৰংটো যেন মানুহৰ কলিজাৰ ৰং।(৪২)
৬.জীৱনৰ লক্ষ্যস্থলত সৌভাগ্যবানে পায় প্রশস্ত ৰাজপথ, কোনোবা দুর্ভগীয়াই পায় কণ্টকাকীর্ণ, ভয়াল অৰণ্যপথ। সংঘাত সঙ্কটময় পথকে ইউচুফে বাছি ললে-আনন্দ মনেৰে।(৮৭)
৭.দৰিদ্ৰই সপোন দেখে, ভিখাৰীয়ে সপোন দেখে, ৰজা-সম্রাটেও কেতিয়াবা সপোন দেখে।সপোন ৰাজ্যখনৰ দুৱাৰ সকলোৰে কাৰণে সদায় মুকলি।(৯১)
৮.আকাশৰ বুকত এজাক নতুন পোহৰৰ জিকমিকনি জিলিকি উঠিল। তাৰ পোহৰত ইউচুফৰ অপৰূপ ধুনীয়া চকু-মুখ উজ্জ্বল হৈ উঠিল। আৰু দীপ্ত হৈ উঠিল বৃদ্ধ হজৰত ইয়াকুবৰ মুখ, য'ত এটা জীৱন-স্বপ্ন পূর্ণ হোৱাব তৃপ্তি বিৰিঙি উঠিছিল।(১০৬)
৯.দেৱেনে ক'লে, 'আমাৰ অসমীয়া মানুহ নাম ৰখাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে আটাইতকৈ এডভান্সড। ধৰি লোৱা, এখন ঠাইৰ নাম এটা দিব লাগে। ইফালে সিফালে চালে দেখিলে এজোপা বুঢ়া আমগছ থিয়হৈ আছে। চিন্তা কৰিবৰ কি আছে, গাঁওখনৰ নাম হওক- আমগুৰি। কঠাল গছ আছে যদি কঠালগুৰি, আঁহত গছ আছে যদি আহতগুৰি, বাঁহনি আছে যদি বাঁহগুৰি, চাম গছ আছে যদি চামগুৰি, টেপৰ গছ যদি টেপৰ-তলি, কেন্দু আছে যদি কেন্দুগুৰি, তেনেকৈ শিলিখাগুৰি, জৰাগুৰি, নেমুগুৰি, ভলুকাগুৰি গছজোপা আছে আৰু নাম বিচাৰি অন্য ক'ৰবালৈ যাবৰ কি দৰকাৰ?নহলে গুৰি, তল, আগ এইবোৰ নিবিচাৰি কৈ দিয়া-শালনী, নাহৰনি, কৰৈয়নী, বিৰিঙানি, পিতনি,...'(১১৭)
Comments
Post a Comment