Posts

Showing posts from July, 2023

কৃতজ্ঞতাৰ ডায়েৰী-০৪

Image
31/07/2023 "মই বৈ থাকোঁ তোমাক।বৈ থাকোঁ পোহৰৰ সূঁতাৰে।মানুহে তোমাৰ নাম থয় জীৱন।" ~ড৹ ৰীতা চৌধুৰী মানৱ জীৱন, জীৱনৰ প্ৰতিটো ক্ষণ বৰ মৰম লগাকৈ ধুনীয়া।ক'ৰবাত পঢ়া মনত পৰে-"কৰ্মী লোকসকলৰ অৱসৰ সময়ৰ সুৰুঙাখিনি হেনো চালনীৰ ফুটাৰ দৰে নহয়,বাঁহীৰ ফুটাৰ দৰেহে...।" এই জীৱনত আমৃত্যু নিজৰ চাপ ৰাখি থৈ যাব পৰাটোও কম সৌভাগ্যৰ কথানে?কৰ্মী,জীৱ্নমুখী মানুহবোৰে যেন তাৰ বাবেই কৰে শত আয়োজন।নিজৰ কৰ্মক,নিজৰ চিন্তাক প্ৰসাৰিত কৰি তেওঁলোকে নিজেই মহাজীৱনৰ আধাৰশিলা নিৰ্মাণ কৰে।বৃন্দাৰ ভিতৰৰ মানুহজনীয়ে তাইক যেন প্ৰতি পল এই কথাকেই সোঁৱৰাই থাকে।তাইৰ বাবে কৰ্মই জীৱনৰ শ্ৰেষ্ঠতম প্ৰাৰ্থনা।হতাশা,নিৰন্তৰ বিফলতাৰ পিছতো তাই যুঁজি থাকে,শিকি থাকে।ভিতৰৰ মানুহজনীয়ে তাইক হাৰিবলৈ নিদিয়ে। এনেদৰেই প্ৰতিপল জীৱনৰ ওচৰত কৃতজ্ঞ হৈ বৃন্দা গৈ থাকে জীৱন  বাটত ক্ৰমশঃ আগুৱাই...। "खुद को ऐसा बनाओ कि जहाँ आप ना हो वहाँ लोग आपको याद करे और जहाँ आप पहुंचनेवाले हो वहाँ आपका इंतजार करे।" মৰমেৰে  উজ্জ্বয়িনী🌻

কৃতজ্ঞতাৰ ডায়েৰী-০৩

Image
 কৃতজ্ঞতাৰ ডায়েৰী-০৩ 30/07/2023 " তাইৰ এটি পোহৰ ওলাই থকা টিপচী ঘৰ আছে।জীৱনে ভাগৰুৱা যেন অনুভৱ কৰালেই তাই সেই ঘৰটোলৈ পলায়।" ~হালধীয়া জোতা বুকুৰ মাজত এনেকুৱা এটা ঘৰ আমি সকলোৱেই সাজি ৰাখোঁ নহয়নে?সেই ঘৰটিলৈ বিনা অনুমতিত কাকো সোমাবলৈ নিদিওঁ।নিজস্ব চেতনাৰে, খুব ৰঙীয়াল হৈ আমি তাত নিজৰ ধৰণেৰে বিচৰণ কৰি ফুৰিব পাৰোঁ।বৃন্দাৰ বাবেও তাইৰ বুকুত সাঁচি ৰখা পোহৰমুখী পঁজাতিয়ে তাইৰ অলপমান সৰল সান্নিধ্যৰ বাবে আকুলতাৰে ৰৈ থাকে। এই টিপচী ঘৰটিক তাই কাকো ভাঙিবলৈ নিদিয়ে।এদিন তাইৰ বুকুত সাজি ৰখা ঘৰটোৱেই তাইৰ আকাশ চুব খোজা সূৰ্যমুখী যাত্ৰাৰ সাক্ষী হৈ ৰ'ব।তাইক শিকাইছে-" জীৱন অনন্ত সৌন্দয্যৰ খনি,যিমানেই খান্দিব পৰা যায়,সিমানেই এই খনিৰ পৰা মুঠিয়ে মুঠিয়ে,আজলিয়ে,আজলিয়ে সৌন্দয্য বুটলি আনিব পাৰি।" সময়ৰ ওপৰত বিশ্বাস ৰখা মানুহবোৰ হেনো বৰ জীৱ্নমুখী হয়।বৃন্দাও বেলিমুখী এজনী ছোৱালী।সূৰ্যলৈ চাই তাই হাঁহে,সূৰ্যলৈ চাই তাই ফুলে।বেলিফুলৰ দৰেই। (সময়ৰ লগে-লগেই আমি বৃন্দাৰ টিপচী ঘৰটিৰ বতৰা দি থাকিম।) আজিলৈ মৰমেৰে উজ্জ্বয়িনী🌻

কৃতজ্ঞতাৰ ডায়েৰী-০২

Image
29/07/2023 "কিনো গীতত ফুলিল চকুতে বকুল এপাহি! এচেৰেঙা ৰ'দে চুই যে গ'ল দুগালত মই যেন এতিয়া বাউলী বালিমাহী...।" ~তৰালী শৰ্মা🌻 হাজাৰবাৰ হাৰিলেও মনেৰে ,মগজুৰে মানি নোলোৱালৈকে যে মানুহে যুঁজি থাকে,তাতেই এখিনি সপোনে নকৈ সঁজাল ধৰে।জীৱনত কিবা এটা কৰিমেই,এনেকুৱা এটা বিশ্বাস লগত কঢ়িয়াই ফুৰিব পাৰিলে কিমান যে ভাল লাগে।জীৱনত এইবোৰেই আমাৰ বাবে মহৌষধ।ৰ'দ বিলোৱা মানুহ হোৱাৰ সপোন দেখিলে প্ৰথমে নিজেই প্ৰখৰ ৰ'দত পুৰিবই লাগিব।এইযে নিজক প্ৰত্যেকেই সুকীয়া ধৰণেৰে সমৃদ্ধ কৰি ৰাখে,যতনাই ৰাখে,এইয়া জানো নিজৰ প্ৰতি থকা ভালপোৱাই নহয়...?এনে ভালপোৱাই আমাক বহুদূৰ লৈ যাব পাৰে ঠিক দেশৰ পৰা দেশান্তৰলৈ,মাটিৰ পৰা আকাশলৈ....। নিজে কটা বাটটো প্ৰথমে অচিনাকি যেন লাগিলেও সেই বাটটোৰে গৈ গৈয়েই শেষত আমি নিজকে লগ পাম।নিজক লগ পোৱাৰ যে কিমান অভিপ্সা....। যেতিয়াই ভাগৰি পৰোঁ তেতিয়াই দুগুণ উৎসাহেৰে মই মোৰ সপোনখিনিক সাৱটি ধৰোঁ।সদায় ভাবোঁ-যি পথেৰে  গ'লে আন কাৰোৰে অশান্তি নহয়,সেই সত্যপথেই গ্ৰহণ কৰোঁ,কৰিম। আচলতে নিজক নিচুকাই ৰাখিবলৈ,যতনাই ৰাখিবলৈ জীৱনে আমাক ঢেৰ কিবা-কিবি দিছে।এই 'ঢেৰ কিবা-কিবি' বোৰে আ...

কৃতজ্ঞতাৰ ডায়েৰী-০১

Image
কৃতজ্ঞতাৰ ডায়েৰী-০১ 28/07/2023 Friday "Beauty is about enhancing what you have.Let yourself shine.How you love yourself is how you teach others to love you." 🔖ডায়েৰী লিখাটো মোৰ পুৰণি অভ্যাস।সময়ৰ লগে লগে বহু অভ্যাস সলনি হ'ল,কিন্তু এই ডায়েৰী লিখাৰ অভ্যাস মোৰ বাবে যেন সদায় নতুন,সদায় আকৰ্ষণীয়।মনলৈ মাজে-মাজে আহে,এদিন মোৰ জাপ-জাপ ডায়েৰী হ'ব।ডায়েৰী মেলিলেই মেটমেৰা স্মৃতি সুগন্ধি পখিলা হৈ মোৰ সোঁৱে-বাঁওয়ে উৰিব। 🔖প্ৰতিটো দিন,প্ৰতিটো সৰু-ডাঙৰ ঘটনা,প্ৰতিটো পল-অনুপল,জীৱনত লগ পোৱা প্ৰতিগৰাকী ব্যক্তি,প্ৰতিদিনাই শিকা ন ন কথা সকলো মোৰ বাবে সমানেই তাৎপৰ্যপূৰ্ণ।নাজানো কিয়,মোৰ এনে ভাৱ হয় যেন এইসকলোবোৰ মই যক্ষৰ ধনৰ দৰে সাঁচি ৰাখিম। 🔖Career গঢ়াৰ যুঁজ খনত পৰিছোঁ, উঠিছোঁ,আকৌ পৰিছোঁ।মাজে-মাজে ভাঙিছোঁ, আকৌ নিজক নিচুকাই, বুজাই বঢ়াই জোৰা দিছোঁ।একো নাই,এই পৰা আৰু উঠাৰ খেলখনত বেলেগ এটা মজা আছে🤗। 🔖নিজক ভালে ৰাখিবলৈ সহায় লৈছোঁ ৰং তুলিকাৰ, সৃষ্টিশীলতাৰ।এনে ধৰণৰ কামবোৰে নিজৰ মৰমলগা পৃথিৱীখনলৈ এখিনি পোহৰ কঢ়িয়াই আনে।মনটোক ভৰুণ কৰি ৰাখে।নিজৰ পৃথিৱীখন নিতৌ নতুন হৈ,ধুনীয়া হৈ গৈ থাকে। 🔖মাজে সময়ে জীৱন...

সপোনে কথা ক'লে

Image
 সপোনে কথা ক'লে সপোনে কথা ক'লে তাইৰ পাহাৰীয়া নৈ এখন ঝৰঝৰাই বৈ অহাৰ দৰে লাগে। সপোনবোৰ লাগি থাকে নাকত, সপোনবোৰ গৈ থাকে তাইৰ খোজত। খোজৰ শব্দত সপোনবোৰে প্ৰাণ ঢালি নাচে, উজুটি খায়,আকৌ দেও দি নাচে। এই  পৰা আৰু উঠাৰ খেলখনটো বেলেগ এটা মজা আছে। যিমানেই উজুটি খাই,সিমানেই সপোনবোৰ তাইৰ বুকুলৈ কুৰুকি কুৰুকি সোমায়। অথচ শেষ নহয় তাইৰ সপোন। সপোনৰ শেষ নাই, আচলতে শেষ বুলি একোৱেই নাই। সপোন মানেই এজাক সখিয়তী ৰ'দ, সপোন মানেই পোহৰ, সপোন মানেই জোনাক, সপোন মানেই ডিঙিলৈকে উজাই অহা এটা মিঠা আৱেগ। সপোন কঢ়িয়াই ফুৰা মানুহ সহজে মৰিব নোৱাৰে। সপোন দেখা মানুহ সহজে হাৰিব নোৱাৰে। সপোন গজে,সপোন ফুলে। সপোন দেখা মানুহ কেতিয়াও অকলশৰীয়া হ'ব নোৱাৰে। এনেদৰে সপোনবোৰ তাইৰ লগে-লগেই গৈ থাকে, দিনৰ পৰা ৰাতিলৈ... বসন্তৰ পৰা শীতলৈ। পাপৰি বৰা

বিশ্ববিদ্যালয়ৰ অভিজ্ঞতা সামৰি

Image
একবিংশতিতম দীক্ষান্ত সমাৰোহ,২০২৩ ডিব্ৰুগড় বিশ্ববিদ্যালয় 03/05/2023 (Digital Illustration by Papori Borah) প্ৰিয়তম দিন,সপোন পূৰণ হোৱাৰ দিন "আমি বাটে-বাটে গৈ থকা মানুহ, পুৰণি বাট,পুৰণি এৰি নতুন বাট, হাবি ভাঙি উলিয়াই লোৱা বাট..." -কেশৱ মহন্ত 🔖জীৱনে যেনি লৈ গৈ থাকে,কেতিয়াবা তেনেকৈয়ে গৈ থাকিয়েই ভাল লাগে।এইটো হ'বই,এইটো পাবই লাগিব,এনেধৰণৰ কথাবোৰ জীৱনৰ বাবে বৰ বেছি গুৰুত্বপূৰ্ণ নহয়।এই কথা তাইক সময়ে বৰ সৰলকৈ বুজাই দিলে। 🔖আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনীয়ে এটি নিজৰ বাট উলিয়াই ল'ব।সেই বাট আত্মবিশ্বাসৰ।সেই বাট অদমনীয় কিছু হেঁপাহৰ।তাই নিজেই নিজক কথা দিছিল,এদিন তাই ইউকেলিপ্তাছৰ দৰে ওখ হ'ব।এদিন তাইৰ এই সপোন পূৰণ হ'ব। "নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ ,সমুখত পোহৰৰ জ্বলন্ত জোৱাৰ।" 🔖উচ্চতৰ মাধ্যমিকত ৰাজনীতি বিজ্ঞান বিষয়টোক অত্যন্ত বেয়া পোৱা ছোৱালীজনীয়ে চূড়ান্ত পৰীক্ষাত নিজেই ইচ্ছাকৃতভাৱে এটা পৃষ্ঠাৰ প্ৰশ্নসমূহ নকৰি '4th  Subject' কৰাৰ পৰা স্নাতকোত্তৰ পৰ্যায়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হোৱালৈকে এটা দীঘলীয়া,ৰোমাঞ্চকৰ যাত্ৰা.... সমাৱৰ্তনত উপস্থিত থকাৰ সময় খিনিত এনেবোৰ কথ...

আত্ম দীপো ভৱ:(০২)

Image
 আত্ম দীপো ভৱ:(০২) -পাপৰি বৰা "সকলোৰে জীৱনলৈ আহে পথসন্ধিৰ মুহূৰ্ত বোৰ।সকলোৰে জীৱনে সেই বিন্দুবোৰত পথ সলায়।" -পথসন্ধি ◆সময় স্মৃতি হৈ ৰয় কেলেণ্ডাৰৰ তাৰিখবোৰত।জীৱনত খুব কম সংখ্যক মানুহ আছে যাক যক্ষৰ ধনৰ দৰে সাঁচি ৰাখিবলৈ মন যায়।আনৰ বাবে হুল পোতা মানুহলৈ ঘৃণা ওপজে।মানুহবোৰ মানুহৰ দৰে হওঁক, সম্পৰ্কবোৰ সম্পৰ্কৰ দৰে হওঁক।সময়ক বৰ ভালপাওঁ,ভৰসা কৰোঁ...সময়ে যি কৰে ভাল কৰিব।কিছুমান সময় বহুত বেছি মৰমৰ,অন্তৰৰ বহুত বেছি কাষৰ। ◆হেৰুৱাৰ বেথাবোৰ বুজাবলৈ টান।মনেৰে,আৱেগেৰে গঢ়া কিছুমান সম্পৰ্ক ভাঙিবলৈ সঁচাকৈয়ে টান।সময়ৰ গতিত মাথোঁ এৰি অহাদিনবোৰ স্মৃতিৰ দোলনাত উঠি দুলি থাকে। ◆खुद को इतना सबारना है की पानेवाले को कदर हो और खोनेवाले को अफसोस" সময়ে দিয়া প্ৰতিটো উপহাৰ আন্তৰিকতাৰে গ্ৰহণ কৰিব পাৰিলে ভাল।এই পৃথিৱীত একোৱেই স্থায়ী নহয়।পানীত সাঁতুৰিব পৰা মানুহ হ'ব লাগে, সোঁতত ডুবিব বিচৰা মানুহ নহয়। ◆স্মৃতিৰ নিজা এক মিঠা সুগন্ধি আছে।কিছুমান মানুহ স্মৃতিৰ পাততেই ভাল।বাস্তৱত পুনৰ আদৰি লোৱাৰ মোহ নাথাকে।ৰীতা চৌধুৰী বাইদেউৰ বিভ্ৰান্ত বাস্তৱত উল্লেখ থকাৰ দৰে মুখৰ আঁৰৰ কিছুমান মুখ সঁচাকৈ ভয়ংকৰ।মনৰ শান্তিৰ ব...