মানৱীয়তাৰ সাগৰখন এতিয়াও বৈ আছে:

( প্ৰেৰণাদায়ক লেখা)

মানৱীয়তাৰ সাগৰখন এতিয়াও বৈ আছে....


"সুখ সুখ বুলি   মানুহ বলিয়া
       নেদেখে সুখৰ মুখ
 সুখ বিচাৰোঁতে  পাই সংসাৰত
         দুখৰ উপৰি দুখ।
 সুখ দুখৰ             মনেই কাৰণ
          মনক কৰিবা থিত
  ত্যাগত লভিবা    পৰম সন্তোষ
         সাধিবা লোকৰ হিত।"
                             -আনন্দ চন্দ্ৰ আগৰৱালা।

আজিও এই পৃথিৱীত এনে বহুলোক আছে যিসকলৰ মন,চিন্তাধাৰা এখনি নৈৰ দৰেই স্বচ্ছ,নিৰ্মল,আৰু নিৰৱধি।নিৰ্মেঘ আকাশৰ বেলিৰ দৰেই সত্য,সুন্দৰ অথবা পবিত্ৰতাৰে বিমণ্ডিত।সমগ্র বিশ্বজুৰি চৰ্চিত এখন আশ্ৰম যি হৈ পৰিছে প্ৰতিগৰাকী আশাহীন লোকৰ বাবে আশাৰ ৰেঙণিস্বৰূপ,ঘৰহীন লোকৰ বাবে এখনি আদৰৰ ঘৰ,নিঃসহায়, শোষিত নিষ্পেষিত,পৰিত্যাগী,শাৰীৰিক অথবা মানসিকভাৱে অসুস্থ লোকৰ বাবে হৈ পৰিছে জীৱনযুদ্ধৰ ভিটামিন স্বৰূপ।আশ্ৰমখনৰ নাম-'APNA GHAR ASHRAM'।ডঃ বি.এম ভৰদ্বাজ আৰু তেওঁৰ পত্নী মাধুৰী ভৰদ্বাজৰ তত্বাৱধায়ত পৰিচালিত এখনি স্বৰ্গপুৰী সদৃশ আশ্ৰম।এই আলয় কেৱল বিভিন্নধৰণেৰে অৱহেলিত লোকৰেই যে আশ্ৰয়স্থল এনে নহয় এই আশ্ৰমে ৰুগীয়া, বিকলাংগ জীৱ জন্তুকো নৱজীৱন প্ৰদান কৰে।যান্ত্ৰিক এই জীৱনযাত্ৰাত আমি সকলোৱে ৰে'ল ষ্টেচন,বাছ ষ্টেচন,ধৰ্মীয় অনুষ্ঠান বা অন্যান্য ৰাজহুৱা স্থানসমূহত বহুলোকক পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰোঁ,সেইসকল লোক যাৰ নিজৰ বুলিবলৈ কোনোৱেই নাই,যিসকলক কোনেও সহায় কৰিব নিবিচাৰে,তেওঁলোকৰ বাবে এই বিৰল দম্পতিয়ে আশা আৰু সম্ভাৱনীয়তাৰ শইছ সিঁচি আত্মীয়তাৰ এখনি কানন পাতি দিছে য'ত হাজাৰ ধুমুহাৰ পিছতো হাউলি নপৰাকৈ পৰস্পৰে পৰস্পৰৰ সৈতে মিঠা মিঠা ক্ষণ অতিবাহিত কৰিছে।তেওঁলোকৰ বিদিৰ্ণ,সমাহিত চকুহালে কিমান যে কাহিনী অহৰহ কঢ়িয়াই লৈ ফুৰে,জীৱনৰ কিমান যে অব্যক্ত মালিতা কাকো নোকোৱাকৈয়ে থাকি যায়, অথচ শুনিবলৈয়ো যে কোনোৱেই নাই।Apna ghar Ashram এ তেওঁলোকক নিৰাশাৰ মাজতো প্ৰদান কৰিছে বৰ্ণময় ৰ'দালি।তেওঁলোকৰ সুখ দুখৰ সমভাগী হৈছে,প্ৰদান কৰিছে খাদ্য,বস্ত্ৰ,বাসস্থান,চিকিৎসা আৰু এক ঘৰুৱা পৰিৱেশ য'ত প্ৰতিগৰাকী অসহায় লোকে হেৰোৱা ফুলৰ মিঠা সুবাস বিচাৰি পাইছে,যি হৈ পৰিছে তেওঁলোকৰ বাবে আশাৰ সেউজমন্ত্ৰ।ডঃ বি এম ভৰদ্বাজ আৰু মাধুৰী ভৰদ্বাজ এনে বিৰল দম্পতিৰ মাজৰ এজন যাৰ জীৱ্নমুখী দৰ্শনৰ একৰূপতাই দুয়োৰে মাজত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল।এই আশ্ৰমত প্ৰায় ছয় হেজাৰ লোকে বসবাস কৰে।ঘৰহীন বহু গৰ্ভৱতী মহিলাই এই আশ্ৰমতেই তেওঁলোকৰ সন্তান ভূমিষ্ঠ কৰিছে।আশ্ৰমখনত নব্বৈ তাতকৈও অধিক নিঃসহায় সন্তান আছে আৰু তেওঁলোকৰ মুখত সলাজ মৰম আঁকি দি মাধুৰী ভৰদ্বাজে মাতৃত্বৰ আঁচলেৰে তেওঁলোকক আৱৰি ৰাখিছে।প্ৰতিগৰাকী ডাক্তৰ,কৰ্মচাৰীৰ সজ আৰু মিঠা আচৰণে  হাজাৰ কষ্টৰ মাজতো প্ৰতিটো ক্ষণ জিলমিলিয়া কৰি তোলে।আশ্ৰম খনত প্ৰৱেশ কৰিলেই দুখন ছবিয়ে দোলা দি যাব সকলোকে।প্ৰথম খন ছবি: হয়তো পৃথিৱীত যিমানবিলাক চৰমতম যাতনা আছে সকলো একেলগেই একে সময়তেই এই আশ্ৰমত দেখিবলৈ পাব কিয়নো  টিবি, কেঞ্চাৰ,মনোৰোগ,এইডছ ৰ পৰা আৰম্ভ কৰি সকলো ৰুগীয়া,বিকলাংগলোক,হাত ভৰি নোহোৱা,কথা কব নোৱাৰালোকসকল, এধানমানি এমা ডিমা শিশু,কথা কব নোৱাৰা অথচ একেই মানৱীয় অনুভূতিৰে সমৃদ্ধ জীৱ-জন্তু সকলোৰে আবাস স্থলী এই আশ্ৰম। দ্বিতীয়খন ছবিত  দেখিবলৈ পাব তেজ মঙহৰ উৰ্দ্ধত মানৱীয় সম্বন্ধ সমূহৰ নিভাঁজ নিঃস্বাৰ্থ আকুলতা।তেওঁলোকক ভালদৰে ভৰণ পোষণ,দায়বদ্ধতা লব পৰাটোৱেই ভৰদ্বাজ দম্পত্তিৰ  বাবে পূজা,আৰাধনা, প্ৰাৰ্থনা,প্ৰাপ্তি সকলো।এনেধৰণৰ প্ৰেৰণাদায়ক বাস্তৱ কাহিনীয়ে প্ৰতি গৰাকী ব্যক্তিৰ হৃদয়ত পাৰাপাৰহীন মানৱীয়তাৰ সাগৰ প্ৰবাহমান কৰক সেইয়াই আমাৰ প্ৰত্যাশা।শেষত সংগীত সূৰ্য ডঃ ভূপেন হাজৰিকাদেৱৰ কথাৰেই....
"...জীয়াই থাকি এখন সমাজ
    গঢ়িবৰ মোৰ মন আছে
    জীয়াই থাকি এখন সমাজ
    গঢ়িবৰ মোৰ পণ আছে।
    য'ত সোণতকৈও মানুহৰ দাম
    অলপ হ'লেও বেছি আছে..."

পাপৰি বৰা
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়



Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)