কৃতজ্ঞতাৰ ডায়েৰী-০৪

31/07/2023



"মই বৈ থাকোঁ তোমাক।বৈ থাকোঁ পোহৰৰ সূঁতাৰে।মানুহে তোমাৰ নাম থয় জীৱন।"

~ড৹ ৰীতা চৌধুৰী


মানৱ জীৱন, জীৱনৰ প্ৰতিটো ক্ষণ বৰ মৰম লগাকৈ ধুনীয়া।ক'ৰবাত পঢ়া মনত পৰে-"কৰ্মী লোকসকলৰ অৱসৰ সময়ৰ সুৰুঙাখিনি হেনো চালনীৰ ফুটাৰ দৰে নহয়,বাঁহীৰ ফুটাৰ দৰেহে...।"


এই জীৱনত আমৃত্যু নিজৰ চাপ ৰাখি থৈ যাব পৰাটোও কম সৌভাগ্যৰ কথানে?কৰ্মী,জীৱ্নমুখী মানুহবোৰে যেন তাৰ বাবেই কৰে শত আয়োজন।নিজৰ কৰ্মক,নিজৰ চিন্তাক প্ৰসাৰিত কৰি তেওঁলোকে নিজেই মহাজীৱনৰ আধাৰশিলা নিৰ্মাণ কৰে।বৃন্দাৰ ভিতৰৰ মানুহজনীয়ে তাইক যেন প্ৰতি পল এই কথাকেই সোঁৱৰাই থাকে।তাইৰ বাবে কৰ্মই জীৱনৰ শ্ৰেষ্ঠতম প্ৰাৰ্থনা।হতাশা,নিৰন্তৰ বিফলতাৰ পিছতো তাই যুঁজি থাকে,শিকি থাকে।ভিতৰৰ মানুহজনীয়ে তাইক হাৰিবলৈ নিদিয়ে।

এনেদৰেই প্ৰতিপল জীৱনৰ ওচৰত কৃতজ্ঞ হৈ বৃন্দা গৈ থাকে জীৱন  বাটত ক্ৰমশঃ আগুৱাই...।

"खुद को ऐसा बनाओ कि जहाँ आप ना हो वहाँ लोग आपको याद करे और जहाँ आप पहुंचनेवाले हो वहाँ आपका इंतजार करे।"

মৰমেৰে 

উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)