অনুভৱ♥️


যিমানেই লগ নাপাওঁ কিয় সময় সদায় কমেই হৈ পৰে।

-ইচ্ছাৰ জানো শেষ থাকে?

তোমাৰ ওপৰত অধিকাৰ খটুৱাই কিবা এটা ভাল লাগে।

-চাৰিটা চকুৰ মণিত যেন নতুন ৰ'দে হাঁহে।

ঠিক আছে সম্পৰ্কৰ নাম নিদিওঁ বাৰু।

-সকলো সম্বন্ধৰ জানো নাম থাকে?

কিন্তু যিয়েই নহওঁক, আজিকালি এই অনুভৱৰ তীব্ৰতা মোৰ বৰ ভাল লাগে।

-তোমাৰ শব্দত জিৰজিৰকৈ যেন আৱেগ নিজৰি সৰে।

-উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)