বাস্তৱৰ দুৰন্ত প্ৰত্যাহ্বানক নেওচি প্ৰেৰণাৰ ফল্গুধাৰা বোৱাই দিয়া ব্যক্তিজন:

বাস্তৱৰ দুৰন্ত প্ৰত্যাহ্বানক নেওচি প্ৰেৰণাৰ ফল্গুধাৰা বোৱাই দিয়া ব্যক্তিজন....

দৰিদ্ৰতা - যাৰ কৱলত পৰি স্তব্ধ হৈ যায় বহুতৰে খৰস্ৰোতা সময়,জীৱন মৰহি যায় আৰু আশাবোৰ? আশাবোৰ যেন আলফুলে শুই পৰে মন কিম্বা মগজুৰ একোটা বিশেষ কোণত।চন ১৮০৯,তাৰিখ ১২ ফেব্ৰুৱাৰী,হাৰ্ডিন দেশৰ কেনটুকীত জন্ম হৈছিল এজন বিশ্ববিশ্ৰুত জনপ্ৰিয় ব্যক্তিৰ ,নাম যাৰ আব্ৰাহাম লিংকন।পিতৃ থমাছ লিংকন পেছাত এজন কৃষক আছিল।মাতৃৰ নাম আছিল নাঞ্চি লিংকন আৰু জ্যেষ্ঠ ভগ্নী আছিল ছাৰা।ভূমি সংক্ৰান্তীয় বিবাদৰ বাবে আব্ৰাহাম লিংকনৰ পৰিয়ালে পূৰ্বৰ ঠাই ত্যাগ কৰি ক্রিক ফাৰ্মত থাকিবলৈ লৈছিল যদিও তাতো একেধৰণৰ বিবাদৰ মুখামুখি হোৱাত পুনৰ সেই ঠাইও এৰি আহিবলগীয়া হৈছিল।৬বছৰ বয়সত আব্ৰাহাম লিংকনক বিদ্যালয়ত নামভৰ্তি কৰা হৈছিল যদিও পিতৃক কামত সহায় কৰিবৰ বাবে অধ্যয়নপিপাসু আৰু জিজ্ঞাসু স্বভাৱৰ লিংকনে বিদ্যালয় ত্যাগ কৰিছিল।১৮১৮ চনৰ ৫ অক্টোবৰ তাৰিখে আব্ৰাহাম লিংকনৰ ৯বছৰ বয়সত মাতৃৰ পৰলোকপ্ৰাপ্তি হয়।মমতাৰ আঁচল খন যেন বহু দূৰলৈ উৰি গৈছিল।আত্মিক বান্ধোনেৰে আঁটি আঁটি বান্ধি ৰখা সেই বাঘজৰী ডাল ক্ৰমে দুৰ্বল হৈ পৰিছিল।মাত্ৰ ১১ বছৰ বয়সতেই ভগ্নী ছাৰাই ঘৰৰ দায়িত্ব ল'বলগা হৈছিল।ঘৰৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পিতৃয়ে এগৰাকী তিনিটা সন্তানৰ মাতৃ,স্বামীহীনা মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।আব্ৰাহাম লিংকনৰ জীৱনত সেইগৰাকী মাতৃৰ ভূমিকা অপূৰণীয় আছিল।মাতৃৰ সুকোমল কোলাত ক্লান্তিৰ নিশ্বাস এৰিবপৰাকৈ আপোনতাৰে আৱৰি ৰাখিছিল,জীৱনে পুনৰ নিৰলে আশাৰ গান গাবলৈ আৰম্ভ কৰিছিল।লিংকনৰ পিতৃয়ে তেওঁ পঢ়া শুনা কৰাটো সম্পূৰ্ণ ৰূপে সমৰ্থন কৰা নাছিল কিন্ত্ত দৃঢ়তা,স্থিতপ্ৰজ্ঞ আৰু আত্মবিশ্বাসী স্বভাৱৰ লিংকনে বাল্যকালতেই শিকি থোৱা বাঢ়ৈ কামেৰে এখন নাও প্ৰস্তুত কৰি নৌকাবাহকৰ কাম কৰিছিল।পৰৱৰ্ত্তীসময়ত তেওঁ এখন দোকানতো কাম কৰিছিল।দৰিদ্ৰ জনগণৰ প্ৰতি হৈ থকা অন্যায় অবিচাৰৰ পৰা উদ্ধাৰ কৰাৰ মানসেৰে তেওঁৰ আইনৰ ছাত্ৰ হোৱাৰ দুৰন্ত হেঁপাহ জাগিছিল।তেওঁ জানিব পাৰিছিল যে নদী খনৰ সিপাৰৰ গাঁওখনত এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে বসবাস কৰে ,তেওঁৰ পৰাই আইনৰ পুস্তক সমূহ আহৰণ কৰাৰ তৃষা ৰাখিছিল।সেইসময়খিনিত জলবায়ু শীতল আছিল।বৰফাবৃত্ নদীত নাও নমাই দি কিছুদূৰ যোৱাৰ পাছতেই নাওখন এটা বৰফৰ চপৰাত খুন্দা মৰাত নাও খনৰ এটা কোণ ভাঙি গৈছিল।কিন্তু হৃদয়ৰ ফেৰেঙনিত সপোন পূৰণৰ এনে এজাক বাউলি বতাহ বলি আছিল যে লিংকনে আগ গুৰি নাভাবি সাঁতুৰি সেই বৰফৰ নদী অতিক্ৰম কৰিছিল।ন্যায়াধীশ জনে লিংকনৰ তীব্ৰ জিজ্ঞাসা প্ৰত্যক্ষ কৰি আইনৰ গ্ৰন্থ সমূহ পঢ়াৰ সুযোগ প্ৰদান কৰিছিল।এটা সময়ত লিংকন গাঁওৰ ডাকোৱাল হিচাপেও পৰিচিত হৈছিল।সেইসময়ত আমেৰিকান পটভূমিত দাস প্ৰথাই চৰম সীমা অতিক্ৰম কৰিছিল।সাধাৰণ মানুহৰ জ্বালা যন্ত্ৰণা দেখি লিংকনে ৰাজনীতিৰ পথাৰখনত খোজ দিয়াৰ কথা ভাবিলে।প্ৰথম নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল আৰু নিৰ্বাচনৰ বাবে ডাকঘৰৰ চাকৰি ও ত্যাগ কৰাত তুমূল অৰ্থ সংকটত ভুগিবলগীয়া হৈছিল।প্ৰেমতকৈ কিবা তীব্ৰ নিচা থাকিব পাৰে জানো?প্ৰেম যেন পুৱাৰ প্ৰাৰ্থনাৰ দৰেই।২৪ বছৰ বয়সত এগৰাকী যুৱতী লিংকনৰ ভাৱনাৰ বাগিচাত সপোনৰ এপাহ ফুল হৈ ফুলিছিল।লিংকনৰ বাবে হৈ পৰিছিল প্ৰাণসঞ্চাৰী অনুপান স্বৰূপ।কিন্তু প্ৰেমৰ নিজৰাত সাঁতুৰি নাদুৰি থাকোতেই প্ৰেয়সীয়েও এবিধ জটিল ৰোগত আক্রান্ত হৈ মৃত্যুক সাৱটি লৈছিল।হতাশা আৰু নিৰাশাৰ সূঁতা ডালে লিংকনক ক'ব নোৱাৰাকৈ বান্ধি পেলাইছিল,ওঁঠৰ সুমথিৰা ৰঙী হাঁহিবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছিল।তেনে এক জটিল সময়ত লিংকনৰ এগৰাকী অন্তৰংগ বন্ধুৱে তেওঁৰ মনোবল বৃদ্ধি কৰিছিল আৰু পুনৰ বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়াইছিল।সেইবাৰৰ নিৰ্বাচনত লিংকনে বিজয় ধ্বজা উৰুৱাই যুৱ বিধায়ক হিচাপে নতুন প্ৰজন্মটোক উদ্বুদ্ধ কৰিছিল।সততাৰ জয়গান গোৱা লিংকন ২০ বছৰ ধৰি ওকালতিৰ লগত জড়িত আছিল।১৮৪২ চনত তেওঁ মেৰী নামৰ এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।তেওঁলোকৰ চাৰিটা সন্তানৰ ভিতৰত ৰবাৰ্ট নামৰ এগৰাকী সন্তানহে জীৱিত অৱস্থাত থাকিল।বাকী তিনিজন সন্তানৰ শৈশৱতে মৃত্যু হৈছিল।১৮৬০ চনত তেওঁ আমেৰিকাৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।নিজৰ শাসনকালত দাস প্ৰথাৰ বিলুপ্তিসাধন, গৃহযুদ্ধৰ অৱসান ঘটোৱাকে আদি কৰি কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল।১৮৬৫ চনৰ ১৪ এপ্ৰিল তাৰিখে তেওঁ গুলিবিদ্ধ হৈছিল আৰু ১৫ এপ্ৰিল তাৰিখে মৃত্যুক সাৱটি লৈছিল।তেওঁৰ জীৱনৰ পৰা আমি ইয়াকেই শিকিব পাৰো যে সাধনাৰ সুৰভিৰে জগত জিনিব পাৰি।সপোন,সাধনা,সংগ্ৰাম,সততাৰ আঁৰতেই খোদিত হৈ থাকে সফলতাৰ অমোঘ মন্ত্ৰ।নীলিম আকাশ চোৱাৰ হেঁপাহকণ সকলোৰে থাকে মাথোঁ প্ৰয়োজন ধৈৰ্য, একাগ্ৰতা আৰু আত্মবিশ্বাসৰ।এনেকুৱা সংগ্ৰামী জীৱনৰ কাহিনীবোৰ আমাৰ মাজত চিৰদিন মূর্তমান হৈ থাকক,অহৰহ প্ৰবাহিত হৈ থাকক প্ৰেৰণাৰ এখনি নৈ হৈ....।

পাপৰি বৰা




Comments

  1. আব্ৰাহম লিংকনৰ দৰেঢ়নেতা বিশ্বৰ ভিতৰতে বিৰল। অশেষ ধন্যবাদ,বা।

    ReplyDelete

Post a Comment

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)