কৃতজ্ঞতাৰ ডায়েৰী-০১
কৃতজ্ঞতাৰ ডায়েৰী-০১
28/07/2023
Friday
"Beauty is about enhancing what you have.Let yourself shine.How you love yourself is how you teach others to love you."
🔖ডায়েৰী লিখাটো মোৰ পুৰণি অভ্যাস।সময়ৰ লগে লগে বহু অভ্যাস সলনি হ'ল,কিন্তু এই ডায়েৰী লিখাৰ অভ্যাস মোৰ বাবে যেন সদায় নতুন,সদায় আকৰ্ষণীয়।মনলৈ মাজে-মাজে আহে,এদিন মোৰ জাপ-জাপ ডায়েৰী হ'ব।ডায়েৰী মেলিলেই মেটমেৰা স্মৃতি সুগন্ধি পখিলা হৈ মোৰ সোঁৱে-বাঁওয়ে উৰিব।
🔖প্ৰতিটো দিন,প্ৰতিটো সৰু-ডাঙৰ ঘটনা,প্ৰতিটো পল-অনুপল,জীৱনত লগ পোৱা প্ৰতিগৰাকী ব্যক্তি,প্ৰতিদিনাই শিকা ন ন কথা সকলো মোৰ বাবে সমানেই তাৎপৰ্যপূৰ্ণ।নাজানো কিয়,মোৰ এনে ভাৱ হয় যেন এইসকলোবোৰ মই যক্ষৰ ধনৰ দৰে সাঁচি ৰাখিম।
🔖Career গঢ়াৰ যুঁজ খনত পৰিছোঁ, উঠিছোঁ,আকৌ পৰিছোঁ।মাজে-মাজে ভাঙিছোঁ, আকৌ নিজক নিচুকাই, বুজাই বঢ়াই জোৰা দিছোঁ।একো নাই,এই পৰা আৰু উঠাৰ খেলখনত বেলেগ এটা মজা আছে🤗।
🔖নিজক ভালে ৰাখিবলৈ সহায় লৈছোঁ ৰং তুলিকাৰ, সৃষ্টিশীলতাৰ।এনে ধৰণৰ কামবোৰে নিজৰ মৰমলগা পৃথিৱীখনলৈ এখিনি পোহৰ কঢ়িয়াই আনে।মনটোক ভৰুণ কৰি ৰাখে।নিজৰ পৃথিৱীখন নিতৌ নতুন হৈ,ধুনীয়া হৈ গৈ থাকে।
🔖মাজে সময়ে জীৱনে দিয়া উপহাৰবোৰৰ হিচাপ নিকাচ কৰাটো নিজক ব্যস্ত ৰাখোঁ।দেখোঁ,প্ৰতিবাৰেই দেখোন পোৱাবোৰৰ ওজন নোপোৱা বোৰতকৈ বেছি।তেনেহ'লে নোপোৱাবোৰক লৈনো কিয় অতিব্যস্ত হৈ পৰোঁ, নিজকে নিজে আকৌ বুজাওঁ😊
🔖প্ৰতিদিনাই ইমানখিনি ন ন অভিজ্ঞতাৰে সমৃদ্ধ হওঁ,এনেকুৱা লাগে যেন প্ৰতিটো মুহুৰ্তৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম।কেৱল জন্মদিনটো,চাকৰি পোৱাৰ দিনটো বা অন্যান্য বিশেষ বিশেষ দিনবোৰেই কেৱল বিশেষ নহয়।প্ৰতিটো দিনেই বিশেষ, প্ৰতিটো মুহুৰ্তই বিশেষ,প্ৰতিটো উশাহেই বিশেষ।
🔖আমি সময়ক কৰ্মৰে ধৰি ৰখাৰ যাদু শিকিব লাগিব।আমি পাৰিম,সকলোৱেই পাৰিম।তাৰ মাজতে কেতিয়াবা হতাশাও আহিব,আমি তাক নিয়ন্ত্ৰণ কৰাৰ কলা শিকি ল'ম।জীৱ্নমুখী হোৱাৰ কৌশল শিকি ল'ম।
🌻I have an old habit of writing a diary. Many habits have changed over time, but this habit of writing a diary seems always new to me, always interesting. Every day, every small and big event, every moment, every person I meet in my life, and every new thing I learn every day is equally significant to me. I have taken the help of paintbrushes, and creativity to keep myself well. Such things bring a little light to my lovely world. They fill my mind.
🌻Every day I am enriched with so many new experiences, and I feel grateful for every moment. Every day is special, every moment is special, every breath is special.We have to learn the magic of holding time in action. We can, everyone can. In the meantime, sometimes disappointment comes, and we will learn the art of controlling it.
🌻I recently stopped trying to be what a lot of people expected. I have found so much peace just living a simple and grateful life.Sometimes we will never know the value of a moment until it becomes a memory.
আজিৰ দিনটোৰ ওচৰত কৃতজ্ঞ❣️
Just a little reminder-
"You are Wondrous,keep shining your light."
~sending my love
উজ্জ্বয়িনী🌻
Comments
Post a Comment