Posts

মধুৱনী আৰ্ট🌺🌺🌺

Image
#মধুবনীআৰ্ট: ★পুৰণি ভাৰতীয় লোকচিত্ৰসমূহৰ ভিতৰত যুগসাক্ষী হৈ পৰা এবিধ নিপুণ চিত্ৰকলা হৈছে মধুৱানী বা মিথিলা আৰ্ট।আজিৰ পৰা প্ৰায় ২৫০০ বছৰৰ পূৰ্বেই বিহাৰ ৰাজ্যৰ মিঠিলা প্ৰদেশৰ মধুৱানী জিলাৰ অন্তৰ্গত গ্ৰামীণ মহিলা সকলে নিজ গৃহৰ শান্তি,সমৃদ্ধি আৰু সৌষ্ঠৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে ঘৰৰ বেৰত ঘৰুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰীৰে ভিন্ন আকৃতিৰ চিত্ৰ অংকিত কৰিছিল আৰু বিবাহ,উৎসৱ পাৰ্বন সকলোতে এই কলাই বিশেষঃ বৈশিষ্ট্য বহন কৰিছিল যি আজিও বাহাল আছে।সম্পূৰ্ণ প্ৰাকৃতিক সামগ্ৰীৰ জৰিয়তে আৰম্ভ কৰা এইবিধ কলা পৰৱৰ্তী সময়ত কাগজ,কেনভাচ আৰু বিভিন্ন পোছাকতো  এই বিধ কলাৰ আকৃতি অংকন কৰিবলৈ লয়। ★ইতিহাস সমৃদ্ধ এই বিধ কলা জনক কন্যা সীতাৰ(মৈথিলী) জন্মৰ পৰাই আৰম্ভ হয় বুলি অনুমান কৰা হয়।এইবিধ কলাৰ মুঠ পাঁচবিধ জনপ্ৰিয় ভিন্নতা পূৰ্ণ শৈলী আছে সেইয়া যথাক্ৰমে: ১.ভৰণি(bharni) ২.কাচনি(kachni) ৩.তান্ত্ৰিক(trantrik) ৪.গদনা(Godna) ৫.কোহবৰ(Kohbar) ★জনককন্যা সীতাৰ শুভ পৰিনয়ত এইবিধ কলাৰে বিহাৰ ৰাজ্যৰ অন্তৰ্গত মিঠিলা, মধুৱানী,জনকপুৰ সকলো স্থান সজোৱা হৈছিল।যাৰ বাবে সমগ্ৰ বিহাৰ ৰাজ্যখন দৃষ্টিনন্দন হৈ পৰিছিল আৰু সেই সময়ৰ পৰা...

"Haldiram" ৰ সাফল্যৰ কাহিনী☘️

Image
নতুন চিন্তা,নতুন সোৱাদৰে শিখৰ চোৱা 'Haldiram's' ৰ সাফল্যৰ কাহিনী: ■ভাৰতবৰ্ষৰ খাদ্য উদ্যোগসমূহৰ ভিতৰত নতুন সোৱাদযুক্ত এটা জনপ্ৰিয় আন্তৰাষ্ট্ৰীয় ব্ৰেণ্ড হৈছে সকলোৰে পৰিচিত 'Haldiram'।ৰাজস্থানী সোৱাদ সমৃদ্ধ এই ব্ৰেণ্ডৰ আৰম্ভণিৰ আঁৰৰ কাহিনী অতিকৈ বৰ্ণিল আৰু আকৰ্ষণীয়।১৯৩৭ চনত ৰাজস্থানৰ বিকানিয়াৰ জিলাৰ পৰা শুভাৰম্ভ হোৱা এই প্ৰয়াসে আশী বছৰৰো অধিককাল ধৰি সাধাৰণ জনতাৰ মাজত নিজস্ব অসাধাৰণ চিন্তা আৰু পৰিকল্পনাৰে আজিও সমুজ্জল হৈ হৈছে। ■কাহিনী অনুসৰি টনসুখ দাস (Tansukh Das) নামৰ এজন ব্যক্তিয়ে নিজৰ ভগ্নীৰ পৰা ভুজিয়া  বনোৱাৰ কৌশল শিকিছিল আৰু বিকানিয়াৰ  চহৰত থকা নিজৰ 'chunchy and tasty namkeen shop' নামৰ এখন সৰু দোকানত এই ভুজিয়া বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিছিল।টনসুখ দাসৰ পুত্ৰ গংগাভিষণ আগৰৱালে এই নমকিন ভুজিয়াক কিছু নৱ ৰূপ দি নতুনত্বপ্ৰদানকৰাত পূৰ্বতকৈ অধিক সোৱাদযুক্ত হৈছিল যিয়ে তেওঁলোকৰ ব্যৱসায়লৈও আমূল পৰিৱৰ্তন আনে।এই ভুজিয়াৰ চাহিদা ইমান বেছি হাৰত বৃদ্ধি পাই যে দোকানৰ সন্মুখত গ্ৰাহকৰ দীঘলীয়া শাৰীৰ সৃষ্টি হ'ল আৰু এই সৰু দোকান খ...

কলগেট আৰু কিছু কথা🌼🌼🌼

Image
"world's best selling toothpaste brand" কলগেট আৰু কিছু কথা: ★প্ৰতিজন মানুহৰ মাজতেই গোপনে সযতনে সংৰক্ষিত হৈ থাকে একো একোটা অনুসন্ধিৎসু পিপাসু মন।সেই সন্ধানী মনটোৱে যেতিয়া সৃষ্টিশীলতাৰে সপোনৰ বাট কাটি জিলমিলাই উঠে পুৱাৰ প্ৰথম সুৰুজৰ দৰে তেতিয়াই সেই সৃষ্টি হৈ পৰে এখনি নৈৰ দৰে নিৰংকুশ,নিৰৱধি। বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা এটা টুথপেষ্ট ব্ৰেণ্ড হৈছে কলগেট,যি মুঠ এশ ঘৰ মানুহৰ ভিতৰত ৭৬ ঘৰ মানুহেই ব্যৱহাৰ কৰে ,সেই টুথপেষ্ট ব্ৰেণ্ডৰ আৰম্ভণি আৰু ইতিহাস অতিকৈ পুৰণি।আজিৰ পৰা প্ৰায় ২১০বছৰৰ পূৰ্বেই উইলিয়াম কলগেটে আৰম্ভ কৰিছিল কলগেট কোম্পানীৰ।অৱশ্যে তেতিয়া এই কোম্পানীয়ে টুথপেষ্টৰ সলনি OCTAGON নামৰ এবিধ চাবোন প্ৰস্তুত কৰিছিল।প্ৰথমাৱস্থাত আজিৰ টিউবত উপলব্ধ কলগেট পোৱা গৈছিল চিচাৰৰ পাত্ৰত। ★নিজৰ অভিনৱ সৃষ্টিৰে  সকলো ভৌগলিক সীমা অতিক্ৰম কৰি ব্যক্তিৰ হৃদয়ৰ চুবুৰীত ঠাই লোৱা কলগেট কোম্পানীৰ স্ৰষ্টা উইলিয়াম কলগেটৰ ইংলেণ্ডত ১৭৮৩ চনৰ ২৫ জানুৱাৰীত জন্ম হৈছিল।এটা কঠোৰ সংগ্ৰামী পৰিয়ালত জন্মগ্ৰহণ কৰা উইলিয়াম কলগেটৰ পিতৃ ৰবাৰ্ট কলগেট প্ৰথমে এজন খেতিয়ক আছিল।পৰৱৰ্তী সময়ত ১৭৯৮ ...

মনৰ মাজুলীত ঠাই লোৱা জনপ্ৰিয় কাৰ্টুন চিৰিজ 'চিনচেন' আৰু কিছু কথা:

Image
মনৰ মাজুলীত ঠাই লোৱা জনপ্ৰিয় কাৰ্টুন চিৰিজ 'চিনচেন' আৰু কিছু কথা: ■এখন জনপ্ৰিয় এনিমেচন চিৰিজ,যি বিগত এটা দশকতকৈও অধিক সময় জুৰি শিশুৰ মনৰ গহন কোণত শুভ্ৰম হৈ জিলিকি আছে,তেনে এখন কাৰ্টুন ছিৰিজ হৈছে-চিনচেন(shinchan)।চিনচেন,এই হাস্যৰসিক চৰিত্ৰটিয়ে পৃথিৱীৰ বিভিন্ন কোণৰ মানুহক এক নতুন খোৰাক দি জনপ্ৰিয়তাৰ সোণালী খটখতিৰে ইতিমধ্যেই বহুদূৰ আগুৱাই গৈছে। চিনচেন কাৰ্টুন ছিৰিজৰো আছে এক বৰ্ণাভ ইতিহাস। ■চিনচেনৰ আৰম্ভণি এখন জাপানীজ কমিকছ ছিৰিজৰ পৰা হৈছিল।যিখনৰ লেখক আছিল য়শ্চিত উছাই(Yoshito usui)।চিনচেন চিৰিজ  এটা সম্পূৰ্ণ বাস্তৱ চৰিত্ৰৰ আধাৰত প্ৰতিষ্ঠিত।প্ৰাপ্ত তথ্য অনুসৰি চিনচেন, মাতৃ আৰু ভগ্নীৰ সৈতে বজাৰ কৰিবলৈ যাওঁতে ভগ্নী এটা দুৰ্ঘটনাৰ মুখামুখি হৈছিল আৰু সেই দুৰ্ঘটনাৰ পৰা নিজ ভগ্নীক উদ্ধাৰ কৰিবলৈ যাওঁতেই চিনচেন আৰু ভগ্নী দুয়োৰে মৃত্যু হৈছিল। ■জীয়া বাস্তৱক বুকুত বান্ধি অদম্য সাহসেৰে মাকে দুই সন্তানৰ সোণবৰণীয়া স্মৃতিৰ লগতে  দুয়ো জীৱিত হৈ থকাহেঁতেন তেওঁলোকৰ জীৱন কেনেধৰণৰ হ'লহেঁতেন,কিদৰে সিহঁতে সৰুকালৰ ভিন ভিন হাস্যৰসিকতাসমৃদ্ধ কাণ্ডবোৰ কৰিলহেঁতেন ইত্যাদি  অভিকল...

CADBURY CHOCOLATE ৰ সফলতাৰ আঁৰৰ কাহিনী:

Image
"দৰিদ্ৰই সপোন দেখে,ভীক্ষাৰীয়ে সপোন দেখে, ৰজা সম্ৰাটেও কেতিয়াবা সপোন দেখে।সপোনৰ ৰাজ্যখনৰ দুৱাৰ সকলোৰে কাৰণে সদায় মুকলি।"(চৈয়দ আব্দুল মালিক) আকাশৰ শেষ সীমা চুই চোৱাৰ আপাহতে এটি আলফুলীয়া সপোন বুকুত গুজি লৈ সৃষ্টিৰ কঠিয়া সিঁচাৰ অভিকাংক্ষা প্ৰায় সকলোৰে থাকে। লিখিবলৈ লৈছোঁ নিজস্বতাসমৃদ্ধ সোৱাদেৰে সমগ্ৰ বিশ্বত প্ৰসিদ্ধি লাভ কৰা কেডবেৰী চকলেটৰ অন্তহীন প্ৰেৰণা সম্বলিত সফলতাৰ আঁৰৰ কাহিনীৰ বিষয়ে।কাহিনীৰ আৰম্ভণি হয় জন কেডবেৰী নামৰ এজন সৰু ল'ৰাৰ পৰা,যাৰ জন্ম হৈছিল আজিৰ পৰা প্ৰায় ২১৬ বছৰ পূৰ্বে ব্ৰিটেইনৰ বাৰ্মিংহাম নামৰ ঠাইত।তেওঁ এটা কুৱাকাৰ(quakar family)পৰিয়ালক প্ৰতিনিধিত্ব কৰিছিল,তেওঁলোকে চাৰ্চ বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত বিশ্বাসী নাছিল।ঈশ্বৰ আৰু উপাসকৰ মাজত এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰয়োজনীয়তাকো সম্পূৰ্ণৰূপে নাকচ কৰিছিল।সমাজৰ অন্যান্য লোকসকলে তেওঁলোকক এক পৃথক মান্যতা প্ৰদান কৰিছিল আৰু এনে পৰিয়ালৰ সন্তানে কোনো ভাল শিক্ষানুষ্ঠান কিম্বা সামৰিক বাহিনীত যোগদান কৰাৰো অনুমতি লাভ কৰা নাছিল।সেয়েহে ব্যৱসায়ৰ মাধ্যমেৰে নিজক স্বাৱলম্বী কৰাৰ বাহিৰে তেওঁলোকৰ অন্য কোনো উপায় নাছিল।পৰৱৰ্তী সম...

বাস্তৱৰ দুৰন্ত প্ৰত্যাহ্বানক নেওচি প্ৰেৰণাৰ ফল্গুধাৰা বোৱাই দিয়া ব্যক্তিজন:

Image
বাস্তৱৰ দুৰন্ত প্ৰত্যাহ্বানক নেওচি প্ৰেৰণাৰ ফল্গুধাৰা বোৱাই দিয়া ব্যক্তিজন.... দৰিদ্ৰতা - যাৰ কৱলত পৰি স্তব্ধ হৈ যায় বহুতৰে খৰস্ৰোতা সময়,জীৱন মৰহি যায় আৰু আশাবোৰ? আশাবোৰ যেন আলফুলে শুই পৰে মন কিম্বা মগজুৰ একোটা বিশেষ কোণত।চন ১৮০৯,তাৰিখ ১২ ফেব্ৰুৱাৰী,হাৰ্ডিন দেশৰ কেনটুকীত জন্ম হৈছিল এজন বিশ্ববিশ্ৰুত জনপ্ৰিয় ব্যক্তিৰ ,নাম যাৰ আব্ৰাহাম লিংকন।পিতৃ থমাছ লিংকন পেছাত এজন কৃষক আছিল।মাতৃৰ নাম আছিল নাঞ্চি লিংকন আৰু জ্যেষ্ঠ ভগ্নী আছিল ছাৰা।ভূমি সংক্ৰান্তীয় বিবাদৰ বাবে আব্ৰাহাম লিংকনৰ পৰিয়ালে পূৰ্বৰ ঠাই ত্যাগ কৰি ক্রিক ফাৰ্মত থাকিবলৈ লৈছিল যদিও তাতো একেধৰণৰ বিবাদৰ মুখামুখি হোৱাত পুনৰ সেই ঠাইও এৰি আহিবলগীয়া হৈছিল।৬বছৰ বয়সত আব্ৰাহাম লিংকনক বিদ্যালয়ত নামভৰ্তি কৰা হৈছিল যদিও পিতৃক কামত সহায় কৰিবৰ বাবে অধ্যয়নপিপাসু আৰু জিজ্ঞাসু স্বভাৱৰ লিংকনে বিদ্যালয় ত্যাগ কৰিছিল।১৮১৮ চনৰ ৫ অক্টোবৰ তাৰিখে আব্ৰাহাম লিংকনৰ ৯বছৰ বয়সত মাতৃৰ পৰলোকপ্ৰাপ্তি হয়।মমতাৰ আঁচল খন যেন বহু দূৰলৈ উৰি গৈছিল।আত্মিক বান্ধোনেৰে আঁটি আঁটি বান্ধি ৰখা সেই বাঘজৰী ডাল ক্ৰমে দুৰ্বল হৈ পৰিছিল।মাত্ৰ ১১ বছৰ বয়সতেই ভগ্নী ছাৰাই...

কৰ্মৰে জীৱন অভিপ্সাক সজীৱ কৰা সুদেৱী দাসীৰ কথাৰে:

Image
হেঁপাহৰ এজাক কুঁহিপতীয়া সপোন ৰচাৰ স্বপ্ন প্ৰায় সকলোৰে থাকে।কোনোৱে যদি অজস্ৰ সা-সম্পদ,টকা পইচাৰ মাজতেই সুখ স্বাচ্ছন্দ্যময় জীৱনৰ সন্ধান কৰে আন দহজনে আকৌ বুকুৱে বুকুৱে শিপাই থকা সপোনজাকক সাকাৰ ৰূপ দিব পৰাতেই বিচাৰি পায় জীৱনৰ সাৰ্থকতা।তেওঁলোকৰ মাজত হেঁপাহৰ,আনন্দৰ এক সলিল ৰাশি অহৰহ প্ৰবাহমান হৈ থাকে।কিবা এটা বিশেষ কৰাৰ তাৰণাতেই বেলেগতকৈ বেলেগ হিচাপে গঢ়ি তোলে নিজক আৰু হৈ পৰে মোৰ,আমাৰ দৰে বহুজনৰ বাবে জীৱনৰ অংশুমান স্বৰূপ।নাম ইৰিন ফ্রেডৰিক ব্ৰুনিংগ ওৰফে মাতা সুদেৱী(সুদেৱী দাসী)।জাৰ্মানীত জন্মগ্ৰহণ কৰা ইৰিন ফ্ৰেডৰিকে বাৰ্লিনত শিক্ষা সাং কৰি মাত্ৰ 20 বছৰ বয়সতেই এগৰাকী সাধাৰণ পৰ্যটকৰ দৰেই তেওঁ ভাৰতভূমিত খোজ পেলাইছিল।জীৱনৰ মূল উদ্দেশ্যেৰ সন্ধান কৰি উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ ৰাধাকুণ্ডত।ইউৰোপীয় দেশৰ সকলো সা সুবিধা,আৰম্বৰ পূৰ্ণ বিলাসিতা ময় জীৱন ত্যাগ কৰি হৃদয়ৰ সমস্ত আকুলতাৰে দূৰণিবটিয়া পৰিয়ালৰ মৰম স্নেহৰ বান্ধোন ছিঙি মথুৰাৰ এখন সৰু গাওঁত বসবাস কৰিবলৈ লৈছিল।                           তাৰ পিছত তেওঁ গুৰু শ্ৰীলা টিনকোদী গোস্বামীৰ শ...