কৰ্মৰে জীৱন অভিপ্সাক সজীৱ কৰা সুদেৱী দাসীৰ কথাৰে:
হেঁপাহৰ এজাক কুঁহিপতীয়া সপোন ৰচাৰ স্বপ্ন প্ৰায় সকলোৰে থাকে।কোনোৱে যদি অজস্ৰ সা-সম্পদ,টকা পইচাৰ মাজতেই সুখ স্বাচ্ছন্দ্যময় জীৱনৰ সন্ধান কৰে আন দহজনে আকৌ বুকুৱে বুকুৱে শিপাই থকা সপোনজাকক সাকাৰ ৰূপ দিব পৰাতেই বিচাৰি পায় জীৱনৰ সাৰ্থকতা।তেওঁলোকৰ মাজত হেঁপাহৰ,আনন্দৰ এক সলিল ৰাশি অহৰহ প্ৰবাহমান হৈ থাকে।কিবা এটা বিশেষ কৰাৰ তাৰণাতেই বেলেগতকৈ বেলেগ হিচাপে গঢ়ি তোলে নিজক আৰু হৈ পৰে মোৰ,আমাৰ দৰে বহুজনৰ বাবে জীৱনৰ অংশুমান স্বৰূপ।নাম ইৰিন ফ্রেডৰিক ব্ৰুনিংগ ওৰফে মাতা সুদেৱী(সুদেৱী দাসী)।জাৰ্মানীত জন্মগ্ৰহণ কৰা ইৰিন ফ্ৰেডৰিকে বাৰ্লিনত শিক্ষা সাং কৰি মাত্ৰ 20 বছৰ বয়সতেই এগৰাকী সাধাৰণ পৰ্যটকৰ দৰেই তেওঁ ভাৰতভূমিত খোজ পেলাইছিল।জীৱনৰ মূল উদ্দেশ্যেৰ সন্ধান কৰি উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ ৰাধাকুণ্ডত।ইউৰোপীয় দেশৰ সকলো সা সুবিধা,আৰম্বৰ পূৰ্ণ বিলাসিতা ময় জীৱন ত্যাগ কৰি হৃদয়ৰ সমস্ত আকুলতাৰে দূৰণিবটিয়া পৰিয়ালৰ মৰম স্নেহৰ বান্ধোন ছিঙি মথুৰাৰ এখন সৰু গাওঁত বসবাস কৰিবলৈ লৈছিল।
তাৰ পিছত তেওঁ গুৰু শ্ৰীলা টিনকোদী গোস্বামীৰ শিষ্যত্ব লাভ কৰিছিল।ভাগৱদ গীতা, উপনিষদ আদিৰ আধ্যাত্মিক জ্ঞানে তেওঁক অনন্যমাত্ৰা প্ৰদান কৰিছিল।ভৰ যৌৱনৰ দুৱাৰদলিত থিয় হৈ সৰাপাতৰ মালা গাঁঠি প্রেমৰ নিৰঙ্কুশ মালিতা ৰচাৰ বিপৰীতে সময়ৰ বলুকাত দৃঢ় খোজ পেলাই সুবিশাল ব্যক্তিত্বৰে গো সেৱাৰ সৰগীয় গীত লিখিছিল।দুৰন্ত হেঁপাহবোৰত মুঠি মুঠি ৰং সিঁচি দি নিজৰ বাবেই যেন এটি জীৱন্ত কবিতা ৰচিছিল।এটা মাত্ৰ গাই পালনৰ পৰাই আৰম্ভ হৈছিল গো সেৱাৰ দৰে মহান কামৰ।সেই গো সেৱাই তেওঁৰ বাবে হৈ পৰিল জীৱনৰ ব্ৰত।এটা গাইৰ পৰা পৰৱৰ্তী সময়ত হাজাৰটা অকলশৰীয়া, অসুখীয়া গাইক নিঃস্বার্থ ভাবে সেৱা কৰি জনপ্ৰিয় হৈ পৰিল মাতা সুদেৱী হিচাপে।1978 চনৰ পৰাই ভাৰতবৰ্ষত নিগাজীকৈ বসবাস কৰা সুদেৱী দাসীয়ে 1996 চনত ৰাধাকুণ্ডত অসহায়,বিকলাংগ গৰুৰ সেৱা স্থান হিচাপে "ৰাধা সুৰভি গো-শালা নিকেটন" প্ৰতিষ্ঠা কৰিলে।তেওঁ এগৰাকী নিৰামিষাহাৰী।তেওঁৰ মতে মাছ মাংসই মানুহৰ মাজত তামসিক গুণ অৰ্থাৎ হিংসা, বিদ্বেষৰ ভাব বৃদ্ধি কৰে।মুঠ ৩৩০০sq ঠাই আগুৰি থকা গো শালা খনত মুঠ ৯০গৰাকী সহযোগীৰ সহায়ত ১৮০০ নিঃসহায় গৰুৰ প্ৰতিপালন,চিকিৎসা কৰাৰ দায়িত্ব লৈ আছে সুদেৱী দাসীয়ে।প্ৰতিমাহে 35 লাখ টকাৰ খৰছ হয় গো শালা খন পৰিচালনা কৰোঁতে।যিটো সময়ত ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত গৰুক লৈ,গো মাংসক ৰাজনৈতিক মেৰপাকত সুমাই বিবাদৰ সূত্ৰপাত কৰা হৈছে তেনেকুৱা সময়তেই সুদেৱী দাসীয়ে জীৱনৰ মুঠ ৩৫তা বসন্ত সমৰ্পিত কৰিছে গো মাতাৰ সুৰক্ষাৰ স্বাৰ্থত।এগৰাকী জাৰ্মানী মহিলাই ভাৰতবৰ্ষত জীৱ জন্তুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কৰা এনেধৰণৰ প্ৰেৰণাদায়ক কাৰ্যক স্বীকৃতি জনাই ভাৰত চৰকাৰে২০১৮ বৰ্ষত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ সন্মানীয় বঁটা পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছে।
এনেকুৱা জীৱন্ত কাহিনীবোৰ স্বতঃস্ফূৰ্ত ভাবে হৃদয়ত জোৱাৰ তুলি নামি আহে অনুভৱী শব্দৰ পৱন হৈ।কৰ্মৰ দ্বাৰাই জীৱন অভিপ্সাক সজীৱ আৰু স্পন্দিত কৰি ৰখা এনেধৰণৰ বাস্তৱ কাহিনী আমাৰ বাবে পাথেয় হৈ ৰওক,চতুৰ্দিশে মানৱতাৰ অমিয়া ঢল বৰষক...সেয়াই আমাৰ একান্ত কাম্য ।
Comments
Post a Comment