হালধীয়া জোতা

হালধীয়া জোতা,উপাসনা শইকীয়াৰ প্ৰথমখন গল্প সংকলন।গল্প সংকলনখনি পূৰ্বায়ণ প্ৰকাশনে ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰিছিল।এই গল্প সংকলনখনিয়ে ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল।

উদ্ধৃতি

১.এতিয়া শ্যামলীৰ কথা যেতিয়া সি ভাবে কর্নেল আংকলৰ হিৰণ্ময়ীলৈ তাৰ মনত পৰে। তায়ো চাগৈ সেই যাদুৰ দেশ অসমৰ ক'ৰবাত গছ অথবা নদী হৈ নিৰৱধি বৈ আছে। কংক্রিটৰ অৰণ্যত এতিয়াও ৰবীনে এজোপা সেউজীয়া গছৰ ছায়া বিচাৰি ফুৰে। গছজোপাৰ নাম শ্যামলী। পৃথিৱীত সকলো মানুহেই এক মৰমী ছায়া বিচাৰি ফুৰে নিজে নজনাকৈ।(১৬)

২.শ্যামলীক শ্বিলঙত লগ পোৱাৰ পিছত উত্তৰ-পূবলৈ কোনোদিনে যোৱা নাছিল ৰবীন কে. শৰ্মা। সি তাৰ থার্ড নেইমটো সলনি কৰি ডিচুজা কৰি পেলাইছিল আৰু কলকাতাৰ আগশাৰীৰ ফৰেনছিক লেবৰেটৰী এটাত কনিষ্ঠ বিজ্ঞানী হিচাপে যোগদান কৰিছিল। এজন কর্মব্যস্ত, নীৰৱ, ভাবুক বিজ্ঞানী হৈ পৰিছিল। হৈ পৰিছিল সেইবোৰ মানুহৰ এজন যিবিলাকে জটিলতাৰ মুখা পিন্ধি বুকুৰ মাজত এখন সেউজীয়া অৰণ্য গোপনে লৈ ফুৰে।(১৮)

৩.কর্নেল আংকলৰ দৰে এতিয়া বাৰু কোনোবাই অপেক্ষা কৰিবনে যাদুৰদেশত গছ হৈ ৰোৱা প্রেয়সীৰ (যদিও ৰবীনে কল্পনা বুলিহে ভাবে) বাবে? যোগাযোগ নাৰাখিলেও শ্যামলীক সি ক্ষমা কৰি দিছে। তাইক শেষবাৰৰ বাবে লগ পোৱাৰ পিছত সি একেটা সপোনকে বাৰে বাৰে দেখে। এজাক শিশুৱে অনর্গল কান্দি আছে।(১৮)

৪.এটা আতুৰ কণ্ঠই তাক কৈ উঠে- 'প্লীজ, মোৰ আহিবলগীয়া সন্তানটোক এটা মাতৃভাষা দিয়া। কি ভাষাত তাক মই কথা ক'বলৈ শিকাম? সপোন দেখিবলৈ শিকাম? কণ্ঠটো শ্যামলীৰ কি নাম সেই ভাষাৰ? যি ভাষাই বুকুৰ মাজত সৃষ্টি কৰে এখন ভালপোৱাৰ নগৰ- যি ভাষাই বোৱাই আনে এজাক মৌচুমী বতাহ অনুভৱৰ কঠীয়াতলী জীপাল কৰিবলৈ। যি ভাষাই শিকায় মানুহৰ সুখত হাঁহিবলৈ, দুখত কান্দিবলৈ।(১৯)

৫.কেৱল মাতৃভাষা বুলি জানো সামৰি থ'ব পাৰি সেই ভাষাৰ পৰিচয়ক? হয়, এই ভাষাকেই গুঁজি দিয়া উচিত মিশ্র সংস্কৃতিৰ শিশুহঁতৰ ওঁঠত। পৰা হ'লে শ্যামলীক সি ক'লেহেঁতেন- 'তোমাৰ সন্তানক সেই ভাষা নিশিকাবা যি ভাষাই আনৰ ভাষাক 'ছেভেজ' বুলি কয়, কেনিবেলৰ ভাষা কয়। তাক এনে এটা ভাষা শিকোৱা যি ভাষাৰ কোনো নাম নাই। অথচ পৰিচয়হীন সেই ভাষাই মানুহৰ বুকুৱে বুকুৱে গজাই তোলে ভালপোৱাৰ কুমলীয়া কুঁহিপাত।(১৯)

৬.সেই ভাষা অসমীয়া নহয়, পাঞ্জাবী নহয়, উর্দু নহয়, হিন্দী, বাংলা, মাৰাঠী, তামিল, গুজৰাটী, বড়ো, ইংৰাজী, মালয়ালম একোৱেই নহয়। সেই ভাষা হৃদয়ৰ ভাষা, মানৱতাৰ মাতৃভাষা।(১৯)

৭.তাইৰ এটি পোহৰ ওলাই থকা টিপচী ঘৰ আছে। জীৱনে ভাগৰুৱা যেন কৰিলেই তাই সেই ঘৰটোলৈ পলাই যায়। আত্মগোপনৰ সেই দিনবোৰত এদিন নিশা তাইৰ দুৱাৰত টোকৰ পৰিল। দুয়োটা খিলি বেছি কটকটীয়া কৰি অমৃতা শুই পৰিল। কাকো তাইৰ 'পোহৰ দেশ'ৰ সদস্য হোৱাটো অমৃতাই নিবিচাৰে।(২২)

৮.মই মোৰ দৰে হ'ম। জীৱনত মই এটা কথা সঠিককৈ শিকিছো যে টকা- পইছাতকৈ কৃতজ্ঞতাৰ মূল্য বেছি।" হয়তো সেইদিনাৰ পৰাই অমৃতাৰ মাজত এক স্বতন্ত্র সত্তা সৃষ্টি হৈছিল। কোনেও নজনাকৈ আবেগিক আৰু আলসুৱা যেন লগা ছোৱালীজনীৰ ভিতৰত এক লৌহমানৱ সৃষ্টি হৈছিল। যি অপৰাজেয়।(২৫)

৯.তই জাননে, কোনবোৰ পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তু? মই এদিন তোক কৈছিলোঁ।

নাই পাহৰা বৰ্তা, বিশ্বাস, কৃতজ্ঞতা আৰু শ্রদ্ধা।আৰু আপোন মানুহৰ সংজ্ঞা?(২৫)

১০.মানুহৰ জীৱনত এনে কিছুমান মানুহ থাকে, যিবিলাকে হয়তো বহু বছৰৰ আগতেই ছিঙি পেলাইছে আত্মীয়তাৰ বান্ধোন অথবা তেজৰ সম্পৰ্ক, অথচ তেনে মানসিকতাৰ মানুহকো বিনাচৰ্তেই মনৰ মাজত কঢ়িয়াই ফুৰা মানুহবিলাককেই আপোন মানুহ বুলি হয় বর্তা। কিন্তু বিশ্বাস, কৃতজ্ঞতা আৰু শ্ৰদ্ধাৰ বাহিৰেও পৃথিৱীত

আটাইতকৈ মূল্যৱান বস্তুটো হৈছে প্রেম বর্তা।(২৫)

১১.কলমৰ নিব যেতিয়া ক্ষমতা, ৰাজনীতিৰ চিয়াঁহীৰে তিতি থাকে, সেই কলমে লিখা আখৰে সমতাৰ, ন্যায়ৰ অথবা স্বাধীনতাৰ ছবি আঁকিবনে? সেই কলমে সৃষ্টি কৰা জ্ঞানেই নির্মাণ নকৰিবনে শক্তিশালীক ৰক্ষা কৰাৰ দুৰ্গ? কল্পনাৰ ভাসমান ডাৱৰৰ পৰা নামি অহা যাদুপৰীয়ে গল্পকাৰক জগাব সুগন্ধি কলমেৰে তেওঁ লিখিব সুখ-দুখ, হাঁহি-কান্দোন, মিলন-বিচ্ছেদেৰে মানুহৰ কাহিনী।(27)

১২.মই তোৰ দৰে ৰাজনীতি-সমাজনীতি বা দর্শন বহু বেছি নুবুজোঁ। কিন্তু মানুহ বুজোঁ। মানুহৰ অভাৱ আৰু প্রয়োজনীয়তা বুজোঁ। গতিকে মোৰ অনুভৱেৰে তোক কওঁ অমৃতা সংখ্যালঘু-সংখ্যাগুৰু এনেকুৱা তত্ত্বৰ ভিতৰত সুমুৱাই কেতিয়াও মানুহক নাচাবি আৰু তেনেদৰে চোৱা মানুহৰ পৰা আঁতৰি থাকিবি। মানুহ আৰু মানৱীয়তা তাত্ত্বিক বন্ধনৰ পৰা মুক্ত, স্বচ্ছন্দ। সুখৰ অনুশীলন কৰিবি অমৃতা।(২৯)

১৩.অমৃতাই সিহঁতক বাধা দিলে, "মোক অলপ মাটিৰ সংস্পৰ্শত থাকিবলৈ দিয়া তোমালোকে, মাটিৰ স্পৰ্শই মানুহক শান্তিৰ সন্ধান দিয়ে আৰু সেই শান্তিৰ মাজতেইতো জীয়াই থাকে মানৱতা-প্রেম।" অমৃতাই মাটিৰ ওপৰেৰে হাত বুলালে।(৩৪)

১৪.অমৃতাই সুজয়ৰ কান্ধত হাত থ'লে, "ৰিয়েলী সুজয়, আমি সকলোৱেই বৰষুণ ভাল পাওঁ কিন্তু এইজাক বৰষুণে আমাৰ বুকুখন চুব পাৰিব লাগিব, যি মচি নিব পাৰিব শক্তিশালী আৰু দুৰ্বলীৰ মাজৰ ক্ষমতা লোভৰ ৰাজনীতি ধুই নিকা কৰিব পাৰিব, সেই কলমৰ নিব্‌ যি প্রতিষ্ঠা কৰে, 'জ্ঞানেই ক্ষমতা আৰু ক্ষমতাই জ্ঞান', বৰষুণ ভালপোৱা তোমাৰ মোৰ দৰে মানুহবিলাকেই সাজি উলিয়াব লাগিব মানৱ প্ৰেমৰ একোখনি সেউজীয়া চিলা।" অমৃতাই কেম্পৰ ভিতৰলৈ খোজ দিলে।(৩৪)

১৫.পিটাৰপেন সদায় তাইৰ লগত আছে। তাইৰ কলমৰ শক্তি হৈ, কাহিনী-কথকতাৰ প্ৰেৰণা হৈ। ৰিণিয়ে অনুভৱ কৰিছে তাইৰ প্ৰেমৰ পাত্ৰটোত এটা ফুটা হৈছে। পিটাৰপেনৰ বাবে ফিক্স ডিপ'জিট কৰি থোৱা মৰমবোৰ ফুটাটোৱেদি বৈ আহিছে- পৃথিৱীৰ খলা-বমাইদি বৈ গৈছে- শিশুৰ বাবে, মানুহৰ বাবে।(৪১)

১৬.লতিকা মাটিত বহি পৰিল। বোধিসত্ত্বই সান্ত্বনা দিয়াৰ ভাষা হেৰুৱাই পেলালে। সি সীমাৰ সিপাৰৰ এন্ধাৰত বুৰ গৈ থকা লতিকাৰ দেশখনলৈ চালে। সেই সময়তে হয়তো সীমান্তৰ পৰা ৰিণিকি ৰিণিকি দেখা পোৱা সেই দেশৰ নদীত ৰাখাইন বা আৰাকান নাৱৰীয়া এজনে নির্জনতা ভেদি যোৱাকৈ এটি ভাটিয়ালী গাই উঠিল। হয়তো সুৰটো এইপাৰে থকা লতিকাৰ গোপন উচুপনিটোৰ সৈতে মিলি পৰিল কোনেও নজনাকৈ। শিল-ইটাৰে নহয় মৰমে সজা এখন ঘৰৰ বাবে মানুহৰ ইমান হাহাকাৰ, উশাহত এবুকু সেউজীয়া উজাই ল'ব পৰা এখন দেশৰ বাবে মানুহ ইমান অধীৰ! দেশে স্বীকাৰ কৰি লোৱা এটা পৰিচয়ৰ বাবে মানুহ ইমান আকুল!(৫৪)

১৭.এই কথাটো অলপ বেলেগকৈ চাব পাৰোঁ বোধিসত্ত্ব। দেশতো মানুহে পতা যন্ত্র- নিয়ন্ত্ৰণ মানুহৰ- সৃষ্টি মানুহৰ। কিন্তু মাটি? মাটি সদায় স্বাধীন। কাগজী

মুদ্ৰাৰ লালসাই চুব নোৱৰা মানুহৰ দৰেই স্বাধীন। এই মাটিতেই পোত গৈ থাকে মানুহৰ শিপা। নিজৰ অস্তিত্বক জীয়ন দি থকা মাটিক ভালপোৱাৰ অধিকাৰ মানুহৰ চিৰদিনেই আছে।(৫৮)

১৮.আৰু যদি সেই মাটিয়ে অকাৰণে কয়, 'তুমি আমাৰ নহয়- তুমি অপতৃণ- উভালি লৈ যোৱা তোমাৰ শিপা'- আৰু যদি সি মিছা অভিযোগ হয় তেতিয়া? লতিকাই হঠাতে সুধিলে।ভাল্টেজনৰ মুখত এটা সৌম্য হাঁহি বিৰিঙি উঠিল। মাটিয়ে নকয় আইজনী মানুহে কয়- মানুহৰ বাবে, ৰাজনীতিৰ বাবে ঘৃণা কৰিবলৈ নল'বা শিপা পোত গৈ থকা সেই ঠাইৰ সৈতে থকা তোমাৰ আজন্ম প্ৰাণৰ সম্পৰ্কক। বিশ্বাসঘাতকতাই হ'ব যদিহে অমানবীয় ৰাজনীতি বুজি নোপোৱা অথবা তাৰ ঊর্ধ্বত থকা মানুহবিলাকক তুমি পাহৰি যোৱা।(৫৮)

১৯.লতিকাৰ দুচকু পানীৰে ভৰি পৰিল। তাই নিঃশব্দে দূৰণিৰ পাহাৰখনলৈ চাই ৰ'ল। তাইৰ কাৰুণ্যই বোধিসত্ত্বক সকলো কৈ দিলে। সঁচাকৈয়ে ভাল নাপাওঁ বুলি ঘোষণা কৰাৰ পিছতো অনাঘ্রাত হৈ ৰয় প্রেম নামৰ ফুল- প্রতিটো 'নাই'ৰ আঁৰৰ হেজাৰটা গোপন 'আছে'ৰ কাহিনীৰ দৰেই। হয়তো মুখ ফুটাই নোকোৱা মানুহবোৰেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰেমিক হয়।(৬০)

২০.মোক অকণমান সুখ দিয়া লতিকা। জটিলতাৰ স্পৰ্শনথকা তোমাৰ এছাটি সৰল সান্নিধ্য দিয়া। প্লীজ এক মুহূৰ্তৰ বাবে পাহৰি যোৱানা দর্শন, তত্ত্ব অথবা সমাজনীতি। ব'লা বহোঁগৈ আমাৰ কল্পনাৰ সেই 'কোন ক'ৰবাৰ দেশ'ত- গঢ়ি তোলোঁগৈ ব'লা সেই প্রজন্ম যাৰ কোনো সীমা নাথাকিব, যি কেতিয়াও উৰুৱাব নুখজিব বৰ্ণ ভেদৰ পতাকা, য'ত কোনেও কাকো বঞ্চিত কৰিব নোৱাৰিব বায়ু-পানী- মাটিৰ অধিকাৰৰ পৰা- ভালপোৱাৰ অধিকাৰৰ পৰা, য'ত কোনো শিশুক হত্যা কৰা নহ'ব, কাৰো বিশ্বাসক প্ৰতাৰণা কৰা নহ'ব। আস্ তুমি আহিবানে লতিকা? মোৰ অসম্পূর্ণ ছবিবোৰক পূৰ্ণতা দিবলৈ, এটা নতুন প্রজন্ম গঢ়িবলৈ।(৬২)

২১.প্ৰত্যেক মানুহৰে হৃদয়ত এজন বিশেষ পুৰুষ বা নাৰীৰ বাবে এটা কান্দোন থাকে। সেই কান্দোনৰো নাম হয়তো প্রেম।(৭০)

২২.প্রার্থনাই শান্ত চকু দুটা তুলি মাকলৈ চালে, 'এটা কাহিনীক মুক্তি দিলো মা, সুগন্ধি পখিলা হৈ সি এতিয়া মোৰ সোঁৱে-বাঁৱে উৰিব আৰু সেই সুগন্ধি উশাহত মই লিখিম।' মাকে তাইৰ মুখলৈ ট টকে চায়ে থাকিল।(৭৭)

২৩.কিছু দেৰিৰ পিছত তাই অনুভৱ কৰিলে যি দুৰন্ত তৃষ্ণা ইমানপৰে তাইৰ মূৰৰ ওপৰত নাচি আছিল সি যেন ক্রমান্বয়ে গ্রাস কৰি আনিবলৈ ধৰিছে অতদিনে অৱহেলিতভাৱে হ'লেও বুকুৰ এচুকত গঢ় লৈ উঠা সোঁৱৰণিৰ দেশখন, মাজে মাজে পুৰণি ট্রাংক খুলিলে ওলোৱা গোন্ধৰ দৰে যিখন অনুভূতিৰ সমগ্রতালৈ বিয়পি গৈছিল। কিন্তু এতিয়া সোঁৱৰণিক পাহৰণিলৈ পৰিণত কৰি খিলখিলাই উঠিছে ফুলৰ আকৃতিৰ ৰং-বিৰঙৰ ফলবোৰে।(৮৯)

২৪.যি মাটিৰ সান্নিধ্য পাহৰি মানুহ উন্মাদ হয় আকাশীলতাৰ গতিত বগাবলৈ- কেৱল বগাবলৈ- কিন্তু লগত লৈ ফুৰে এটা হাহাকাৰ- নিজকে চিনি নোপোৱাৰ হাহাকাৰ- নৈসর্গিক উত্তৰাধিকাৰ হেৰুওৱাৰ হাহাকাৰ।(৯১)

২৫.তাই মুগ্ধ হৈ চাই থাকে। পৃথিৱীৰ সকলো সৃষ্টিশীল মানুহকেই তাইৰ সেই ৰঙা বুকুৱা কণমানি চৰাইটোৰ দৰেই লাগিছিল- টোকৰ লাগিলেই যেন ৰঙচুৱা বুকুৰ পৰা জৰ-জৰকৈ নামিব কাকো নোকোৱা গল্পবোৰ-সোণসেৰীয়া।(১১১)

২৬.জীৱন দুদিনীয়া বুলি জনা যায় বাবেই হয়তো সময়েও ৰিঙিয়াই থাকে 'ৰৈ নাযাবা- তুমি ৰৈ গ'লেই মই সহায় কৰিব নোৱাৰা হৈ যাম।'(১১২)

২৭.নিমাত মানুহবোৰে প্ৰতিবাদৰ এটা শক্তিশালী পৰিভাষা গঢ়ি থাকে গোপনে।(১১৫)

২৮.ভিৰত হেৰাই যোৱা মানুহবোৰৰ মাজৰ পৰা তুমি সুজিতক তুলি আনিছিলা। তুমি জানিছিলা, সি কোনো বিশেষ চৰিত্ৰ নহয়, যাক বুকুৰ মাজত সামৰি থ'ব পাৰি, আঁকিব পাৰি এখন ছবি। তুমি তাক তোমাৰ ইজেলত ওলোমাই ল'লা। তোমাৰ হাত চেঁচা হৈ গৈছে। তাৰ পিছতো তুমি হালধীয়াখিনি তাৰ বুকুৰ মধ্য অংশত ঘঁহি থাকিলা।খুব সঠিকভাৱে জানিছিলা, সি প্রেমিক নহয়। অথচ ছবিখনৰ নাম দিলা 'এখনি নীলা চাদৰ।'(১২০)

২৯.প্রত্যেক মানুহে পিন্ধা জোতাৰ জোখবোৰ যেনেকৈ ভিন্ন, সেইদৰে তেওঁলোকে কৰা যাত্ৰাবোৰো।(১২৫)

৩০.কি কি সম্ভাৱনা থাকিব পাৰে এই এপাত জোতাত? মৃত্যু, একাকিত্ব নে যাত্রা? যাত্ৰাৰ কথা আকৌ ওলাল। যিকোনো এটা কথাই আমাক ক'ৰবালৈ লৈ যাব পাৰে- - কেতিয়াবা শুকান সৰাপাতৰ অৰণ্যলৈ, কেতিয়াবা বেলিফুলৰ বাগিচালৈ।(১২৮)

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)