Posts

তাইৰ কথা-

Image
  সৰু-সৰু কথাবোৰতেই তাই জীৱনৰ মাণিক বিচাৰি পায়।এই ধৰি লোৱা,পুৱাৰ প্ৰথম পোহৰ,ফুলৰ সুষমা,সন্ধিয়াৰ হেঙুলী ৰহণ,বিজুলীৰ চিকমিক হাঁহি অথবা বাৰিষা বগা ডাৱৰৰ শাৰী...।নিৰিবিলি জোনাক গলা প্ৰতিটো সন্ধিয়াৰ মিঠা সুবাস মেৰিয়াই,তৰাবছা ৰাতিৰ আকাশ চাই,জোনৰ সৈতে কিছু কথা ভগাই লৈ অথবা মিহিকৈ বাজি থকা এটা ধুনীয়া সুৰৰ আঁচল ধৰি তাই বহু দূৰলৈ উৰি গুচি যায়।তাইৰ পৃথিৱী স্বাধীন...স্বাধীন পৃথিৱীৰ তাই স্বাধীন সত্বা।গান গোৱা এজনী চৰাই হৈ তাই নিজৰ আকাশলৈ মন গলেই উৰি গুচি যায়।দূৰ আকাশৰ ৰূপালী জোন চাই তাই নিজৰে মাজতে মৰমী সৰগ ৰচে।অস্তবেলিৰ সেন্দুৰীয়া ৰঙত তাই বাৰে-বাৰে ডুব যাব খোজে।

কৃতজ্ঞতাৰ ডায়েৰী-30

Image
"Take the time to appreciate things in your life.Appreciate where you are in life and how far you have come.Gratitude attracts more blessings." জীৱনে দিয়া প্ৰতিটো অংহিতি সুকীয়া,সুৰীয়া। তুমি বিচৰা সকলো সপোন এদিন সঁচা হ'ব। চকু মেলিলেও, চকু জপালেও এতিয়া মাথোঁ তুমি প্ৰতিপল তোমাৰ সপোনবোৰৰ সৈতে উমলি থাকা,কৃতজ্ঞতাৰ ফুলেৰে জীৱনৰ শৰাইখন সজাই ৰাখা।মনত ৰাখিবা-কৃতজ্ঞ জীৱন এটাই সাফল্যৰ বাট নিজে নিজেই নিৰ্মাণ কৰিব পাৰে।

কিমান আচৰিত নহয়নে...

কিমান আচৰিত নহয়নে, এগৰাকীয়েই মানুহ, কাৰোবাৰ বাবে আপুনি এটি প্রিয় সুৰ,আন কাৰোবাৰ বাবে হয়তো কেতিয়াও গুণগুণাব নিবিচৰা এটা নিষিদ্ধ গান। আপোনাৰ ৰৌদ্ৰোজ্বল হাঁহিৰ খিলখিলনিত কাৰোবাৰ জীৱনলৈ ব'হাগ নামে অথচ আপোনাৰ সেই হাঁহি কাৰোবাৰ বাবে হৈ পৰে কেতিয়াও নুশুকোৱা এটুকুৰা ঘাঁ...। আপোনাৰ দুচকুৰ আকুল চাৱনিত কোনোবাই জীৱনৰ অৰ্থ বিচাৰি পায় আৰু আন কোনোবাই আপোনাৰ দুচকুত বিচাৰি পায় কেৱল আৰু কেৱল হিংস্ৰতা। আপোনাৰ কথাবোৰ কাৰোবাৰ বাবে এসাগৰ তৃপ্তি,হৃদয় আৰু মগজু তৰংগায়িত কৰা চেতাঁৰৰ ঘন সুৰ অথবা এটা প্রিয় সংগীত অথচ আন কাৰোবাৰ বাবে হৈ পৰে কেৱল একো একোপাত প্ৰচণ্ড শেল...। আপুনি আনলৈ বুলি সাঁচি ৰখা সাঁচতীয়া চেনেহত কোনোবাই মৃত্যুঞ্জয়ী শক্তি বিচাৰি পায় আৰু আন কোনোবাই বিচাৰি পায় স্বাৰ্থপৰতাৰ এখন নেদেখা দেৱাল। কিমান আচৰিত নহয়নে আপুনি,একেগৰাকীয়েইটো মানুহ....। ~উজ্জ্বয়িনী🌻

Untold Stories🍁

Image
She has a very uncommon way of journaling herself. Instead of just writing down accounts of her life, she would incorporate her poetic senses in writing her journals. She notes down her life, her feelings, books that she has read, movies that she has watched, but in the form of poems or even songs. It is necessarily easy, but it has really given her a sense of calmness and fullfillment besides a sense of her creativity.

অনুভৱ♥️

Image
যিমানেই লগ নাপাওঁ কিয় সময় সদায় কমেই হৈ পৰে। -ইচ্ছাৰ জানো শেষ থাকে? তোমাৰ ওপৰত অধিকাৰ খটুৱাই কিবা এটা ভাল লাগে। -চাৰিটা চকুৰ মণিত যেন নতুন ৰ'দে হাঁহে। ঠিক আছে সম্পৰ্কৰ নাম নিদিওঁ বাৰু। -সকলো সম্বন্ধৰ জানো নাম থাকে? কিন্তু যিয়েই নহওঁক, আজিকালি এই অনুভৱৰ তীব্ৰতা মোৰ বৰ ভাল লাগে। -তোমাৰ শব্দত জিৰজিৰকৈ যেন আৱেগ নিজৰি সৰে। -উজ্জ্বয়িনী🌻

কৃতজ্ঞতাৰ ডায়েৰী-২৯

Image
মৌনতাতকৈ শ্ৰেষ্ঠ ভাষাৰ আজিকালি তাই সন্ধান কৰি ফুৰে।বিফল হৈ বাৰে-বাৰে পুনৰ মোৰ ওচৰলৈকে উলটি আহে।তাইৰ সপোন আৰু ভাৱনাৰ আঁচলখন এদিন বহুদূৰলৈ উৰিব।নীলৰঙী আকাশৰ বিশাল মঞ্চত তাই এদিন আকাশৰঙী গীত জুৰিব।সেইদিনা তাইক মই দূৰৰ পৰাই চাই ৰ'ম...ঠিক ৰ' লাগি।সেইদিনাৰ পৰা তাইৰ কাহিনীৰ শ্ৰোতা বাঢ়িব। তেতিয়ালৈকে তাই মৌন হৈ ৰ'ব লাগিব।সাধনাৰ কষটি শিলত নিজক আৰু ধৰাল কৰিব লাগিব।প্ৰত্যাশাভৰা সপোনৰ কথাখিনিক  তাই মৌনতাৰ প্ৰলেপেৰে ঢাকিব লাগিব।মোৰ আশীৰ্বাদবোৰ তাইৰ জীৱনৰ বাটত সদায় ফুল হৈ ফুলি থাকিব।কথা দিলোঁ-তাইৰ মৌনতাৰ ভাষা এদিন সোণবৰষুণ হৈ সৰিব....পৃথিৱী জীপাল কৰিব...প্ৰেৰণাৰ নতুন সোপান সৃষ্টি কৰিব।

অনুভৱ♥️

Image
 I met a girl জীৱনৰ কোনোবা এটা কেঁকুৰিত মই তাইক লগ পাইছিলোঁ।তাইৰ প্রোজ্জল হাঁহি,জীৱনমুখী কথাবোৰ বৰ মুগ্ধতাসনা আছিল। তাই সদায় কিবা এটা বেলেগ কৰাৰ কথা কৈছিল,নিজতকৈও ডাঙৰ সাঁচতীয়া ইচ্ছা এটা অহৰহ লগতেই লৈ ফুৰিছিল। তাই মোৰ আত্মাক পোহৰময় কৰিছিল,বৰ্ণাঢ্য ৰেঙণিৰে মুখৰিত কৰিছিল।তাই মোৰ সম্ভাৱনীয়তাক আদৰ কৰিছিল,যি মোৰ বাবে সোণতকৈও হাজাৰগুণে মূল্যৱান আছিল। যেতিয়াই আমি লগ হৈছিলোঁ,চাৰিওফালে মৃদু সংগীত বাজি উঠিছিল।মৰমৰ উমলগা হাঁহি এটি আমাৰ ওঁঠতে ওলমি ৰৈছিল। তাই কিছু পৃথক আছিল। (এগৰাকী বন্ধুৰ দৃষ্টিৰে তাই...)