চৰাইখানা

চৰাইখানা, মণিকুন্তলা ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এখন উপন্যাস।২০১৩ চনৰ, নৱেম্বৰ মাহত উপন্যাসখন প্ৰকাশিত হয়।

উদ্ধৃতি

১.ভাললগা আৰু ভালপোৱাৰ মাজত বহুত ব্যৱধান থাকে। এৰা, ভালপোৱাজন সমুখত নহয়,কাষত থাকে। নিচেই কাষত। যাৰ বাহুত মন গ'লেই পেলাই দিব পাৰি ভাৰাক্ৰান্ত শিৰ।(১০)

২.এৰা, জীৱনৰ নানানটা হাহাকাৰৰ সন্ধিক্ষণত কিতাপেই প্রদান কৰি আহিছে মোক নির্মল সান্নিধ্য। এক বুজাব নোৱৰা স্বর্গীয় মাদকতাৰে বিভোৰ কৰি ৰাখে মোক কিতাপে।কথা ক'ব নোৱৰা গছ-গছনি, পর্বত-নদী, শস্যক্ষেত্ৰ আৰু ইতৰ প্রাণীবোৰৰ হৈ এই কিতাপবোৰেই অনেক কথা কয়।(১২)

৩.বুকুৰ মাজত নির্মিত হয় তাৰ নামত এক স্বাচ্ছন্দ্য কুঠৰী। মঙ্গলময় কুঠৰী। হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, এটা মানৱ জীৱনে আশা কৰা সকলোখিনি ৰং-ৰূপ-নির্যাসেৰে ভৰাই তোলা সৰুদাৰ জীৱন।

মই কেৱল প্ৰাৰ্থনা কৰিছিলো। এই প্রার্থনা দিনকদিনে দীঘল হৈ যাব ধৰিছিল।(৩০)

৪.জীৱন অর্থহীন যেন লগাৰ সময়বোৰৰ মাজেৰেই মানুহে সন্ধান কৰি গৈ থাকে জীৱনৰ অৰ্থ। জন্ম-মৃত্যুৰ মাজৰ এই জীৱন নামব সময়খিনিত আমি কি কৰা উচিত বা কৰিছোঁ আৰু কৰিম, আনৰ পৰা প্ৰাপ্যখিনি পালোঁনে নাই, সকলোখিনিৰে সন্ধান তথা উপলব্ধি কৰি গৈ থকাৰ আঁৰে আঁৰে গৈ থাকে শুভপ্রার্থনা। শুভপ্ৰাৰ্থনা নিজৰ বাবে, আনৰ বাবে, সমগ্ৰ বিশ্বৰ বাবে। মানুহে নিজেই নজনাকৈ মঙ্গলময় কামনা ৰাখে, প্রার্থনা ৰাখে। কিমান দীঘল হ'ব পাৰে এই প্রার্থনা তাৰো কোনো নিৰূপিত ৰূপ থাকিব নোৱাৰে। হয়, মোৰ প্ৰাৰ্থনাৰো কোনো সীমা নাথাকে। হৃদয়ৰ ভিতৰত বৈ থাকে এই নদী নিৰৱধি।(৩১)

৫.এৰা, মানুহেই এনে এক আশ্চর্যজনক সত্তা, যি নিজৰ চকুলো চকুতে হেৰুৱাই হাত মেলে আনৰ চকুলো মচি দিবলৈ। আনৰ দুখত দুখী হ'ব পৰা, আনৰ কাৰণে কান্দিব পৰা কাৰণতেই আমি মানুহ।(৪১)

৬.মোৰ ধাৰণাত প্ৰেম কেৱল এক অনুভবী স্রোত। যি অহৰহ বৈ থাকে মানুহৰ সিৰাই সিৰাই। সেই অনুভৱ প্ৰকাশ কৰিবই যে লাগিব, তাৰ প্ৰতি নাছিল কোনো স্বচ্ছ ধাৰণা।(৭৪)

৭.স্মৃতিৰ ৰং হেনো সোণালী সদায়।মানুহে কয় অথচ গ্রহণ কৰাও যে কিমান কঠিন!(৭৭)

৮.চৰাইৰ বাহবোৰক মোৰ মাৰ দৰে লাগে। যি মই নুভতা পর্যন্ত অপেক্ষাৰত হৈ ৰয় সদায়। পৃথিৱীৰ দেশে দেশে এনে মাতৃ আছে, চৰাইৰ বাহৰ দৰে সন্তানৰ ওভতনিলৈ যি প্রতীক্ষাৰত হৈ ৰয় অহৰহ... অনবৰত।(৭৭)

৮.আনন্দৰ জোৱাৰ আৰু হৃদয় ভঙাৰ শব্দ কেৱল উপলব্ধিতহে সম্ভৱ, কথা বা ৰচনাত নহয়। সেইকাৰণেই আনন্দ লাগিলে মানুহে হাঁহে, দুখত কান্দে। প্রকৃতিয়ে মানুহক সুখ- দুখৰ অনুভৱ সকলোকে বেলেগ-বেলেগ ধৰণে দিছে, প্রত্যেকেই সুখ-দুখক নিজস্বধৰণে লয়।(৯৪)

৯.হয়, কবিতা যেন শ্বাৱাৰৰ পৰা পৰি থকা বৰষুণ, য'ৰ তলত ৰৈ, ভিজি জুৰুলি-জুপুৰি হৈ স্নান কৰোঁ মই। এনে বৰষুণে কেৱল মন বা প্রজ্ঞাবোধেই নহয়, মোৰ আত্মা পর্যন্ত ধুই নিকা কৰে।কিন্তু গদ্য আছিল মানুহৰ জীৱনৰ দৰে।প্রেম নামৰ পাহৰিব নোৱৰা যন্ত্ৰণাৰ দৰে।(১১৫)

১০.জীৱনত আমি প্রত্যেক মানুহেই প্রেম কৰো, প্ৰেমত পৰোঁ আৰু উঠি অহাৰ পাছতো তাতে পোত খাই সোমাই থাকো সমগ্র জীৱন। কোনোবাই পাহৰিব পাৰেনে তেওঁৰ জীৱনৰ প্রথম প্রেম? পাছৰকাললৈ সেয়া শৈশৱ বা কৈশোৰৰ ধেমালি হৈ পৰিলেগৈও মানুহৰ ভিতৰত আত্মগোপন কৰি থকা প্রাণে কাহানিও পাহৰিব নোৱাৰে বা উলাই কৰিব নোৱাৰে সেই প্রেম। প্ৰেমৰ অনুভূতি যিমানে স্মৰণীয়, সিমানে যুগজয়ী হৈ ৰয় প্রেমিক সত্তা।(১৩৪)

১১.প্রেম মানেইতো হৃদয় মস্তিষ্কৰ সম্মিলিত বিনম্র আৱেগ। য'ত সাকাৰ ৰূপত প্রেমাস্পদক কাষত পোৱা যায়, সেই প্রেম হয় শিপা থকা গছৰ দৰে। ইয়াতে মানুহৰ প্ৰেম হৈ উঠে মোহময়...(১৫৬)

১২.জন্মদিন নোপজে কাৰো সন্তান হৈ

আত্মীয়তা গঢ়ি উঠে বুলি।

দিন-প্রতিদিন সি কেৱল সংগী সলাই ফুৰে।

আজি যদি তোমাৰ লগত

কাইলৈ মোৰ লগত 

পৰহিলৈ সি অন্য কাৰোবাৰ লগত।

আচলতে জন্মদিন নিজেই এক কচাইৰ দা 

প্রত্যেক বর্ষতে কেক কটা ছুৰিৰ ভাও জুৰি সি আমাৰ আয়ুস কাটে হাঁহি হাঁহি...।(১৭৮)


১৩.এই জন্মদিনৰ যি যথার্থ ৰূপ কবিতাত আঁকিছিলো তাৰ এক সার্বজনীন আবেদন অৱশ্যেই আছিল। জন্মদিনে সঁচাকৈয়ে এজন মানুহৰ লগত এবছৰৰ এটা দিনহে কটায়। প্রত্যেক দিনাই সি মানুহৰ সংগ সলাই ফুৰে।(১৭৮)


১৪.এই যে অস্থিৰতা, সংগী সলোৱাৰ প্ৰৱণতা, সেয়া মই প্ৰেমৰ মাজতো আৱিষ্কাৰ কৰি উঠিছিলো। প্রেমো এনে এক ৰহস্যময় অনুভৱ যে এজন প্রেমাস্পদৰ কাৰণে যদি সি মৰি যাব পাৰে, সময়ৰ হাত ধৰি অন্য কোনোবা এজনৰ কাৰণে সি জী উঠিবও পাৰে। এসময়ত এজনৰ কাৰণে প্রাণ উছৰ্গা কৰিবলৈ সাজু হোৱা প্রেম অতীত হৈ যায়, আকৌ নতুন ভংগিমাৰে নতুন প্রেমাস্পদৰ সঞ্জীৱনীৰে উজ্জীৱিত হৈ উঠে প্রেম। একেজন মানুহৰ ভিতৰতে উৎপন্ন হোৱা প্রেম এয়া।(১৭৯)


১৫.একোজন মানুহ ভিতৰত উৎপন্ন হোৱা প্রেম সদায় একেই থাকে। একোটা ধৰণৰেই সি নতুন প্রেমাস্পদৰ প্ৰতি ব্যাকুল হয়, সাহচর্য বিচাৰে, খং-ৰাগ-অভিমানেৰে উতলা হয় আৰু ক্ৰমশঃ আঁতৰি পৰে সেই প্রেমাস্পদৰ পৰা। আকৌ নতুন কাৰোবাৰ প্রতি উদ্ভৱ হয় একেটা ভংগীৰে প্ৰেমৰ আৰম্ভণি। আকৌ আহে মধুৰ বাৰ্তালাপ, ভাবালুপতা, খং... ৰাগ...।(১৭৯)


১৬.হয় প্রেমে মাথোন প্রেমাস্পদ সলায়। প্রেমে তাৰ পোছাক সলনি কৰে কিন্তু সলনি নহয় প্রেম 

প্রেমিক প্রাণ জীয়াই থকালৈকে একেধৰণেই থাকে সি শৰীৰৰ মাজৰ হৃদয়ৰ দৰে।(১৭৯)

১৭.জীৱন নৈৰ দৰে প্রবহমান। গতিকে বিচিত্রতা থাকিবই,বাধা বা অন্য জলস্রোতৰ সংযোগ থাকিবই। সেই বুলি নৈ তাতে ৰৈ নাযায়। নৈ ৰৈ যায় জীৱনসংগী নামৰ সমুদ্রত। কিছুমান মানুহ আছে যাৰ বিবাহৰ পাছতো অন্য প্রেম গঢ়ি উঠা দেখা যায়।প্রেম সদায় সুন্দৰ। সি বিবাহ, সমাজ, জাতি-ধর্ম, দেশকাল একো বুজি নাপায়। সেয়ে সি বিবাহিত কাৰোবাৰ জীৱনত যদি অলপো উদাসীন শূন্যতা পাই যায়, তেন্তে তাতে সোমাই পৰে। সেয়া এক অন্য প্রসংগ।(২১৪)

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)