কৃতজ্ঞতাৰ ডায়েৰী-০৩
কৃতজ্ঞতাৰ ডায়েৰী-০৩
30/07/2023
"তাইৰ এটি পোহৰ ওলাই থকা টিপচী ঘৰ আছে।জীৱনে ভাগৰুৱা যেন অনুভৱ কৰালেই তাই সেই ঘৰটোলৈ পলায়।"
~হালধীয়া জোতা
বুকুৰ মাজত এনেকুৱা এটা ঘৰ আমি সকলোৱেই সাজি ৰাখোঁ নহয়নে?সেই ঘৰটিলৈ বিনা অনুমতিত কাকো সোমাবলৈ নিদিওঁ।নিজস্ব চেতনাৰে, খুব ৰঙীয়াল হৈ আমি তাত নিজৰ ধৰণেৰে বিচৰণ কৰি ফুৰিব পাৰোঁ।বৃন্দাৰ বাবেও তাইৰ বুকুত সাঁচি ৰখা পোহৰমুখী পঁজাতিয়ে তাইৰ অলপমান সৰল সান্নিধ্যৰ বাবে আকুলতাৰে ৰৈ থাকে।
এই টিপচী ঘৰটিক তাই কাকো ভাঙিবলৈ নিদিয়ে।এদিন তাইৰ বুকুত সাজি ৰখা ঘৰটোৱেই তাইৰ আকাশ চুব খোজা সূৰ্যমুখী যাত্ৰাৰ সাক্ষী হৈ ৰ'ব।তাইক শিকাইছে-"জীৱন অনন্ত সৌন্দয্যৰ খনি,যিমানেই খান্দিব পৰা যায়,সিমানেই এই খনিৰ পৰা মুঠিয়ে মুঠিয়ে,আজলিয়ে,আজলিয়ে সৌন্দয্য বুটলি আনিব পাৰি।"
সময়ৰ ওপৰত বিশ্বাস ৰখা মানুহবোৰ হেনো বৰ জীৱ্নমুখী হয়।বৃন্দাও বেলিমুখী এজনী ছোৱালী।সূৰ্যলৈ চাই তাই হাঁহে,সূৰ্যলৈ চাই তাই ফুলে।বেলিফুলৰ দৰেই।
(সময়ৰ লগে-লগেই আমি বৃন্দাৰ টিপচী ঘৰটিৰ বতৰা দি থাকিম।)
আজিলৈ
মৰমেৰে
উজ্জ্বয়িনী🌻
Comments
Post a Comment