সপোনে কথা ক'লে
সপোনে কথা ক'লে
সপোনে কথা ক'লে তাইৰ
পাহাৰীয়া নৈ এখন ঝৰঝৰাই
বৈ অহাৰ দৰে লাগে।
সপোনবোৰ লাগি থাকে নাকত,
সপোনবোৰ গৈ থাকে তাইৰ খোজত।
খোজৰ শব্দত সপোনবোৰে প্ৰাণ ঢালি নাচে,
উজুটি খায়,আকৌ দেও দি নাচে।
এই পৰা আৰু উঠাৰ খেলখনটো
বেলেগ এটা মজা আছে।
যিমানেই উজুটি খাই,সিমানেই সপোনবোৰ
তাইৰ বুকুলৈ কুৰুকি কুৰুকি সোমায়।
অথচ শেষ নহয় তাইৰ সপোন।
সপোনৰ শেষ নাই,
আচলতে শেষ বুলি একোৱেই নাই।
সপোন মানেই এজাক সখিয়তী ৰ'দ,
সপোন মানেই পোহৰ,
সপোন মানেই জোনাক,
সপোন মানেই ডিঙিলৈকে উজাই
অহা এটা মিঠা আৱেগ।
সপোন কঢ়িয়াই ফুৰা মানুহ
সহজে মৰিব নোৱাৰে।
সপোন দেখা মানুহ
সহজে হাৰিব নোৱাৰে।
সপোন গজে,সপোন ফুলে।
সপোন দেখা মানুহ কেতিয়াও
অকলশৰীয়া হ'ব নোৱাৰে।
এনেদৰে সপোনবোৰ
তাইৰ লগে-লগেই গৈ থাকে,
দিনৰ পৰা ৰাতিলৈ...
বসন্তৰ পৰা শীতলৈ।
পাপৰি বৰা
Comments
Post a Comment