আত্ম দীপো ভৱ:(০২)

 আত্ম দীপো ভৱ:(০২)

-পাপৰি বৰা



"সকলোৰে জীৱনলৈ আহে পথসন্ধিৰ মুহূৰ্ত বোৰ।সকলোৰে জীৱনে সেই বিন্দুবোৰত পথ সলায়।"

-পথসন্ধি

◆সময় স্মৃতি হৈ ৰয় কেলেণ্ডাৰৰ তাৰিখবোৰত।জীৱনত খুব কম সংখ্যক মানুহ আছে যাক যক্ষৰ ধনৰ দৰে সাঁচি ৰাখিবলৈ মন যায়।আনৰ বাবে হুল পোতা মানুহলৈ ঘৃণা ওপজে।মানুহবোৰ মানুহৰ দৰে হওঁক, সম্পৰ্কবোৰ সম্পৰ্কৰ দৰে হওঁক।সময়ক বৰ ভালপাওঁ,ভৰসা কৰোঁ...সময়ে যি কৰে ভাল কৰিব।কিছুমান সময় বহুত বেছি মৰমৰ,অন্তৰৰ বহুত বেছি কাষৰ।


◆হেৰুৱাৰ বেথাবোৰ বুজাবলৈ টান।মনেৰে,আৱেগেৰে গঢ়া কিছুমান সম্পৰ্ক ভাঙিবলৈ সঁচাকৈয়ে টান।সময়ৰ গতিত মাথোঁ এৰি অহাদিনবোৰ স্মৃতিৰ দোলনাত উঠি দুলি থাকে।

◆खुद को इतना सबारना है की पानेवाले को कदर हो और खोनेवाले को अफसोस"

সময়ে দিয়া প্ৰতিটো উপহাৰ আন্তৰিকতাৰে গ্ৰহণ কৰিব পাৰিলে ভাল।এই পৃথিৱীত একোৱেই স্থায়ী নহয়।পানীত সাঁতুৰিব পৰা মানুহ হ'ব লাগে, সোঁতত ডুবিব বিচৰা মানুহ নহয়।


◆স্মৃতিৰ নিজা এক মিঠা সুগন্ধি আছে।কিছুমান মানুহ স্মৃতিৰ পাততেই ভাল।বাস্তৱত পুনৰ আদৰি লোৱাৰ মোহ নাথাকে।ৰীতা চৌধুৰী বাইদেউৰ বিভ্ৰান্ত বাস্তৱত উল্লেখ থকাৰ দৰে মুখৰ আঁৰৰ কিছুমান মুখ সঁচাকৈ ভয়ংকৰ।মনৰ শান্তিৰ বাবে তেওঁলোকক স সন্মানেৰে বিদায় দিয়াই শ্ৰেয়।হিংসুক আৰু জ্বলন হোৱা মানুহহে আনৰ বদনাম ক'ব পাৰে...তেনে লোকক এবাৰ চিনাক্ত কৰাৰ পিছত দুনাই প্ৰশ্ৰয় দিয়াটো চূড়ান্ত মূৰ্খামিৰ বাদে আন একো নহয়।এনে প্ৰবৃত্তিৰ লোক আমাৰ আশে পাশেই থাকে।কোনোবা মিত্ৰৰ ৰূপত,কোনোবা অন্য কোনো ৰূপত....


◆"ভালপোৱাই ভালপোৱা নিবিচাৰিলেও কাৰোবাক নীৰৱে স্বাৰ্থহীনভাৱে ভাল পাব পাৰি।"সেই ভালপোৱা ভিন ভিন সম্পৰ্কত মিহলি হৈ থাকে।প্ৰেমৰ সম্বন্ধই কেৱল একমাত্ৰ নহয়।



◆প্ৰতিটো দিনেই কিবা নহয় কিবা এটা শিকাই যায়।মানুহে ভালপোৱা,বেয়া পোৱাক লৈ কোনো আক্ষেপ নাই।অন্তত মানুহৰ কোনো কথাই চুব নোৱাৰাকৈ নিজক গঢ়াটো জৰুৰী।

"আকাশৰ সিপাৰে ৰৈ আছে মোৰ আকাশ,নীৰৱে,বকুল ফুলৰ দৰে...।

◆জীৱনৰ প্ৰতিটো সফলতাই নিজৰ প্ৰতি মৰম বঢ়াই,বিশ্বাস বঢ়াই গৈ থাকে।

"নিজৰ ওচৰলৈ উভতি আহিলে মানুহৰ নিজলৈকে বৰ মায়া হয়।নিজৰ প্ৰতি থকা মায়াই মোক জীৱ্নমুখী কৰি ৰাখে।"

-অৰ্চনা বৰঠাকুৰ

(নিজক ভালপোৱাটো অপৰাধ নহয়,নিজক ভালপোৱা জন Narcissist নহয়।)




দৃঢ়তাৰে বিশ্বাস কৰোঁ:

"তুমি স্বাধীনভাৱে এৰি দিয়াৰ পিছত যিটো বস্তু তোমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে,সেইটোৱেই প্ৰকৃততে তোমাৰ আছিল।"

- সীমা কলিতা


ধন্যবাদ।


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)