কৃতজ্ঞতাৰ ডায়েৰী-০২

29/07/2023


"কিনো গীতত ফুলিল

চকুতে বকুল এপাহি!

এচেৰেঙা ৰ'দে চুই যে গ'ল দুগালত

মই যেন এতিয়া বাউলী বালিমাহী...।"

~তৰালী শৰ্মা🌻

হাজাৰবাৰ হাৰিলেও মনেৰে ,মগজুৰে মানি নোলোৱালৈকে যে মানুহে যুঁজি থাকে,তাতেই এখিনি সপোনে নকৈ সঁজাল ধৰে।জীৱনত কিবা এটা কৰিমেই,এনেকুৱা এটা বিশ্বাস লগত কঢ়িয়াই ফুৰিব পাৰিলে কিমান যে ভাল লাগে।জীৱনত এইবোৰেই আমাৰ বাবে মহৌষধ।ৰ'দ বিলোৱা মানুহ হোৱাৰ সপোন দেখিলে প্ৰথমে নিজেই প্ৰখৰ ৰ'দত পুৰিবই লাগিব।এইযে নিজক প্ৰত্যেকেই সুকীয়া ধৰণেৰে সমৃদ্ধ কৰি ৰাখে,যতনাই ৰাখে,এইয়া জানো নিজৰ প্ৰতি থকা ভালপোৱাই নহয়...?এনে ভালপোৱাই আমাক বহুদূৰ লৈ যাব পাৰে ঠিক দেশৰ পৰা দেশান্তৰলৈ,মাটিৰ পৰা আকাশলৈ....।


নিজে কটা বাটটো প্ৰথমে অচিনাকি যেন লাগিলেও সেই বাটটোৰে গৈ গৈয়েই শেষত আমি নিজকে লগ পাম।নিজক লগ পোৱাৰ যে কিমান অভিপ্সা....।

যেতিয়াই ভাগৰি পৰোঁ তেতিয়াই দুগুণ উৎসাহেৰে মই মোৰ সপোনখিনিক সাৱটি ধৰোঁ।সদায় ভাবোঁ-যি পথেৰে  গ'লে আন কাৰোৰে অশান্তি নহয়,সেই সত্যপথেই গ্ৰহণ কৰোঁ,কৰিম।

আচলতে নিজক নিচুকাই ৰাখিবলৈ,যতনাই ৰাখিবলৈ জীৱনে আমাক ঢেৰ কিবা-কিবি দিছে।এই 'ঢেৰ কিবা-কিবি' বোৰে আমাক মৰিবলৈ নিদিয়ে,আমাক হাৰিবলৈ নিদিয়ে।সপোনৰ শেষ নাই,আচলতে শেষ বুলি একোৱেই নাই।

সময় হ'ল ঈশ্বৰ।কিছুমান কথা সময়ৰ হাতত এৰি দিব পাৰিলে বৰ আশ্বস্ত অনুভৱ কৰোঁ।সময়েই আজিৰ আমাক গঢ়িছে।সময়েই আমাৰ ভৱিষ্যত দেখিছে।আমাৰ কাম মাথোঁ গৈ থকা, গতিতেই জীৱন আছে।



মৰমেৰে

উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)