পাহৰিব নোৱাৰিলোঁ যি


পাহৰিব নোৱাৰিলোঁ যি,নীলমণি ফুকনৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ।গ্ৰন্থখন প্ৰথমবাৰৰ বাবে ২০১৮ চনৰ নৱেম্বৰ মাহত বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছিল।

https://as.wikiquote.org/wiki/%E0%A6%AA%E0%A6%BE%E0%A6%B9%E0%A7%B0%E0%A6%BF%E0%A6%AC_%E0%A6%A8%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%B2%E0%A7%8B%E0%A6%81_%E0%A6%AF%E0%A6%BF

১.The Earth looks like woman with a child in her arms... The mountain that looks down at me is a mother, too, and the afternoons the mist plays like a child around her shoulders and about her knees.

মাকে নিজে নাখাই ল'ৰা-ছোৱালীক খুৱায়, নিজে নিপিন্ধি ল'ৰা- ছোৱালীক পিন্ধায়, ল'ৰা-ছোৱালীৰ লগত হাঁহে-কান্দে, নিজে উজাগৰে থাকি ল'ৰা-ছোৱালীক শুৱায়। ভাৰতীয় সমাজত নাৰী সহনশীলতাৰ প্রতিমূর্তি। নাৰীৰ পৰা পুৰুষে নাৰী-সুলভ গুণবোৰ আয়ত্ত কৰাৰ কথা গান্ধীয়ে কৈছিল। সেই ল'ৰাকালিতে নাৰীৰ কৰুণাময়ী প্রেমময়ী ৰূপটো বোধহয় প্রথমতে দেখা পাইছিলোঁ। পৃথিৱীৰ শুৱনি-অশুৱনি প্ৰতিগৰাকী নাৰীয়েই প্ৰকৃতিৰ দৰে দিনে-ৰাতিয়ে পৃথিৱীখন বিনন্দীয়া কৰি থৈছে।(১১)

২.গাঁওখনলৈ মনত পৰিলে এতিয়াও মোৰ গাঁৱৰ গধূলিবোৰলৈ প্ৰথমেই মনত পৰে। জাৰ-জহৰ গধূলিবোৰ, চেনিচম্পা, বকুল ফুল গোন্ধোৱা, ধোঁৱা আৰু কুঁৱলীৰে মায়াময় সেই গধূলিবোৰ। গধূলি হ'লেই, গাঁওখন, গাঁওখনৰ মানুহ, গছ-গছনি, জীৱ-জন্তু, ঘৰ-দুৱাৰ- কিবা এক ৰহস্যময় আভৰণে ঢাকি ধৰে- কি কিনকিনীয়া বৰষুণত, কি আন্ধাৰত, কি জোনাকত। নিজকে বৰ অকলশৰীয়া যেন লাগি যায়। কাৰোবাৰ গোহালিত গৰুৱে হেম্বেলিয়ায়, নামঘৰত, কাৰোবাৰ গোসাঁই ঘৰত দবা-কাঁহ বাজে, পাৰই ৰুণ দিয়ে, ফেঁচাই কুৰুলিয়ায়, কোনোবাই 'কীর্তন দশম' পঢ়ে, কিবা নিশাচৰ চৰাই এটাই ধপধপাই উৰি যায়, গেলাবিলৰ সিটো পাৰৰ পৰা কোনোবাই কাৰোবাক ৰিঙিয়াই মাতে। জোনাকী পৰুৱাই জিলমিলাই থকা আন্ধাৰত, ফৰিং-ফুটা জোনাকত বাঁহ গছ আৰু কাকিনি তামোলৰ আগত কি এক বাংময় নীৰৱতা বিৰাজ কৰে গধূলিৰ গাঁওখনত। সঁচাকৈয়ে, নীৰৱতা সোণৰ সঙ্গীত, নীৰৱতা সুললিত তাল।(১৭)

৩.গাঁৱৰ পাঠশালাৰ পৰা দেৰগাঁও হাইস্কুললৈ গৈ বৃহত্তৰ দেৰগাঁৱৰ- অসমৰ সামাজিক-সাংস্কৃতিক জীৱনৰ লগত মোৰ দেহ-মনৰ সংযোগ ঘটিল। নিতৌ স্কুললৈ আহোঁতে-যাওঁতে এখনৰ পিছত এখন বিশাল ভোগৰোৱাতী পথাৰ আৰু আদি-অন্তহীন এখন বর্ণিল আকাশ দেখা পালোঁ। পালোঁ ফুটুকাতলি, ৰজাবাহাৰ দাধৰা- দূৰৈত নাহৰণি; তেজে থোক মেলে য'ত।(২২)

৪.ব'হাগ-জেঠমহীয়া বৰষুণৰ পানীৰে জলাতক ৰূপোৱালী হৈ ৰ'দত জিলমিলাই থকা সোণগুটি গজা খেতিয়কৰ দিঠকৰ, সপোনৰ পথাৰ,- আহিন-কাতিমহীয়া সঁজাল, গেঁৰ ধৰা, ছাঁ-পোহৰে লুকাভাকু খেলি থকা যৌৱনৰ, জীৱনৰ পথাৰ, ধলপুৱাৰ নিয়ৰে নোৱাই থোৱা আঘোণৰ মাণিকীমধুৰী গোন্ধোৱা পথাৰ আৰু মাঘত উৰুঙা উদং হৈ, কিবা এটা হাহাকাৰ কৰি থকা পথাৰ তিনিখনে, পথাৰ তিনিখনৰ মাজে মাজে থকা দুই- এজোপা সৌৰা গছে, সৌৰা গছত বাহ লোৱা টিপচি টিপটিপলী চৰাইবোৰে আৰু শুকান নৰাৰ ওপৰত আমনজিমনকৈ পৰি থকা ৰান্ধনি-বেলিৰ হেঙুলীয়া, বাংময় শোভাই মোৰ ল'ৰামতীয়া মনত কি যে স্নিগ্ধতা, কি যে অপৰিমেয় আনন্দ-বেদনাৰ পূৰ্ণতা-শূন্যতাৰ সঞ্চাৰ কৰিছিল। এই শূন্যতা ৰিক্তগৰ্ভ নহয়।(২২)

৫.শূন্যতা নথকা হ'লে বিশ্বব্রহ্মাণ্ডখনেই নেথাকিলেহেঁতেন, মানুহৰ জীৱনত যদি কিবা পূর্ণতা আছে, সিও নেথাকিলেহেঁতেন। দিনৰ বা ৰাতিৰ কোনোবা নহয় কোনোবা এটা মুহূর্তত কোনে শুনা নাই শূন্যতাৰ সেই আৰ্তস্বৰ।(২৩)

৬.স্কুললৈ যাওঁতে-আহোঁতে ৰৈ ৰৈ শুনিছিলোঁ, বাৰিষাৰ পথাৰৰ মেঘে মেদুৰ আকাশত পানীপিয়া চৰাইৰ মাত, ৰৈ ৰৈ চাইছিলোঁ ছোঁ-মাৰি উৰি অহা গঙাচিলনী এটা, বৰষুণৰ টোপাল পৰি পথাৰৰ পানীত বুৰবুৰণি উঠা, হাল বাওঁতে, মৈ দিওঁতে পুঠি-খলিহনাই খলকনি তুলি ঢেল-ওপঙা দিয়া, বগলী, কণামুচৰি, বৰটোকোলাই গহীন গহীনকৈ খোজ পেলাই ফুৰা- দৃশ্যবোৰ আজিও কেতিয়াবা চকুত ভমকাই উঠে।(২৩)

৭.বোকা দিয়া পথাৰত নামি, বোকাৰ গোন্ধ লৈ গাত কি এক শিহৰণ অনুভৱ কৰিছিলোঁ। আঘোণ সোমাওঁতে, নৌ সোমাওঁতেই আমি ধাননিৰ মাজেদি পটি উলিয়াই স্কুললৈ পোনাইছিলোঁ। মালভোগ, সুৱাগমণি ধানৰ পাতে কাটি হাত-ভৰি ছিৰাছিৰ কৰিছিল, মন ছিৰাছিৰ কৰিছিল কি এক অনির্বচনীয় আনন্দই। কেঁচা-পকা ধানৰ গোন্ধত মন মতলীয়া হৈ উৰি গৈছিল দশোদিশে- দিলশিৰি, দিচৈ, কাকডোঙা, নামবৰ, ধনশিৰি পাৰ হৈ ক'ৰবালৈ। কাক দেখিছিলোঁ, এতিয়াও কাক দেখোঁ পথাৰত।(২৩)

৮.কেতিয়াবা ভাবোঁ, কিমান সময় অপচয় কৰিলোঁ, কেতিয়াবা ভাবোঁ, নাই নহয়, একেবাৰে বিফলে যোৱা নাছিল মোৰ ল'ৰালিৰ সেই দিনবোৰ। জ্ঞাতসাৰে অজ্ঞাতসাৰেই মনে-গোপনে সঞ্চয় কৰি থৈছিল পাহৰিও পাহৰিব নোৱৰা কত কথা, ঘটনা, দৃশ্য, মানুহৰ স্মৃতি। কোনো মানুহৰেই মনৰ গোপন বা অগোপন সাঁচন অথলে নেযায়। বিশেষকৈ ল'ৰাকালৰ মনৰ সাঁচন। জর্জ ছেফাৰিছে কবিতাৰ ইমেজৰ উৎসৰ প্ৰসংগত এবাৰ কৈছিল: But it is rooted, I am certain, in the poets subconcious life, often of his childhood, and that's why I think it is decisive for a poet the childhood that he has lived.(৭৩)

৯.নৱকান্ত বৰুৱাৰ তালৈ যেতিয়াই গৈছিলো মনটো দিনটোৰ, কেতিয়াবা দিনচেৰেকৰ কাৰণে ভৰি, ৰঙা-হালধীয়া হৈ আহিছিল। মোৰ চিন্তা-চৰ্চাৰ বাহিৰৰ কথা কিছুমানো তেওঁ মোক কৈ সেইবোৰ কথাৰ প্ৰতি মোৰ কৌতূহল অনুৰাগ বঢ়াবলৈ, মোক শিক্ষিত-দীক্ষিত কৰিবলৈ বিচাৰিছিল। এইবোৰ কথাত মোৰ তিনিজন বিদগ্ধ বিদ্বান বন্ধুৰ দৰেই আছিল তেওঁ। মানুহৰ সান্নিধ্য সংগৰ পৰাই আহে নতুন নতুন উপলব্ধি, অভিজ্ঞতা। অভিজ্ঞানৰ ঐশ্বর্য, আন এক জীৱনৰ হেঙুলীয়া ৰস, অপাৰ বৈভৱ।(১০৭)

১০.নৱকান্ত বৰুৱা আছিল বিচিত্ৰ কথাৰ অফুৰন্ত অক্ষয় ভাণ্ডাৰ। পাৰাপাৰহীন কথা, তথ্য, খবৰ, ব্যংগ, বিচাৰ, ৰসিকতা, ৰগৰেৰে ভৰা। তেওঁৰ কবিতাৰ দৰেই তেওঁৰ কথাৰ ভাষাতো প্ৰাণৰ স্পন্দন, উত্তাপ। কয়ো অননুকৰণীয় নিজস্ব ঠাঁচত, ভংগীত, শুৱলা ছন্দত।(১০৭)

১১.কথাতো ছন্দ থাকে। তেওঁৰ কথা কোৱাৰ ঠাঁচ, কথাৰ ৰসৰ কথা ওলালে, মিত্ৰদেৱ মহন্ত, বেণুধৰ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা, ড° মহেশ্বৰ নেওগলৈ মনত পৰে। তেওঁলোকৰ কথা কোৱাৰ ভাষাত থকা সহজ-সৰল সৌন্দৰ্য আৰু সৰসতা নৱকান্ত বৰুৱাৰ কথাতো আছিল। কথাৰে নৱকান্ত বৰুৱাই মানুহ মুহিব পাৰিছিল, সাধাৰণ মানুহেও তেওঁৰ কথা শুনি মুগ্ধ হৈছিল।(১০৭)

১২.যেতিয়া নৱকান্ত বৰুৱাই বিদগ্ধজনৰ দৰে কথা কয়, সাধাৰণজনে সাধাৰণজনক কোৱা যেন লাগে। সাধাৰণতে তেওঁ কৈ থাকে, মই শুনি থাকোঁ। কথাৰ মাজত কেতিয়াবা কিবা এষাৰ কওঁ, শুনে। মত নিমিলিলে, তেওঁৰ মতটো জাপি দিবলৈ নিবিচাৰে। সেইটো তোমাৰ কথা বুলি কৈ থয়।(১০৭)

১৩.মানুহে ওৰেটো জীৱন মনৰ মানুহকে বিচাৰি ফুৰে। জড় আৰু জীৱন্ত বস্তুৰ লগতে মনৰ মাজত কিছুসংখ্যক মানুহ নাথাকিলে জীয়াই থাকিবলৈ টান হয়; যেনেকৈ গছ-বনে মাটিৰ পৰা ৰস-পানী নাপালে লেৰেলি মৰহি যায়। এই কিছুসংখ্যক মানুহ কেতিয়াবা মনৰ আন্ধাৰত সোমাই থাকে, কেতিয়াবা পোহৰত ওলাই জিলিকি থাকে।(১১৬)

১৪.কত কথা পাহৰি গ'লোঁ, কত কথা পাহৰি থাকোঁ, কেতিয়াবা মনত পেলাবলৈকো কত কথা পাহৰি যাওঁ, আকৌ কোনোবা এটা সময়ত মনলৈ আহিলেও, ফটফটীয়া বা ছয়াময়াকৈ, যেনেকৈয়ে নাহক, অহোপুৰুষাৰ্থ কৰিও ভাষাৰে, আনকি ঠাৰে-চিয়াঁৰেও প্রকাশ কৰিব নোৱাৰো। অব্যক্ত হৈয়ে ৰয় কত কথা; কেৱল ডেই-পুৰি মৰো। বৰ পুৰণি হৈ যোৱা কিছুমান কথা, দৃশ্য স্মৃতি, কিছু স্পষ্ট-অস্পষ্টকৈ হ'লেও মানুহৰ মনৰ মৌ-কোঁহত ৰৈ থাকে, ৰৈ যায়।(১৩১)

১৫.সকলো মানুহৰ মনৰ মাজতে এটা চৰাই থাকে, মাতি থাকে, তেওঁলোকে শুনক বা নুশুনক।(২০৪)

১৬.অন্তৰে অন্তৰে এটা সংযোগ বিন্দুত তেওঁৰ সৈতে সংযোজিত হৈ ৰ'লোঁ। লীন নহয়। শেষ সময়লৈ পাহৰিবও নোৱাৰো। পাহৰিলেও পাহৰণিয়ে সোঁৱৰাই দিব।(২৫৫)

১৭.মৰিবলৈ ওলোৱা মানুহজনেও কাৰোবাৰ সাদৰী মাতষাৰ শুনিলে শেষবাৰৰ কাৰণে হ'লেও চকু মেলি চাব বা মুখত পানী এটোপা দিয়া বুলি আকাৰ-ইংগিতেৰে ক'ব। মানুহে মানুহক মাৰে, শূলত দিয়ে, পিঙত দিয়ে, বিষ খুৱাই মাৰে, মানুহে মানুহক মাৰিবলৈ কি কৰা নাই কি নকৰে মানুহে মানুহক। কিন্তু মানুহ মানুহৰ বাবেই জীয়াই থাকে, সেইদৰে বিশ্ব চৰাচৰৰ সকলোবোৰ জড় আৰু জীৱন্ত বস্তুবোৰো মানুহৰ লগতে জীয়াই থকাটোও মানুহে বিচাৰে। জীৱন্ত জড় বস্তুবোৰক বাদ দি থকাটো মানুহৰ কাৰণে সম্ভৱ নহ'ব আৰু সম্ভৱ হ'লেও সি সম্পূর্ণ নহ'ব।(২৭৯)

১৮.ভাল কবিতা এটা পঢ়িলে, ভাল গল্প, প্রবন্ধ এটা পঢ়িলে বা নতুন কিতাপ এখন পঢ়িলে পঢ়ি ভাল পোৱা আনন্দ আৰু উত্তেজনাৰ এটা ভাগ মনেমিলা এজনক দিবলৈ মন যায়।(২৮৪)

১৯.মনে মিলা মানুহ বিচাৰি পাবলৈ টান। বিশেষকৈ শিল্প, সাহিত্য, সংগীত, চিত্র, চলচ্চিত্ৰ, ৰুচি সংবেদনশীল, সৃষ্টিশীল মানৱিক এটা মনৰ মানুহ। মনে বিচৰা মানুহ পালে তেওঁলোকৰ লগতহে আচল বন্ধুত্ব হয়। সিও স্থায়ী, চিৰস্থায়ী নহ'বও পাৰে। খন্তেকৰ কাৰণেও জীৱনৰ বাটে-ঘাটে লগ পোৱা সাধাৰণজনকো কেতিয়াবা ওৰে জীৱনটো পাহৰিব নোৱাৰি, জ্ঞাতে-অজ্ঞাতে মনৰ গহনত সোমাই ৰৈ যায় তেওঁলোক। জীৱনৰ সুখ-দুখৰ কোনোবা এটা মুহূৰ্তত খন্তেকলৈ হ'লেও ভুমুকিয়াই, জীয়াই থকাৰ উদ্দেশ্য-আনন্দ, অর্থ-অনর্থ কি সোঁৱৰাই দিয়ে।(২৯৭)

২০.আধুনিক মানুহৰ জীৱন কবিতাৰ কাৰণে কিছু সংকুচিত হৈ আহিছে- এইটো সঁচা, কিন্তু কবিতাক বাদ দি মানুহৰ আৱেগিক, আনুভুতিক, বৌদ্ধিক জীৱন কেনেকৈ জীপাল, বর্ণময় আৰু সমৃদ্ধ হৈ থাকিব, মানুহ কেনেকৈ মানুহ হৈ থাকিব? জীয়াই থকাটোৱেইটো কবিতা।(৩৮৬)

২১.কবিতা নিভৃত মন আৰু হৃদয়ৰ অভিব্যক্তি আৰু এটা ভাষাৰ অভিব্যক্তি শক্তিৰ চূড়ান্ত নিদর্শন। আশ্চর্যৰ কথা, কবিতা নপঢ়া মানুহৰ ওপৰতো কবিতাই প্রভাৱ বিস্তাৰ কৰে। এটা কবিতা লিখিছোঁ কবিতা যিসকলে নপঢ়ে, কবিতা তেওঁলোকৰ কাৰণেই।(৩৮৬)

২২.'পাতি-সোণাৰুৰ ফুল' নামটো মই তেনেকৈ ভাবি-চিন্তি দিয়া নাই। লিখোঁতে মনলৈ আহিছিল, দি দিলোঁ। মই যিখন গাঁৱত জন্ম আৰু ডাঙৰ- দীঘল হৈছিলো সেই গাঁওখনত আৰু গাঁওখনৰ গাতে লাগি থকা গাঁওবোৰত এটা সময়ত পাতি-সোণাৰুৰ গছ ভৰি আছিল। এই হালধীয়া ৰংটোৰ কাৰণেই দিলো নেকি? হালধীয়াটো প্রেম আৰু আনন্দৰ বং। মানুহৰ জন্ম আৰু মৃত্যুৰ মাজৰ এই সময়খিনি পাতি-সোণাৰুৰ হালধীয়া ৰংটোৱেই পোহৰাই থয়।(৩৮৬)

২৩.কবিতা লিখিবলৈ লোৱা মানুহজনৰ কাৰণে আটাইতকৈ প্রয়োজনীয় কথা হ'ল- জীৱনৰ আৰু বাস্তৱৰ লগত তেওঁ কিমান নিবিড়ভাবে জড়িত, যুক্ত-জীৱন, বাস্তৱ ভাষা সম্বন্ধে তেওঁ কিমান সচেতন, জীৱন বাস্তৱৰ অভিজ্ঞতা তেওঁৰ কিমান বিশাল আৰু গভীৰ। আমাৰ পুৰণি শাস্ত্ৰকাৰসকলে কৈছিল: বাস্তৱ উপলব্ধিতহে কবিৰ ব্যুৎপত্তি। এই উপলব্ধি বাস্তৱৰ পৰা পোনে পোনে অহাৰ উপৰি মানুহৰ জ্ঞানৰ বিভিন্ন ক্ষেত্ৰৰ পৰাও আহে, আহিব পাৰে, আহিছে। আজিৰ কবি এজনৰ সন্মুখত অনেক দিগন্ত মুকলি হৈ আছে, যথা- সংগীত, শিল্পকলা, দর্শন, ৰাজনীতি, সমাজ বিজ্ঞান, পুৰাতত্ত্ব, ইতিহাস ইত্যাদি ইত্যাদি।(৩৮৬)

২৪.এতিয়া বুঢ়া হৈছো, ল'ৰালিকালৰ দিনবোৰ বিচাৰি থাকোঁ। জানো, বিচাৰিলেও কাহানিও নাপাওঁ। তোমালোকে বাৰু ৰবীন্দ্রনাথৰ এটা গান শুনিছা নেকি? সেই যে দিনগুলি মোৰ সোণাৰ খাচায় বইল না- বুলি মাজে মাজে গানটো শুনোঁ। এইটো এটা মোৰ প্রিয় গান। ভাবো, ল'ৰালিকালটো বা ল'ৰালিকালৰ দিনবোৰ সকলো মানুহৰ জীৱন-স্মৃতি অমূল্য সম্পদ স্বপ্নৰ ঐশ্বর্য। বিশেষকৈ কবি, সংগীতজ্ঞ, শিল্পীৰ ক্ষেত্ৰত শৈশৱৰ বা ল'ৰাকালিৰ

স্মৃতিৰ এটা খুব গুৰুত্বপূর্ণ নির্ণায়ক ভূমিকা আছে। এগৰাকী বিশ্ববিখ্যাত ইংৰাজ কবিয়ে কৈছিল- "Memory is the faculty of poetry." মোৰ বহু কবিতাৰ আঁৰত শৈশৱৰ বহু অভিজ্ঞতা, বহু হাঁহি-কান্দোনৰ স্মৃতি মই নিজেও জনা-নজনাকৈয়ে সোমাই আছে। স্মৃতি মানেই এটা অভিজ্ঞতা। মর্মান্তিকো হ'ব পাৰে, আনন্দও হ'ব পাৰে।(৩৮৭)

২৫.স্থায়ী আসন লাভ কৰিছে বুলি যে কৈছা, প্ৰেমৰ কিবা স্থায়ী- অস্থায়ী কথা এটা থাকে নেকি? এজন মানুহৰ জীৱনৰ প্ৰেমৰ স্থিতিটো জীৱনজোৰা। এইটো এটা সনাতন অন্তহীন চেতনা, অনুভূতি। পিকাছোৱে কৈছিল- Body ages, Mind does not. প্ৰেমৰ অনুভূতিটো বা প্ৰেমৰ চেতনাটো থকালৈকেহে মানুহ। মানুহৰ কিছুমান মানবীয় গুণ প্রজ্বলিত হৈ থাকে। মই ভাবো, মই বহু ঠাইত কৈছোঁ কবি প্রধানতঃ এজন প্রেমিক। এজন বিদ্রোহী। যি প্রেম বা প্ৰেমৰ অনুভূতি প্রথম এটা শিশুৱে মাকৰ বুকুতে বিচাৰি পায়; যি পৰৱৰ্তী কালত ক্ষুদ্রাতিক্ষুদ্র পোক-পতংগৰ পৰা বিশাল নিসর্গলৈ বিস্তাৰিত হৈ মানুহৰ মন, হৃদয় আৰু জীৱনক ধুনীয়া কৰে।(৩৮৭)

২৬.কবিতাই মানুহক কি দিয়া নাই? এবাৰ ভাবি চোৱাচোন। অনির্বচনীয় আনন্দ সোণৰ সংগীতৰ অমৃত। মানুহক মানুহ হৈ জীয়াই থাকিবলৈ কয়, চৰাই হৈ আকাশত উৰি থাকিবলৈ, পখিলা হৈ ফুলত পৰি থাকিবলৈ আৰু বৰষুণ হৈ শুকান মাটি তিয়াবলৈ।(৩৮৭)

২৭.জীৱন্ত বা সুপ্ত ৰূপত সকলো মানুহৰ মনতে কবিতা আছে। জীৱনৰ কোনোবা নহয় কোনোবা এটা স্তব্ধ বা কোলাহলময় মুহূর্তত সকলোৱেই কবি; তেওঁ কবিতা লেখক বা নেলেখক। মানুহৰ মহা দুর্দিন দুর্যোগৰ ঘোৰ আন্ধাৰৰ মাজতে কবিতাই আলোড়িত আলোকিত কৰি ৰাখে মৰণশীল মানুহৰ অন্তৰ, মন, হৃদয়, স্বপ্ন আৰু কল্পনাৰ পুৱা-গধূলিৰ হেঙুলীয়া আকাশ আৰু পৃথিৱী।(৩৯২)

২৮.সার্থক কবিতা এটা পঢ়িলে বা শুনিলে আমি নিজকে পাওঁ, আনকো পাওঁ,হহা দেখোঁ, কন্দা দেখোঁ, জীৱন্ত জড় বস্তুবোৰক নিজৰ মাজত দেখোঁ। ক'ৰবাত নিজকে এৰি থৈ কাৰোবাক বিচাৰি ক'ৰবালৈ গুচি যাওঁ। বিশ্বপ্রকৃতি আৰু জীৱনৰ ৰহস্যৰ লগত জনা-নজনাকৈ আমাৰ এটা সম্পর্ক হয়। নিজৰ কল্পনা আৰু বোধ-অনুভূতিৰে মানুহৰ অস্তিত্ব, অস্তিত্বৰ যন্ত্রণা, সত্য-অসত্যক, অতীত, বর্তমান আৰু ভৱিষ্যতক, জীৱনৰ পূৰ্ণতা অপূর্ণতাক, জনা-অজনাক অনুভৱ উপলব্ধি কৰোঁ। ব্যক্তিমন সার্বজনীন মনৰ লগত কালস্রোত আৰু ইতিহাসৰ লগত অন্বিত হয়।(৩৯২)

২৯.কবি মাত্রেই তেওঁ এজন সর্বপ্রাণবাদী, প্রেমিক বিদ্রোহী মানৱতাবাদী, মৈত্রী-মমতাবোধত শান্তি-ঐক্য আৰু মানুহৰ ভৱিষ্যতত বিশ্বাসী। পৃথিৱীৰ সকলো কবিয়েই বাঞ্ছা কৰে, সর্বত্র শোষণ-পীড়নৰ অন্ত হওক, ভ্রাতৃঘাতী, আত্মঘাতী, সংঘাত, সংঘর্ষ, যুদ্ধ-বিগ্রহ, ৰক্তপাতৰ অন্ত হওক, মানুহৰ মানুহলৈ ভয় নোহোৱা হওক। পৃথিৱীৰ প্ৰতিজন মানুহেই প্রতিজন মানুহৰ মাজত বিচাৰি পাওক চিৰকালৰ এজন পৰম সুহৃদ। মানুহৰ জীৱনৰ প্ৰতিটো মুহূর্তই হওক একোটা মানৱিক মুহূর্ত- একোটা আধ্যাত্মিক মুহূর্ত।(৩৯২)

৩০.ছাঁ জাঁ পেৰ্ছৰ এফাকি কথাৰ প্ৰতিধ্বনি কৰি কওঁ- কবিতা মাটিৰ চাকি। কবিৰ হাতত থকা এই মাটিৰ চাকিটিৰ পোহৰেই আজিৰ এই পৰিস্থিতিত যথেষ্ট নে? যথেষ্ট, যদি মানুহে কেৱল মনত ৰাখে মাটিক।(৩৯২)

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)