আধা লেখা দস্তাবেজ
আধালেখা দস্তাবেজ,অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস।তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী।গ্ৰন্থখনিৰ প্ৰথম প্ৰকাশ হৈছিল-১৯৮৮ চনত।
উদ্ধৃতি
১.এই সুন্দৰ নয়ন তোমাৰ শৰীৰৰ প্ৰদীপ। তোমাৰ নয়ন সৰল হ'লে সমস্ত শৰীৰ দীপ্তিমান হ'ব-কিন্তু তোমাৰ নয়ন মলিয়ন হ'লে তোমাৰ শৰীৰ অন্ধকাৰময় হৈ পৰিব। তোমাৰ হৃদয়ৰ দীপ্তিক যদি অন্ধকাৰে ঢাকি ধৰে তেনেহ'লে তুমি কোন পথেৰে গমন কৰিবা?(১৫)
২.আৰু কত প্রিয়জন আঁতৰি গ'ল। শৰীৰৰ তেজৰ স্রোতৰ সৈতে মিহলি থকা সম্বন্ধ সেইবোৰ!!হৃদয়ৰ কত তৰপ পিঁয়াজৰ তৰপৰ দৰে এতৰপ-দূতৰপকৈ খহি পৰিল। কত নতুন নতুন মুখ আহিল, নতুন সম্বন্ধ আহিল; কিন্তু কোনেও মনৰ সেই পুৰণা অদৃশ্য সঙ্গীক ধ্বংস কৰিব নোৱাৰিলে। পুৱা সূর্য উদয়ৰ সময়তো মই হতাশা আৰু দুঃখবোধৰ চিকাৰ হৈছিলো। যি সময়ত মানুহে নতুন পোহৰ ৰশ্মিৰ পিছে পিছে যাত্ৰা কৰাৰ ইচ্ছা প্রকাশ কৰে, সেই সময়ত মই যেন কবৰস্থানৰ কবৰৰহে লেখ- জোখ লৈছিলো।(১৯)
৩.জ্যোতিষীসকলে ক'লে-বৰ বেয়া দিন পৰিছে ছোৱালীজনীৰ আৰু বা কি দিন আহে? মাই পেটে পেটে অত্যন্ত ভয় খালে। কত গণক, কত তান্ত্ৰিকৰ ওচৰলৈ গ'ল তেওঁ। সকলোৱে একে স্বৰেৰে যেন আটাহ পাৰি উঠে- "বৰ বেয়া সোঁৱৰণী।বৰ বেয়া সোঁৱৰণী? এগৰাকী পণ্ডিতে মাক মুখৰ আগতে ক'লে- "এইজনী ছোৱালী বিয়া দিয়াতকৈ দুটুকুৰা কৰি কাটি পানীত ভহাই দিয়াই ভাল হ'ব।" মই তেওঁৰ ওচৰত থিয় হৈ আছিলো। মাই জ্যোতিষীগৰাকীক ক'লে- "কেন্সাৰ বেমাৰীৰ মুখৰ আগত কোনেও কেন্সাৰ বেমাৰ হোৱা বুলি নকয়। আপুনি ধৰণৰ জ্যোতিষী, আপুনি তাইৰ মুখৰ আগত তেনেকৈ ক'লে?"ভয়ানক ৰ'দত মাই মোৰ লগত হেফাই-ফোঁপাই নৱগ্রহলৈ গৈছিল। মাক তেওঁ
কি উত্তৰ দিছিল মনত নাই। কিন্তু শেষলৈ এই জ্যোতিষীগৰাকী কিছুদিনৰ বাবে মোৰ প্রিয় শিক্ষকৰ দৰে হৈ পৰিছিল। তেওঁ মোক শিক্ষা দি কৈছিল- "তুমি ইচ্ছা কৰিলে পাহাৰ বগাব পাৰিবা। তোমাৰ মাজত মই অধ্যৱসায়ৰ জ্যোতি দেখা পাইছো। তুমি
পাহাৰ বগাব পাৰিবা আৰু তুমি..." তেওঁ কিছুমান বৰ প্ৰশংসামণ্ডিত শব্দ ব্যৱহাৰ কৰিছিল, মোৰ ভাগি পৰা মন সজীৱ কৰিবৰ বাবে হয়তো হঠাৎ তেওঁ সজাগ হৈ পৰিছিল।(২২)
৪.১৯৬৩ চনৰ চ'ত মাহত মাধবেন ৰয়ছম আয়েঙ্গাৰে মোক বিয়াৰ প্ৰস্তাৱ দি ক'লে-"তোমাক মই ইয়াৰ পৰা লৈ যাব খোজো। তুমি মোৰ লগে লগে ব্রান্সবোৰত ঘুৰি ফুৰি শ্ৰমিকৰ কাহিনী লিখিব পাৰিবা। সিহঁতক একেবাৰে ওচৰৰ পৰা চাব পাৰিবা।"মই তেওঁৰ চকুলৈ মূৰ তুলি চালো। তেওঁ আকৌ ক'লে-"হয়। মই তোমাৰ বাবে অনেক দিন অপেক্ষা কৰিছো। যোৱা তিনি বছৰে মই তোমাৰ বাবে অপেক্ষা কৰিছো। আমাৰ বিয়াত তোমাৰ ঘৰৰ নিশ্চয় আপত্তি থাকিব। তথাপি মই তোমাৰ মাৰাক লগ ধৰিম।মাধবেন বয়ছমে মাক লগ ধৰিছিল। মায়ে তেওঁক প্রচণ্ড তিৰস্কাৰ কৰি ওভতাই পঠিয়াইছিল।(২৭)
৫.মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে-মানুহেই মানুহক নতুন জীৱন দান দিব পাৰে। পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে।(৩৩)
৬.ৰিক্সাত উঠি বজাৰলৈ যোৱা আৰু এই গার্ডিনেলৰ বড়িবোৰ জমা কৰা এয়ে হৈছিল মোৰ কাম। যি ভেনিটি বেগত মাধু জীয়াই থকা সময়ত লিপষ্টিক, ৰুমাল আৰু আতৰৰ বটল আছিল সেই ভেনিটি বেগত লাহে লাহে এই নিদ্ৰাৰ ভয়ানক বড়িবোৰ এটা-দুটাকৈ গোট খালে। এই নিদ্ৰাৰ বড়িবোৰৰ তলত অৱশ্যে মোৰ সৰু নোটবহীখন একে ভাঁজে আছিল। এই নোটবহীত মই অনেক কথা টুকি ৰাখিছিলো।গোটেই জীৱন মই নোটবহী কঢ়িয়াই লৈ ফুৰিছিলো, আৰু যেতিয়াই সুযোগ পাইছিলো তেতিয়াই নতুন নতুন অভিজ্ঞতাৰ কথা এই নোটবুকত টুকি ৰাখিছিলো। দুই-এটা শাৰীৰে কথাবোৰ এনে ধৰণে টুকি ৰাখিছিলো যাতে মোৰ বাহিৰে এই কথা আৰু কোনেও বুজি নাপায়। এৰা, যি সময়ত মূৰৰ আকাশখন ভালদৰে চাব নোৱাৰিছিলো, যি সময়ত পিতাৰ পুৰণা ফ'র্ডে উৰোৱা ধূলিৰ স্মৃতিয়ে সম্মুখৰ জীৱনৰ আলিৰ নাম- নিচান পর্যন্ত ধূসৰিত কৰি ফুৰিছিল সেই সময়তো এই নোটবুকত কথা টুকি ৰাখিবলৈ নেপাহৰিছিলো।(৮১)
৭.১৯৬৯ চনৰ আগষ্ট মাহত মই বৃন্দাবনলৈ ওলালো। ইতিমধ্যে মোৰ শিক্ষাগুৰু স্বর্গীয় অধ্যাপক উপেন্দ্র নাথ লেখাৰুদেৱে বৃন্দাবনৰ পৰা কেইবাখনো চিঠি আৰু টেলিগ্রাম দিছিল-তেওঁৰ তলত গৱেষণা কৰিবলৈ আমন্ত্রণ জনাই। মাধুৰ মৃত্যুৰ পাছত মনৰ এক অদ্ভুত অৱস্থা হৈছিল। কাৰণ কাষত কোনোবাই অহৰহ যেন গুণগুণাই আছিল-এনেদৰে বহি থাকিলে জীৱন বৰফৰ দৰে গোট মাৰি যাব। যুদ্ধ কৰা আৰু আগুৱাই যোৱা। যুদ্ধ কৰা আৰু আগুৱাই যোৱা ।(১০১)
৮.মই খিৰিকিৰ ওচৰত আঁঠু কাঢ়ি বহি বৃন্দাবনৰ আকাশলৈ চোৱাৰ চেষ্টা কৰিছিলো। মাধুৰ মৃত্যুৰ পাছত মূৰৰ ওপৰৰ আকাশ চাব নোৱাৰিছিলো। মাধুৰ সৈতে মোৰ বিয়া হোৱাৰ তিনি বছৰ পাৰ হৈ গৈছিল।অন্ধকাৰ খুপৰিটোৰে কেতিয়াবা কেতিয়াবা মই বৰ বিচিত্র আকাশ দেখিছিলো। মন্দিৰৰ ওপৰৰ এই আকাশত কেতিয়াবা ধোঁৱাবৰণীয়া আৰু ৰঙা মেঘে ভৰি পৰিছিল। ভাব হৈছিল সেইবোৰ যেন ধোঁৱাবৰণীয়া মেঘ নহয়, সিকন্দৰ লোডী আৰু আউৰঙ্গজেৱে ধ্বংস কৰি যোৱা ব্ৰজৰ মন্দিৰৰ ধ্বংসাৱশেষ। সিঁচৰতি হৈ পৰি থকা ক'লা মেঘৰ টুকুৰাবোৰ খণ্ড খণ্ড হৈ ভাঙি পৰা মূৰ্তিৰ দেহৰ টুকুৰা, আৰু ৰঙা মেঘবোৰ? মন্দিৰৰ ভগ্ন দুৱাৰেদি বৈ অহা পূজাৰীৰ কেঁচা তেজৰ স্রোত।কেতিয়াবা আকৌ ভাব হৈছিল মন্দিৰৰ ওপৰৰ এই আকাশ এখন গুলীবিদ্ধ পহুৰ ছাল। ৰঙা মেঘবোৰ পশুৰ তেজৰ স্রোত। বৰ বিচিত্র ভাব হৈছিল সেই সময়ত। কেতিয়াবা ডাৱৰৰ মাজত লুকা-ভাকু খেলা আকাশৰ চন্দ্ৰকো দেখিছিলো। কছাইৰ দোকানত ওলমাই থোৱা মঙহ এটুকুৰাৰ দৰে মন্দিৰৰ ওপৰত ওলমি আছিল।(১২৬)
৯.সুর্যই লাহে লাহে যমুনাৰ বালিত মুখ লুকুৱাৰ আয়োজন কৰিছিল। আকাশত ৰঙা ডাৱৰ ভৰি পৰিছে। এৰা, সৌৱা সূর্য স্বৰূপ প্রকাণ্ড অগ্নিপিণ্ডটোরে যেন ঈশ্বৰৰ নগৰত জুই জ্বলাই যমুনাৰ বুকুত মুখ লুকুৱাবৰহে আয়োজন কৰিছে। বৰ সুন্দৰ, বৰ মনোমোহা বতৰ। সন্মুখৰ মন্দিৰৰ বাপী কুঁৱাটোৰ পাৰত থকা প্রকাণ্ড নিমগছ জোপাত বান্দৰ এজাকে লুটি-বাগৰ কৰি আছে। ৰান্ধনি ৰ'দৰ শেষ পোহৰে আখাৰাৰ কাৰুকার্যখচিত, অথচ ধহি-খহি যাবলৈ আৰম্ভ কৰা বাটঘৰটোক এক অন্য ৰূপ প্ৰদান কৰিলে। ইয়াৰ সূক্ষ্ম কাৰুকাৰ্যবোৰত বুঢ়া সূর্যই যেন সোণৰ গুড়িহে ছটিয়াই দিলে-এনে ভাব হ'ল। মই মন্দিৰৰ চিৰিত বহি এই সকলো কথা নিৰীক্ষণ কৰি আছিলো।...(১৭০)
তথ্যসূত্ৰ
গোস্বামী, ৰয়ছম,মামণি(২০১১)।আধা লেখা দস্তাবেজ।চন্দ্ৰ প্ৰকাশ
Comments
Post a Comment