পুৰণি লেখা....
পুৰণি লেখা
অনুভৱবোৰ ছপা আখৰত... 13/02/2020
'কা' আন্দোলনৰ পৰিপ্ৰেক্ষিতত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰু অসমৰ ভৱিষ্যত........
অগ্নিযুগৰ ফিৰিঙতি মই
নতুন ভাৰত গঢ়িম
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম...৷
এইয়া সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ কণ্ঠত সমুজ্জল হৈ উঠা দেশ তথা সুজলা সুফলা শস্য শ্যামলা অসমমাতৃক বন্দনা কৰা হৃদয়ৰ গোপন কক্ষৰ মধুৰ বাণী।প্ৰকৃতিৰ ৰম্যভূমি অসমৰ সৌন্দৰ্য সুষমা কিম্বা সুকীয়া বৈশিষ্ট্যৰে পৰিবেষ্টিত শোভা বৰ্ধনকাৰী অসমৰ নান্দনিক দৃশ্যাৱলীয়ে দেশী বিদেশী সকলো লোককে অতীজৰে পৰাই সন্মোহিত কৰি আহিছে।গুৰুজনাৰ বৰগীত আৰু চুফী সাধক আজান পীৰে মধুৰ জিকিৰ গীতেৰে সমন্বয়ৰ সোণালী সাঁকো গঢ়ি তোলা এইখন অসমতেই প্ৰাক স্বাধীনতাৰ আগৰে পৰাই পূৰ্ববংগ আজিৰ বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰৱজনৰ বোজাই অসমৰ সামগ্ৰিক উন্নয়নৰ পথত আজিকোপতি এক বৃহৎ প্ৰশ্নবোধক চিন হৈ থিয় দিছে।আজিৰ পৰা তিনিটা দশকৰ পূৰ্বেই আৰম্ভ হৈছিল বিদেশী বহিষ্কাৰ আন্দোলনৰ, হেৰাই গৈছিল সম্ভাৱনাময় অনেকজনৰ তকবক যৌৱন।আন্দোলনৰ শেষৰ পৰ্যায়ত স্বাক্ষৰিত হ'ল ঐতিহাসিক অসম চুক্তিৰ আৰু অসম চুক্তিৰ ছয় নং দফাত অন্তৰ্ভুক্ত হল খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ ধাৰণা।কিন্তু চৰম দুৰ্ভাগ্যৰ বিষয় এই যে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ বিগত তিনিটা দশকৰ পিছতো ই কেৱল মাত্ৰ প্ৰস্তাৱৰ মাজতেই সীমাবদ্ধ হৈ থাকিল।চন 1985,আজিৰ দৰেই সেই একেই পটভূমিত প্ৰতিগৰাকী খিলঞ্জীয়া লোকৰ জাতিৰ স্বার্থত,মাটিৰ স্বাৰ্থত,ভেঁটিৰ স্বাৰ্থত,কলা-সংস্কৃতিৰ স্বাৰ্থত অসম আন্দোলনৰ বুকুত জন্ম হৈছিল অসম গণ পৰিষদ দলৰ।কিন্তু কালৰ কুটিল গৰাহত সেই অসম গণ পৰিষদ দল আজি অসমী আইৰ কোলাত নাই।পাহৰিলে জন্মৰ ইতিহাস,হেৰুৱালে প্ৰতিবাদী কণ্ঠ।পুৰণি সমস্যাৰ সমাধানৰ পথ বিচাৰি আজি প্ৰতিগৰাকী অসমীয়া দিকভ্ৰান্ত হৈছে।খিলঞ্জীয়া অসমীয়াৰ সাংবিধানিক ৰক্ষা কবছৰ দাবীক আওকাণ কৰি উপহাৰ দিব বিচাৰিছে নাগৰিকত্ব সংশোধনী আইন,2019।বুদ্ধিত বৃহস্পতি শাসনাধিস্থ চৰকাৰখনে সকলোকে অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি এফালে যদি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ মাধ্যমেৰে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছে তাৰ বিপৰীতে আকৌ ধৰ্মীয় মেৰুকৰণৰ আওঁতাত লাখ লাখ বিদেশীক বৈধ ভাৱে নাগৰিকত্ব প্ৰদান কৰি তাৰ বিনিময়ত অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰিকৰণৰ যোজা কৰিছে।পুনৰ অতীতৰ সেই একেই পটভূমিতেই চৰকাৰৰ একনায়কত্ব বাদী সিদ্ধান্তৰ বিৰুদ্ধে একেলগে মাৰবান্ধি থিয় হল অসমৰ লক্ষ লক্ষ জনগণ,অগ্নিগৰ্ভা অসমভূমিত বাজি উঠিল ৰণদুন্দুভি, উজনিৰ পৰা নামনিলৈ পূৰ্ণাঙ্গ ৰূপত আৰম্ভ হল 'কা বিৰোধী আন্দোলনৰ'। এই সময়ছোৱাত হাজাৰটা নতুন সমস্যাই অসমৰ নতুন প্ৰজন্মৰ লগতে সকলোলোককে ভীতিগ্ৰস্ত কৰি তুলিলে।প্ৰশ্ন হল- আমি ভোট দিম কাক?আজি আমাৰ সন্মুখত বিকল্প বুলিবলৈ একোৱেই নাই।অসমী আইৰ সৰলতাখিনিক বাৰে বাৰে কুঠাৰাঘাত কৰা পূৰ্বৰ প্ৰতিখন চৰকাৰৰ প্ৰতি অসমবাসীৰ স্বপ্ন ভংগ হৈছে।বিশ্বাসঘাটকতাৰ চৰমতম সীমা অতিক্ৰম কৰাৰ পিছত হয়তো আকৌ এবাৰ নতুন এটা আঞ্চলিক ৰাজনৈতিক দলক বিশ্বাস কৰিবলৈ গৈ আমিবোৰে এখোজ পিছুৱাই দিবলগা হ'ব।তেনে এক প্ৰেক্ষাপটতেই অসমৰ চুকে কোণে বিয়পি পৰিল নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাতৰি।ইয়াৰ সমৰ্থনত বহুজন ওলাই আহিল যদিও আন বহুজনে পূৰ্বৰ আধালেখা সেই দস্তাবেজৰ কথা পুনৰ সুঁৱৰি 'লংকালৈ যি যায় তেঁৱেই ৰাৱণ হয়' এই আপ্ত বাক্যশাৰীকে সাৰোগত কৰি নতুন দলটিক কোন সতেনো বিশ্বাসত ল'ব তাৰ গুণা গঁথা চলিল।আৱেগৰ উৰ্দ্ধত যুক্তিৰ কটাকটি আৰম্ভ হ'ল ,নতুন ৰাজনৈতিক দলটোৰ নেতৃত্ব কোনে ল'ব,দলটোৰ ৰাজনৈতিক ইস্তাহাৰ ,লক্ষ্য,উদেশ্য কি হব, দলটি স্বতন্ত্ৰ আৰু স্ব নিৰ্ভৰশীল হ'ব পাৰিবনে?...ইত্যাদি ইত্যাদি প্ৰশ্নৰ অৱতাৰণা ঘটিল।নাগৰিকত্ব সংশোধনী আইন,2019 বাতিলৰ ভিত্তিতেই ৰাজনৈতিক দল গঠন অথবা 2021ৰ নিৰ্বাচনক লক্ষ্য কৰিয়েই খৰখেদাকৈ গঠন কৰা দলটোৰ মানদণ্ড কিমান হব তাক লৈ প্ৰশ্ন উত্থাপিত হয়।কা বিৰোধী আন্দোলনে ষষ্ঠ অনুসূচীৰ সকলো অঞ্চল স্পৰ্শ কৰা নাছিল,এক কথাত কবলৈ গলে এই আন্দোলনে সৰ্বাত্মক ৰূপ পৰিগ্ৰহন কৰা নাছিল। নিৰ্বাচনৰ সময়ত আজিৰ তাৰিখতো দেশীয় স্বার্থতকৈ ব্যক্তিবিশেষৰ স্বাৰ্থই অগ্ৰণী ভূমিকা পালন কৰে।তেনে এক সন্ধিক্ষণত যদি নতুন ৰাজনৈতিক দলটোৱে নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেনেহলে ই হৈ পৰিব আমাৰ বাবে এক আত্মঘাতী সিদ্ধান্তৰ দৰে।সেয়েহে বৰ্তমান সময়ত কথাবোৰ আবেগেৰে নহয় যুক্তিৰ তুলাচনীৰে জুখি চোৱাৰ সময় আহি পৰিছে।2019ৰ চনৰ 21 ডিচেম্বৰ তাৰিখে সৰ্বত্ৰ প্ৰচাৰিত হল এটা বিগ ব্ৰেকিং news, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসমৰ ৰাজ্যিক ভাষা হব অসমীয়া।কিন্তু যি খন ৰাজ্যত ৰাজ্যখনৰ প্ৰকৃততে চৰকাৰী ভাষা নো কি তাক লৈ জনগণ বিভ্ৰান্ত হবলগীয়া হয় তেতিয়াই স্পষ্ট হৈ পৰে অসমত খিলঞ্জীয়াৰ ভাষিক সুৰক্ষাৰ সংকটৰ কথা,যিখন ৰাজ্যত খনিজ সম্পদ,বনজ সম্পদ,তৈল সম্পদৰ ওপৰত খিলঞ্জীয়া ৰ অধিকাৰ নাই তেতিয়াই স্পষ্ট হৈ পৰে অসমত খিলঞ্জীয়া ৰ অৰ্থনৈতিক অধিকাৰৰ সংকটৰ কথা গতিকে এনে এক জটিল সময়ত খিলঞ্জীয়া ৰ সাংবিধানিক ৰক্ষা কৱচ কাৰ্যকৰিকৰণৰ খুবেই প্ৰয়োজন।ই প্ৰতিগৰাকী খিলঞ্জীয়াৰ প্ৰাপ্য অধিকাৰ।নতুন ৰাজনৈতিক দল গঠন হলেও অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাত এই দলৰ ভূমিকা কেনেধৰণৰ হব সেইয়া অনাগত দিনত লক্ষণীয় হ'ব।
পাপৰি বৰা
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
ৰাজনীতি বিজ্ঞান বিভাগ, ষষ্ঠ ষাণ্মাসিক
Comments
Post a Comment