বিশ্ববিদ্যালয়ৰ অভিজ্ঞতা সামৰি
একবিংশতিতম দীক্ষান্ত সমাৰোহ,২০২৩
ডিব্ৰুগড় বিশ্ববিদ্যালয়
03/05/2023
(Digital Illustration by Papori Borah)
প্ৰিয়তম দিন,সপোন পূৰণ হোৱাৰ দিন
"আমি বাটে-বাটে গৈ থকা মানুহ,
পুৰণি বাট,পুৰণি এৰি নতুন বাট,
হাবি ভাঙি উলিয়াই লোৱা বাট..."
-কেশৱ মহন্ত
🔖জীৱনে যেনি লৈ গৈ থাকে,কেতিয়াবা তেনেকৈয়ে গৈ থাকিয়েই ভাল লাগে।এইটো হ'বই,এইটো পাবই লাগিব,এনেধৰণৰ কথাবোৰ জীৱনৰ বাবে বৰ বেছি গুৰুত্বপূৰ্ণ নহয়।এই কথা তাইক সময়ে বৰ সৰলকৈ বুজাই দিলে।
🔖আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনীয়ে এটি নিজৰ বাট উলিয়াই ল'ব।সেই বাট আত্মবিশ্বাসৰ।সেই বাট অদমনীয় কিছু হেঁপাহৰ।তাই নিজেই নিজক কথা দিছিল,এদিন তাই ইউকেলিপ্তাছৰ দৰে ওখ হ'ব।এদিন তাইৰ এই সপোন পূৰণ হ'ব।
"নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ ,সমুখত পোহৰৰ জ্বলন্ত জোৱাৰ।"
🔖উচ্চতৰ মাধ্যমিকত ৰাজনীতি বিজ্ঞান বিষয়টোক অত্যন্ত বেয়া পোৱা ছোৱালীজনীয়ে চূড়ান্ত পৰীক্ষাত নিজেই ইচ্ছাকৃতভাৱে এটা পৃষ্ঠাৰ প্ৰশ্নসমূহ নকৰি '4th Subject' কৰাৰ পৰা স্নাতকোত্তৰ পৰ্যায়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হোৱালৈকে এটা দীঘলীয়া,ৰোমাঞ্চকৰ যাত্ৰা....
সমাৱৰ্তনত উপস্থিত থকাৰ সময় খিনিত এনেবোৰ কথা একো একোখন চিত্ৰৰ ৰূপ লৈ তাইৰ চকুৰ আগত অগা-দেৱা কৰিছিল।বিশ্ববিদ্যালয়ৰ সংগীত বাজোতে তাইৰ চকু সামান্য চলচলীয়া হৈছিল।ক'বনোৱাৰাকৈ নিগৰি অহা দুটোপাল চকুলোত সেইদিনা কি আছিল তাই নাজানে , হয়তো এখিনি শুভবোধ তাত জিলিকি উঠিছিল।
🔖আইদেউ সন্দিকৈ ছাত্ৰী নিবাসৰ(নতুন) চাইকেল ষ্টেণ্ডত ধল পুৱাতেই উঠি পঢ়ি থকাৰ দিনবোৰ,বহুকেইটা উজাগৰী ৰাতিৰ স্মৃতি,স্নাতকোত্তৰ শিক্ষা তাইৰ দ্বাৰা নহ'ব বুলি কান্দি কান্দি বাউলি হোৱাৰ দিনবোৰ,বন্ধুত্বই আঘাত দিয়া দিনবোৰ মনত পৰি তাই যেন পুনৰ উদ্দীপ্ত হৈ পৰিছিল।হোষ্টেলত থকাৰ দিনবোৰত ৰাতিপুৱাৰ দৰে সন্ধিয়াবোৰো তাইৰ বৰকৈ প্রিয় আছিল।কাপোৰ মেলা ষ্টেণ্ডৰ মাজে মাজে খোজ দি জোনৰ বৈ পৰা পোহৰ চাই মৃদু সুৰৰ গান এটা শুনি ভাৱনাত ডুব গৈ থকা দিনবোৰ এতিয়া অতীত হ'ল।এতিয়া তাই সেই সময়খিনিক বৰ কৃতজ্ঞতা আৰু আকুলতাৰে সোঁৱৰে।কি অপূৰ্ব শোভা আছিল সেই দিনবোৰৰ!!!!তাইৰ জীৱনৰ আটাইতকৈ স্মৰণীয়,সৃষ্টিশীল সময় আছিল সেইখিনি।
"অন্তৰে অন্তৰে এটা সংযোগ বিন্দুত তেওঁৰ(বিশ্ববিদ্যালয়ৰ)সৈতে সংযোজিত হৈ ৰলোঁ।লীন নহয়।শেষ সময়লৈ পাহৰিবও নোৱাৰোঁ।পাহৰিলেও পাহৰণিয়ে সোঁৱৰাই দিব।"
-নীলমণি ফুকন।
সদায় ভাৱে, তাই জিকি গ'লেই সাঁচতীয়া ইচ্ছাটোৰ এটা সফল আৰম্ভণি হ'ব।
"এটা কাহিনীক মুক্তি দিলোঁ মা,সুগন্ধি পখিলা হৈ সি এতিয়া মোৰ সোঁৱে-বাঁৱে উৰিব আৰু সেই সুগন্ধি উশাহত মই লিখিম।"
-হালধীয়া জোতা
যিদিনাই বৰণীয়া সপোনটিক পোহৰৰ সূঁতাৰে বৈ উলিয়াব পাৰিব,সেইদিনাই তাইৰ এই আকাশ চুব খোজা সূৰ্যমুখী যাত্ৰা সফল হ'ব।সেই দিনলৈ তাই ৰৈ আছে-বৰ হেঁপাহেৰে।
বি.দ্ৰ-এইয়া কোনো সফলতাৰ কাহিনী নহয়।এইয়া সময়ে দিয়া সোণসৰা কিছু অব্যক্ত অভিজ্ঞতা।সময়ৰ সোঁতত এই স্মৃতিবোৰৰ একান্তই প্ৰয়োজন হ'ব।
তাই শিকিলে-
💎Life is all about collecting small good things and turning them into an ocean of goodness.Big things give us momentary happiness but when small things give us happiness,they touch our heart forever.
💎Never be embarrassed to struggle.There is absolutely no shame in working hard to get where we want to be.
💎If we have a good heart and pure intentions,things will always end up working out in our favour.Everything we lost will be replaced by something better.
💎Don't be afraid of the change.We may lose something good,but we may gain something better.Slowly accepting the fact that life doesn't always go the way we want.
💎Forgiveness is a gift you give yourself,then share with others.
But last not least
Keep your own interests and hobbies alive.Trust that your efforts will add up to something unexpected and wonderful.Let life surprise you.There is nobody like you and that is delightful.And there is always a reason to smile...... Sometimes we have to find it❣️
(আমাৰ প্ৰতিটো যাত্ৰাৰ একমাত্ৰ সহযাত্ৰী গৰাকীয়েই আমাৰ মা আৰু আমাৰ ঘৰখন।প্ৰতিটো পল,অনুপলত আমাৰ লগত একেবাৰে ছাঁৰ দৰেই লাগি থকা মানুহগৰাকীক আমি পৃথিৱীৰ সমস্ত সুখ দিব বিচাৰো।এতিয়ালৈকে বিভিন্ন ক্ষেত্ৰত কিমানবাৰ যে পৰিছোঁ,কিমানবাৰ যে হাৰিছোঁ কিমানবাৰ যে হতাশ হৈছোঁ হিচাপ নাই।তথাপি, আমাৰ সহযাত্ৰীজন কিন্তু কাহানিও ভাগি পৰা নাই।আমাক দুগুণ জোৰত পৰাৰ পৰা উঠায়।)
প্ৰান্তত,
অদৃশ্য শক্তি,মা,দেউতা,দাদা,জীৱনত লগ পোৱা প্ৰতিগৰাকী শিক্ষাগুৰু,প্ৰতিগৰাকী বন্ধু-বান্ধৱী,প্ৰতিগৰাকী ব্যক্তি,প্ৰতিটো সৰু-ডাঙৰ ঘটনা-পৰিঘটনা,এখিনি নেদেখা শুভবোধ,আশীৰ্বাদ, ভালপোৱাৰ ওচৰত তাই সদায় ধৰুৱা হৈ থাকিব।সেই ধাৰ কৃতজ্ঞতাৰ ধাৰ....।)
ধন্যবাদ আৰু কৃতজ্ঞতাৰে-
পাপৰি বৰা
Comments
Post a Comment