প্ৰাক্তন
জুৰি বৰুৱা সাম্প্ৰতিক সময়ৰ অসমৰ এগৰাকী প্ৰথিতযশা লেখিকা।পেছাত অধ্যাপক হিচাপে কৰ্মৰত জুৰি বৰুৱাৰ দ্বিতীয় গল্প সংকলন খন হ’ল ‘প্ৰাক্তন’ ৷২০২২ চনৰ নৱেম্বৰ মাহত পাঞ্চজন্য বুকছৰ দ্বাৰা উক্ত গল্প সংকলনখনি প্ৰকাশ পাইছিল।
প্ৰাক্তন(গল্প সংকলন)
উদ্ধৃতি
১.'প্ৰাক্তন' মানেতো কেৱল বিচ্ছিন্ন হোৱা প্ৰেমিক প্ৰেয়সী নহয়।'প্ৰাক্তন' পাৰ কৰি অহা পুৰণি এছোৱা বাট। 'প্ৰাক্তন' পিছ পেলাই অহা এন্ধাৰ একোখন জাৰণি। 'প্ৰাক্তন' এজাক দিঠক নোহোৱা যৌৱন। 'প্ৰাক্তন' কিছু অতিৰিক্ত মোহ, কিছু পৰিত্যক্ত ক্ষোভ।
২.লুকাভাকুত মানুহে লুকাই থকাৰ ভাও ধৰে। খেদাখেদিত এজনে আনজনক ইচ্ছা কৰিয়ে পিচ পেলাব নোখোজে।(পৃষ্ঠা : ১২৪)
৩.হতাশা আহিবই, কিন্তু হতাশাক উদযাপন নকৰিবা।(পৃষ্ঠা : ১২৭)
৪.চহৰৰ উপকণ্ঠত অৱসৰপ্ৰাপ্ত এটা পৰিয়ালে সহি থকা স্মৃতি যন্ত্ৰণাৰ এটা কাহিনী শুনি শুনি ৰুলীবায়ে নিজৰ যৌৱন সামৰে।ঠিক শীতে সামৰা শুকান ধূলিবোৰৰ দৰে। কোনো প্ৰাপ্তি স্বীকাৰ, কোনো প্ৰতাৰণা, কোনো পৃথকীকৃত স্মৃতি বিলাস নোহোৱাকৈয়ে, একেবাৰে সংগোপনে।(পৃষ্ঠা : ১৩১)
৫.সেয়ে শীতৰ চোতালত থুপ বন্ধা উচটনি ৰ'দজাকৰ দৰে আমি এজনে আনজনলৈ চাই আছিলোঁ। বাৰিষাৰ দ-বাম, খলা-বমাবোৰ হৈ আমি এজনে আনজনৰ কাহিনীত ডুব মাৰিছিলোঁ।(পৃষ্ঠা : ১৮)
৬.জিঅ' বেগ পেলোৱাৰ পাছত সিপাৰৰ নাওবোৰ এইপাৰে লগা ঘাটবোৰো সলনি হৈছে।ঘাটবোৰৰনো ক'ত ঘৰ থাকে। ঘাটবোৰো যৌৱনৰ দৰে বাঢ়ে। আৰু এদিন আন ঠাইলৈ সলনি হৈ গুচি যায়।(পৃষ্ঠা : ৩১)
৭.আমি কোনো কাৰো প্ৰতি কৃতজ্ঞ নহওঁ। নহওঁ পৰিত্যক্তও।যদিও আমি জানো আমাৰ ইতিহাসে দীৰ্ঘায়ু নিশ্বাস লৈ আমালৈ ৰৈ থাকে। সেই নিশ্বাসত আনে কোৱাৰ দৰে আমি শিল হ'ব নোৱাৰো। শিল হোৱাৰ বাসনাত নিজৰ বিবেক আৰু বিবেচনাক টুকুৰা-টুকুৰ কৰি বগৰাই পেলাব নোৱাৰো। সেয়ে হয়তো এজনে আনজনক নোচোৱাকৈও আমি আমাৰ বিবাদবোৰ সলসলাই পঢ়ি পেলাওঁ।(পৃষ্ঠা : ৩৮)
৮.সৰিয়হবোৰৰ জীৱনচক্ৰ মানুহৰ দৰেই। সৰিয়হৰ হালধীয়াবোৰ প্ৰথমে যিমান শুৱনি লাগে - দিন যোৱাৰ লগে লগে শুকাই পৰা ইহঁতৰ গা-গছবোৰ দেখি সহানুভূতিও ওপজে কপাহীৰ।(পৃষ্ঠা : ৪৫)
৯.শিলবোৰ বোজা। বোজাবোৰ জটিলতা।জটিলতাবোৰো এদিন ক্ষয় যায় আৰু নদীৰ বুকুত একাকাৰ হৈ পৰে।ঠিক জীৱনে কৰা পৰিভ্ৰমণৰ দৰে। প্ৰত্যাহ্বানবোৰ সংকুচিত কৰি পেলোৱা সময়ৰ দৰে।(পৃষ্ঠা : ৪৭)
১০.সোঁৱৰণিত যিবোৰ সময় ৰৈ যায়, অথবা যিবোৰ সময়ক আমি সোঁৱৰণি নামৰ কোঠা এটাত থৈ মাজে-সময়ে তাত জিৰাবলৈ যাওঁ - সেইবোৰ সময়ৰ লাম-লাকটু সামৰি আমি এজনে আনজনলৈ চাই থাকোঁ।(পৃষ্ঠা : ২৬)
১১.চকুৰে মণিব পৰালৈকে মানুহে কি দেখা পায় ? ভুলবোৰক নে নিজক ? দেখা পায় নে সুলুকি পৰা বুটামটো বুটলি মনলৈ অহা সেই ডোখৰ ডোখৰ স্মৃতিবোৰ? শুনা পায় নে নাপায় সেই কথাবিহীন গানৰ গুণগুণনি বোৰ ? চুব পাৰে নে নোৱাৰে সেই আটোমটোকাৰী স্পর্শক যিবোৰক সাৱটি এদিন গুচি যোৱা ঋতুৱে কৈছিল জীৱনৰ সপক্ষে থাকা বুলি ? ইমান দূৰতে যদি কোনোবাই এৰি আহে নিজকে - তেন্তে তেওঁ যত থিয় হৈ আছে আজি সেয়া কি ? ভ্ৰম নে জীৱনৰে আন এক পক্ষপাতিত্ব ?(পৃষ্ঠা : ১৩৪)
১২.জীৱন সহজ।ভালপোৱা সৰল।উলৰ দৰে গুঁঠি ৰখা উশাহক জাৰৰ ৰাতিবোৰত এই সৰলতাৰে উম দিয়া।জহৰ দিনবোৰত গাঁঠিবোৰ খুলি ধান মেলাৰ দৰে মেলি দিয়া।( পৃষ্ঠা : ১৩৯)
১৩.এনেকৈয়ে কিবা এক ৰিস্ক লৈয়ে মানুহ সোমাই নাযায় জানো এজনে আনজনৰ ভিতৰলৈ !যদিওবা দুজন মানুহৰ বৰ বিশেষ একো নিমিলে। যদিওবা দুজন মানুহে এজনে আনজনৰ সকলো পছন্দকে সমানে পছন্দ নকৰে। যদিওবা দুয়োজনে একেবোৰ শব্দতে একেদৰে ৰ'বলৈ নিশিকে।যদিওবা একেবোৰ কথাই দুয়োজনকে একেই জোৰত নোখোচে।(পৃষ্ঠা : ১৪৬)
১৪.তৰাৰ দুষ্টামিবোৰ পিতৌৰ প্ৰেমত পৰাৰ দৰে।নাওবোৰ ডুবিব বুলি জানিও পিতৌ যে কেনেকৈ মোৰ প্ৰেমত পৰিছে। নে মইহে অকল তেনেকৈ ভাবিছোঁ ? সিটো নাজানে প্ৰেমৰ নাৱত কোনো নাৱৰীয়া নাথাকে।থাকে মাথোঁ পানী আৰু সোঁত। পানীত সাঁতোৰে।সোঁতত ডুবে।(পৃষ্ঠা : ৩০)
১৫.লকডাউনৰ এই পৃথিৱীত প্ৰেমিক-প্ৰেমিকাৰ লগতে সাৰে আছে কিছু প্ৰাক্তন।মৰিও নমৰা মানুহ। উশাহ লৈও জী থকাৰ কথা সজোৰে কবলৈ গৈ ৰৈ যোৱা মানুহ।যাৰ কাহিনীৰ বাহিৰে আন কোনো বিৱৰণ নাই। যাৰ সোঁৱৰণীৰ বাহিৰে আন কোনো মাৰফৎ নাই। আৰু হঠাৎ কোনো এক ঘটনা ক্ৰমে পাছলৈ চাবলৈ ভয় কৰা তেনে প্ৰাক্তন পুৰণি প্ৰেয়সীৰ ফালে মুখ কৰি ৰৈ গৈছে ৰাস্তাৰ মাজতে।ৰাস্তাৰ মাজত ৰৈ যোৱাৰ দৰে দুৰ্বল ঘটনা আৰু কি হব পাৰে!ৰাস্তাৰ মাজত ৰৈ গলেই বুকুৰ মাজতো কিবা এটা ৰৈ যোৱাৰ দৰে লাগে।ৰৈ যোৱাৰ টুকুৰাটোক শিল বা বৰফ একোৰে নাম দিব নোৱাৰি। ৰৈ যোৱা টুকুৰাটো এনেকৈ ওপঙে বুকুত যেনেকৈ ফুলনিত ফুল গোলাপ পাহ ছিঙিবলৈ লওঁতে ভুলতে হাতত বিন্ধে কাঁইটৰ খোঁচে।(পৃষ্ঠা : ১৪৭)
১৬.সকলো শূন্যতাত মানুহ উদং নহয়।সকলো খালী ঠাইক লৈ মানুহ অস্থিৰো নহয়।কিছুমান ৰৈ যোৱা ঠাইত বহি মানুহে সেয়ে কবলৈ সাহস কৰে - আমি একেলগে আছোঁ।(পৃষ্ঠা : ১৪৭)
১৭.কিছুমান চাৱনিত মানুহ ডোখৰ ডোখৰকৈ খহি পৰে। মানুহে পাহৰি পেলায় নিজৰ সমস্ত অহংকাৰ।সকলো জেদ।হাচিল কৰিবলৈ গৈ থকা সকলো পৰিকল্পনাৰ বাস্তৱ।(পৃষ্ঠা : ১৪৮)
১৮.কোভিদৰ নীৰৱতাত মই বুজি উঠিছোঁ মানুহ যিবোৰ কাৰণত মৰে, সেই একেবোৰ কাৰণতে এচাম মানুহ বাচিও থাকে।জীয়াই থাকিবলৈ সেয়ে একোটা কাৰণ লাগে।( পৃষ্ঠা : ১৫০)
১৯.আচলতে প্ৰেম বুজাবুজি নহয়।যদিওবা প্ৰেমৰ বাবে এজনে আনজনক বুজি ভালপোৱাটো দৰকাৰ। আজিকালি মোৰ কেনে লাগে জানা ? চিনাকি-অচিনাকীৰ মাজতহে প্ৰেম। বিচাৰি থকা আৰু বিচাৰি পোৱাৰ মাজতহে প্ৰেম। আশা আৰু আশাভঙ্গতাৰ মাজতহে প্ৰেম। থ্ৰীল আৰু ৰিস্কৰ মাজতহে প্ৰেম।(পৃষ্ঠা : ১৫১)
২০.কাৰোবাক হঠাৎ ভাল লগাটোক আমি প্ৰেম বুলি ভাবো।কিন্তু কাৰোবাক হঠাতে ভাল লগাটো নিজকে নিজৰ হতাশাৰ পৰা লৈ যাব খোজা দূৰত্ব হে।প্ৰেম নহয়।প্ৰতিটো প্ৰেম কাহিনীয়ে সেয়ে বোধ কৰোঁ হতাশাৰ কাহিনী।(পৃষ্ঠা : ১৫১)
২১.এজন মানুহে যেতিয়া আমাৰ সকলো আশা, সন্তুষ্টি পূৰ কৰিব নোৱাৰে বুলি ভাবোঁ তেতিয়া আমি আকৌ শূণ্য হওঁ। কিন্তু সেই শূণ্য ঠাইখিনিৰ কথা মুখ ফুটাই কব নোৱাৰোঁ। মই কি ভাবোঁ জানা, যত যন্ত্ৰণা আৰু সুখ কেৱল নিজৰ হৈ থকা নাই, সেয়াই প্ৰেম। (পৃষ্ঠা : ১৫১)
২২.কিছুমান আকাশৰ সিটো পাৰে ডাৱৰৰ বাহিৰে একোকে নেদেখি।গৰ্জনৰ বাহিৰে একোকে নুশুনি।(পৃষ্ঠা : ১৫৩)
২৩.হেৰাবলৈ কেৱল কাৰণেই নালাগে। মানুহো লাগে।(পৃষ্ঠা : ১৫৪)
২৪.ডুবি যোৱা নাওবোৰৰ সৈতে বৰষুণৰ পানীত উপচি থকা চোতালখন দেখিলে এনে লাগে কোনোবা কাৰোবাৰ দুনিয়াত ডুবেই।(পৃষ্ঠা : ৩১)
Comments
Post a Comment