মনৰ বাতৰি-০৯-Anonymous
নাজানো কি লিখিব লৈছোঁ, কিন্তু লিখিছোঁ। নিজক আনৰ আগত প্ৰকাশ কৰাও যে ইমান কঠিন কাম ভবা নাছিলোঁ মই। নিজৰ মনৰ কথা লিখিবলৈ কোৱাৰ স্বত্বেও ৰৈ গৈছিলোঁ। কি লিখিম? কাক লৈ লিখিম? সৰুৰে পৰাই নিজৰ কথা প্ৰকাশ কৰি নাপালোঁ মই। প্রায় এটা কথাত কাজিয়া হয় আমাৰ ঘৰত যে মই কথা নাপাতো, নামাতো, ঘৰত কাকো একো নকওঁ। নাজানো কিয় মই নোৱাৰোঁ ক'ব একো, ক'লেও যে শুনিব গুৰুত্ব দি তেনেকুৱা নালাগে মোৰ। ঘৰত মই, বা, মা আৰু পাপা। সৰুতে মইও ক'ব খুজিছিলোঁ কথা কোনেও নুশুনে কাৰণে নকলোঁ, তেতিয়াৰ পৰাই এটা বেয়া অভ্যাস মোৰ কাকো একো নোকোৱাটো। এতিয়াও লগত থকা কোনেও নাজানে কি ঘটি থাকে মোৰ জীৱনত। মানুহক মানুহ লাগে, মানুহক বুজি পোৱা মানুহ লাগে, একো নকৈ মনে মনে বহি থাকিলেও মনৰ মাজত চলি থকা ধুমুহাজাক বুজি পাবলৈ মানুহ লাগে। প্রায় মানুহে কয় মাকে বোলে মুখ দেখিয়ে ল'ৰা - ছোৱালীৰ মনৰ কথা বুজিব পাৰে, মই কিন্তু সম্পূর্ণ বিশ্বাস নকৰোঁ। আনৰ নিচিনা জেদ ধৰিও নাপালোঁ কিবা এটা লাগে বুলি, জানো প্রয়োজন আছে বুলি ভাবিলে এনেও আনি দিব। সৰুৰে পৰাই এটা কথাই মোক প্ৰায় আমনি কৰিছিল, মই অনুভৱ কৰিছিলোঁ মোৰ মগজুটো কোনো দিনেই ৰোৱা নাছিল। প্রতি মূহুর্তত যিকোনো কথা কৈ থাকে মোৰ মগজুৱে। ভাবিছিলোঁ ডাঙৰ হলে ঠিক হব চাগে, পাছত গম পালোঁ এইটো মোৰ মগজুৰ এটা ধৰণ যি কোনো কালেই স্তব্ধ নহয়। Overthinking কৰোঁ মই বহুত, এইটো এটা anxiety. দুখৰ জীৱন বুলি নকওঁ মই, আনৰ নিচিনা কষ্টত ডাঙৰ হোৱা নাই, যিমান পাৰি মা পাপাই সাধ্য অনুসৰি সকলো দিছে। কিন্তু সৰুৰে পৰাই নিসংগতাৰ বলি মই। প্রকৃতি ভাল পাওঁ, প্রকৃতিয়ে মোক পাহৰাই দিয়ে মই যে অকলশৰীয়া। মানুহে কয় কি ভাল পোৱানো এই আকাশখন, গছবোৰ, জোনাক ৰাতি, জোন, বৰষুণ? মইহে জানো মই যে তাত শান্তি বিচাৰি পাওঁ। মূহুৰ্তবোৰ সাঁচি ৰাখি ভালপাওঁ মই। পাছত স্মৃতি হৈ জিলিকি থাকিব মোৰ লগত। বন্ধুত্বই মোৰ জীৱনত বহুত পৰিৱৰ্তন আনিছে। বহুত শিক্ষা দিছে, ভাল-বেয়া, মানুহকোযে বিশ্বাস কৰি চলি থাকে পৃথিৱী। এটা সময়ত লগৰীয়াই বিশ্বাসঘাটকতা কৰাৰ পৰা খুব কম বন্ধুৰ লগত আছিলোঁ। কলেজ আহি লগ পালোঁ এতিয়াৰ লগৰীয়া, যি এখন পৰিয়ালৰ দৰে। প্ৰতিটো মূহুর্তত হাঁহি ধেমালিৰে জীৱনটো সুন্দৰ কৰি ৰাখে। নিজৰ স্বাৰ্থতকৈও আনৰ কথা আগত ভাবে। ভাল মানুহ, আশা কৰোঁ লগত থাকক সদায়। এজন ভাগি পৰিলে এজনে সাৱটি ধৰাটোৱেইটো মধুৰ সম্পর্ক। বেয়া লাগিব যেতিয়া আকৌ নাপাম একেলগে বহি ক্লাছ কৰিবলৈ।
2023 চন টো মোৰ বাবে বৰ বেয়া। বাংগালোৰত মোৰ বা আৰু ভিনদেউ থাকে। বাৰ কেঁচুৱা জন্ম হব হৈছিল বাবে মা পাপা তালৈ গৈছিল মাক থৈ আহিবলৈ। প্ৰথমবাৰৰ কাৰণে অকলে মোক এৰি গৈছিল ঘৰত, কৈছিল ঘূৰি আহিম সোনকালে। কিন্তু তাত গৈ পাপাৰ বেমাৰ ধৰা পৰিল, দুইটা কিডনী বেয়া হৈছিল। মোক কোৱা নাছিল ঘৰত প্ৰায় এক সপ্তাহ মান পাপা ICU ত আছিল বুলি। এদিন ৰাতি ফোন কৰি কলে পাপাক বচাব নোৱাৰে বুলি, এক মুহূৰ্তৰ কাৰণে মোৰ জীৱ ওলাই যাওঁ যেন অৱস্থা হৈছিল। কি কি যে কৰা নাছিলোঁ মই সেইদিনা, ভগৱানৰ ওচৰত পৰি পৰি কৈছিলোঁ যেনেতেনে বচাই দিয়া। হয়তো শুনিছিল মোৰ প্ৰাৰ্থনা। পাছদিনাই ফোন কৰিছিল current ৰ স্বৰ্ট দি ঘূৰাই আনিছিল heartbeat. ডক্টৰেই ভগৱান, অৱশ্যে অসমত থকা হলে নাবাছিল হয়। 15 দিনত ঘূৰি আহিম কোৱা মানুহে 6 মাহ ললে ঘৰ আহোঁতে। জীৱনে মানুহক যি শিক্ষা দিয়ে, সেয়া আমি কিতাপ পঢ়ি নাপাওঁ। নিজে এটা পৰিস্থিতিৰ সন্মুখীন নোহোৱালৈকে আমি আনৰ অৱস্থা অনুভৱ কৰিব নোৱাৰোঁ, মাথোঁ সান্তনা দিব পাৰোঁ। পিছে মোৰ ওচৰত সান্তনা দিয়া মানুহো নাছিল তেতিয়া, দুই এজনী লগৰ বাদে। সহজ নাছিল ঘৰত এদিনো অকলে নথকা ছোৱালী জনীয়ে 6 মাহ বাপেক নোহোৱালৈ ঘৰত থকা টো। ৰাতিপুৱা ভাত বনাই খাই কলেজ গৈ তাৰ পৰা আহি আকৌ ঘৰৰ কাম কৰি ঘৰ চলোৱা টো। সেইবাৰ খেতি মই অকলেই কৰিছিলোঁ, আন বছৰৰ তুলনাত ধানো যথেষ্ট হৈছিল। মই কৃতজ্ঞ ভগৱানে মোক শক্তি দিছিল অকলে থাকিবলৈ। পাপা সুস্থ হ'ল যদিও এতিয়া কাম- বন কৰিব নোৱাৰে। ভগৱানক বিশ্বাস কৰিলে আমি সকলো কাম কৰিব পাৰোঁ, যদি আমি সত্য পথত থাকোঁ।এতিয়া ঘৰৰ দায়িত্ব মোৰ ওপৰত। যিমান পাৰোঁ সকলো কৰি যাওঁ এটা এটাকৈ। কিমান বাৰ যে ভাঙি নিজক সামৰিছোঁ। অকলেই যুঁজিছো। হাঁহিৰ মাজতে নিজক লুকুৱাই ৰাখিছোঁ।মই মোৰ কথা কৈ ভাল নাপাওঁ কাকো। এইয়া মোৰ জীৱনৰ এটা সৰু অংশ হে মাত্র। যদি মই লিখা কিবা কথাই আপোনাক আঘাত দিছে তাৰ বাবে sorry! কিবা ভুল লিখিলোঁ যদিও শুধৰাই দিব।
আপোনাক লৈ বহুতে লিখিছে, মোৰ কথাত হয়তো ব্যতিক্রম নাপাব। আপুনি সঁচাই বহুত ভাল মনৰ মানুহ, কোনো শিক্ষকে হয়তো ইমান আনৰ কাৰণে নকৰে। প্রাথমিক শিক্ষাতহে ছাত্ৰ ছাত্ৰীৰ লগত ইমান ভাল সম্পর্ক গঢ়া দেখা যায়। আপোনাৰ কাৰণে মই মাক কব পাৰিছোঁ মইও কিবা লিখোঁ বুলি। এদিন সুধিছিল কোনে ফোন কৰিছিল কি কৈ আছিলোঁ মই, তেতিয়া কৈছিলোঁ মই আপোনাৰ কথা। লগতে সেইদিনা প্ৰথম বাৰৰ কাৰণে কৈছিলোঁ মইও কেতিয়াবা কবিতা লিখোঁ বুলি। মায়ে নাজানে মোৰ কথা একো, সেইদিনা সুধিলে কি লিখোঁ, দেখালোঁ, পঢ়ি ভাল পালে বোলে। আপোনাৰ এই সৰু সৰু প্ৰচেষ্টাই শিখৰ প্রাপ্তি কৰক।আপোনাৰ পঢ়ুৱাৰ ধৰণটো ভাল পাওঁ, কোন topper কোন কম নম্বৰ পোৱা সেয়া বিচাৰ নকৰি সকলোকে সমানে চাই। আপোনাৰ নিচিনা শিক্ষক এইটো প্রজন্মত লাগে। শেষত ধন্যবাদ, আপোনাক লগ পালোঁ, শিকালে কম সময়ত বহুত কথা। আপোনাৰ ভাল হওঁক।
অতিৰিক্ত সংযোজন:মায়ে যোৱাৰ আগতেই বাগানৰ কাষৰ মাটি খিনি আধি দি গৈছিল। বাকী ঘৰৰ ওচৰৰ এক বিঘা মান আছে সেইখিনিত মই খেতি কৰিলোঁ। পাপাৰ লগৰ মানুহ এজন আছে আমাৰ ঘৰৰ লগত ভাল,তেওঁ প্ৰায় আহিছিল তেতিয়া। ঘৰৰ কাম বন যিবোৰ মই কৰিব নোৱাৰোঁ কৰি দিছিল। তেওঁৰ ছোৱালীজনীয়ে আহি মোৰ লগত মাটি ৰুই দিছিল,তেওঁ কঠিয়া তুলি দিছিল। মোৰ লগত পাপাৰ বায়েক এগৰাকী আছিল। তেওঁ মানসিকভাৱে সুস্থ নাছিল। হ'লেও মই ঘৰলৈ গুচি যাবলৈ ক'ব পৰা নাছিলোঁ। বহুত অশান্তি দিছিল মোক। মই কলেজ যাওঁতে আমাৰ ঘৰৰ যি টি বস্তু বিক্ৰী কৰি দিলে।পাছত গম পালোঁ।মোক এদিন মোৰ কথা কাৰোবাক কওঁতে কৈছিল মই হেনো এখন জীয়া কিতাপ।
~Anonymous
Comments
Post a Comment