অনুৰাধাৰ দেশ


https://as.wikiquote.org/wiki/%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0_%E0%A6%A6%E0%A7%87%E0%A6%B6

১.অনুৰাধাৰ কোনো দেশ নাই 

মানুহৰ কাৰণে সজা পৃথিৱীৰ 

অনুৰাধা শ্রীময়ী নাৰী

মানুহৰ যন্ত্রণা লৈ 

অনুৰাধাই বিলাই দিয়ে হাঁহি 

মানুহৰ দুখ লৈ বজায় সুখৰ বাঁহী,

সীমা ভাঙি অসীমালৈকে 

অনুৰাধা জুৰি ভালপোৱা হৈ।

যি মানুহক আকাশে চিনিলে 

যি মানুহক সূৰুযে ঢাকিলে 

সেই মানুহৰ কাৰণে 

অনুৰাধা বাচি থাকে 

মানৱীয় মহতী কোষত 

অনুৰাধাই গান গায় 

সেউজীয়া হৰিষ ঘৰত 

অনুৰাধা সকলোৰে মাতৃ 

অনুৰাধা গৰিয়সী জননী 

তুমি বাৰু চিনিলা নে তেওঁক 

যি কেৱল মানুহৰ কাৰণে 

অবিৰত বিশ্বাস বহন কৰি 

ঢালি দিয়ে অকপট প্রেম 

কিম্বা অলিংগন সুখ, 

আছে নে তোমাৰো বাৰু 

তেওঁৰ দৰে নদী, গছ আৰু জীৱনৰ সতে স্পর্শ 

কিম্বা হৃদয় জুৰি ভালপোৱা থোক।(১৮)


২.বিজ্ঞানৰ উদ্দেশ্যই হ'ল বোলে মানুহৰ জীৱনলৈ অফুৰন্ত অৱসৰ সময় কঢ়িয়াই অনা, যাতে মানুহে সুখ আৰু স্বাচ্ছন্দ্যৰে নিজৰ ইচ্ছা অনুসৰি সময় কটাবলৈ সুবিধা পায়। ক'তা? অস্তিত্বৰ তাগিদাত জীৱন সংগ্ৰামৰ গতি দেখোন দ্রুতৰপৰা দ্রুততৰ হোৱাৰহে পথত। সকলোৱে যেন লক্ষ্য,এজনক পিছ পেলাই অগ্ৰসৰ হোৱাৰ।তুলনাই কিজানি মানুহক অসুখী কৰে। হয়তো কোনো নিশ্চিত নহয় অলপ সুখেৰে জীৱনটো পাৰ কৰিবলৈ মানুহক কিহৰ প্রয়োজন!(০৫)


৩.কাগজৰ আখৰো কেতিয়াবা হৃদয়ৰ পৰিচয় হৈ পৰে।টাইপ নকৰি ব্যক্তিগত পেডত নিজ হাতেৰে লিখা মেহৰা চাহাবৰ সৰু চিঠিখনত অৰুণাভে এক চেপি ৰখা মানৱতাৰ সন্ধান পালে। গুটি গুটি আখৰেৰে ইংৰাজীত লিখা এখন সৰু চিঠি আপাতদৃষ্টিত নিলিখিলেও চলে, অথচ লিখা বাবেই কাগজৰ সৰু টুকুৰাটো পৰিবৰ্তিত হৈছে দুজন বিষয়াৰ মাজৰ এক মানৱীয় সোপানত।পদবীৰ ক্ষমতাৰে যি কাম আদায় কৰিব নোৱাৰি, মানৱীয় স্পৰ্শৰে সেই কাম সহজে আদায় কৰা যায়।(৯)


৪.প্রিয় নাৰীৰ প্ৰথম স্পৰ্শৰ দৰে কিছুমান স্মৃতি চিৰকালৰ বাবে হৃদয়ৰ গভীৰত বৈ যায়।(২৩)


৫.আকাশ আৰু সমুদ্ৰৰ মাজত কি অদ্ভুত মিল। একেই ৰং, উদাৰ আৰু বহল, যেন পৃথিৱীৰ সকলোকে বুকুৰ মাজত সাবটি ল'বলৈ সদা উৎসুক।(৩৬)


৬.এই যে কোনো সম্বন্ধ নোহোৱাকৈ হঠাৎ কাৰোবাক আপোন লাগি যায়, হঠাৎ হৃদয়ৰ গভীৰৰ সকলো খবৰ উদঙাই দিবৰ মন যায়, ইয়াৰ আঁৰতো জানো কোনো কাৰণ নাই, অৰুণাভে অৰুণিমা বাইদেউৰ কথা ভাবিলে।(৩৭)


৭.কিছুমানৰ চেহেৰাত এনে এক বিনম্র দীপ্তি থাকে যে দুচকু জুৰাই যায়। একেথৰে বহুত সময় চাই ৰ'লে বুকুৰ ভিতৰখন ধীৰে ধীৰে এক কোমল অনুভূতিয়ে ভৰাই তোলে আৰু তাৰ পিছত সংগোপনে কাঁহৰ-বাচনৰ শব্দৰ দৰে এটা ক্ষীণ, মধুৰ যন্ত্ৰণাৰ

সুৰ বহু সময়লৈ বাজি থাকে।(৩৮)


৮.কিছুমান ছোৱালীক সময়ে স্পর্শ নকৰে, বয়স চিৰকালৰ বাবে স্তব্ধ হৈ যায় তেওঁলোকৰ শৈশৱ আৰু কৈশোৰৰ কোনো এক মধুৰ সন্ধিক্ষণত। সেই সন্ধিক্ষণত পৃথিৱীৰ সকলো নতুন, বিস্ময়োজ্জ্বল, প্রতিটো সৰু সৰু ঘটনা- দুর্ঘটনা নির্মল উল্লাসৰ উৎস।(৪৭)


৯.কিছুমান দাগ ৰৈ যোৱাই ভাল। সেইবোৰে পাছত স্মৃতিচিহ্ন হিচাপে কাম কৰে।(৪৮)


১০.যি প্রশ্ন যুক্তি আৰু নিয়মৰ বাহিৰত তেনেকুৱা প্ৰশ্নৰ কোনো উত্তৰ নাথাকে। উত্তৰ বিচাৰিলেই মনৰ ভিতৰত কি জানো তোলপাৰ লাগি যায় আৰু সেই তোলপাৰে বহু সময়লৈ হৃদয়ৰ মৰ্মস্থল খুচি থাকে।(৫৪)


১১.পৃথিৱীৰ ক'ৰবাত আপোন কোনোবা আছে এই অনুভৱেই মানুহক জীয়াই ৰাখিব পাৰে। অৰুণাভৰ আপোন কোন আছে?যোৱা ৰাতি অৰুণাভৰ ভালকৈ টোপনি নাহিল। কেতিয়াবা স্মৃতিৰ অত্যাচাৰত এইদৰে টোপনি আহিব নোখোজে। বন্ধ কোঠাৰ বাতানুকুল পৰিৱেশ, ডানলপৰ গাদীৰ কোমলতাৰ স্পৰ্শয়ো স্মৃতিক হৃদয়ৰ গভীৰৰপৰা • আঁতৰাই পঠাব নোৱাৰে। সেয়েহে স্মৃতিলৈ অৰুণাভে ভয় কৰে।(৫৭)


১২.আকাশ নাৰীৰ শৰীৰৰ দৰেঃ বুকুত অদৃশ্য চুম্বক থাকে। সেয়েহে আদিম কালৰেপৰা এক চিৰ-অজানাৰ,ৰহস্যময় বিশালতাৰ গৰ্ভলৈ আকাশে মানুহক আকৰ্ষণ কৰি আহিছে। তাৰকাখচিত ৰাতিৰ ৰূপালী আকাশৰ তলত থিয় হৈ আজিও বিমুগ্ধ বিস্ময়েৰে মানুহে চাই ৰয় বিপুল অনুভৱেৰে ভৰা অপৰূপ আকাশলৈ।(৬৩)


১৩.পুৱাৰ নিৰ্মেঘ আকাশৰ ফালে মুৰ তুলি হঠাৎ মুখামুখি হৈ যোৱা যায় অসীম অনন্তৰ সৈতে; ভাৱ হ'ব- আকাশৰ বুকুত অদৃশ্য আখৰেৰে লিপিবদ্ধ কৰা আছে বিশ্বস্ৰষ্টাৰ এই ৰহস্যময়, সুবিশাল সৃষ্টিৰ ইতিকথা, ধীৰে ধীৰে এক উদাস, মায়া-মমতাময় নিঃসংগতাই হৃদয়ৰ ভিতৰখন ভৱাই পেলায় আৰু কিছু সময়ৰ বাবে বিশ্ব ব্রহ্মাণ্ডৰ সৈতে একাত্ম হৈ যোৱাৰ আনন্দেৰে সমগ্র হৃদয়-মন পুলকিত হৈ উঠে।(৬৩)


১৪.সৰু সৰু স্মৃতিৰে ভৰপুৰ হৃদয়ৰ মণিকোঠাত। মানুহৰ হৃদয় তৰপে-তৰপে সময়ৰ সুবাস আৱদ্ধ কৰি ৰখা যাদুৰ সঁফুৰা।(৬৮)


১৫.কিছুমান হাঁহিত কলিজাৰ ৰং সনা থাকে।(৮০)


১৬.মাটিৰ মানুহ হ'লেও কোনো কোনো মানুহৰ ভৰি পৃথিৱীৰ কলুষতাই স্পর্শ নকৰে; ভগৱান মন্দিৰত নাথাকে, থাকে এনে একোজন মানুহৰ মনৰ গভীৰত। তৈল-সন্ধানৰ সৈতে জড়িত প্রতিভাৱান, কাৰিকৰী জ্ঞানেৰে দীপ্ত লোক বহুত আছে, কিন্তু তেল-কোম্পানিৰ সেই যান্ত্রিক জীৱনৰ মাজতেই সৌন্দৰ্য আৰু মানুহৰ স্বপ্নত আপোনবিভোৰ ৰঞ্জিত দা আছিল সঁচাকৈ যেন এটা অপ্রত্যাশিত সুখবৰ।(৮৩)


১৭.মানুহক মানুহৰ স্পৰ্শৰ প্ৰয়োজন।(৮৮)

১৮.কিছুমান মানুহে বুকুত সাঁফৰ লগাই সকলোৰে অগোচৰত মনৰ নিভৃত কোণত সযতনে সাঁচি ৰাখে এৰি অহা অতীতৰ একান্ত ব্যক্তিগত কিবা এক অসামান্য আনন্দ আৰু বেদনাৰ উৎস।(৮৮)

১৯.কাৰোবাক পাহৰিবৰ বাবে কাৰোবাক প্রয়োজন।

ৰূপালীক স্মৃতিৰ বন্ধ কোঠালিৰপৰা আঁতৰাই পঠাবৰ বাবেই অৰুণাভে ভাবিলে কজিৰঙাৰ গভীৰ অৰণ্যৰ মাজত দেখা সেই মায়া-মমতাময় চকুহালিৰ কথা। স্নেহময় মুগ্ধতাৰে ভৰা দুচকুৰ চুম্বকে ধীৰে ধীৰে সাগৰ, নদী, অৰণ্য পাৰ কৰি অৰুণাভক লৈ গ'ল অন্য এক পৃথিৱীলৈ, য'ত অৰুণাভে প্রশান্তি অনুভৱ কৰে।শেষ ৰাতি অৰুণাভে সপোন দেখিলে দুটা চকুৰ সপোন। সপোনতে অৰুণাভৰ হৃদয়ত অনুৰণিত হ'ল কেপ্টেইনৰ মুখত শুনা সেইষাৰ কথা মানুহক মানুহৰ স্পৰ্শৰ প্রয়োজন।(৯৬)


২০.কেতিয়াবা নিজৰপৰা পলায়নেই মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে।(১০৬)


২১.অৰুণাভৰ কিয় জানো এটা ভাব আহিল,- কেতিয়াবা পৃথিৱীলৈ এনেকুৱা এটা দিন আহিব নে যেতিয়া মানুহৰ পৰিচয় অকল মানুহেই হব? এনেকুৱা কথা চিন্তা কৰা মানুহক আগতে দার্শনিক বুলি কোৱা হৈছিল; আজিকালি পোনে পোনে বলীয়া অথবা মতলবী বুলি কোৱা হয়।(১১৭)


২২.প্রতিজনী নাৰীয়ে কিজানি জীৱনত এজন পুৰুষৰ মাজতেই দুজন মানুহ বিচাৰে এজনৰপৰা বিচাৰে আশ্ৰয় আৰু এজনৰপৰা প্ৰেম, আৰু বেছিভাগ নাৰীৰ জীৱনত আটাইতকৈ ডাঙৰ ট্রেজেডী হ'ল মনেবিচৰা সেই দুজন মানুহক নাৰীয়ে একেজন পুৰুষৰ মাজত কেতিয়াও বিচাৰি নাপায়।(১২১)

২৩.কিছুমান মানুহ ছাগে জন্ম লোৱাৰ সময়ৰপৰা ব্যতিক্রম; এনেকুৱা অদ্ভুত হৃদয়াবেগেৰে ভৰা মানুহেই সময়ৰ বিন্দুতম মুহূৰ্তৰ এটা হাঁহিৰ বাবে হাঁহি হাঁহি সোণৰ মুকুট দলিয়াই দিব পাৰে।(১৩৫)

২৪.অতনুৱে আজিও বুজিব নোৱাৰিলে অলিয়ে বিয়াৰ আগতে কিয় এদিনো জানিবলৈ নিদিলে বিয়াৰ কথা। সঁচা কথা, অতনুরে কোনো দিনে অলিক প্রস্তাৱ দিয়া নাছিল। কিছুমান কথা থাকে যিবোৰ কোনো দিনে মুখ ফুটাই কোৱাৰ প্রয়োজন নহয়। অতনুৰ সেই ব্যৱহাৰ, সেই দৃষ্টি, সেই আকুলতা জানো যথেষ্ট নাছিল কেনেকৈ সি অলিক বিচাৰে সেইটো বুজাবলৈ।(১৩৭)

২৫.প্ৰেমৰ উত্তাপ আৰু প্ৰেৰণাই যে এজন মানুহৰ সৃষ্টি-ক্ষমতাক কেনেকৈ বিকশিত কৰি তুলিব পাৰে সেইকথা তেতিয়া অতনুৱে অনুভৱ কৰা নাছিল।(১৩৮)


২৬.এজনৰ সান্নিধ্যই আন এজনৰ স্মৃতিৰ ভিৰ পাতল কৰি দিয়ে(১৫০)

২৭.প্রেম পৃথিৱীৰ সৰ্বশ্রেষ্ঠ ভাষা।(১৫৮)

২৮.কোনো কোনো মানুহৰ জীৱনৰ সকলো সুখ আৰু আনন্দ নিৰ্ভৰ কৰে মাথোন একোটা উৎসৰ ওপৰত সেই উৎস হেৰাই যোৱাৰ পিছতে এনেকুৱা মানুহে হেৰুৱাই পেলায় সুখ আৰু আনন্দ লাভৰ ক্ষমতা।

২৯.কোনো কোনো মানুহৰ দৃষ্টি শাণিত অস্ত্ৰৰ দৰে, সি সকলো বাধা, প্রতিবাদ অতিক্ৰম কৰি কলিজাৰ ভিতৰত প্ৰৱেশ কৰে।(১৬১)

৩০.যিজনে হদয়ৰ স্পৰ্শ পোৱা নাই, তেনেকুৱা মানুহেহে শৰীৰৰ বাবে হাহাকাৰ কৰে।(১৭৫)

৩১.কোনো কোনো মানুহক স্নেহ, মমতা আৰু প্ৰেমৰ স্পর্শই কেনেকৈ এজন নতুন মানুহলৈ ৰূপান্তৰিত কৰে। অন্ধকাৰ পৃথিৱী সুৰুযৰ কিৰণে উদ্ভাসিত কৰাৰ দৰে প্রেমময় স্পর্শই কেতিয়াবা মানুহৰ দুখ আৰু বিষাদৰ স্মৃতি হৃদয়ৰপৰা মচি হৃদয় আলোকিত কৰে আশাভৰা ভবিষ্যতৰ মধুৰ স্বপ্নেৰে।(১৭৬)


৩২.কিয় জানো অৰুণাভৰ হঠাৎ অনুভৱ হ'ল সি যি প্রেম বিচাৰে,সেই প্রেম ৰূপালীৰ শৰীৰত নাই। কোনে জানো কৈছিল দেহৰ সমস্ত প্রয়োজন পুৰ হৈ যোৱাৰ পিছতো বা দেহৰ সমস্ত প্রয়োজন অস্বীকাৰ কৰিয়ো মনৰ মাজত যিখিনি প্রয়োজন অপূর্ণ হৈ ৰোৱা যেন অনুভৱ হয়, তাক পূর্ণ কৰিব পৰা বস্তুটোৱেই হ'ল প্রেম।(১৮১)


৩৩.শৈশৱৰ বন্ধুত্বত শৰীৰ নাথাকে।(১৮৩)


৩৪.হৃদয় দেখা পোৱাকৈ কোন দিনা মানুহে কথা ক'বলৈ শিকিব? অতনুৱে এতিয়া কাৰো সৈতে কথা নাপাতে। থাকক। সি অপেক্ষা কৰিব কাৰোবাৰ 

বাবে - যাৰ ওচৰত কোনো দ্বিধা-সংকোচ নোহোৱাকৈ পৰম বিশ্বাস আৰু নির্ভৰতাৰে হৃদয়ৰ প্রতিটো কোঠালিৰ প্ৰতিখন দুৱাৰ খুলি দিব পৰা যায়। জীয়াই থাকিবলৈ কেতিয়াবা মুক্ত বতাহৰ প্রয়োজন।(১৮৯)


৩৫.ভালপোৱাৰ ক্ষেত্রত কোনো বৈধতাৰ প্ৰশ্ন নুঠে।(১৯১)


৩৬.ভালপোৱাৰ ক্ষেত্ৰত কোনো বৈধতাৰ প্রশ্ন নৃঠে। ভালপোৱা পৰিকল্পিত অনুভূতি নহয়, আৰু পৰিকল্পিত হ'লেই সেই ভালপোৱা ভালপোৱা হৈ

নাথাকে। চেষ্টা কৰি, ইচ্ছা কৰি হৃদয়ত কাৰোবাৰ প্রতি ভালপোৱা জগাই তুলিব নোৱাৰি আৰু যেতিয়া জাগিব তাক ৰোধ কৰিব নোৱাৰি।(১৯২)


৩৭.পৃথিৱীত খুব কম মানুহেই থাকে যাৰ কথা মনলৈ আহিলেই হৃদয়ৰ গভীৰৰে এক শান্ত, সুন্দৰ, সুগন্ধি বতাহ ধীৰে ধীৰে বৈ যায়। কোনো পোৱা- নোপোৱা, দিয়া-নিদিয়াৰ তাগিদাবিহীন মুহূৰ্তৰ এটা দৃষ্টি, বাংময় নীৰৱতা- সেইখিনিয়েই যথেষ্ট হৃদয় মন ভৰাই তুলিবলৈ। সমাজৰ সীমাবদ্ধতাই জানো বিশালতাৰে ভৰা এই অনুভূতিক কেতিয়াবা ৰোধ কৰিব পাৰে?(১৯৩)

৩৮.জীৱনৰ কিছুমান দিশহাৰা মুহূর্ত থাকে,সেইবোৰ সেই ধ্ৰুৱতৰায়ো পথৰ নিৰ্দেশ দিয়াত বিফল হয়।

এনেকুৱা কঠিন পৰীক্ষাৰ মুহূৰ্তত নিজকে সম্বল কৰি মানুহে পথৰ সন্ধান কৰিবলগীয়া হয়।(১৯৩)

৩৯.যন্ত্রণাময় হৃদয়ৰ বাবে যুক্তিবহির্ভূত বিশ্বাসো কেতিয়াবা শাস্তিৰ প্রলেপ। সেই কাৰণেই ছাগে' পৃথিৱীত এতিয়াও ভগৱান জীয়াই আছে।(১৯৪)

৪০.সকলো আশা, সকলো স্বপ্ন মানুহৰ পূৰণ নহয়। তথাপি মানুহে স্বপ্ন দেখে, আশাৰে অনাগত সময়লৈ অপেক্ষা কৰে।(১৯৪)

৪১.এজনে আনজনৰ মনত জগাই তোলা বিশ্বাস আৰু প্রত্যাশাই যুগে যুগে সৃষ্টি কৰি আহিছে মানৱীয় সকলো জটিলতা, সকলো যন্ত্রণা; অথচ এই আশা আৰু বিশ্বাসক ভেঁটি হিচাপে লৈয়ে আজিও থিয় হৈ আছে মানুহৰ পৰিয়াল,সমাজ।(১৯৪)


৪২.কেতিয়াবা কি তীব্র বাসনা জাগে এৰি অহা কৈশোৰ আৰু শৈশৱলৈ গুচি যাবলৈ। পৃথিৱীৰ সকলো যানতে পিছলৈ যাবলৈ বেক গিয়েৰৰ ব্যৱস্থা আছে, জীৱনেই হয়তো একমাত্র যান য'ত কোনো বেক্‌গিয়েৰ নাই। পৃথিৱীৰ সকলো দিয়াৰ প্রতিশ্রুতি দিলেও কোনো মানুহে কেতিয়াও অতীতলৈ ঘূৰি যোৱাৰ সম্ভাৱনা নাই। সেইকাৰণে ছাগে কেতিয়াবা কেতিয়াবা এৰি অহা সময় মানুহৰ ইমান ঈপ্সিত।(১৯৫)

৪৩.সমুদ্ৰৰ দৃশ্য যিমানেই সম্মোহনকাৰী নহওঁক কিয়, তাৰ ভয়াবহতাও কেতিয়াবা কম নহয়।

এই মুহূর্তত ভাব হৈছে- সমুদ্র ইমান উত্তাল, ইমান বিপুল আৰু ইমান বিশাল।(১৯৭)

৪৪.প্ৰথমবাৰৰ বাবে জীৱনত মাতৃ হবলৈ আগবাঢ়িছে ৰূপালী। কি পৰম প্রতীক্ষিত এই মুহূর্ত নাৰীৰ বাবে - যেন যুগ যুগৰ প্ৰাৰ্থনা আৰু অপেক্ষাৰ অন্তত হঠাৎ সম্মুখত দৃশ্যমান হয় আলোকৰ মালা।(১৯৯)

৪৫.বুকুৰ উমেৰে, মমতাৰ চুম্বনেৰে দুই হাতে সাবটি লৈ মই তাক ডাঙৰ কৰিম। বুকুৰ ভিতৰত এনেদৰে লুকুৱাই ৰাখিম যেন তুমি তাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰা।(২০০)

৪৬.টোপনি ভগাৰ পিছত বিছনাৰপৰা উঠালৈকে এই মুহূর্তকেইটাই মানুহৰ আটাইতকৈ নিজৰ। ক'ত জানো অৰুণাভে শুনিছিল- এই মুহূর্তত প্রথমতে যাৰ কথা মনলৈ আহে, তেঁৱেই মানুহৰ আটাইতকৈ আপোন।(২০১)


৪৭.পোৱা নোপোৱাই জীৱনৰ শেষ হিচাপ নহয়। পাৰ হৈ অহা প্রতিটো মুহূর্ত কেনেকৈ পাৰ হ'ল, আন্তৰিকতাৰে কাক আমি কি দিলো- সেই অভিজ্ঞতায়েইতো ভৱিষ্যতৰ বাবে বৰ্ণময় সম্পদ।(২০২)


৪৮.সুখ আৰু দুখ, হাঁহি আৰু কান্দোন দুয়োটাই সংক্রামক। অনুৰাধাৰ মুখ শিশুৰ সাৰল্যৰে ভৰা, পৃথিৱী পবিত্ৰ কৰা হাঁহিত এনেকুৱা কিবা এটা আছে যাৰ সংস্পৰ্শই ধুই নিয়ে হৃদয়ৰপৰা দুখ আৰু বিষাদৰ ছাঁ। যিকোনো নাৰীয়ে যিকোনো পুৰুষৰ হৃদয়-তন্ত্ৰীত ঝংকাৰৰ সৃষ্টি কৰিব নোৱাৰে সেই নাৰী যিমানেই ধুনীয়া নহওঁক কিয়। প্রত্যেক পুৰুষে অকল নিজৰ প্ৰকৃত পছন্দৰ নাৰীৰ সংস্পৰ্শতহে নিজৰ বিদ্যুৎবাহী তাঁৰত হঠাৎ চৌম্বকত্বৰ উমান পায়।(২০৬)


৪৯.মানুহে জীৱনৰ সৰু সৰু আনন্দ, সৰু সৰু অনুভৱ কিছুমান কেনেকৈ লাহে লাহে বিদায় দিবলগীয়া হয়। কলেজত পঢ়া কালৰ সেই উদ্দাম চঞ্চলতা, পৃথিৱীৰ সকলোৰে ওপৰত আৰোপ কৰা সেই নির্ভেজাল আস্থা, কোনো কাৰণ নোহোৱাকৈ হঠাৎ কাৰোবাৰ সান্নিধ্যত আনন্দত আন্দোলিত হৃদয় সেইবোৰ অৰুণাভহঁতে কেতিয়াবা ঘূৰাই পাব নে?অনুৰাধাৰ মুখৰ ফালে ঘূৰি চালে অৰুণাভে। প্রতিটো খোজত দোলায়িত বেণী, ঘেঁহু বৰণৰ মসৃণ মুখত আনন্দৰ আভা। কিয় জানো অৰুণাভৰ ভাব হ'ল অনুৰাধায়েই কিজানি একমাত্র নাৰী যাক এই পৃথিৱীৰ একঘেয়েয়ামী,বিমৰ্ষতা- একোৱে স্পর্শ নকৰে। কোনো কোনো মানুহৰ বাবে এই পৃথিৱীৰ প্রতিটো মুহূর্ত নতুন আৰু আনন্দোজ্জ্বল।(২০৭)


৫০.সেই দুখেই তীব্রতম যাৰ কোনো অংশীদাৰ নাই।


৫১.জীৱনৰ ভিতৰত থাকি কেতিয়াবা জীৱনক নিবিড়ভাবে চোৱাৰ অৱকাশ নাথাকে, সেই কাৰণেই বহির্বিশ্বৰ জীৱন কেতিয়াবা চলন্ত ট্ৰেইনৰ বন্ধ কোঠাৰপৰা আৰু অধিক গভীৰভাৱে অনুভূত হয়। সেই একেই কাৰণতে ছাগৈ জীৱনক বুজিবৰ বাবেই কোনো কোনোৱে জীৱন এৰি সন্ন্যাসৰ পথ লয়।(২১২)

৫২.পৃথিৱীৰ বেছিভাগ মানুহে এতিয়াও ঐশ্বর্য আৰু আৰামকে বাৰে বাৰে সুখ বুলি ভুল কৰে। সেয়েহে মানুহে সমস্ত জাগতিক ঐশ্বৰ্যৰ অধিকাৰী হৈয়ো, সুখী হোৱাৰ স্বপ্ন দেখিয়ো সুখী হব নোৱাৰে। সুখে যদি ৰাতিৰ জোনাকৰ স্নিগ্ধতাৰে জীৱন ভৰাই তোলে, ঐশ্বৰ্যই মাথোঁ আনি দিয়ে এটাৰ প্ৰতি লোভ আৰু কামনা।(২১৪)


৫৩.প্রতিজন পুৰুষৰ হৃদয়ৰ গভীৰতে কিজানি কোনো নাৰী থাকে। ৰক্তমাংসৰ শৰীৰবিহীন এই নাৰী, কৈশোৰত সেই প্ৰথম প্ৰেম-বোধৰ দিনৰপৰাই কল্পনাৰ তুলিকাৰে তিলতিলকৈ গঢ়ি তোলে পুৰুষে এই মানস প্রতিমা; - নদী, পাহাৰ আৰু পৃথিৱীৰ দৰেই সেই নাৰীৰ অশৰীৰী গোন্ধ।(২১৬)


৫৪.কেতিয়াবাহে হঠাৎ কোনো এক মুখে মানুহৰ সমস্ত সত্তাক চুম্বকৰ দৰে আকর্ষণ কৰে; জীৱনৰ সকলো প্রাপ্তিকে এই আকর্ষণে অপ্রাপ্তি, অপূর্ণতাত পৰিণত কৰে। তথাপি কি যে এক আকর্ষণ।সাৱধানী মানুহে কেতিয়াও এই আকৰ্ষণক স্বীকাৰ নকৰে, যাৰ হেৰুওৱাৰ একো ভয় নাই, অকল সেইজনেহে প্ৰেমৰ বাবে সকলো হেৰুৱাব পাৰে। আৰু অনুৰাধা।কোনো কোনো নাৰীৰ সান্নিধ্যই পৃথিৱীৰ সকলোতে আস্থা, সৌন্দর্য আৰু আশা আৰোপিত কৰে।(২১৭)


৫৫.আকাশলৈ মাজে মাজে মূৰ তুলি চাবি। পৃথিৱীৰ সকলো তোৰ নিচেই আপোন যেন ভাব হ'ব। আমি এই ডাঙৰ মানুহবোৰে সমাজ, দেশ, সম্বন্ধ পাতি পৃথিৱীখন ভাগ ভাগ কৰিছোঁ। শিশুৰ যেতিয়া জন্ম হয় তাৰ কোনো দেশ, সমাজ নাথাকে। প্রতিটো শিশুরেই এই পৃথিৱীৰ মানুহৰ সন্ধান।বিশালতাৰে ভৰা আকাশে কোনো কোনো মানুহক এইদৰে জীৱনবোধ শিকায়।(২১৮)


৫৬.অপত্য স্নেহতকৈ গভীৰতৰ বোধ কিজানি মানুহৰ জীৱনত আৰু একো নাই।(২২১)


৫৭.প্রতিটো শিশুৱেইতো দেৱদূত; স্বৰ্গৰ ফুলনিৰপৰা সিহঁত পৃথিবীলৈ নামি আহে।(২৩২)


৫৮.জীৱনৰ মধুৰতম স্বপ্নৰ মুখামুখি হোৱাৰ সময় সমাগত ৰূপালীৰ।তলপেটত ৰৈ ৰৈ হোৱা অসহ্য যন্ত্রণা শেষ মুহূর্তলৈ ৰূপালীয়ে অকলে নীৰৱে সহ্য কৰি যোৱাৰ প্ৰতিজ্ঞা কৰিছিল। নাই, ৰূপালীৰ কাৰো সহায়ৰ প্রয়োজন নাই। নিজৰ শৰীৰৰ ভিতৰত সেই নাড়ীলগ্ন প্ৰাণৰ জন্ম দিব ৰূপালীয়ে অকলে নিজে। এই এটা মাত্র স্বপ্নময় মুহূৰ্তৰ বাবেইতো তিলতিলকৈ যোৱা কেইবাটাও মাহ অপৰিসীম সাহসেৰে ৰূপালীয়ে নিজকে প্রস্তুত কৰিছে।আকৌ যন্ত্রণা।শৰীৰৰ ভিতৰত সেই অসূৰ্য স্পর্শিত প্রাণময় টুকুৰাটোৱে হয়তো পৃথিৱীৰ পোহৰ চাবৰ বাবে উত্ৰাৱল হৈ উঠিছে।(২৩২)


৫৯.অধিকাৰবোধৰো সীমা থাকে আৰু সেই সীমা নিয়ন্ত্ৰণ কৰে সামাজিক সমর্থনে, হৃদয়ৰ তাগিদাই নহয়।(২৩৫)


৬০.পৃথিৱীৰ কোনো সম্বন্ধয়েই ছাগে' কেতিয়াও যুগমীয়া নহয়। অথচ সকলো মানুহৰ এনেকুৱা কিছুমান সময় থাকে, তেতিয়া এনেকুৱা লাগে যেন কাৰোবাৰ ওচৰত জীৱনভৰ নাথাকিলেই এই পৃথিৱী অর্থহীন হৈ যাব।(২৩৯)


৬১.চিলাখন ৰচিৰে বান্ধি যিদৰে দূৰৰপৰা কোনোবাই নিয়ন্ত্রণ কৰে, সেইদৰে মানুহবোৰকো উৰিব নোৱৰাকৈ ছাগে কোনোবাই বান্ধি ৰাখে। নহ'লে এই মুহূৰ্ততে তাই উৰি উৰি পাৰাদ্বীপলৈ গুচি গ'লহেঁতেন।(২৪১)


৬২.অনুৰাধাৰ সেই হৃদয়ৰ পৃথিৱীতো আছে নেকি কোনোবা, যি স্নেহ, আন্তৰিকতা আৰু বিশ্বাসৰ প্রতিশ্রুতিৰে সুৰভিত কৰি ৰাখিব তাইৰ জীৱনৰ প্রতিটো পল-অনুপল? নাই, যি আছে থাকক, তাই কোনোদিনে কাৰো আগত ক'বলৈ নাযায়, পৃথিৱীৰ কোনেও নজনাকৈ জীৱনৰ সুগন্ধি ক্ষণত তাই হৃদয়ৰ গভীৰত অনুভৱ কৰিব অকলে সেই একান্ত আপোনজনৰ প্ৰেম আৰু উষ্ণতাৰ পৰশ।(২৪৫)


৬৩.কিছুমান স্বপ্ন থাকে মানুহৰ যিবোৰ হয়তো মৃত্যুলৈকে বুকুৰ গভীৰত গোট মাৰি বৰফৰ দৰে ৰৈ যায়।(২৪৭)


৬৪.আপাতভাৱে শক্তিমান হ'লেও প্রতিজন পুৰুষে কিজানি এদিন আশ্রয় বিচাৰে নিজৰ প্ৰিয় নাৰীৰ বুকুত। পৃথিৱীৰ বিভিন্ন দেশ-মহাদেশৰ বন্দৰে বন্দৰে এটা অস্থিৰ, অশান্ত, ঠিকনাবিহীন মন লৈ ঘুৰি ফুৰা ডেনিছ ছিলভিয়াই অৱশেষত ডালভিৰ মাজতে পাইছে ইমানদিনে অৱচেতন মনৰে বিচাৰি ফুৰা বন্দৰৰ শান্ত, নিৰিবিলি আশ্রয়।(২৪৮)


৬৫.কিছুমান স্বপ্ন থাকে মানুহৰ, যিবোৰ হয়তো মৃত্যুলৈকে বুকুৰ গভীৰত গোট মাৰি বৰফৰ দৰে ৰৈ যায়। সুখ আৰু আনন্দই জীৱনৰ প্ৰতিটো মুহূর্ত উচ্ছলতাৰে যিমানেই প্লাৱিত কৰি নাৰাখক কিয়, এনেকুৱা কোনো কোনো মুহূর্ত আহে, যি মুহূর্তত গোট মাৰি বৰফ হৈ ৰোৱা স্বপ্নও গলি গলি বিষণ্ণতাৰ টোপাল হৈ হৃদয়ৰ গভীৰৰপৰা ওলাই আহিব খোজে। চুলিৰ দৰে সূক্ষ্ম এই বিষণ্ণ অনুভূতি হয়তো বাহিৰৰপৰা দ্বিতীয়জনৰ দৃষ্টিগোচৰ নহয়, কিন্তু নিঃসংগ পৰত কেতিয়াবা অনুভৱ কৰা যায়, কেনেকৈ এটা ছিৰিঞ্জৰ দৰে কলিজাৰ মাজেৰে সূক্ষ্ম তীক্ষ্ণ এটা অনুভূতিয়ে অহা-যোৱা কৰি ভিতৰখন ৰক্তাক্ত কৰি তোলে।(২৪৯)


৬৬.পৃথিৱীৰ কোনো কলুষতাই স্পর্শ নকৰা শিশুৰ হাঁহি আচলতে স্বৰ্গৰ দুৱাৰ, সেই হাঁহিৰ মাজেৰেই দৃষ্টিগোচৰ হয় সুখ আৰু প্ৰশান্তিৰ স্নিগ্ধতাৰে ভৰা দেৱতাৰ দেশ।(২৫৩)


৬৭.এই পৃথিৱীৰ প্ৰতিজন মানুহ অকল নিজৰ বিবেকৰ ওচৰতহে দায়বদ্ধ, আৰু অইন কাৰো ওচৰত নহয়।(২৫৬)


৬৮.অপেক্ষাও কেতিয়াবা হৈ পৰে জীয়াই থকাৰ বাবে মানুহৰ প্ৰেৰণা।কাৰোবাৰ প্রেমময় অপেক্ষাই এটা জীৱনৰ ৰুক্ষ, ধূসৰ ৰং মচি দি কেনেকৈ তাক সজীৱ, উজ্জ্বলতাৰে বৰ্ণময় কৰি তুলিব পাৰে, সেই কথা ডেনিছৰ দৰে মানুহজনেও ধীৰে ধীৰে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে।(২৫৬)


৬৯.প্রতিজন মানুহৰ বুকুতে একো একোটা শূন্য গহ্বৰ থাকে। সেই শূন্যতা পূৰোৱাৰ স্বপ্নত বিভোৰ হৈ থাকোঁতেই পল-অনুপলকৈ পাৰ হৈ যায় সমগ্র জীৱন।(২৬১)


৭০.প্রতিজনী নাৰীৰ হৃদয়তে ছাগে একোজনী মাতৃ থাকে; নিজৰ সন্তানকতো সকলো মাতৃয়ে ভাল পায়, কিন্তু সেইজনী নাৰীহে ছাগে প্রকৃত মাতৃ যি নিজৰ গৰ্ভজাত নহ'লেও এটা অচিনাকি শিশুক সকলো স্নেহ, মমতা আৰু আন্তৰিকতাৰে বুকুৰ মাজত আশ্রয় দিব পাৰে।(২৬২)


৭১.মানুহৰ সৈতে মানুহৰ ধীৰে ধীৰে গঢ় লৈ উঠা মানৱীয় সম্বন্ধৰ তীব্ৰতাৰ উমান সকলো সময়তো পোৱা নাযায়, বিদায়ৰ কোনো মুহূৰ্ততে অনুভৱ হয় মানৱীয় সম্পৰ্কৰ গাঢ়তাৰ কথা।(২৬৫)


৭২.জীৱনত কোনো কোনো ঘটনা, কোনো কোনো স্মৃতি থাকে, যাৰ ওচৰৰপৰা যিমান পৰা যায় দূৰলৈ যাবলৈ মানুহে অহৰহ প্ৰচেষ্টা চলায়।স্মৃতিৰপৰা পলায়নৰ প্ৰচেষ্টাই কিজানি নিয়ন্ত্ৰণ কৰে মানুহৰ ভৱিষ্যৎ জীৱনৰ পথ।(২৬৭)


৭৩.কোনো কোনো অনুভূতি থাকে, যাক শব্দেৰে প্ৰকাশ কৰাৰ প্ৰয়োজন নহয়।অনুৰাধাই কোনোদিনে হৃদয়ৰ দুৱাৰ খুলি অৰুণাভক একো কোৱা নাই। তথাপি অৰুণাভে জানে অনুৰাধাৰ দুচকুত ফুটি উঠা উজ্জ্বলতা, সমগ্র মুখাৱয়ব চুই যোৱা সততা হাজাৰ শব্দতকৈয়ো বেছি বাংময় হৈ নির্জন পৰত অৰুণাভক বাৰে বাৰে সোঁৱৰাই দিয়ে অনুৰাধাৰ জোনাক-আলোকিত হৃদয়ৰ গভীৰত সংগোপনে সুৰভিত ফুলৰ দৰে ধীৰে ধীৰে পাহি মেলা অনুভূতিৰ কথা।(২৬৮)


৭৪.পৃথিৱীৰ সকলো নাৰীয়েই নাৰী, কিন্তু তাৰ ভিতৰৰ কোনো এক বিশেষ নাৰীয়েহে পুৰুষৰ হৃদয়তন্ত্রীত সুৰৰ মূৰ্চ্ছনাৰ সৃষ্টি কবে। অস্পষ্ট ছায়াৰ দৰে পাৰ হৈ অহা অনেক মুখ, অনেক অভিজ্ঞতা, অনেক সংঘাতৰ শেষত যি মুখ অৰুণাভে চিনিছে, সেই মুখ অৰুণাভৰ জীৱন জুৰি থকা দোলায়িত বেণীৰে ঘেঁহু বৰণীয়া এক বিশেষ নাৰীৰ।(২৭০)


৭৫.পুৰুষৰ জীৱনলৈ কিজানি কোনো নাৰী আহে কেতিয়াবা, যাক কেনেকৈ মনে বিচাৰে সেই সম্পর্কে পুৰুষ নিজেই নিশ্চিত নহয়। অৰুণিমা বাইদেৱো ছাগে অৰুণাভৰ বাবে ঠিক তেনে এক নাৰী, যাৰ বাবে কোনো কামনা- বাসনা নোহোৱাকৈয়ে, কিবা এক অনির্বচনীয় পবিত্ৰ অনুভূতিৰ তাগিদাত অৰুণাভে অৱচেতন মনেৰে বাট চাই ৰ'ব, যদিওবা অৰুণাভে জানে, অতৃপ্তি আছে বাবেই মানুহ তৃষিত। অপূর্ণতা আছে বাবেই প্রেম মধুৰ। নাৰীও কেতিয়াবা প্ৰেমৰ দৰে; মাধুৰ্য আৰু অতৃপ্তিৰ প্রতীক।(২৭০)


৭৬.মানুহ কেতিয়াও প্ৰতি মুহূৰ্ততে দেৱতা হ'ব নোৱাৰে। জীৱনটো যিমানেই যুক্তিৰে পৰিচালিত কৰাৰ প্ৰয়াস কৰা নহওক কিয় জীৱনত কেতিয়াবা এনেকুৱা কিছুমান দুর্বল মুহূর্ত আহে, যি মুহূর্তত মানুহে নিজৰ ওপৰতে নিয়ন্ত্রণ হেৰুৱাই পেলায়। দুর্বলতা আছে বাবেই মানুহ দেৱতা নহয়। তথাপি দেৱত্ব লাভৰ নীৰৱচ্ছিন্ন প্রচেষ্টাই হোৱা উচিত মানুহৰ জীৱন, দুৰ্বল-মুহূর্ত- সৃষ্ট অনুতাপ, হতাশা আৰু অপৰাধবোধ হোৱা উচিত ভৱিষ্যতৰ বাবে মানুহৰ উত্তৰণৰ উৎস।(২৭১)


৭৭.মানুহে হয়তো মানুহৰ মাজতেই দেৱতা বিচাৰিব পাৰে, কিন্তু মানুহ হিচাপে গ্রহণ কৰাৰ মন এটা লৈহে মই তোমাৰ ওচৰত থিয় হৈছোঁহি।(২৭৪)


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)