বিশ্ববিশ্ৰুত এখনি ৰহস্যময় চিত্ৰৰ কথাৰে:
https://xandhani.blogspot.com/2020/04/blog-post.html/
সৃষ্টিৰ পৰিধি নাই,নতুনত্বৰ সঁচা উঁহ বিচাৰি আন্ধাৰ ফালি ফালি মাথোঁ গৈ থাকে অসীমলৈ।সৃষ্টিশীল মানুহৰ বাবে একো একোটা সৃষ্টিয়েই তেওঁলোকৰ বাবে হৈ পৰে নিৰ্মল আনন্দৰ উৎস।এখন চিত্ৰই মৌনতাৰ ভাষাৰেই লানিনিছিগাকৈ কৈ যাব পাৰে প্ৰেম-অপ্ৰেম,প্ৰাপ্তি-অপ্ৰাপ্তি,জীৱনৰ বৰ্ণময়তাৰ অজস্ৰ অন্তহীন কথা।চিত্ৰৰ মাজেৰে জীৱন্ত হৈ উঠে হৃদয়ৰ ফেৰেঙনিত গোপনে সাঁচি ৰখা প্ৰতিটো জিলমিলিয়া অনুভৱ।প্ৰচুৰ ধৈৰ্যশীলতাৰ সৈতে প্ৰতিটো অনুভৱক ন প্ৰাণ দিয়া সেই শিল্পীগৰাকীয়ে যুগ যুগান্তৰলৈ থৈ যায় সৃষ্টিৰ মণি-মুকুতাবোৰ।বহু শতিকাৰ পূৰ্বেই এগৰাকী চিত্রশিল্পীৰ লাৱনি হাতৰ পৰশত সৃষ্টি হোৱা এখন ছবিয়ে সমগ্ৰ বিশ্বত খলকনিৰ সৃষ্টি কৰিছিল।যিখন ছবিৰ আজি পৰ্যন্ত ঘন ৰহস্যৰ যতি পৰা নাই।সৰুৰে পৰাই আপুনি,মই আমি শুনি আহিছোঁ লিও নাৰদো দা ভিঞ্চিৰ জনপ্ৰিয় চিত্ৰকৰ্ম মনালিছাৰ কথা।ক'ৰবাত পঢ়া মোৰ মনত পৰে-'কলাকাৰৰ হে মৃত্যু হয়,কলাৰ নহয়'।বহু শতিকাৰ পূৰ্বেই অংকিত এখন ছবি আজিও সিমানেই চৰ্চিত তাতেই প্ৰমাণিত হয় শিল্পীগৰাকী আৰু চিত্ৰখনৰ পৰম সাফল্যৰ কথা।মনালিছা চিত্ৰখন অৰ্ধ দৈৰ্ঘৰ এখনি প্ৰতিকৃতি।আজিৰ তাৰিখতো বিশ্বৰ ভিতৰতে সৰ্বাধিক মূল্যবান ছবি যাৰ মূল্য প্ৰায় ৭০০ মিলিয়ন আমেৰিকান ডলাৰৰ ওচৰে পাজৰে।১৪৫২ চনৰ ১৫ এপ্ৰিল তাৰিখে ইটালীৰ ভিঞ্চি চহৰত লিও নাৰদো দা ভিঞ্চিৰ জন্ম হৈছিল।The last supper,salvator mundi, vitruvian man, lady with an empire ইত্যাদি বিভিন্ন ছবি অংকন কৰা ভিঞ্চিৰ মনালিছাৰ ছবিখনে জনপ্ৰিয়তাৰ সৰ্বোত্তম শিখৰ অতিক্ৰম কৰিলে।ছবিখনৰ সৃষ্টি বৰ্ষক লৈ কিছু মতানৈক্য থকা পৰিলক্ষিত হয়।একাংশৰ মতে ভিঞ্চিয়ে১৫০৩ আৰম্ভ কৰা এই ছবিখনে ১৫০৬ চনত পূৰ্ণতা লাভ কৰিছিল।আন কোনোৱে কয় ১৫১৩ চনত হে ভিঞ্চিয়ে ছবিখনৰ কাম আৰম্ভ কৰিছিল আৰু ১৫১৯ চনলৈ অৰ্থাৎ ভিঞ্চিৰ মৃত্যুৰ সময়লৈকে ছবিখনে শেষ পৰশ লাভ কৰা নাছিল।এতিয়া আহিছোঁ মনালিছাৰ প্ৰকৃত পৰিচয়লৈ।মনালিছাৰ প্ৰকৃত নাম লিছা ঘেৰাৰদিনী(Lisa gherardini),তেওঁ এগৰাকী কাপোৰৰ ব্যৱসায়ী ফ্ৰান্সিকো ডেল গ্লোচণ্ড(francesco del glocondo) ৰ পত্নী আছিল।দ্বিতীয় সন্তানৰ আগমনৰ সুখানুভূতি ব্যক্ত কৰাৰ মানসেৰে গৰ্ভৱতী পত্নীক এখনিপ্ৰতিকৃতি উপহাৰ দিয়াৰ উদ্দেশ্যৰে ভিঞ্চিৰ দ্বাৰা অংকন কৰিব বিচাৰিছিল।বিশেষত ছবিখনৰ গাথঁনিয়ে সকলোকে বিমোহিত কৰিছিল,ছবিখনৰ প্ৰতিটো দিশৰ পৰাই চালে সুকীয়া ৰূপ দৃশ্যমান হয়।ছবিখনত ৰহণ চৰাইছে মনালিছাৰ মৌসনা হাঁহিটোৱে।চিত্ৰখনত এফালে মনালিছাৰ জেতুকীবুলিয়া ওঁঠত হাঁহিৰ জিলিঙনি আৰু তাৰ বিপৰীতে দুচকুত কিছু মৌন ভাষাৰ উন্মাদনা প্ৰকাশিত হৈছে, গৰ্ভৱতী হোৱাৰ বাবেই তেওঁৰ তেনে অভিব্যক্তি প্ৰকাশ পাইছিল।ভিঞ্চিৰ এই চিত্ৰকলাক লৈ বহুতো বিবাদ আছে।কোনো কোনোৰ মতে ছবিখনত ভিঞ্চিয়ে নিজক ৰূপায়িত কৰিছে আন কোনোৰ মতে ছবিখনত তেওঁ নিজ মাতৃক তুলি ধৰিব বিচাৰিছে।কিন্তু এই কথা নিশ্চিত যে ভিঞ্চিয়ে ছবিখনৰ মাধ্যমৰে লিছা নামৰ মহিলাগৰাকীকেই জীৱন্ত ৰূপ দিবৰ চেষ্টা কৰিছে,তাৰ প্ৰমাণ হিচাপে কব পাৰি যে সেই সময়ত মহিলাই চকুৰ চেলাউৰী ৰখাত বাধা আছিল আৰু তাৎপৰ্যপূৰ্ণ ভাৱে ছবিখনত মনালিছাৰ চেলাউৰী অংকন কৰা হোৱা নাছিল।ছবিখনত "A RISPOSTA SI TROVA QUI " (The answer is here)নামৰ এষাৰি বাক্য লিখা আছে যাৰ অন্তৰ্নিহিত অৰ্থ আজিও অস্পষ্ট।১৭৫৭চনৰ পিছত মনালিছাৰ স্থিৰ চিত্ৰ খন ল'ৱাৰ সংগ্ৰহালয়ত (Louvre museum) ৰখা হৈছিল।কিন্তু ১৯১১চনৰ ২১ আগষ্ট তাৰিখে ছবিখন মিউজিয়ামৰ পৰা চুৰি হয়,দুবছৰৰ পিছত ছবিখন বিক্ৰী কৰিবলৈ নিয়াত ব্যক্তি গৰাকী ধৰা পৰে আৰু পুনৰ ছবি খন একেটা সংগ্ৰহালয়তেই সংৰক্ষণৰ ব্যৱস্থা কৰে।কিন্তু তাতো পুনৰ এগৰাকী ব্যক্তিয়ে ছবিখন নষ্ট কৰাৰ প্ৰয়াস কৰিছিল।তেতিয়াৰ পিছৰে পৰা ছবিখনৰ নিৰাপত্তা ৰ বাবে 'bullet proof' গ্লাছৰ ব্যৱস্থা কৰা হয়।২০১৪চনৰ এক সমীক্ষা অনুসৰি সংগ্ৰহালয়টোলৈ প্ৰতি বছৰে ৯.৩ মিলিয়ন ব্যক্তি আহে তাৰে ৮০% ব্যক্তি কেৱল মনালিছাৰ চিত্ৰ দৰ্শনৰ বাবে তালৈ আহে।সৃষ্টিশীল অনুসন্ধিৎসু পিপাসু মনে কিদৰে বিশ্বব্ৰহ্মাণ্ডত হেঙুলী দাপোণ সৃষ্টি কৰিব পাৰে,তাৰেই যুগসাক্ষী গভীৰ ঘন ৰহস্যময় মনালিছাৰ স্থিৰ চিত্ৰখন।প্ৰতিগৰাকী ব্যক্তিয়েই সৃষ্টিৰ উপাসক হওঁক, সৌন্দয্যসন্ধানী পখিলা হওঁক, সৃষ্টি বোৰে সুনীল আকাশখনি স্পৰ্শ কৰক সেইয়াই আমাৰ আশা,সেইয়াই প্ৰত্যাশা।
পাপৰি বৰা
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।
সুন্দৰ লিখনী! ভাল লাগিল!!
ReplyDelete