মনৰ বাতৰি-০১-লক্ষীৰাণী কলিতা
সময় বৰ গতিশীল। এই গতিশীল সময়ৰ লগত আমি আমাৰ ভাল লগা কামবোৰ কৰি যাব লাগিব। মই জীৱনত এতিয়ালৈকে লগ পোৱা সকলো মানুহৰ ক্ষেত্ৰত আপুনি যেন বহু ক্ষেত্ৰত ব্যতিক্ৰম Ma'am। আপোনাৰ চিন্তাধাৰাৰ মাজত যেন মই নিজক বিচাৰি পাইছোঁ। আপোনাক লগ পাই মই বহুত ধন্য। কাৰণ আপোনাৰ সহায়ত যেন মই সৰুৰে পৰা ভাবি অহা কামবোৰ আৰু ভালদৰে কৰি যাব পাৰিম। আমি সকলোৱে কওঁ যে ভগৱানে যি কৰে ভালৰ বাবেই কৰে সঁচাকৈয়ে বাস্তৱত এই কথাষাৰ প্ৰমাণ কৰিছে যে আপুনি আহি আমাৰ ডি আৰ কলেজতে পঢ়াবলে আহিল। আপোনাক লগ পোৱাটো যেন মোৰ জীৱনৰ এক টাৰ্ণিং পইন্ট। সৰুৰে পৰাই আনৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ মন আছিল। কিন্তু তেতিয়া জনা নাছিলোঁ কেনেকৈ কৰিম কিন্তু সদায় এটা কথাই মনত ভাবিছিলো আনৰ বাবে কিবা এটা কৰিম। জীবনটো ভগৱানে দিছে যেতিয়া সমাজৰ বাবে ভাল কিবা এটা কৰি থৈ যাম। সৰুৰে পৰা ভাবিছিলো কেৱল নিজৰ বাবে কেতিয়াও চিন্তা নকৰোঁ নিজৰ লগতে আনকো কিছুমান সহায় কৰি যাম। এতিয়া আচলতে মই একো কৰিব পৰা নাই। কিছুমান সৰু সৰু সহায় কৰিছোঁ ডাঙৰকে কৰিবলৈ পৰাগৈ নাই। সকলোকে সাঙুৰি লৈ কামবোৰ কৰিব বিচাৰোঁ। নাজানো মই কেতিয়ালৈ কৰিব পাৰোঁ কিন্তু কৰিম। এই ক্ষেত্ৰত আপুনি মোক সহায় কৰিব লাগিব Ma'am।
স্কুলত পঢ়া দিনৰে পৰা মোৰ জিলা উপায়ুক্ত হ'বলৈ খুব মন আছিল ভাবিছিলো তেতিয়া সকলোৰে বাবে বহুত কাম কৰিব পাৰিম।সৰু সৰু ল'ৰা ছোৱালী বোৰক কেৱল পঢ়াৰ দিশতে নহয় তেওঁলোকৰ নিজৰ কৰি ভাল লগা কামবোৰত আগুৱাই লৈ যাবলৈ খুব মন আছে। আচলতে বিচাৰোঁ মানু্হ হিচাপে সকলো ভাল হয়। আজিকালি বহুতে ভাবে পঢ়া শুনাত চোকা হৈ এটা ভাল চাকৰি কৰাটোয়ে এটা ভাল জীৱন কিন্তু মই ভাবো আমি আনৰ বাবে কি কৰি থৈ যাব পাৰিছো সেইটোয়েহে মানুহক সম্পূৰ্ণতা প্ৰদান কৰে।মই আজিলৈকে যিমানখিনি পাইছোঁ তাক লৈ সুখী। সৰু সৰু কথাবোৰত সুখ অনুভৱ কৰোঁ।
যেতিয়া মই সপ্তম শ্ৰেণীত আছিলোঁ তেতিয়া ৰাজনীতিলৈ যাবলৈ খুব মন আছিল।কাৰণ সমাজৰ বহুত মানুহক এক বৃহৎ পৰিসৰত ৰাজনীতিলৈ গৈ সহায় কৰিবলৈ মন আছিল। কিন্তু লাহে লাহে গম পালোঁ তেনেকৈ কিছুমান সংস্কাৰ আনিব নোৱাৰিম। এতিয়া সেইবাবে আপোনাৰ লগত কিছুমান কাম কৰিব বিচাৰোঁ । বৰ্তমান শিক্ষা ব্যৱস্থাটো এটা নম্বৰমুখী ব্যৱস্থালৈ গতি কৰিছে য'ত ল'ৰা ছোৱালীয়ে ভাৱে সৰহ নম্বৰ লাভ কৰিলেই শিক্ষাৰ মূল উদ্দেশ্য সফল হৈছে কিন্তু এইটো আমি সকলোৱে মিলি এটা প্ৰজন্মক এই চিন্তাধাৰাৰ পৰা আঁতৰাব বিচাৰোঁ।অনাগতদিনবোৰত যিবোৰ কাম কৰিম বুলি ভাবিছোঁ সফল কৰি যাম।এই ক্ষেত্ৰত এক ভালদৰে ভিজন ল'ব লাগিব।
আপোনাৰ ক্লাছটোৰ পৰা বহুত নতুন নতুন কথা শিকিছোঁ কেৱল পঢ়াৰ কথাই নহৈ অন্যান্য দিশৰ বহুত কথা জানিব পাৰিছোঁ। আপোনাক লগ পাই যেন আমি বহু ক্ষেত্ৰত নিজৰ ভাল লগা কাম বোৰ কৰি যাবলৈ আৰু অধিক অনুপ্ৰেৰণা পাইছোঁ । আপুনি সদায় ভালে থাকক ma'am আপোনাৰ কামবোৰে এদিন সম্পূৰ্ণতা লাভ কৰিব।আমি সকলো আপোনাৰ লগত আছোঁ বিশেষ কৰিব নোৱাৰিলেও আপোনাৰ সাহস হিচাপে । আপোনাক লগ নোপোৱা হ'লে বহুতকথা নিশিকিলো হয়। এতিয়া যেন আমি আমাৰ সপোনবোৰ একলগে বাস্তৱত ৰূপায়িত কৰিব পাৰিম। আপোনাৰ ক্লাছটো সকলোৰে প্ৰিয় এটা ক্লাছ। শেষত আপুনি সদায় এনেদৰে প্ৰতিটো দিশত আজীৱন আমাক আগুৱাই লৈ যাব।
লক্ষীৰাণী কলিতা
Comments
Post a Comment