বিদ্যা দদাতি বিনয়ম
বিদ্যা আৰু বিনয়ী মনোভাৱৰ মাজত এক আন্তৰিক সম্পৰ্ক আছে।প্ৰকৃত বিদ্যাই মানুহক বিনম্ৰ কৰে।প্ৰকৃত শিক্ষাই মানুহৰ সৰ্বাঙ্গীন কল্যাণ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।শিক্ষা কেৱল এটা চাকৰিৰ বাবে নহয়,শিক্ষা জীৱনৰ বাবে হ'ব লাগে।প্ৰকৃত বিদ্যা মানুহৰ পৰম পাথেয়,জীৱনৰ নিৰ্মালিস্বৰূপ।জ্ঞানৰ অসীম সাগৰৰ পানী আজলি ভৰাই পান কৰাটো বৰ সহজ নহয়।এইয়া দিনৰ পিছত দিন কৰা এক সাধনাৰ যাত্ৰা।
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে অটল গাম্ভীৰ্যৰ ব্যক্তিয়ে দেখুৱাইছিল যে শিক্ষা কেনেকৈ আনৰ সেৱাৰ বাবে ব্যৱহাৰ কৰিব লাগে। কলিকতাৰ ওচৰৰ এখন গাঁৱত দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে নিজৰ কষ্টৰ দ্বাৰা জ্ঞান আহৰণ কৰিছিল।নাম মানুহৰ লগত মিলে নে ,মানুহ নামৰ সৈতে মিলে জনা নাযায়।কিন্তু ঈশ্বৰচন্দ বিদ্যাসাগৰ এই নামটোৰ দৰেই সঁচা অৰ্থত তেওঁ আছিল জ্ঞানৰ সাগৰ। স্কুলীয়া দিনত ঘৰত বিদ্যুৎ নথকাৰ বাবে ৰাতি ষ্ট্ৰীট লাইটৰ তলত পঢ়া-শুনা কৰিছিল। পুত্ৰৰ কষ্ট দেখি মাকে চকুলো টুকিছিল।ঈশ্বৰচন্দই কৈছিল- না সুখত লভ্যতে সুখম (সুখৰ পৰা সুখ উলিয়াব নোৱাৰি)।নানানটা প্ৰত্যাহ্বানৰ পৰাহে সুখ আহৰণ কৰিব পাৰি।
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আছিল এজন দাৰ্শনিক, সাহিত্যিক, সমাজ সংস্কাৰক, আৰু দানবীৰ। এবাৰ সংস্কৃত পণ্ডিত এজনে ঈশ্বৰ চন্দ্ৰৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ঈশ্বৰ চন্দ্ৰই পণ্ডিতজনক কলিকতাৰ ওচৰৰ নিজৰ গাঁৱলৈ আহিবলৈ নিমন্ত্ৰণ কৰি স্বেচ্ছাই ৰেলৱে ষ্টেচনত পণ্ডিতজনক আদৰিবলৈ গৈছিল। তেওঁ পণ্ডিত হোৱাৰ বাবে নিজক লৈ আত্মগৌৰৱ কৰিছিল।ৰেলযাত্ৰাৰ সময়ত তেওঁ মাৰ্জিত সাজ-পোছাক পৰিধান কৰিছিল। প্ৰতিশ্ৰুতি অনুসৰি ঈশ্বৰ চন্দ্ৰই পণ্ডিতজনক গ্ৰহণ কৰিবলৈ ৰেল ষ্টেচনত ৰৈ আছিল। ঈশ্বৰ চন্দ্ৰই সদায় অতি বিনয়ী সাজ-পোছাক পিন্ধিছিল। নিজৰ জ্ঞানক লৈ গৌৰৱান্বিত পণ্ডিতজনে তেওঁক কুলি বুলি ভুল কৰি তেওঁৰ বয় বস্তু সমূহ লৈ যাবলৈ পৰামৰ্শ দিছিল। পণ্ডিতজনে ভাল সাজ-পোছাক পিন্ধা ঈশ্বৰচন্দ্ৰক বিচাৰি ইফালে সিফালে চলাথ কৰিছিল। তেওঁ ধৰি লৈছিল যে ঈশ্বৰ চন্দ্ৰৰ দৰে সন্মানীয় আৰু বিখ্যাত ব্যক্তিয়ে চিকচিকিয়া কাপোৰ আৰু দামী জোতা পিন্ধিব।কিন্তু সেই পণ্ডিত গৰাকীয়ে নিজৰ দৰে মাৰ্জিত সাজ-পোছাক পিন্ধা কাকো বিচাৰি নাপালে, আৰু সেয়েহে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰক কুলি বুলি ইংগিত দি বয় বস্তু কঢ়িয়াই নিবলৈ আদেশ দিলে আৰু সুধিলে-
“আপুনি জানেনে বিখ্যাত ঈশ্বৰচন্দ্ৰ ক’ত থাকে?”
ঈশ্বৰ চন্দ্ৰই মনে মনে পণ্ডিতৰ কথা মানি নিজৰ ঘৰলৈ তেওঁৰ বয় বস্তুবোৰ কঢ়িয়াই লৈ গ’ল। বাটত পণ্ডিতজনে ক’লে-
“মই এজন সংস্কৃত পণ্ডিত। সংস্কৃত ব্যাকৰণৰ নিয়ম অধ্যয়ন কৰাটো মানুহৰ বাবে কিমান কষ্টকৰ হয় জানেনে? মই এই দেশৰ অতি কম সংখ্যক মানুহৰ ভিতৰত এজন যিয়ে সেই কথা বুজি পাওঁ। তেওঁলোকক বুজি পোৱা আন এজন ব্যক্তি হৈছে ঈশ্বৰ চন্দ্ৰ আৰু মই ইয়াত তেওঁক লগ কৰিবলৈ আহিছো যাতে বুদ্ধিমত্তাৰ ক্ষেত্ৰত মোৰ সমান কোনোবা এজনৰ লগত বৌদ্ধিক কথা-বতৰা পাতিব পাৰো।”
ঈশ্বৰে পণ্ডিতজনৰ অবিৰত আত্মপ্ৰশংসা শুনিছিল যদিও কোনোধৰণৰ প্ৰতিক্ৰিয়া বা খং কৰা নাছিল। তেতিয়াও তেওঁ নিজৰ পৰিচয় প্ৰকাশ নকৰি মনে মনে বয় বস্তুবোৰ নিজৰ ঘৰলৈ লৈ গ’ল। ঘৰ পোৱাৰ লগে লগে দুৱাৰখন খুলি পণ্ডিতজনক সৌজন্যতাৰে ভিতৰলৈ মাতিলে। তেতিয়াই পণ্ডিতজনে উপলব্ধি কৰিলে – যিজন ব্যক্তিক তেওঁ নিজৰ প্ৰশংসা গাই আহিছিল, তেওঁ আন কোনো নহয়, নিজেই মহান ঈশ্বৰ চন্দ্ৰ। ঈশ্বৰ চন্দ্ৰৰ দৰে এনে প্ৰতিভাই কেনেকৈ ইমান সৰল সাজ-পোছাক পিন্ধিব পাৰে, ইমান বিনয়ী আচৰণ কৰিব পাৰে আৰু আন সকলোকে ইমান নম্ৰভাৱে সন্মান কৰিব পাৰে, আনকি তেওঁক কুলিৰ দৰে ব্যৱহাৰ কৰি থকাৰ সময়তো তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া কৰা নাছিল। তেওঁৰ বাসগৃহৰ সৰলতা আৰু অভ্যাসৰ বদান্যতা দেখিও পণ্ডিতগৰাকী আচৰিত হৈছিল। ঈশ্বৰচন্দ্ৰৰ লগত দুদিনমান থকাৰ পিছত পণ্ডিতজন নিজেই অধিক নম্ৰ মানুহ হৈ ঘৰলৈ উভতিছিল।
যি বিদ্যাই নিজক পাৰ হৈ সপোন দেখাৰ বাট দেখুৱাই,সংকুচিত জীৱনৰ পৰিৱৰ্তে বিশালতাৰ পথ প্ৰশস্ত কৰে,সৎ কৰ্মৰ প্ৰতি মানুহৰ চিন্তাক প্ৰবুদ্ধ কৰে তেনে বিদ্যাই প্ৰকৃতাৰ্থত উত্তম বিদ্যা।জন দিউয়ে(John Dewey)কৈছিল "Education is not preparation for life; education is life itself."
সমাজত কাঠফুলাৰ দৰে বাঢ়ি অহা প্ৰতিটো সমস্যাৰ আঁৰতেই লুকাই আছে গুণগত শিক্ষাৰ অভাৱ।
আমাৰ নম্বৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা শিক্ষা ব্যৱস্থাত সততা,বিনম্ৰতা,পৰোপকাৰীতা,বদান্যতা ইত্যাদি মানৱীয় চেতনাৰে সমৃদ্ধ গুণৰ বিকাশ সাধনত কাহানিও গুৰুত্ব প্ৰদান কৰা হোৱা নাই।আমি কেৱল আৰু কেৱল হৈ পৰিছোঁ নম্বৰৰ পিছত দৌৰা একো একোটা ৰণুৱা ঘোঁৰা।শৈশৱতেই শ্বচাকু ক'বায়সী (Sosako Kobayashi) নামৰ জাপানৰ এগৰাকী শিক্ষকে সাংঘাতিক মুগ্ধ কৰিছিল।মনৰ মাজতে এনে এখন শিক্ষানুষ্ঠানৰ ছবি আঁকিছিলোঁ,যি বাস্তৱত পৰ্বতত কাছ কণী বিচৰাৰ দৰেই আছিল।সময়ৰ গতিশীলতাত মানৱিক চেতনাৰে সমৃদ্ধ এনে বহু শিক্ষানুষ্ঠানৰ কথা আমি জানিছোঁ,বাস্তৱত দেখিবলৈ পাইছোঁ।তাৰ ভিতৰত অসমৰ বিদ্যা:দা লিভিং স্কুল, উত্তম টেৰনৰ পাৰিজাত একাডেমী,মাজুলীৰ হামিং বাৰ্ড স্কুল ইত্যাদি অন্যতম।প্ৰচলিত শিক্ষা ব্যৱস্থাক প্ৰত্যাহ্বান জনাই গঢ়ি তোলা এনে শিক্ষানুষ্ঠানৰ সংখ্যা ক্ৰমাগতভাৱে আৰু বৃদ্ধি পাওঁক।পৰম্পৰাগতভাৱে চলি অহা সমাজব্যৱস্থা অথবা শিক্ষাব্যৱস্থালৈ আমূল পৰিৱৰ্তনৰ অনাৰ স্বাৰ্থত এনেবোৰ বলিষ্ঠ খোজৰ আজিৰ তাৰিখত আটাইতকৈ প্ৰয়োজন।য'ত এজন শিশুৱে নিচেই চালুকীয়া বয়সৰ পৰাই অংক,বিজ্ঞানৰ সমান্তৰালভাৱে জীৱনবোধৰ পাঠ বাস্তৱধৰ্মীতাৰে আহৰণ কৰিব পাৰিব।য'ত প্ৰতিগৰাকী শিশুৰ বাবে পাঠ্যক্ৰম একোটা সহিব নোৱৰা বোজা নহৈ সুখী আৰু সন্তুষ্ট হোৱাৰ এটা কাৰণ হৈ পৰিব।য'ত সৰ্বাধিক নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে 'ময়েই সৰ্বেসৰ্বা' বুলি ভৱাৰ পৰিৱৰ্তে বিনম্ৰতাক জীৱনৰ আভূষণ হিচাপে আঁকোৱালি ল'ব।য'ত প্ৰতিগৰাকী শিশুৱে বাধ্যবাধকতাৰ পৰিৱৰ্তে মুক্তমনে ,স্ব-ইচ্ছাৰে পঢ়াশালীৰ দিশে বাট বুলিব।যি শিক্ষা গ্ৰহণ কৰি আমাৰ শিশুসকলে আনন্দ অনুভৱ কৰিব,বস্তুবাদী,ক্ষন্তেকীয়া পৃথিৱীখনৰ পৰা নিজকে নিলগাই কলা আৰু সৃজনীশীলতাৰ কচৰত কৰিব পাৰিব।পঢ়াৰ হেঁচাত কাহানিও তেওঁলোকৰ সৃজনশীল প্ৰতিভাৰ মৃত্যু নঘটিব।
যি শিক্ষাই মানুহক নিজৰ শিপাৰ পৰা বিচ্ছিন্ন কৰায়,মানুহৰ পৰা তেওঁলোকৰ সৰলতাখিনি কাঢ়ি লয়,আমাৰ ভিতৰৰ শিশুটিক মাৰি পেলাই,মানৱীয়তা পাহৰাই,কেৱল মাত্ৰ চাকৰি বিচৰা চাকৰ বনায়,তেনে শিক্ষা সঁচাই অৰ্থহীন।প্ৰকৃত শিক্ষাই মানুহক বিনয়ী কৰিব,সামগ্ৰিক বিকাশ সাধন কৰিব।
ছক্ৰেটিছৰ মতে,"The object of education is to teach us to love what is beautiful.”
শিক্ষা মানে কেৱল মাত্ৰ এটা ডিগ্ৰী লোৱাই নহয়। যদি আমি গ্ৰহণ কৰা শিক্ষা আনৰ বাবে সহায়ক নহয় তেন্তে তেনে শিক্ষা একেবাৰেই মূল্যহীন।প্ৰকৃত শিক্ষাই জেউতি বিলায়।জীৱনৰ প্ৰতিটো সৰু-বৰ খোজত আমি গ্ৰহণ কৰা শিক্ষা প্ৰতিফলিত হয়।
সমাজৰ কল্যাণৰ বাবে ব্যৱহাৰ নকৰা শিক্ষা, আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভালৰ দৰেই।আমাৰ শিক্ষাই সামগ্ৰিকভাৱে আন দহজনক লাভান্বিত কৰিলেহে আমি নিজকে সঁচা অৰ্থত শিক্ষিত বুলি ক’ব পাৰিম।কেৱল কিতাপৰ জ্ঞান আহৰণ কৰিলেই যথেষ্ট নহয়।আমি পৰম প্ৰজ্ঞা লাভৰ বাবে সাধনা কৰিব লাগিব। প্ৰকৃত শিক্ষা হ’ল সেই শিক্ষা যিয়ে মানুহক নৈতিকতা, আধ্যাত্মিকতা আৰু চৰিত্ৰৰ সম্পদ প্ৰদান কৰে। শিক্ষাৰ উদ্দেশ্য কেৱল 'মই' তে সীমাবদ্ধ জীৱন নহয়, ই মানুহৰ মন বহল কৰি এজন আদৰ্শ আৰু গুণী ব্যক্তি কৰি তুলিব পাৰে।
আমি এনে শিক্ষা গ্ৰহণৰ দিশে অগ্ৰসৰ হোৱা উচিত যিয়ে নিজৰ লগতে সামগ্ৰিকভাৱে সমাজখনকো উপকৃত কৰিব। অসংখ্য দুৰ্ভগীয়া লোকে এই ধৰাত অলেখ্য কষ্ট,যাতনা ভোগ কৰি আছে।আমি গ্ৰহণ কৰা শিক্ষাই অন্ততঃ এজনৰ হ'লেও দুখ-কষ্ট লাঘৱ কৰিবলৈ আমাক প্ৰেৰিত কৰিব লাগিব।
আজিৰ তাৰিখত তুলনামূলকভাৱে খুব কম শিক্ষক,অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী থাকে যিসকলে শিক্ষাৰ উদ্দেশ্য আৰু ইয়াৰ আভ্যন্তৰীণ তাৎপৰ্য্য জানিবলৈ,বুজিবলৈ প্ৰয়াস কৰে।শিক্ষা মানে আজিও কেৱল এটা চাকৰিৰ বাবে গ্ৰহণ কৰা বিষয় হৈ আছে। নিঃসন্দেহে ছাত্ৰ-ছাত্ৰীসকল বুদ্ধিমান আৰু নিৰ্মল হৃদয়ৰ। কিন্তু উপযুক্ত পথ প্ৰদৰ্শনৰ অভাৱত তেওঁলোকে চাকৰিৰ ঠেক গণ্ডীৰ পৰা ওলাই আহি শিক্ষাৰ মহত্ত্ব অনুধাৱন কৰিবলৈ অপাৰগ । তেওঁলোকক শুদ্ধ পথ দেখুৱাই দিয়াটো অভিভাৱকৰ লগতে শিক্ষকৰ প্ৰথম আৰু শ্ৰেষ্ঠ কৰ্তব্য। কিছুমান অভিভাৱক হয়তো এনেদৰে শিক্ষিত নহ’বও পাৰে যাতে ছাত্ৰ-ছাত্ৰীক সঠিক পথত আগবঢ়াই নিব পাৰে।আমি সেয়েহে শিক্ষাৰ সাৰমৰ্ম বুজি, ইয়াক বাস্তৱত ৰূপায়ণ কৰি কিদৰে আনন্দৰ অভিজ্ঞতা লাভ কৰিব পাৰি তাৰ বাবে সযত্ন হোৱা উচিত।
Comments
Post a Comment