বিশ্বজুৰি ক'ৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে কিছু সুকীয়া অনুভৱ:
বিশ্বজুৰি ক'ৰ'না ভাইৰাছৰ আতংকৰ মাজতে কিছু সুকীয়া অনুভৱ:
ক'ৰ'ণা ভাইৰাছ!অনাকাংক্ষিতভাৱেই সমগ্ৰ পৃথিৱীৰ মানবজাতিৰ বাবে হৈ পৰিল মৃত্যুদূত সদৃশ।সৰ্বত্ৰে এতিয়া কেৱল মৃত্যুৰ কিৰিলী।আজি যেন সমগ্ৰ বিশ্ববাসী পৰাস্ত হৈছে এটা ভাইৰাছৰ ওচৰত।কিমান শক্তিশালী হ'ব পাৰে এটা ভাইৰাছ আৰু প্ৰকৃতি!শান্ত সমাহিত প্ৰকৃতিয়েও যেতিয়া প্ৰচণ্ড ক্ষোভত মানৱ জাতিৰ হাত এৰি দিয়ে তেতিয়াই অনুভৱ হয় সঁচাই মানুহ জীৱশ্ৰেষ্ঠ হয়নে?এই ভাইৰাছক প্ৰতিহত কৰিবলৈ চৰকাৰ,ৰাষ্ট্ৰ, প্ৰতিগৰাকী জনগণ সিদ্ধহস্ত হৈছে।ভাৰতবর্ষত প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে ২১ দিনধৰি 'lock down' ঘোষণা কৰিছে।একেদিনাই এখন দেশ যেন স্তব্ধ হৈ ৰ'ল।ইয়াৰ আগলৈকে প্ৰতিখন ঘৰতেই প্ৰতিদিনাই কিমান যে ব্যস্ততা।অফিচ, কছাৰী,স্কুল,কলেজ,মিটিং, চেমিনাৰ আৰু যে কত কি...।যান্ত্ৰিক জীৱন যাত্ৰাত অভ্যস্ত সকলোৰে নিজক হেৰুৱাই পেলোৱাৰ উপক্ৰম হয়,এতিয়া যেন যান্ত্ৰিক জীৱনবোৰে কিছু ইকাটি সিকাটি কৰিবলৈ আহৰি পাইছে।মৃত্যুৰ আশংকাত দিয়া দেশজোৰা বন্ধৰ মাজতো কিছু ধনাত্মকতা বিৰাজ কৰিছে।সম্পর্কবোৰে নতুন মাত্ৰা লাভ কৰিছে।ব্যস্ততা কেতিয়াও জীৱন হ'ব নোৱাৰে,ই জীৱনৰ এটা অংশহে,আজি যেন সময়ে বাৰে বাৰে অনুভৱ কৰাইছে।আত্মীয়তাৰ ডোলেৰে আঁটি আঁটি বান্ধি ৰখা পৰিয়াল নামৰ বান্ধোন ডাল কিছু পৰিমাণে হ'লেও পূৰ্বতকৈ মজবুত হৈছে।প্ৰেম,মৰম,ভালপোৱা, আন্তৰিকতা, মানৱীয়তা আদি হৃদয়ৰ কোমল অনুভূতিৰে আমাক ইজন সিজনৰ কাষ চপাই আনিছে।হেঁপাহৰ ঘৰখন হৃদয়ৰে সাজি প্ৰতিজনে জিৰণি লৈছে,কৰিছে অন্তহীন মধুময় বাৰ্তালাপ।সন্ধিয়াৰ তৰাভৰা আকাশখনৰ সৌন্দর্য সকলোৱে উপভোগ কৰিছে,সকলো ব্যস্ত হৈ পৰিছে প্ৰেম,প্ৰকৃতি আৰু পৃথিৱীৰ উপাসনাত ।তামোলৰ সুগন্ধি মিশ্ৰিত আইতাৰ মুখৰ সেই জিলমিল সাধুকথাবোৰৰ চৰিত্ৰবোৰে পুনৰ এবাৰ জী উঠিছে নাতিনীয়েকহতৰ সন্মুখত।কৰ্মজনিত ব্যস্ততাৰ বাবে কিমান যে শিশু পিতৃ মাতৃৰ উমাল বুকুৰ মাজত উমলিবলৈ পোৱা নাছিল,আজি সকলো মাতৃৰ উমাল স্পৰ্শ, মৌসনা মৰমত উমলি জামলি ফুৰিছে প্ৰতিটো শিশুৱেই।বিভীষিকাৰ মাজতো ই আমাক শিকাই গৈছে ভালপোৱাৰ সহজতম আদিপাঠ। যান্ত্রিকতাই চুই যোৱা প্ৰকৃতিয়েও আজি যেন কিছু সকাহ পাইছে,মানৱৰূপী দানৱৰ হাতোৰাৰ পৰা মুক্ত হৈ প্ৰশান্তিৰ এধানি ফল্গুধাৰা বোৱাইছে।গধূলিৰ ঘৰমুখী চৰাইজাক মুক্তমনে আটোমটোকাৰীকৈ সাজি থোৱা বাহত সোমাই পৰিছে।যান বাহনৰ মাজত শুনিবলৈ নোপোৱা চৰাইবোৰে আৱেশসনা মধুৰ কাকলিৰে গীত জুৰিছে।নিৰ্জনতাৰ মাজেৰে শান্ত সুবাসিত বতাহ বলিছে।ভোমোৰাইও গুঞ্জন তুলি ফুলৰ মৌ পান কৰিছে,পখিলাবোৰেও ফুলৰ সুকোমল পাহিত অমিয়া ৰং ছটিয়াইছে।কোনো কোনো অতীতৰ সোণোৱালী দিনবোৰলৈ উলটি গৈছে।কিতাপৰ আলমিৰাত দিনৰ পিছত দিন ধৰি সোমাই থকা কিতাপসমূহেও চিনাকি মানুহৰ আপোনত্বৰ পৰশ লাভ কৰি আত্মহাৰা হৈছে,কিতাপৰ সেই বিশেষ গন্ধটি নাকত লাগি সৃষ্টি কৰিছে সৰগীয় আৱেগৰ । স্বপ্নাকুল মনবোৰে সৃষ্টিৰ আকুলতাত ব্যাকুল হৈ পৰিছে।কাৰোবাৰ কলমেৰে যদি হৃদয় কুঠৰীৰ শব্দবোৰ কবিতা আকাৰে নিগৰিছে,আন কোনোবাই আকৌ অনুভূতিৰ ৰেণুবোৰক ,অব্যক্ত কাহিনীবোৰক গল্প,উপন্যাস নাটক কিম্বা অনুভৱলৈ ৰূপান্তৰিত কৰিছে।কোনোবা চিত্ৰকৰৰ সুকোমল হাতৰ পৰশত মূর্তমান হৈ উঠিছে,একো একোখন জীয়া ছবি।কোনোৱে কোনোৱে হৃদয়ৰ সমস্ত আকুলতাৰে হেৰাই যোৱা পুৰণি সুৰ গুণগুণাইছে,ন-পুৰণি গীতসমূহে নতুন ৰূপত প্ৰাণ পাই উঠিছে।কোনোৱে যদি সুস্বাদু খাদ্য ৰন্ধনৰ মাজত নিজক বিচাৰি পাইছে আন কোনোৱে আকৌ আলফুলে সজাই তোলা ফুলনিবাৰী,শাকনিবাৰীখনৰ মাজতেই মিঠা মিঠা ক্ষণ পাৰ কৰিছে।সামাজিক মাধ্যমসমূহতো মাদকতা ভৰা নানানটা খেলে ভুমুকি মাৰিছেহি।মনত দোলা দি যোৱা জনপ্ৰিয় উপন্যাস, কবিতা অথবা বিভিন্ন গ্ৰন্থৰ শব্দৰ এধাৰি অন্তহীন মালাৰ বিষয়ে লিখাৰ দৰে আমোদজনক খেলৰ সমান্তৰালভাৱে মোবাইলে মোবাইলে ভাল লগা গ্ৰন্থ সমূহৰ PDF এ ভিৰ কৰিছেহি,সকলোৱে বিচাৰি লৈছে নিজৰ ভাললগা গ্ৰন্থখন।মানুহে কিতাপৰ ফুৰফুৰিয়া গোন্ধৰ লগতে প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰেও কিতাপ পঢ়াৰ সুকীয়া আমেজ লাভ কৰিছে।নিজৰ প্ৰতি,পৰিয়ালৰ প্ৰতি ,সমাজ তথা বিশ্বৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ সচেতনতা অথবা দায়বদ্ধতা বৃদ্ধি পাইছে।ঘৰে ঘৰে সহায়িকাৰ দায়িত্ব পালন কৰি থকা ৰহিমলা,প্ৰমিলা হতেও নভবাকৈয়ে পৰিয়ালৰ প্ৰতিজনৰ সৈতে হৃদয়ৰে কিছু কথা পাতিছে।ঘৰে ঘৰে ৰেডিও,দূৰদৰ্শনে সন্ধিয়াৰ সময়খিনি আৱৰি লৈছে।দিদি নেচনেলত (টিভিৰ পৰ্দাৰ সন্মুখত) পৰিয়ালৰ সকলো বহি ৰামায়ণ চোৱাৰ সেই সময় যেন পুনৰ ঘূৰি আহিছে।অনলাইন ক্লাছৰ ব্যস্ততাৰ লহৰ উঠিছে,ব্যক্তি বিশেষৰ সৃষ্টিশীল কৰ্মৰাজি,লুপ্ত প্ৰতিভা জাগ্ৰত হৈছে।মন্দিৰ,মছজিদ, গীৰ্জাৰ দুৱাৰ বন্ধ হৈ যোৱাৰ বিপৰীতে চৌদিশে আত্মিকতা, মানৱীয়তা ,মানৱ ধৰ্মই মৰমী সৰগ ৰচিছে,চাৰিওফালে প্ৰবাহিত হৈছে মানৱ প্ৰেমৰ বন্যা। প্ৰকৃতিয়ে সজীৱতাৰ বসন পিন্ধি নকৈ সজীৱ হৈছে।ইমান দুৰ্দিনৰ মাজতো প্ৰতিজন ব্যক্তিয়ে বিচাৰি লৈছে জীৱনৰ সৰগী সুধা।কিন্তু তাৰ বিপৰীতে দেখি থকা আন এখন ভয়াৰ্ট ছবিয়ে সকলোকে ব্যথিত কৰিছে।সজাগতাৰ বাঘজৰী ডাল যিহেতু নিজৰ ওচৰতেই আছে।গতিকে সকলো সজাগ,সাৱধান আৰু সতৰ্ক হওঁক।পৃথিৱীৰ পৰা এনে দুৰ্দিনৰ অচিৰেই অৱসান ঘটক।
পাপৰি বৰা।
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
Comments
Post a Comment