অৰ্থপূৰ্ণ জীৱনৰ সাধনা❣️


 অৰ্থপূৰ্ণ জীৱনৰ সাধনা


"জীৱন মানে এক অন্তহীন সন্ধান, এক বিশৃংখল  শব্দৰ অভিধানৰ পৰা, তুমি কেৱল বিচাৰিয়ে আছা তোমাৰ ইপ্সিত শব্দটো, তাৰ নামেই জীৱন।"

~অনুৰাধা শৰ্মা পূজাৰী।

জীয়াই থকাৰ নামেই জীৱন নহয়।আমি আমাৰ জীৱনৰ অৰ্থক লৈ প্ৰায়েই বিব্ৰত হওঁ।এটা সময়ত মানুহৰ জীৱনক জনাৰ ইচ্ছা, নিজক ওচৰৰ পৰা জনাৰ ইচ্ছা প্ৰৱল হয়।এককথাত, প্ৰায় প্ৰতিজন লোকেই আমাৰ জীৱনৰ অৰ্থনো কি?এই প্ৰশ্নৰ মুখামুখি নিজৰ ওচৰতেই হয়।এইয়া জীৱনে প্ৰদান কৰা মহার্ঘ অভিজ্ঞতা।প্ৰাৰম্ভিক অৱস্থাত ভাল চাকৰি,অট্টালিকা, দামী গাড়ী,উচ্চপদস্থ পদবী এইসমূহৰ মাজতেই আমি জীৱনৰ অৰ্থ বিচাৰি চলাথ কৰোঁ।সময়ৰ গতিশীলতাত জীৱনে কিছু পৰিপক্কতা পোৱাৰ পিছত এই উপলব্ধি হয় যে এটাৰ পিছত আনটো প্ৰয়োজন পূৰণ কৰাৰ পিছতো  যেন কোনো এটা প্ৰয়োজনেই আত্মিক সুখ খিনি আমাক দিব পৰা নাই।লাহে লাহে বস্তুবাদী,ভোগ বিলাসৰ পৃথিৱীৰ পৰা নিজকে উলিয়াই আনি মানুহে নতুনকৈ জীৱনৰ অৰ্থৰ অনুসন্ধান কৰে।স্থায়িত্ব নথকা কথাবোৰৰ পৰা নিজক নিলগাই নকৈ জীৱনৰ অৰ্থৰ সন্ধান কৰে।লাহে লাহে উপলব্ধি হয়,এই পৃথিৱীত কেৱল কামবোৰ স্থায়ী হয়।বাকী সকলো মোহ মায়া,এই আছে,এই নাই।ইন্দ্রিয় সুখানুভূতি, ধন-সম্পত্তি আৰু যশ-প্রতিপত্তিয়ে মানুহক কেৱল সাময়িক সুখ-সন্তুষ্টিহে প্ৰদান কৰিব পাৰে৷এইসমূহে জীৱনক এক দীৰ্ঘম্যাদী অৰ্থ প্ৰদান কৰাত বিফল হয়।এই উপলব্ধি হোৱাৰ পিছত জীৱনক চোৱাৰ এক নতুন দৃষ্টিভংগী আৰম্ভ হয়।জীৱনৰ পৰিসৰ সম্প্ৰসাৰিত হয়।জীৱনে পথ সলায়।এৰিষ্টটলে তেওঁৰ নিকোমাচিয়ান নীতি (Nicomachean Ethics) নামৰ গ্রন্থত বিমল আনন্দ প্ৰাপ্তিৰ উপলব্ধিক মানৱ জীৱনৰ পৰম উদ্দেশ্য বুলি গণ্য কৰিছিল৷ 


কেৱল নিজলৈ অৰ্জা খ্যাতি, অৰ্থপূৰ্ণ জীৱন হ'ব নোৱাৰে।যিজন ব্যক্তিয়ে নিজৰ জীৱনটো ব্যক্তিগত খ্যাতি, পদবী ইত্যাদিৰ সংকীৰ্ণতাৰ পৰা নিজকে নিলগাই আনি আনৰ বাবে কিবা এটা কৰাৰ সপোন দেখা নাই,সৰলতাৰ মূল্য বুজা নাই,সেই জীৱন কেতিয়াও সাৰ্থক জীৱন হ'ব নোৱাৰে।নিজতেই সীমাবদ্ধ জীৱনে মানুহক নিজতকৈ সৰু কৰে।জীৱনৰ সফলতা,বিফলতাই জীৱনৰ অৰ্থ নিৰ্ধাৰণ নকৰে।বৰং এইসমূহ জীৱন নামৰ যাত্ৰাৰ একোটা অংশহে।জীৱনৰ অৰ্থ নিহিত হৈ থাকে কৰ্মত, আত্মিক সন্তুষ্টিত।নিজক পাৰ হৈ সপোন দেখা মানুহবোৰে জীৱনক এক সুকীয়া অৰ্থ প্ৰদান কৰে।কামবোৰেই মানুহক স্থায়িত্ব দিয়ে,নিজক আনৰ পৰা পৃথক কৰে।কামবোৰেই মানুহক ধুনীয়া কৰে।আৰু কামবোৰেই এগৰাকী ব্যক্তিৰ অনুপস্থিতিত কথা কয়। সংকুচিত জীৱনৰ কামনা কেতিয়াও কাৰো কাম্য নহয়।আমি প্ৰতিজনেই সমাজৰ বাবে,দেশৰ বাবে,দহৰ বাবে কামত অহা একোজন মানুহ হোৱাটোৱেই আমাৰ জীৱনৰ অৰ্থ হ'ব লাগে,পোহৰৰ পথৰ সন্ধান কৰিব লাগে।সফলতা আৰু আনন্দ একেই নহয়।বহুসময়ত আমি এই দুয়োটা শব্দকে একাকাৰ কৰোঁ।কৰ্মই আনন্দ,আনন্দই ভগৱান।এটাই জীৱন,তাক আমি ঘঁহি পিটি শ্রেষ্ট জীৱন কৰি তুলিব লাগে।


জীৱনত সৰুৱেই হওঁক বা ডাঙৰেই হওঁক এটা দীৰ্ঘম্যাদী সৎ উদ্দেশ্য থকাৰ দৰকাৰ,এটা সাঁচতীয়া ইচ্ছাৰ দৰকাৰ।যি উদ্দেশ্যই/ইচ্ছাই জীৱনক এটা অৰ্থ প্ৰদান কৰিব।জীৱনৰ প্ৰতিটো প্ৰকল্প সেই উদ্দেশ্যৰ সৈতে জড়িত হ'ব।তাক বহল অৰ্থত 'দৃষ্টি' বা 'vision' বুলি ক'ব পাৰোঁ।যি দৃষ্টিয়ে আমাক নিজতকৈ ডাঙৰ কৰি তুলিব,সীমাবদ্ধ জীৱন এটাৰ পৰা আমাক তুলি ধৰিব,সংকীৰ্ণতাৰ পৰিৱৰ্তে বিশালতাৰ বাট দেখাব।কেৱল লক্ষ্যই মানুহক সীমাবদ্ধ কৰে।কিন্তু দীৰ্ঘম্যাদী উদ্দেশ্যই যাত্ৰাৰ অনন্য সোৱাদ দিয়ে।সময়ক সোণ কৰিম নে ধূলি কৰি উৰুৱাই দিম সেই বাঘজৰী আমাৰ হাততেই আছে।ফলাফলৰ কথা পৰিহাৰ কৰি আমি সময়ক সোণ কৰিব পাৰোঁ আমাৰ কৰ্মৰে,দীৰ্ঘম্যাদী সৎ উদ্দেশ্যৰে।


ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে তেখেতৰ আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত লিখিছে-

"জীয়াই থকাৰ নামেইতো জীৱন নহয়- যদিহে উপলব্ধি নাথাকে। জীয়াই থকাৰ আনন্দ উপলব্ধিতহে। মানুহ আহাৰেৰে জীয়াই নাথাকে, কাপোৰেৰে জীয়াই নাথাকে, প্রাচুর্যৰেও জীয়াই নাথাকে- যদিহে নাথাকে উপলব্ধি। সামাজিক বৈষম্য, মানুহে মানুহক কৰা উৎপীড়ন, নিষ্ঠুৰতা দেখি, অদৃষ্টৰ পৰিহাস দেখি, যদি নাকান্দিলো, আর্ত মানৱাত্মাৰ হাহাকাৰেই যদি শুনিবলৈ নিশিকিলো, মোৰ অন্তৰ যদি শোকত তিতি নাথাকিল, মোৰ কিবা উপলব্ধি হ'লনে? মই কেউকাষৰ সকলো তৰপৰ দুখত কান্দিব পাৰিব লাগিব, সহস্ৰজনৰ আনন্দত অন্তৰ উজাৰি হাঁহিব পাৰিব লাগিব, মোৰ দেহটো সত্য নহয়। আত্মা আৰু মনটোহে সত্য। মোৰ আত্মাৰ সামান্য পোহৰ যদি অনন্ত পোহৰৰ প্ৰতি উদ্বাউল হৈছে, মোৰ মন যদি মানৱাত্মাৰ মুক্তিৰ (বিবিধ যন্ত্ৰণাৰপৰা) কাৰণে উধাও হৈছে তাতেই মোৰ জীৱনৰ সাৰ্থকতা। মোৰ একোটা গীতৰ কলিয়ে যদি উচ্চস্তৰৰ অকণ পোহৰৰ বতৰা দিব পাৰে মাদকতাময় অকণ সুবাস বিলাব পাৰে, সামান্যৰ মাজতে থকা অসামান্যক চিনাব পাৰে, প্ৰকৃতিৰ মাজত থকা ৰহস্য আৰু ঐশ্বৰ্যৰ বাতৰি দিব পাৰে জীয়াই থকাটোকে ধন্য নকৰিবনে? আমি যেতিয়া জীয়াই থাকিবই লাগিব আহা, অর্থপূর্ণভাৱে, সমূহৰ সুখ-দুখ নিজৰ বুকুলৈ আনি জীয়াই থাকোঁ।"

মানৱ জীৱন, জীৱনৰ প্ৰতিটো ক্ষণ বৰ মৰম লগাকৈ ধুনীয়া।ক'ৰবাত পঢ়া মনত পৰে-"কৰ্মী লোকসকলৰ অৱসৰ সময়ৰ সুৰুঙাখিনি হেনো চালনীৰ ফুটাৰ দৰে নহয়,বাঁহীৰ ফুটাৰ দৰেহে...।"এই জীৱনত আমৃত্যু নিজৰ চাপ ৰাখি থৈ যাব পৰাটোও কম সৌভাগ্যৰ কথানে?কৰ্মী,জীৱ্নমুখী মানুহবোৰে যেন তাৰ বাবেই কৰে শত আয়োজন।নিজৰ কৰ্মক,নিজৰ চিন্তাক প্ৰসাৰিত কৰি তেওঁলোকে নিজেই মহাজীৱনৰ আধাৰশিলা নিৰ্মাণ কৰে।জীৱন মানে কেৱল এটা চাকৰি নহয়,ডাঙৰ পদবী নহয়।জীৱন আন বহু কিবা কিবিৰ সমষ্টি।জীৱনৰ অৰ্থ বিশাল।আনৰ বাবে উৎসৰ্গিত জীৱনৰ মাদকতা সুকীয়া।

আহক,আমি আমাৰ জীৱনক এক অৰ্থ প্ৰদান কৰোঁ, এটা সৎ উদ্দেশ্যৰে সৈতে জীয়াই থকাৰ কচৰৎ কৰোঁ ঠিক আজিৰ পৰাই।

উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)