ড° ভূপেন হাজৰিকাদেৱৰ গীতত মানৱতাবাদৰ সুবাস:
সংগীত যদি এটা ধৰ্মৰ নাম হয়,কিমান যে মানুহ এই ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব তাৰ কোনো লেখ নাই।যদি অদূৰ ভৱিষ্যতে এনে হয় তেনেহ'লে হয়তো ৰচিত হ'ব এখন নতুন ধৰ্মগ্ৰন্থ যাৰ নাম হ'ব মানৱায়ন।এটা গীতে এজাক নতুন দিনৰ স্বপ্নৰ শলিতা জ্বলাব পাৰে,এজাক নতুন মুখৰ চমক সৃষ্টি কৰিব পাৰে,মানৱ হৃদয়ৰ কলুষতা নাশি সুন্দৰ জীৱনৰ বকিয়া নিৰ্মাণ কৰিব পাৰে।জ্বাজ্বল্যমান আকাশত উৰাৰ স্বপ্ন দেখুৱাব পাৰে,হৃদয়ৰ সমস্ত আকুলতাৰে মানৱ প্ৰেমৰ নিৰঙ্কুশ মালিতা ৰচিব পাৰে অথবা এটা গীত হ'ব পাৰে এটি জীৱন্ত সপোন কিম্বা জী উঠাৰ সহজ আকুলতা।বহুজনৰ প্ৰগলভিত কণ্ঠত অতীজৰে পৰাই ফুল হৈ ফুলিছে জীৱন,আশাবাদ অথবা মানৱতাৰ গানে।ডঃ ভূপেন হাজৰিকাদেৱৰ গীত সমূহেও মানৱতাৰ ৰাগিনী সৃষ্টি কৰি ন-সমাজৰ চিত্ৰ অংকন কৰিবলৈ সক্ষম হৈছে।মনৰ মাজত পুঞ্জীভূত হৈ থকা সমাজ,দেশ,ৰাষ্ট্ৰৰ অস্থিৰতা, অৰাজকতা,অন্যায়,অবিচাৰক কথা,ছন্দ,অনুভূতি,তাল,লয় আৰু স্বৰলহৰৰ মধুৰ মূৰ্ছনা তথা সুনিবদ্ধ শব্দমালাৰে গাঁঠি মানৱ প্ৰেমৰ এক অভিনৱ চানেকি বহন কৰিছে।শোষিত,নিষ্পেষিত,লাঞ্ছিত,বঞ্চিত সকলৰ বাবে তেখেতৰ কন্ঠ হৈ পৰিছে নিৰাশাৰ মাজতো আশাৰ এধানমানি জিলিঙনিৰ দৰেই।১৯৬০-৬১ চনৰ মাজভাগত লিখা "মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে,অকনি সহানুভূতিৰে ভাৱিব কোনেনো কোৱা সমনীয়া..." গীতটিত মানৱ প্ৰেমৰ সুগন্ধি দশোদিশে বিয়পি পৰিছে।১৯৬০ চনত ভাষা আন্দোলনৰ সূচনা হৈছিল আৰু সেই সময়ছোৱাতেই হেমাংগ বিশ্বাসক লগত লৈ 'let us meet' নামেৰে অনুষ্ঠান কৰি শদিয়াৰ পৰা ধুবুৰীলৈ সম্প্ৰীতিৰ সুৰীয়া গীত জুৰিছিল।ঠিক তেনেদৰে ১৯৭০ চনত লিখা "শীতৰে সেমেকা ৰাতি" গীতটিত বস্ত্ৰবিহীন খেতিয়ক,খাদ্যবিহীন দিন-মজুৰ,সংখ্যালঘু সম্প্ৰদায়ৰ ভয়াৰ্ট মনটিৰ নুফুটা আর্তনাদক বলিষ্ঠৰূপত গীতটিৰ মাজেৰে পৰিস্ফুট কৰিছে।"গঙ্গা মোৰ মা পদ্মা মোৰ মা,মোৰ চকুলোৰে দুটি ধাৰা মেঘনা যমুনা" মানৱ প্ৰেমৰ গভীৰ অনুৰাগ সম্বলিত কি সুৰীয়া গীত!
"অগ্নিযুগৰ ফিৰিঙতি মই
নতুন ভাৰত গঢ়িম
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম..."
পুঁজিপতিৰ আগ্ৰাসন,ধৰ্মৰ নামত চলা হিংস্ৰতা, অন্যায় অবিচাৰক সংগীতৰ শানিত অস্ত্ৰৰ সহায়ত ৰোধিত কৰি হৰিজন, পাহাৰী, হিন্দু,মুছলিম,বড়ো,কছাৰী,চুতীয়া,আহোমৰ অন্তৰ ভেদী ভেদাভেদৰ প্ৰাচীৰ ভাঙি সমতাৰ জয়গান গাই সাম্যৰ সৰগ ৰচাৰ কথা গীতৰ মাজেৰেই উল্লেখ কৰিছে।"মহাত্মাই হাসি বোলে ৰাম ৰহিম" গীতটিৰ মাজেৰেও মানৱ ধর্মৰ বাণী বিয়পাই তুলিছে।"দলিত ভাৰতৰ আশাৰ প্ৰতীক..." গীতটিত বিশ্বপ্ৰেম আৰু মানৱপ্ৰেমৰ সুবাস পোৱা যায়।
"মই দেখিছোঁ অনেক গগণচুম্বী
অট্টালিকাৰ শাৰী
তাৰ ছাঁ তেই দেখিছোঁ কতনা
গৃহহীন নৰ-নাৰী
মই দেখিছোঁ কিছু ঘৰৰ সন্মুখ
বাগিচাৰে আছে ভৰি
আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি
অকালতে আছে সৰি..."
গীতৰ মাজেৰে দুখন সুকীয়া ছবি অংকন কৰাৰ প্ৰয়াস কৰিছে।দ্বিতীয় খন ছবিয়ে তেওঁক ব্যথিত কৰি তুলিছিল আৰু সাম্যৰ সৰগ ৰচাৰ সপোন তীব্ৰতৰ কৰিছিল।১৯৮৮ চনত ৰচিত "অ' মোৰ ধৰিত্ৰী আই..." গীতৰ মাজেৰেও মানৱতাৰ ঢল বৰসিছে।নিজৰ যাদুকৰী আকৰ্ষনেৰে প্ৰতিটো গীতৰ জৰিয়তেই নিজৰ সৈতে জনগণৰ লগত এক আত্মীয়তাৰ সেঁতু নিৰ্মাণ কৰিছে।যি হৈ পৰিছে বহুগৰাকী অৱলা, নিচলা, দৰিদ্ৰ,খাদ্য কিম্বা বস্ত্ৰবিহীন লোকৰ বাবে প্ৰাণসঞ্চাৰী অনুপান স্বৰূপ।কঠিন শিলৰ মাজতো এপাহ ফুল প্রফুস্পিত হৈ বিমল সৌন্দর্যৰ সৃষ্টি কৰাৰ দৰেই গীতৰ মাজেৰেই মানৱতাৰ ঢল বিয়পোৱা ডঃ ভূপেন হাজৰিকাদেৱৰ এটি গীতেই মানৱতাৰ কানন সৃষ্টি কৰাৰ ক্ষেত্ৰত এক সোপান হ'ব পাৰে।সংগীত সূৰ্য্য ডঃ ভূপেন হাজৰিকাদেৱৰ জীৱন মালিতাৰ সুগন্ধি ভৰা গীতসমূহে যুগ যুগান্তৰলৈ প্ৰতিগৰাকী শ্ৰোতাৰ মন দেউলত মানৱতাৰ কাৰেং সাজক,হৃদয়ত পাৰাপাৰহীন বিশ্বপ্ৰেমৰ সাগৰ বোৱাই তোলক, মানৱতাৰ কঠিয়া সিঁচি নতুন শইছ পথাৰৰ সৃষ্টি কৰক,সেইয়াই আশা,সেয়াই অভিপ্সা।
পাপৰি বৰা,দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।
Comments
Post a Comment