মই আৰু নেফা

ইন্দিৰা মিৰিৰ মই আৰু নেফা,ইন্দিৰা মিৰিৰ আত্মজীৱনীমূলক গ্ৰন্থ। তেখেতৰ মৃত্যুৰ পিছত ড° তনয় জ্যোতি দুৱৰা  আৰু ড° বিতোপন দাৱই এই গ্ৰন্থখনিৰ সম্পাদনা কৰিছিল।২০০৩ চনত অসম বুক ট্ৰাষ্টে গ্ৰন্থখনিৰ প্ৰথম প্ৰকাশ কৰিছিল।

উদ্ধৃতি

১.আজি ৯০ ৰে দেওনাত ভৰি দি উপলব্ধি কৰিছোঁ-

বর্তমান - অর্থহীন

অতীত সত্য

ভবিষ্যৎ- নাই

২.আজি মোৰ বৰ্তমান সকলো কর্মেন্দ্রিয় নিষ্ক্রিয়, কাণেৰে নুশুনো, চকুৰে নমনো, মনেৰে ভাবিব নোৱাৰোঁ, পাণিপদ অচল।ভৱিষ্যৎ- আশু অন্তিমৰ অপেক্ষাত। এক জড় দেহত অকল শুনা- নুশুনা দুর্বল হৃদস্পন্দনেহে জীয়াই থকাৰ সংকেত দিছে। যেতিয়া জীৱন শুকাই গৈছে, জীৱনৰ সকলো মাধুৰী ম্লান হৈ গৈছে, তেতিয়া সেই শুকান নিৰস জীৱন অনুৰিত কৰি ৰাখিছে অকল অতীত স্মৃতিৰ ফাল্গুনীয়ে, আগুৱাই লৈ গৈছে ক্ষীণ প্রাণশক্তিক অন্তিমলৈ।

৩.অতীত- কোনে কয় অতীত মৰিল, গ'ল? অতীত সত্য। স্মৃতি মাথোঁ ৰৈ যায় অতীত কাহিনী গাই নিজৰ আৰু মৰণোত্তৰ নিকটজনৰ। সেয়েহে আজি অন্তিম কালত ইন্দ্রিয়-শূন্য, আগ্রহ-ৰহিত হৈয়ো মই মোৰ ক্ষীণ অতীত সুঁৱৰিছোঁ।

৪.অতীতত কোনো দিনেই ভবা নাছিলোঁ যে অতীত সত্য। মানুহৰ শেষ নিশ্বাসলৈ অতীতেহে জীয়াই ৰাখে। সেয়েহে অতীত কেতিয়াও সাৰথি থ'বলৈ নহ'ল। স্মৃতি বিক্ষিপ্ত হৈ অ'ত ত'ত পৰি থাকিল। আজি তাকে বুটলি লিপিবদ্ধ কৰিছোঁ- 'মই আৰু নেফা'।

৫.মই নিলিখোঁ। লিখিবলৈ টান পাওঁ। লিখনত বহুত বাধা- শব্দ চয়ন, বানান, বাক্যৰ গাঁথনি, যতি আদি, ভাব, ভাষা, প্রকাশভংগী ইত্যাদি সকলোতেই মোৰ কেৰোণ। সেয়ে কেতিয়াও লিখা নহয় আৰু সেইবাবেই কেতিয়াবা কিবা লিখিম বুলি কোনো সমলো কেতিয়াও গোটোৱা নহ'ল। কিন্তু আজি বন্ধু- বান্ধৱ, আত্মীয়-স্বজনৰ সাগ্ৰহ অনুৰোধ এৰাব নোৱাৰি, বিশেষকৈ মোৰ ভতিজা ল'ৰা শ্ৰীমান লাবু সেনাপতিৰ আন্তৰিক তর্জন-গৰ্জনৰ 'লিখানা, নিলিখা কিয়' আদিৰ মিঠা গাজনিবিলাক এৰাব নোৱাৰি মোৰ হেৰাই যোৱা অতীত স্মৃতিকে ভিত্তি কৰি লিপিবদ্ধ কৰিলোঁ- 'মই আৰু নেফা'।

৬.সকলোৰেই এৰি অহা দিনবিলাক নানা ৰঙৰ। কাৰো বা ৰং বেছি কাৰো কম, কাৰোৰ কোনোবাটো ৰং বৰ ডাঠ-কোনোবাটো আকৌ বৰ পাতল। আকৌ কাৰো কোনোবাটো ৰং বৰ উজ্জ্বল। কাৰো বা বৰ নিষ্প্রভ। পৃথিৱীত বোধহয় কাৰোৰ জীৱনেই এটা ৰঙৰ নহয়। ৰঙৰ সংখ্যা কম হ'ব পাৰে, কিন্তু এটা ৰং নহয়। সোণালী, ৰূপালী, সেউজ, সুনীল, বগা, ৰঙা ৰঙেৰে মানুহৰ এৰি অহা দিনবিলাক সঁচাই আকর্ষণীয়, বৰ সুন্দৰ। ই যেন গোলাপৰ সুগন্ধ। ফুল সৰিলেও তাৰ সুৰভি বনে বনে ঘুৰি ফুৰে।(১৯)

৭.সুখৰ, দুখৰ, হৰ্ষ-বিষাদৰ যি ৰঙৰেই দিন নহওক, এৰি অহা সকলো ৰঙৰেই দিন বিলাকৰ এটা এৰিব নোৱৰা চৌম্বিক আকর্ষণ আছে। এৰি অহা উজ্জ্বল ফটফটীয়া দিনবিলাকে যেনেকৈ হাত বাউল দি মাতে, ম্লান মলিন ডাৱৰীয়া বতৰ বিলাকেও জানো তেনেদৰেই নামাতে? মনবিলাক অজানিতে গুচি যায় লোঁহাৰ সজাত ভৰাই ধৰি ৰাখিব নোৱৰা সেই ফৰকাল আৰু ডাৱৰীয়া দিনবিলাকলৈ, ৰচনা কৰে এক অপূৰ্ব সৰগ যাৰ পৰা মনক কোনো ৰকমে কোনেও বঞ্চিত কৰিব নোৱাৰে। মোৰো মনটোৱে আজি সেই সৰগ ৰচনাৰ আশাৰে উভতি চাইছে বহুত দিনতে এৰি অহা মোৰ নানা ৰঙৰ দিনবোৰলৈ।(১৯)

৮.পুৱাৰ ক্ৰমে সোণালী হৈ অহা হেঙুলীয়া বেলিৰ জ্যোতিৰে জিলিকি ধাননি পথাৰবোৰে মোক চা মোক চা ৰূপ ধৰে। ক'তো বাধা নোপোৱা চকুৰ দৃষ্টি যোৱালৈকে অনন্ত ধাননি, অন্তহীন মুকলি পথাৰ। মুকলি আকাশৰ তলত মুকলি ধাননিত ঢৌ খেলি যায় পুৱাৰ মুকলি বতাহ।(৪১)

৯.জীৱনৰ সকলো সার্থকতাৰ পম খেদি পোৱা জন্মৰ প্ৰথম শুভলগ্নৰ আনন্দেৰে জীৱনৰ সকলো সংঘাতৰ পম খেদি পোৱা জন্মৰ অশুভ লগ্নৰ বিষাদেৰে আৰম্ভ কৰা মোৰ অতীতৰ স্মৃতিৰ অস্ফুট প্রতিধ্বনি সামৰিলো।(১৭০)

১০.মোৰ লিখাৰ অভ্যাস নাই। সেয়েহে কেতিয়াবা কিবা লিখিম বুলি সমলো কেতিয়াও গোটোৱা নাই। কিন্তু এতিয়া দেখিছো জীৱন যেতিয়া শুকাই যায়, জীৱনৰ সকলো মাধুৰী যেতিয়া ম্লান হৈ যায় তেতিয়া অতীতৰ স্মৃতিৰ সুধাসিন্ধুৱে শুষ্ক জীৱন সজীৱ সৰস কৰি ৰাখে। সেয়েহে আজি নব্বৈ বছৰত ভৰি দি মোৰ মনত অনুবর্ণিত হৈছে বিক্ষিপ্ত হৈ থকা বিস্মৃত প্রায় অতীতৰ সুখ-দুখৰ মুহূৰ্তবিলাকৰ প্ৰতিধ্বনি।(১৭০)

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)